“ভাৰতৰ ৭৫ বছৰীয়া সংসদীয় যাত্ৰাৰ ৰোমন্থনৰ আজি বিশেষ দিন”
“আমি নতুন ভৱনলৈ স্থানান্তৰিত হৈছোঁ কিন্তু আহিবলগীয়া প্ৰজন্মক প্ৰেৰণা দি থাকিব যে ভাৰতীয় গণতন্ত্ৰৰ সোণালী অধ্যায়ৰ স্বাক্ষৰ এই ভৱনে বহন কৰে।”
“অমৃত কালৰ প্ৰথম পোহৰত নতুন বিশ্বাস, প্ৰাপ্তি আৰু সক্ষমতা সঞ্চাৰিত হৈছে”
আজি লোকসভাত সংসদৰ বিশেষ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। সংসদৰ এই বিশেষ অধিৱেশন ১৮ৰ পৰা ২২ ছেপ্তেম্বৰ, ২০২৩লৈ চলিব।
প্ৰধানমন্ত্ৰীয়ে সদনৰ তথা প্ৰতিজন ভাৰতীয়ৰ অভিনন্দন বিজ্ঞানীৰ প্ৰাপ্তিৰ নামত উৎসৰ্গা কৰে।
নৱেম্বৰ মাহলৈ থকা জি-২০ কাৰ্যকাল তথা শেষ দিন পৰ্যন্ত ইয়াৰ ব্যৱহাৰ সম্পৰ্কত অধ্যক্ষৰ প্ৰস্তাৱত প্ৰধানমন্ত্ৰীয়ে সমৰ্থন জনায় আৰু তেওঁৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া পি২০ সন্মিলন (পাৰ্লিয়ামেন্টেৰী ২০) সম্পৰ্কত সমৰ্থন দিয়ে।
মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে দেশে মোক ইমান মৰম, শ্ৰদ্ধা আৰু আশীৰ্বাদ দিব।”
ইয়াৰ লগতে তেওঁ চন্দ্ৰানী মুৰ্মুৰ কথা উল্লেখ কৰে যি ২৫ বছৰ বয়সতেই সংসদলৈ নিৰ্বাচিত হৈছিল।
শ্ৰী মোদীয়ে লগতে বিভিন্ন সময়ত বৈদেশিক নেতাই সংসদত দিয়া ভাষণ তথা ইয়াৰ ফলত দেশৰ সন্মান বৃদ্ধি হোৱা কথাটোৰো সোৱৰণ কৰে।

 

মাননীয় অধ্যক্ষ মহদয়, আমি দেশৰ ৭৫ বছৰ জোৰা সংসদীয় যাত্ৰাৰ লগতে নতুন সদনলৈ যোৱাৰ আগতে ইতিহাসৰ সেই অনুপ্ৰেৰণাদায়ক মুহূৰ্তসমূহ স্মৰণ কৰি আগবাঢ়ি যোৱাৰ বাবে সকলোৱে এই ঐতিহাসিক ভৱনটোৰ পৰা বিদায় লবলৈ সাজু হৈছো। স্বাধীনতাৰ আগতে, এই ভৱনটো ‘ইম্পেৰিয়েল লেজিলটিভ কাউন্সিল’ৰ স্থান আছিল। স্বাধীনতাৰ পিছত ই ‘সংসদ ভৱন’ হিচাপে স্বীকৃতি লাভ কৰে। এইটো কথা সঁচা যে এই ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী সাংসদসকলে লৈছিল, কিন্তু আমি এইটো কথাও কেতিয়াও পাহৰিব নোৱাৰো, আৰু আমি গৌৰৱেৰে ক'ব পাৰোঁ যে এই ভৱনটো নিৰ্মাণত মোৰ দেশবাসীৰ দেহৰ ঘাম সৰিছিল, মোৰ দেশবাসীৰ কঠোৰ পৰিশ্ৰম আৰু ইয়াত বিনিয়োজিত ধন মোৰ দেশৰ জনসাধাৰণৰ আছিল।

আমাৰ ৭৫ বছৰীয়া যাত্ৰাই বহুতো গণতান্ত্ৰিক পৰম্পৰা আৰু প্ৰক্ৰিয়াক সৰ্বশ্ৰেষ্ঠ ৰূপত সৃষ্টি কৰিছে। আৰু এই সদনত উপস্থিত হোৱা সকলোৱে ইয়াত সক্ৰিয়ভাৱে অৱদান আগবঢ়াইছে আৰু একোগৰাকী সাক্ষীৰ ৰূপত ইয়াক প্ৰত্যক্ষও কৰিছে। আমি নতুন ভৱনলৈ নিশ্চয়কৈ যাম, কিন্তু পুৰণি ভৱনটোও; এই ভৱনটোৱে সদায় আহিবলগীয়া প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। এয়া হৈছে ভাৰতৰ গণতন্ত্ৰৰ সোণালী যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অধ্যায়, যিয়ে ভাৰতৰ শিৰাই শিৰাই প্ৰবাহিত গণতন্ত্ৰৰ সামৰ্থ্য কেনে, সেই বিষয়ে সমগ্ৰ বিশ্বক সকীয়াই থকাৰ কাম এই ভৱনৰ জৰিয়তে অব্যাহত ৰাখিব।

সন্মানীয় অধ্যক্ষ মহোদয়,

‘অমৃত কাল’ৰ প্ৰথম প্ৰভাৰ পোহৰ, ৰাষ্ট্ৰত এক নতুন বিশ্বাস, নতুন আত্মবিশ্বাস, নতুন উৎসাহ, নতুন সপোন, নতুন সংকল্প আৰু ৰাষ্ট্ৰৰ এক নতুন সামৰ্থ্যই ইয়াক পূৰ্ণ কৰি আহিছে। আজি চাৰিওফালে ভাৰতীয়সকলৰ সাফল্যৰ বিষয়ে আলোচনা কৰা হৈছে, আৰু সেয়া গৌৰৱেৰে কৰা হৈছে। এয়া হৈছে আমাৰ ৭৫ বছৰৰ সংসদীয় ইতিহাসৰ এক সামূহিক প্ৰচেষ্টাৰ পৰিণতি। যাৰ বাবে আজি সমগ্ৰ পৃথিৱীতে ইয়াৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

‘চন্দ্ৰযান-৩’ৰ সফলতাত কেৱল ভাৰতেই নহয়, সমগ্ৰ দেশেই অভিভূত হৈ উঠিছে। আৰু ইয়াত, ভাৰতৰ সামৰ্থ্যৰ এক নতুন ৰূপ, যি আধুনিকতাৰ সৈতে সম্পৰ্কিত, যি বিজ্ঞানৰ সৈতে সম্পৰ্কিত, যি প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত, যি আমাৰ বিজ্ঞানীসকলৰ সামৰ্থ্যৰ সৈতে সম্পৰ্কিত, যি ১৪০ কোটি দেশবাসীৰ সংকল্পশক্তিৰ সৈতে সম্পৰ্কিত, সেয়াই দেশ আৰু বিশ্বৰ ওপৰত এক নতুন প্ৰভাৱ সৃষ্টি কৰিবলৈ আগবাঢ়িছে। এই সদন আৰু এই সদনৰ জৰিয়তে মই আকৌ এবাৰ দেশৰ বিজ্ঞানী আৰু তেওঁলোকৰ সতীৰ্থসকলক কোটি কোটিবাৰ অভিনন্দন জনাইছোঁ।

আদৰনীয় অধ্যক্ষ মহোদয়,

অতীতত যেতিয়া ‘এনএএম শীৰ্ষ সন্মিলন’ অনুষ্ঠিত হৈছিল, দেশখনে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰি এই প্ৰয়াসক প্ৰশংসা কৰিছিল। আজি, আপোনালোকে ‘জি-২০’ৰ সফলতাক সৰ্বসন্মতভাৱে প্ৰশংসা কৰিছে। মই বিশ্বাস কৰোঁ যে আপোনালোকে দেশবাসীক গৌৰৱান্বিত কৰিছে, মই আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ‘জি-২০’ৰ সফলতা হৈছে ১৪০ কোটি দেশবাসীৰ সফলতা। এয়া হৈছে ভাৰতৰ সফলতা, এয়া কোনো ব্যক্তিৰ সফলতা নহয়, কোনো দলৰ সফলতা নহয়। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় কাঠামোৰ, ভাৰতৰ বৈচিত্ৰ্য, ৬০টা স্থানত ২০০ৰো অধিক সন্মিলনৰ আয়োজন কৰা হৈছিল আৰু সেইবোৰৰ আয়োজন ভাৰতৰ বিভিন্ন ৰং-ৰূপত কৰা হৈছিল, দেশৰ বিভিন্ন চৰকাৰে যথেষ্ট ধুমধাম আৰু প্ৰদৰ্শনৰে কৰিছিল, আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ মঞ্চসমূহত অনুভৱ কৰা হৈছিল। এয়া হৈছে আমাৰ সকলোৰে বাবে উদযাপন কৰিবলগীয়া বিষয়। এয়া হৈছে দেশৰ গৌৰৱ বৃদ্ধি কৰিব পৰা বিষয়। আৰু, আপুনি উল্লেখ কৰাৰ দৰে, ভাৰতে এই কথাৰ বাবে গৌৰৱ কৰিব যে যেতিয়া ভাৰতে সভাপতিত্ব কৰিছিল তেতিয়া ‘আফ্ৰিকান ইউনিয়ন’ এই মঞ্চৰ সদস্য হৈছিল। যেতিয়া ‘আফ্ৰিকান ইউনিয়ন’ৰ সদস্যতা ঘোষণা কৰা হৈছিল সেই আৱেগিক মুহূৰ্তটোৰ কথা মই পাহৰিব নোৱাৰিম, সেই মুহূৰ্তত ‘আফ্ৰিকান ইউনিয়ন’ৰ সভাপতিয়ে কৈছিল যে মোৰ জীৱনত এনে কিছুমান মুহূৰ্ত আছিল যিবোৰৰ বিষয়ে মই কৈ থাকোতে চাগৈ কান্দিয়েই পেলাম। আপোনাললোককে কল্পনা কৰিব পাৰিবনে যে কিমান এক বৃহত্ আকাংক্ষা আৰু আশা পূৰণ কৰাৰ কাম ভাৰতৰ ভাগ্যত লাভ উপলব্ধ হ’ল।

 

সন্মানীয় অধ্যক্ষ মহোদয়,

 

ভাৰতক সন্দেহ কৰাৰ প্ৰৱণতা বহুলোকৰ আছে, আৰু স্বাধীনতাৰ পিছৰে পৰাই ই চলি আহিছে। এইবাৰো একেই হৈছিল। -কোনো ঘোষণা নহ'ব, -এয়া অসম্ভৱ। কিন্তু, এয়া হৈছে ভাৰতৰ শক্তি, সেয়াও সম্ভৱ হ’ল আৰু বিশ্বই সৰ্বসন্মতিক্ৰমে এক উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণ কৰি, আৰু আগবাঢ়ি যোৱাৰ বাবে এক ‘ৰোডমেপ’ যুগুতাই ইয়াৰ পৰা আৰম্ভ কৰিছে।

 

আৰু অধ্যক্ষ মহোদয়,

আপোনাৰ নেতৃত্বত, যিহেতু ভাৰতৰ সভাপতিত্বৰ ম্যাদ নৱেম্বৰৰ শেষ দিনটোলৈকে আছে, আমি এতিয়া আমাৰ হাতত থকা সময়খিনি সদ্ব্যৱহাৰ কৰিম, আৰু আপোনাৰ অধ্যক্ষতাত, সমগ্ৰ বিশ্বৰ যিসকল ‘জি-২০’ সদস্য আছে, ‘পি-২০’ সংসদৰ অধ্যক্ষসকলৰ এখন সন্মিলন, আপুনি ঘোষণা কৰাৰ দৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে আপোনাৰ প্ৰচেষ্টাক সম্পূৰ্ণ সমৰ্থন কৰিব। সম্পূৰ্ণ সহযোগিতা আববঢ়াব।

সন্মানীয় অধ্যক্ষ মহোদয়,

এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় যে আজি ভাৰতে ‘বিশ্ব-বন্ধু’ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ বিশ্বই ভাৰতত নিজৰ বন্ধুত্বৰ অন্বেষণ কৰিছে, সমগ্ৰ বিশ্বই ভাৰতৰ বন্ধুত্বক হৃদয়ংগম কৰিবলৈ লৈছে। আৰু ইয়াৰ মূল কাৰণ হৈছে আমাৰ যি সংস্কৃতি আছে, বেদৰ পৰা বিবেকানন্দলৈকে আমি যি লাভ কৰি আহিছো, ‘সবকা সাথ সবকা বিশ্বাস’-ৰ মন্ত্ৰই আজি আমাক একত্ৰিত কৰিবলৈ বিশ্বক সংযোজিত কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

এই সদনৰ পৰা বিদায় লোৱাটো হৈছে নিতান্তই আৱেগৰ মুহূৰ্ত, কোনোবা এটা পৰিয়ালেও যদি পুৰণি ঘৰটো এৰি নতুন ঘৰলৈ যাবলগীয়া হয়, তেন্তে বহুতো স্মৃতিয়ে তেওঁলোককো কিছু মুহূৰ্তৰ বাবে বেদনাহত কৰি তোলে, আৰু যেতিয়া আমিও এই সদন এৰি যাবলৈ ওলাইছোঁ আমাৰ মন-মস্তিষ্কও সেই অনুভূতিৰেই ভৰি উঠিছে, বহুতো স্মৃতিৰে পৰিপূৰ্ণ হৈ উঠিছে। তিতা আৰু মিঠা অনুভৱো আছে, কথা কটা-কটি, কেতিয়াবা সংঘাতৰ পৰিৱেশো উদ্ভৱ হৈছিল, কেতিয়াবা হয়তো এই সদনত উদযাপন আৰু উৎসাহৰ পৰিৱেশেও বিৰাজ কৰিছিল। এই সকলোবোৰ স্মৃতি আমাৰ সৈতে, আমাৰ সকলোৰে উমৈহতীয়া স্মৃতি, ই আমাৰ সকলোৰে এক উমৈহতীয়া ঐতিহ্য আৰু সেয়েহে ইয়াৰ গৌৰৱৰ আমি সকলোৱে সহভাগী হওঁ আহক। আমি এই ৭৫টা বছৰত এইখন সদনত স্বাধীন ভাৰতৰ পুনৰ নিৰ্মাণ সম্পৰ্কীয় বহুতো ঘটনা দেখিছোঁ। আজি যেতিয়া আমি এই সদন এৰি নতুন সদনলৈ যাব খুজিছো তেতিয়া ভাৰতৰ সাধাৰণ মানুহৰ অনুভূতিসমূহে যতেই যি আদৰ লাভ কৰিছে, সন্মান লাভ কৰিছে সেইবোৰৰ অভিব্যক্তিৰো উদযাপনৰ এয়া হৈছে এক সুযোগ।

 

আৰু সেয়েহে সন্মানীয় অধ্যক্ষ,

 

যেতিয়া মই প্ৰথমবাৰৰ বাবে সাংসদ হৈছিলোঁ, আৰু প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে এই ভৱনটোত প্ৰৱেশ কৰিছিলো, মই সহজাত ভাৱেই এই সংসদ ভৱনৰ দুৱাৰমুখত মূৰ দোঁৱাই প্ৰণিপাত কৰিছিলো, আৰু শ্ৰদ্ধা সহকাৰে হাতজোৰ কৰি গণতন্ত্ৰৰ এই মন্দিৰত প্ৰৱেশ কৰিছিলো। সেই মুহূৰ্তটো মোৰ বাবে আৱেগেৰে ভৰি উঠিছিল, মই কল্পনাও কৰিব পৰা নাছিলো, কিন্তু এয়া হৈছে ভাৰতৰ গণতন্ত্ৰৰ শক্তি, গণতন্ত্ৰৰ প্ৰতি থকা ভাৰতৰ সাধাৰণ জনতাৰ বিশ্বাসৰ এয়া প্ৰতিফলন যে ‘ৰে'লৱে প্লেটফৰ্ম’’ত জীৱন অতিবাহিত কৰা এটা দৰিদ্ৰ পৰিয়ালৰ এটা সন্তান সংসদত উপস্থিত হ’বহি পাৰিছিল। মই কেতিয়াও কল্পনা কৰা নাছিলো যে দেশখনে মোক ইমান সন্মান, ইমান আশীৰ্বাদ, ইমান মৰম দিব। 

     

আদৰণীয় অধ্যক্ষ মহোদয়,

 

আমাৰ মাজৰ বহুতেই সংসদ ভৱনৰ ভিতৰত লিখি থোৱা কথাবোৰ পঢ়ি থাকে, আৰু প্ৰায়েই সেইবোৰৰ উল্লেখো কৰে। সংসদ ভৱনৰ প্ৰৱেশদ্বাৰত, ‘লোকদ্বাৰম’ৰ ওপৰত চাংদেৱৰ উপদেশৰ এটা বাক্য আছে। ইয়াৰ অৰ্থ হৈছে ‘জনসাধাৰণৰ বাবে দুৱাৰ মুকলি কৰা’ আৰু চাওকচোন তেওঁলোকে কেনেদৰে তেওঁলোকৰ অধিকাৰ লাভ কৰে, আমাৰ ঋষি-মুনিসকলে এয়া লিখিছিল, আমাৰ প্ৰৱেশদ্বাৰত লিখা আছে। আমি সকলোৱে, আৰু যিসকল আমাৰ আগতে ইয়াত আছিল তেওঁলোকো এই বাস্তৱতাৰ সাক্ষী হৈছিল।

আদৰনীয় অধ্যক্ষ মহোদয়,

সময়ৰ লগে লগে, আমাৰ সদনৰ সংৰচনাও নিৰন্তৰ পৰিৱৰ্তিত হৈ আহিছে আৰু অধিক সামগ্ৰিক হৈ উঠিছে। সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিনিধিসকলক বিবিধতাৰে পৰিপূৰ্ণ এইখন সদনত দেখিবলৈ পোৱা যায়, অনেক ভাষা, অনেক উপভাষা আছে, অনেক খাদ্যাভাস, সদনৰ ভিতৰত সকলোবোৰেই আছে, সমাজৰ সকলো শ্ৰেণীৰ লোক আছে, লাগিলে তেওঁলোক সামাজিক গাঁথনিৰে হওক, অৰ্থনৈতিক গাঁথনিৰে হওক, সেয়া লাগিলে গাওঁ বা চহৰৰেই হওক, এক প্ৰকাৰে সম্পূৰ্ণৰূপে সদনত সমাৱেশী বাতাবৰণত সম্পূৰ্ণ শক্তিৰে সৰ্বসাধাৰণৰ ইচ্ছা, আকাংক্ষাসমূহক প্ৰকট কৰি আহিছে। দলিতেই হওক, পীড়িতই হওক, জনজাতীয়, পিছপৰা শ্ৰেণী, বা মহিলাই হওক, সকলোৰে অৱদান ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

আৰম্ভণিতে মহিলাৰ সংখ্যা কম আছিল, কিন্তু লাহে লাহে মাতৃ আৰু ভগ্নীসকলেও এই সদনৰ মৰ্যাদা বৃদ্ধি কৰিছে, তেওঁলোকে এই সদনৰ মৰ্যাদাত এক ডাঙৰ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

আৰম্ভণিৰ পৰা এতিয়ালৈকে, থুলমূলকৈ গণনা কৰিলে প্ৰায় চাৰে সাত হাজাৰৰো অধিক লোকৰ প্ৰতিনিধিত্বই দুয়োখন সদনলৈ সামগ্ৰিকভাৱে অৱদান আগবঢ়াইছে, ইমানখিনি বছৰত, চাৰে সাত হাজাৰতকৈয়ো অধিকে। এই সময়ছোৱাত, প্ৰায় ৬০০ গৰাকী মহিলা সাংসদেও এই সদনৰ মৰ্যাদা বৃদ্ধি কৰিছে।

আৰু সন্মানীয় অধ্যক্ষ মহোদয়,

আমি জানো যে সদনত সন্মানীয় ইন্দ্ৰজিৎ গুপ্তাজীয়ে ৪৩ বছৰ, যদি মোৰ ভুল হোৱা নাই তেন্তে ৪৩ বছৰ, এই সুদীৰ্ঘ বছৰ ধৰি তেওঁ এইখন সদনৰ সদস্য হিচাপে উপস্থিত থকি এইখন সদনৰ সাক্ষী হোৱাৰ সৌভাগ্য লাভ কৰিছিল। আৰু এইখনেই সেইখন সদন, আদৰণীয় অধ্যক্ষ মহোদয়, য'ত শতীগুৰ ৰহমানজীয়ে ৯৩ বছৰ বয়সতো সদনলৈ অৱদান আগবঢ়াইছিল, যদিও তেওঁৰ বয়স আছিল ৯৩ বছৰ। আৰু সন্মানীয় অধ্যক্ষ মহোদয়, এয়া হৈছে ভাৰতৰ গণতন্ত্ৰৰ শক্তি যে ২৫ বছৰীয়া চন্দ্ৰমণি মুৰ্মু এই সদনৰ সদস্য হৈছিল, মাত্ৰ ২৫ বছৰ বয়সৰ, আটাইতকৈ কম বয়সীয়া সদস্য হৈছিল।

সন্মানীয় অধ্যক্ষ মহোদয়, 

বাদ-বিবাদ, কটাক্ষ, আমি সকলোৱে এই সকলোবোৰৰ অভিজ্ঞতা লাভ কৰিছো, আমি সকলোৱেই ইয়াক আৰম্ভ কৰিছো, কোনো বাকী থকা নাই। কিন্তু ইমানৰ পিচতো আমাৰ মাজত একেটা পৰিয়ালৰ দৰে অনুভূতি সদায়ে বিৰাজ কৰি আহিছে, আমাৰ আগৰ প্ৰজন্মতো একেই অনুভূতিয়ে বিৰাজ কৰিছিল, যিসকলে সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ ইয়াৰ ৰূপ প্ৰত্যক্ষ কৰে আৰু বাহিৰলৈ ওলাই অহাৰ লগে লগেই আমাৰ মাজত যি আপোনত্ব, একেটা পৰিয়ালৰ দৰে অনুভূতি দেখে, সেয়াই এক অন্য উচ্চতালৈ লৈ যায়, এয়াও হৈছে এই সদনৰে শক্তি। একেটা পৰিয়ালৰ অনুভূতি আৰু তাৰ লগতে আমি কেতিয়াও তিক্ততাক মনত লৈ নাথাকো, আমি সেই চেনেহৰহে সদন ত্যাগ কৰো যে আনকি সদন এৰি যোৱাৰ বহু বছৰ পাছতো আমি যদি লগ পাওঁ সেই চেনেহ-ভালপোৱা পাহৰি নাযাওঁ, সেই ভাল লগা দিনবোৰৰ কথাযে পাহৰি নাযাওঁ, সেয়া মই অনুভৱ কৰিব পাৰো।

আদৰণীয় অধ্যক্ষ মহোদয়,

আমাৰ আগতেও আৰু বৰ্তমানতো আমি বহুবাৰ দেখিছোঁ যে বহুতো সংকটৰ পিছতো, বহুতো অসুবিধা স্বত্বেও সাংসদসকল সদনলৈ আহিছে আৰু শাৰিৰীক পীড়া সহ্য কৰিও তেওঁলোকে সদনত এগৰাকী সাংসদ হিচাপে, জনপ্ৰতিনিধি হিচাপে তেওঁলোকৰ কৰ্তব্য পালন কৰিছেহি। এনে বহুতো ঘটনাৰ কথা আজি মনলৈ আহিছে। গুৰুতৰ ৰোগত ভূগি থকা স্বত্বেও, কোনোবাই হয়তো ‘হুইলচেয়াৰ’ত আহিব লগা হৈছিল, কোনোবাই বাহিৰত চিকিৎসকক ৰখাই থৈ সদনলৈ আহিব লগা হৈছিল, কিন্তু সকলো সাংসদে কেতিয়াবা নহয় কেতিয়াবা এনেদৰেও তেওঁলোকৰ ভূমিকা পালন কৰিবলগীয়া হৈছে।

ক’ৰোণা কাল আমাৰ সন্মুখত এক উদাহৰণ, আমি সকলোৱে ঘৰতে থাকিবলগীয় হৈছিল, যদি বাহিৰলৈ যাওঁয়ো আসন্ন মৃত্যুৰ ভয়ে সততে বিতত কৰি ৰাখিছিল, পিচে, ইমানৰ পিচতো, আমাৰ সন্মানীয় সাংসদসকলে ক’ৰোণাৰ এই সংকটৰ সময়তো দুয়োখন সদনলৈ আহিছিল, তেওঁলোকে তেওঁলোকৰ কৰ্তব্য পালন কৰিছিল। আমি ৰাষ্ট্ৰৰ কাম বন্ধ হ'বলৈ দিয়া নাছিলো, আমি দূৰত্ব বজাই ৰাখিবলগীয়া হৈছিল, আৰু বাৰে বাৰে পৰীক্ষা কৰি থাকিবলগীয়া হৈছিল। সকলো সদনলৈ আহিছিল, কিন্তু ‘মাস্ক’ পিন্ধিবলগীয়া হৈছিল। বহাৰ ব্যৱস্থাও বেলেগ আছিল, সময়ো সলনি কৰা হৈছিল। এই সকলোবোৰৰ জৰিয়তে যাতে ৰাষ্ট্ৰৰ কাম বন্ধ কৰিবলগীয়া নহয় এই মনোভাৱেৰে সকলো সদস্যই তেওঁলোকৰ কৰ্তব্য পালন কৰি গৈছিল। এইদৰেই সংসদ চলাই ৰখা হৈছিল। আৰু মই দেখিছোঁ আমাৰ সাংসদসকলৰ সদনৰ প্ৰতি ইমানেই আসক্তি আছে যে আগতে আমি দেখিছিলো যে ত্ৰিশ বছৰ আগতে কোনোবা হয়তো সাংসদ আছিল, কোনোবা হয়তো পঁয়ত্ৰিশ বছৰ আগতে আছিল, তেওঁলোক কিন্তু ‘চেণ্ট্ৰেল হল’লৈ নিশ্চিতভাৱেই আহে। যিদৰে মন্দিৰলৈ যোৱাৰ একোটা অভ্যাস হৈ যায়, সেইদৰেই এইডোখৰ ঠাইলৈ অহাৰো একধৰণৰ অভ্যাস হৈ যায়, তেওঁলোক এইডোখৰ ঠাইৰ সৈতে জড়িত হৈ পৰে। অন্তৰংগতাৰ অনুভূতিৰে একোটা সম্পৰ্ক গঢ়ি উঠে, আৰু এনে বহু বৃদ্ধলোক আছে যিসকলে ‘পাক এটা মাৰি আহো’ বুলিয়েই গুছি আহে, আজি হয়তো জন প্ৰতিনিধি হিচাপে তেওঁলোকৰ দায়িত্ব নাই, কিন্তু ঠাইডোখৰৰ সৈতে তেওঁলোক ঘনিষ্ঠ হৈ পৰে, এয়াই সামৰ্থ্য হৈ উঠে এইখন সদনৰ।

সন্মানীয় অধ্যক্ষ মহোদয়,

স্বাধীনতাৰ পিছত বহুতো মহান পণ্ডিতে বহুতো আশংকা প্ৰকাশ কৰিছিল। -নাজানো দেশৰবা কি অৱস্থা হয়, দেশখনবা আগুৱাই যাব পাৰিবনে নাই, একত্ৰিত হৈ থাকিবনে নাই, নে ভাগিয়েই পৰিব, গণতন্ত্ৰইবা থাকিবগৈনে নাই। আশংকাৰ যেন শেষেই নাছিল! কিন্তু এই দেশৰ সংসদৰ শক্তিয়ে সমগ্ৰ বিশ্বক ভুল প্ৰমাণিত কৰিছে। আৰু এই ৰাষ্ট্ৰখনে সম্পূৰ্ণ শক্তিৰে আগবাঢ়ি আহি আছে। আৰু এয়া এই বিশ্বাস উদযাপন কৰাৰ এক উপলক্ষ যে যদিও আমাৰ আশংকা থাকিব পাৰে, যদিও ঘন ক'লা ডাৱৰ থাকিব পাৰে, তথাপিও আমি সফলতা অৰ্জন কৰি যাম আৰু এয়া উদযাপন কৰাৰ এক উপলক্ষ যে আমি সকলোৱে, আমাৰ পুৰণি প্ৰজন্মই একেলগে এই কাম কৰি দেখুৱাইছো, এই সাফল্যক লৈ গৌৰৱ কৰাৰ এয়া হৈছে এক উপলক্ষ। 

আদৰনীয় অধ্যক্ষ মহোদয়,

সংবিধান সভা এই ভৱনটোত দুবছৰ আৰু এঘাৰ মাহৰ বাবে মিলিত হৈছিল। আৰু সেই বৈঠকবোৰ দেশৰ বাবে এক মাৰ্গদৰ্শক যিয়ে এতিয়াও আমাক পৰিচালিত কৰি আহিছে, আমাক সংবিধান প্ৰদান কৰিছে আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত আমি লাভ কৰা সংবিধানখনক ১৯৫০ চনৰ ২৬ জানুৱাৰীত আনুষ্ঠানিক ভাৱে বলবত্ কৰা হৈছিল। এইখন সংসদৰ প্ৰতি দেশৰ সৰ্বসাধাৰণ মানুহৰ বিশ্বাস বৃদ্ধি পোৱাটো হৈছে এই ৭৫টা বছৰত লাভ কৰা আটাইতকৈ ডাঙৰ সাফল্য। আৰু গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে যে এই মহান প্ৰতিষ্ঠান, এই মহান সদন, এই ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ বিশ্বাস অটুট আছে, তেওঁলোকে বিশ্বাস অটুট ৰাখিছে। এই ৭৫টা বছৰত আমাৰ সংসদো জনসাধাৰণৰ অভিব্যক্তি প্ৰকাশৰ এক ভৱন হৈ উঠিছে। এয়া হৈছে জন-ভাৱনাৰ স্পষ্ট অভিব্যক্তি, আৰু আমি দেখিছো ৰাজেন্দ্ৰ বাবুৰ পৰা ড০ কালামলৈ, ৰামনাথ জী কোবিন্দ আৰু এতিয়াৰ দ্ৰৌপদী মুৰ্মুজীলৈকে, এই সকলোৰে ভাষণৰ পৰা দুয়োখন সদনেই লাভান্বিত হৈছে আৰু তেওঁলোকৰ মাৰ্গদৰ্শন লাভ কৰিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

পণ্ডিত নেহৰুজী, শাস্ত্ৰীজীৰ পৰা অটলজী, মনমোহনজীলৈকে, এক অতি ডাঙৰ শৃংখলা যিয়ে এইখন সদনৰ নেতৃত্ব দিছে আৰু সদনৰ জৰিয়তে দেশক দিকদৰ্শন কৰাইছে। দেশখনক নতুন ৰং-ৰূপেৰে সজাই তুলিবলৈ তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে, পুৰুষাৰ্থ কৰিছে। আজি সেই সকলোকে লৈ গৌৰৱান্বিত হোৱাৰো এক উপলক্ষ।

আদৰণীয় অধ্যক্ষ মহোদয়,

চৰ্দাৰ বল্লভভাই পেটেল, লোহিয়াজী, চন্দ্ৰশেখৰ জী, আদৱানীজী, অগণন নাম যিয়ে আমাৰ সদনক সমৃদ্ধ কৰা, আলোচনাসমৃদ্ধ কৰা, দেশৰ সাধাৰণ মানুহৰ কণ্ঠস্বৰক শক্তি প্ৰদান কৰাৰ কাম কৰিছে। সমগ্ৰ বিশ্বৰ পৰা অহা বহুতো ৰাষ্ট্ৰপ্ৰধানেও সংসদৰ দুয়োখন সদনক সম্বোধন কৰাৰ সুযোগ পাইছিল আৰু তেওঁলোকৰ ভাষণবোৰেও ভাৰতৰ গণতন্ত্ৰৰ প্ৰতি থকা সন্মানকে প্ৰকাশিত কৰিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

এক উল্লাসৰ মুহূৰ্তৰ মাজতো হয়তো কেতিয়াবা সদনৰ চকুৰ পৰা চকুপানীও বৈ আহিছে। যেতিয়া দেশখনে তেওঁলোকৰ কাৰ্যকালত তিনিগৰাকী প্ৰধানমন্ত্ৰী হেৰুৱাব লগা হৈছিল, তেতিয়া এই সদনখন বেদনাৰে ভাৰাক্ৰান্ত হৈছিল। নেহৰুজী, শাস্ত্ৰীজী, ইন্দিৰাজী, তেতিয়া এই সদন আশ্ৰমে তেওঁলোকক সিক্ত নয়নেৰে বিদায় দিছিল।

আদৰণীয় অধ্যক্ষ মহোদয়,

বহুতো প্ৰত্যাহ্বান স্বত্বেও, প্ৰতিগৰাকী অধ্যক্ষ, প্ৰতিগৰাকী সভাপতিয়ে দুয়োখন সদন সুচাৰুৰূপে চলাইছে আৰু তেওঁলোকৰ কাৰ্যকালত তেওঁলোকে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছ সেই সিদ্ধান্তসমূহ মাৱলংকাৰ জীৰ সময়ৰ পৰা আৰম্ভ হৈছিল নে সুমিত্ৰা জীৰ সময় বা বিৰলা জীৰ সময়ৰ পৰা আৰম্ভ হৈছিল। আজিও সেই সিদ্ধান্তসমূহক গ্ৰহণীয় প্ৰসংগ হিচাপে গণ্য কৰা হয়। আমাৰ ওচৰত প্ৰায় ১৭ গৰাকী অধ্যক্ষ আৰু তাৰ ভিতৰত দুগৰাকী  মহিলা অধ্যক্ষয়ো আৰু মাৱলাংকৰজীৰ পৰা সুমিত্ৰা টাই আৰু বিৰলাজী পৰ্যন্ত, আমি আজিও এই কামটো লাভ কৰি আহিছো। সকলোৰে নিজা নিজা শৈলী আছে। কিন্তু তেওঁলোকে সকলোকে লগত লৈ নীতি-নিয়মৰ বান্ধোনৰে এইখন সদনক সদায়ে উদ্যমী কৰি ৰাখিছে। আজি মই সেই সকলো অধ্যক্ষকে অভিবাদন জনাইছো।

আদৰণীয় অধ্যক্ষ মহোদয়,

এই কথা সঁচা যে আমি জনপ্ৰতিনিধিসকলে আমাৰ নিজ নিজ ভূমিকা পালন কৰোঁ, কিন্তু আমাৰ মাজত নিৰন্তৰ ভাৱে বহি থকা এই গোটসমূহৰ বহুতো প্ৰজন্মও সলনি হৈছে। এইযে কেতিয়াবা কোনোবা এজনে কাগজ লৈ দৌৰি আহে, তেওঁলোকৰ অৱদানো কিন্তু কম নহয়। তেওঁলোকে আমাক কাগজ-পত্ৰ বিতৰণ কৰিবলৈ দৌৰি আহে, তেওঁলোক সতৰ্ক হৈ থাকে যাতে সদনত কোনো ভুল নহয়, তেওঁলোকৰ সিদ্ধান্তত কোনো ভুল নহয়। তেওঁলোকে কৰা কামবোৰে সদনৰ শাসনৰ মানক অধিক গতিৰে ত্বৰান্বিত কৰাত যথেষ্ট সহায় কৰি আহিছে। মই এই সকলো সহকৰ্মী আৰু তেওঁলোকৰ অগৰ সকলকো হৃদয়েৰে অভিনন্দন জনাইছো। কেৱল এয়াই নহয়, সদন মানে কেৱল এই খণ্ডটোৱেই নহয়। এই গোটেই চৌহদটোত বহুলোকে, কোনোবাই হয়তো চাহ খুৱাইছে, কোনোবাই হয়তো পানী খুৱাইছে, কোনোবাই হয়তো ৰাতি ৰাতি চলা সদনৰ সময়ত কাকো সুদা পেটে থাকিবলৈ দিয়া নাই, কিমান ধৰণেযে সেৱা আগবঢ়াই আহিছে! এজন মালীয়ে নিশ্চয় ইয়াৰ বাহিৰৰ পৰিৱেশটো চম্ভালিছে, কোনোবাই হয়তো ইয়াক ছাফ-চিকুণ কৰিছে, কিমানযে লোকে আমি সকলোৱে ভালদৰে কাম কৰিব পাৰাকৈ আৰু ইয়াত কৰা কামবোৰে দেশক আগুৱাই নিব পৰাকৈ অধিক দ্ৰুতগতিৰে যি বাতাবৰণ তৈয়াৰ কৰিব লাগে, তাৰ বাবে অৱদান আগবঢ়াই আহিছে, তেওঁলোকলৈ মোৰ আৰু এই সদনৰ তৰফৰ পৰা মই এই ব্যৱস্থাত অৱদান আগবঢ়োৱা সকলোকে বিশেষভাৱে অভিবাদন জনাইছো।

 

আদৰণীয় অধ্যক্ষ মহোদয়,

 

গণতন্ত্ৰৰ এই সদনত... সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল। সমগ্ৰ বিশ্বতে, এই সন্ত্ৰাসবাদী আক্ৰমণটো কেৱল এটা ভৱনতে হোৱা নাছিল। এয়া গণতন্ত্ৰৰ মাতৃ, এক প্ৰকাৰে আমাৰ জীৱাত্মাৰ ওপৰতে হৈছিল। এইখন দেশে সেই ঘটনা কেতিয়াও পাহৰিব নোৱাৰে, কিন্তু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত সদনক বচাবলৈ আৰু প্ৰতিগৰাকী সদস্যক বচাবলৈ বুকুত গুলী পাতি লোৱা সকলোকে মই শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোক আমাৰ মাজত নাই, কিন্তু তেওঁলোকে বহুত ডাঙৰ ৰক্ষা কৰি থৈ গৈছে।

 

আদৰণীয় অধ্যক্ষ মহোদয়,

 

আজি যেতিয়া আমি এই সদনৰ পৰা বিদায় ল’বলৈ ওলাইছো, সেই মুহূৰ্তত মই সেই সাংবাদিক বন্ধুসকলকো মনত পেলাব বিচাৰিছোঁ, যিসকলে তেওঁলোকৰ সমগ্ৰ কাৰ্যকালত কেৱল সংসদৰ কাম-কাজৰ বিষয়েই প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে। এক প্ৰকাৰে, তেওঁলোক একোগৰাকী জীৱন্ত সাক্ষী হৈ আহিছে। তেওঁলোকে ইয়াৰ প্ৰতিটো মুহূৰ্তৰ তথ্য দেশক অৱগত কৰি আহিছে, আৰু তেতিয়াতো এইসমূহ প্ৰযুক্তিও উপলব্ধ নাছিল। তেতিয়াও এইসকল লোকেই ইয়াৰ বতৰা জনসাধাৰণৰ মাজত বিতৰণ কৰিছিল আৰু তেওঁলোকৰ সামৰ্থ্য আছিল যে তেওঁলোকে  ভিতৰৰ খবৰো প্ৰচাৰ কৰিছিল, আৰু ভিতৰৰো ভিতৰৰ খবৰ প্ৰচাৰ কৰাৰ ক্ষমতা আছিল তেওঁলোকৰ, আৰু মই এনে সাংবাদিকতাও দেখিছিলো যে যিসকলে ‘সংসদ কভাৰ’ কৰিছিল, হয়তো এনে বহু সাংবাদিকৰ নাম নাজানিব পাৰে, কিন্তু কোনেও তেওঁলোকৰ কাম পাহৰিব নোৱাৰে। আৰু কেৱল বাতৰিৰ বাবেই নহয়, তেওঁলোকে ভাৰতৰ এই উন্নয়নমূলক যাত্ৰাক সংসদ ভৱনৰ পৰা অনুধাৱন কৰিবলৈ নিজৰ শক্তি সমৰ্পিত কৰিছে। আজিও, পুৰণি সাংবাদিক বন্ধুসকলক পোৱা যায়, যিসকলে এসময়ত হয়তো ‘সংসদ কভাৰ’ কৰিছিল, তেওঁলোকে এনে কেতবোৰ অজ্ঞাত কথা কয় যিবোৰ হয়তো তেওঁলোকে নিজ চকুৰে দেখিছে, কাণেৰে শুনিছে, যিবোৰ হয়তো আশ্চৰ্যচকিত হ’বলগীয়া ধৰণৰ। অৰ্থাৎ, এক প্ৰকাৰে, একেই শক্তি ইয়াৰ দেৱালত আছে, একেখন আইনা তেওঁলোকৰ কলমত আছে আৰু সেই কলমত সংসদৰ প্ৰতি, দেশৰ ভিতৰত সাংসদসকলৰ প্ৰতি কৃতজ্ঞতাৰ অনুভূতি সৃষ্টি কৰি আহিছে। বহুতো সাংবাদিক ভাতৃ আজি হয়তো নাথাকিব পাৰে, কিন্তু মোৰ বাবে এই সদন এৰি যোৱাটো যেনেদৰে এক আৱেগিক মুহূৰ্ত, মই নিশ্চিত যে এই সদন এৰি যোৱাটো এই সাংবাদিক ভাতৃসকলৰ বাবেও সমানেই আৱেগিক মুহূৰ্ত হ'ব, কিয়নো তেওঁলোকৰ ঘনিষ্ঠতা আমাৰ তুলনাত অধিকহে আছিল। এনে একাংশ সাংবাদিক আছে যিসকলে হয়তো আমাতকৈয়ো কম বয়সৰ পৰাই কাম কৰিছে। সেই গুৰুত্বপূৰ্ণ গণতন্ত্ৰৰ শক্তি হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বাবেও আজি তেওঁলোকক স্মৰণ কৰাৰ এয়া এক উপলক্ষ।

 

আদৰণীয় অধ্যক্ষ মহোদয়,

 

যেতিয়া আমি সদনৰ ভিতৰলৈ আহো। আমাৰ দেশত ‘নাদ ব্ৰহ্ম’ৰ কল্পনা কৰা হয়। এয়া আমাৰ শাস্ত্ৰনিসৃত বিশ্বাস যে যদি কোনো ঠাইত একেটা ছন্দত বহুবাৰ উচ্চাৰণ কৰা হয় তেন্তে সেই স্থান ‘তপোস্থলী’ত পৰিণত হয়। সেই স্থানৰ পৰা এক ইতিবাচক অনুভূতি বিচ্ছুৰিত হয়। ‘নাদ’ বা শব্দৰ এক শক্তি আছে, যি ঠাইডোখৰক এক সিদ্ধ স্থানলৈ ৰূপান্তৰিত কৰে। মই বিশ্বাস কৰোঁ যে এই সদনত সেই চাৰে সাত হাজাৰ জনপ্ৰতিনিধিৰ দ্বাৰা বাৰে বাৰে প্ৰতিধ্বনিত হোৱা শব্দবোৰ, আমি এই সদনত বহি আলোচনা কৰোঁ বা নকৰোঁ, কিন্তু ইয়াৰ প্ৰতিধ্বনিয়ে ইয়াক তীৰ্থস্থান কৰি তুলিছে আৰু ই এক জাগ্ৰত স্থান হৈ উঠিছে। আজিৰ পৰা ৫০ বছৰৰ পাছতো, যেতিয়া গণতন্ত্ৰত বিশ্বাস থকা কোনো ব্যক্তিয়ে ইয়ালৈ চাবলৈ আহিব, তেঁৱো সেই প্ৰতিধ্বনি অনুভৱ কৰিব পাৰিব যে এসময়ত ভাৰতৰ আত্মাৰ কণ্ঠস্বৰ ইয়াত প্ৰতিধ্বনিত হৈছিল।

 

আৰু, সেয়েহে, আদৰণীয় অধ্যক্ষ মহোদয়,

 

এয়া হৈছে সেইখন সদন য’ত কেতিয়াবা ভগত সিং, বটুকেশ্বৰ দত্তই তেওঁলোকৰ সাহসিকতা, সামৰ্থ্যৰে এটা বোমা বিস্ফোৰণৰে ব্ৰিটিছ শাসনক জ্বলাই দিছিল। আনকি সেই বোমাৰ প্ৰতিধ্বনিও যিয়ে দেশৰ মঙ্গল কামনা কৰে, তেওঁলোকক কেতিয়াও শুবলৈ নিদিয়ে।

 

আদৰণীয় অধ্যক্ষ মহোদয়,

 

এয়া সেইখন সদন য'ত পণ্ডিতজীক এইবাবেও স্মৰণ কৰা হৈছিল, অনেক কথাৰ বাবে মনত পেলোৱা হৈছিল, পিচে আমি নিশ্চিতভাৱেই তেওঁক মনত পেলাম। এইখন সদনত, পণ্ডিত নেহৰুৰ ‘এট দ্য ষ্ট্ৰোক অব মিডনাইট’-ৰ প্ৰতিধ্বনিয়ে আমাৰ সকলোকে অনুপ্ৰাণিত কৰি থাকিব। আৰু এইখন সদনতে অটলজীয়ে কৈছিল, এই সদনত এতিয়াও সেই শব্দ প্ৰতিধ্বনিত হৈ আছে। ‘চৰকাৰ আহিব আৰু যাব, দল গঠিত হ'ব, তেওঁলোকৰ অৱনতি ঘটিব, কিন্তু এইখন দেশ থাকিব লাগিব’।

 

আদৰণীয় অধ্যক্ষ মহোদয়,

পণ্ডিত নেহৰুৰ যিখন প্ৰাৰম্ভিক মন্ত্ৰী পৰিষদ আছিল। বাবাচাহেব আম্বেদকাৰ এজন মন্ত্ৰী হিচাপে তাত আছিল। তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহ ভাৰতলৈ অনাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। বাবাচাহেব ‘কাৰখানা আইন’ত আন্তৰ্জাতিক সুবিধাসমূহ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত আটাইতকৈ বেছি আগ্ৰহী আছিল আৰু ইয়াৰ ফলস্বৰূপে, আজি দেশ উপকৃত হৈছে। বাবাচাহেব আম্বেডকাৰে দেশক নেহৰুজীৰ চৰকাৰৰ অধীনত এক ‘জল নীতি’ প্ৰদান কৰিছিল। আৰু সেই ‘জল নীতি’ প্ৰস্তুত কৰাত বাবাচাহেব আম্বেদকাৰৰ এটা ডাঙৰ ভূমিকা আছিল।

আদৰণীয় অধ্যক্ষ মহোদয়,

আমি জানো যে বাবাচাহেব আম্বেদকাৰে সদায় এটা কথা কৈছিল যে ভাৰতত সামাজিক ন্যায়ৰ বাবে  ঔদ্যোগিকীকৰণ হৈছে অতিকে গুৰুত্বপূৰ্ণ। যিহেতু দেশৰ দলিত আৰু পিছপৰা লোকসকলৰ ভূমি নাই, তেওঁলোকে কি কৰিব, ঔদ্যোগিকীকৰণ হোৱা উচিত। আৰু বাবা চাহেবৰ এই বক্তব্য গ্ৰহণ কৰি পণ্ডিত নেহৰুৰ মন্ত্ৰী ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰথম গৰাকী বাণিজ্য মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰী হিচাপে এইখন দেশত ‘উদ্যোগ নীতি’ ৰূপায়ণ কৰিছিল। আজিও, যিমানেই উদ্যোগনীতি প্ৰস্তুত কৰা নহওঁক কিয় ইয়াৰ আত্মা তাতেই থাকিব, যি প্ৰথমখন চৰকাৰে প্ৰদান কৰিছিল আৰু এইক্ষেত্ৰতো তেওঁৰ যথেষ্ট অৱদান আছিল।

আদৰণীয় অধ্যক্ষ মহোদয়,

লাল বাহাদুৰ শাস্ত্ৰীজীয়ে আমাৰ দেশৰ সৈনিকসকলক ১৯৬৫ চনৰ যুদ্ধত তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত তেওঁলোকৰ শক্তি সম্পূৰ্ণৰূপে প্ৰয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। লাল বাহাদুৰ শাস্ত্ৰী, আৰু ইয়াতেই তেওঁ ‘সেউজ বিপ্লৱ’ৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছিল।

আদৰণীয় অধ্যক্ষ মহোদয়,

বাংলাদেশৰ মুক্তিৰ আন্দোলন আৰু ইয়াৰ প্ৰতি এইখন সদনেই ইন্দিৰা গান্ধীৰ নেতৃত্বত সমৰ্থন আগবঢ়াইছিল। এইখন সদনে ‘জৰুৰীকালীন অৱস্থা’ত গণতন্ত্ৰৰ ওপৰত হোৱা আক্ৰমণো দেখিছিল আৰু এইখন সদনে ভাৰতৰ জনসাধাৰণৰ শক্তি উপলব্ধি কৰাই শক্তিশালী গণতন্ত্ৰৰ প্ৰত্যাৱৰ্তনকো প্ৰত্যক্ষ কৰিছিল। এই সদনে ৰাষ্ট্ৰীয় সংকটো দেখিছে, সামৰ্থ্যও দেখিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

এই সদনত আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিংজীয়ে গ্ৰাম্য মন্ত্ৰালয়- ‘গ্ৰামোন্নয়ন মন্ত্ৰালয়’ গঠন কৰাৰ বাবে এই সদন তেওঁৰ প্ৰতি সদায় ঋণী হৈ থাকিব। এই সদনত, ভোটদানৰ বয়স ২১ ৰ পৰা ১৮ বছৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু দেশৰ যুৱ প্ৰজন্মক ইয়াত অৰিহণা যোগাবলৈ উৎসাহিত কৰা হৈছিল। আমাৰ দেশখনে মিত্ৰজোঁটৰ চৰকাৰ দেখিছে। ভি পি সিং জী আৰু চন্দ্ৰশেখৰ জী আৰু পিছত এটা শৃংখলা আছিল। দীৰ্ঘদিন ধৰি দেশখন এটা দিশত গৈ আছিল। দেশখন অৰ্থনৈতিক নীতিৰ বোজাত ভাৰাক্ৰান্ত আছিল। কিন্তু নৰসিংহ ৰাওৰ চৰকাৰে সাহসেৰে পুৰণি অৰ্থনৈতিক নীতিসমূহ ত্যাগ কৰি এক নতুন পথ লোৱাৰ সিদ্ধান্ত লৈছিল, যাৰ বাবে আজি দেশে ফল লাভ কৰিব পাৰিছে।

আমি এইখন সদনত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰকো দেখিছিলো। ‘সৰ্বশিক্ষা অভিযান’ আজি দেশত গুৰুত্বপূৰ্ণ হৈ পৰিছে। ‘জনজাতীয় মন্ত্ৰালয়’টো অটলজীয়ে সৃষ্টি কৰিছিল, ‘উত্তৰ-পূবৰ মন্ত্ৰালয়’ অটলজীয়ে সৃষ্টি কৰিছিল। ‘পাৰমাণৱিক পৰীক্ষণ’ ভাৰতৰ সামৰ্থ্যৰ প্ৰতীক হৈ উঠিছিল। আৰু এই সদনত, মনমোহনজীৰ চৰকাৰৰ ‘ভোটৰ বাবে নগদ ধন’-ৰ কাণ্ডও সদনে প্ৰত্যক্ষ কৰিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

'সবকা সাথ, সবকা বিকাশ'ৰ মন্ত্ৰ, বহুতো ঐতিহাসিক সিদ্ধান্ত, কেইবা দশক ধৰি ওলমি থকা সমস্যা, সেইবোৰৰ স্থায়ী সমাধানো এই সদনত পোৱা গৈছে। ‘অনুচ্ছেদ ৩৭০’-ৰ কথা সদায়ে গৌৰৱেৰে কোৱা হ'ব, এয়া সদনৰ কাৰ্যকালতে সম্ভৱ হৈছিল। ‘এক ৰাষ্ট্ৰ, এক কৰ 'এক ৰাষ্ট্ৰ, এক কৰ' – জিএছটি’ৰো এইখন সদনেই সিদ্ধান্ত লৈছিল। ‘এক পদ এক পেঞ্চন’ 'এক পদ, এক পেঞ্চন' ‘অ'আৰঅ'পি’-ও এইখন সদনেই দেখিছিল। কোনো বিতৰ্ক নোহোৱাকৈ প্ৰথমবাৰৰ বাবে এই দেশত ‘দৰিদ্ৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণ’ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল।   

আদৰণীয় অধ্যক্ষ মহোদয়,

আমি ভাৰতৰ গণতন্ত্ৰৰ সকলো উত্থান-পতন দেখিছোঁ আৰু এই সদন হৈছে গণতন্ত্ৰৰ শক্তি, গণতন্ত্ৰৰ শক্তিৰ সাক্ষী, জনসাধাৰণৰ আস্থাৰ কেন্দ্ৰবিন্দু হৈ আছে। এই সদনৰ বিশেষত্ব চাওক আৰু বিশ্বৰ জনসাধাৰণ এতিয়াও আচৰিত হয় যে এইখন সদন য'ত ৪ গৰাকী সাংসদ থকা এটা দলে শাসনৰ বাঘজৰী লৈছিল আৰু ১০০ গৰাকী সদস্য থকা এটা দল বিৰোধীৰ আসনত বহিছিল। এয়াও এক সামৰ্থ্য। এই সদনে গণতন্ত্ৰৰ শক্তিকে প্ৰদৰ্শিত কৰে। আৰু এইখন সদন য'ত এটা ভোটত অটলজীৰ চৰকাৰ ভংগ হৈছিল আৰু গণতন্ত্ৰৰ মৰ্যাদা বৃদ্ধি কৰিছিল, এয়াও এইখন সদনতে ঘটিছিল। আজি বহুতো ক্ষুদ্ৰ আঞ্চলিক দলৰ প্ৰতিনিধিত্বই আমাৰ দেশৰ বৈচিত্ৰ্যক, আমাৰ দেশৰ আকাংক্ষাৰ এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ উঠিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

এই দেশত মোৰাৰজী দেশাই, ভি পি সিঙৰ দৰে ২ গৰাকী প্ৰধানমন্ত্ৰী আছিল, এক মুহূৰ্তৰ বাবে যুঁজিছিল, কংগ্ৰেছত জীৱন পাত কৰিছিল কিন্তু কংগ্ৰেছ বিৰোধী চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিছিল, এয়াও ইয়াৰ বিশেষত্ব আছিল। আৰু আমাৰ নৰসিংহ ৰাওজী, তেওঁতো ঘৰলৈ উভতিবলৈকে প্ৰস্তুতি চলাই আছিল, তেওঁ অৱসৰ ঘোষণাও কৰিছিল, কিন্তু গণতন্ত্ৰৰ শক্তি চাওক, সদনৰ শক্তি চাওক, তেওঁ প্ৰধানমন্ত্ৰী হিচাপে ৫ বছৰ ধৰি আমালৈ সেৱা আগবঢ়াইছিল।

আদৰণীয় অধ্যক্ষ মহোদয়,

আমি সকলোৰে সন্মতিত কৰা আটাইতকৈ কঠিন কামবোৰ দেখিছোঁ। ২০০০ চনত অটলজীৰ চৰকাৰ আছিল, এইখন সদনে সহমতৰ আধাৰত ৩ খন ৰাজ্য গঠন কৰিছিল আৰু অতি উৎসাহেৰে এই কামটো সম্পন্ন কৰিছিল। যেতিয়া ছত্তীশগড় সৃষ্টি কৰা হৈছিল, ছত্তীশগড়েও উৎসৱ উদযাপন কৰিছিল, মধ্য প্ৰদেশেও উৎসৱ উদযাপন কৰিছিল। যেতিয়া উত্তৰাখণ্ড সৃষ্টি কৰা হৈছিল, উৎসৱটো উত্তৰাখণ্ডেও উদযাপন কৰিছিল, উৎসৱটো উত্তৰ প্ৰদেশেও উদযাপন কৰিছিল। যেতিয়া ঝাৰখণ্ড সৃষ্টি কৰা হৈছিল, ঝাৰখণ্ডৰ দ্বাৰাও উৎসৱ উদযাপন কৰা হৈছিল, উৎসৱটো বিহাৰেও উদযাপন কৰিছিল। ঐকমত্যৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এয়াই আমাৰ সদনৰ সামৰ্থ্য, অৱশ্যে কিছুমান তিক্ত স্মৃতিও আছে, তেলেংগানাৰ অধিকাৰ দমন কৰিবলৈ বৃহৎ প্ৰচেষ্টা কৰা হৈছিল, তেজৰ নদীও বৈছিল। এতিয়া তেলেংগানা গঠনৰ পিছত না তেলেংগানাই উৎসৱ উদযাপন কৰিব পাৰিছিল কিম্বা অন্ধ্ৰই উৎসৱ উদযাপন কৰিব পাৰিছিল, একধৰণৰ তিক্ততাৰ বীজ ৰোপণ কৰা হৈছিল, আমি একে উৎসাহ আৰু উদ্দীপণাৰে তেলেংগানা সৃষ্টি কৰিব পৰা হলে ভাল হ'লহেঁতেন, তেলেংগানাই আজি এক নতুন উচ্চতাত উপনীত হ'ব পাৰিলেহেঁতেন।

আদৰণীয় অধ্যক্ষ মহোদয়,

এয়া সদনৰ পৰম্পৰা আছিল যে সংবিধান সভাই সেই সময়ত ইয়াৰ দৈনিক ভাট্টা ৪৫ টকাৰ পৰা ৪০ টকালৈ হ্ৰাস কৰিছিল, তেওঁলোকে অনুভৱ কৰিছিল যে আমি ইয়াক হ্ৰাস কৰা উচিত।

আদৰণীয় অধ্যক্ষ মহোদয়,

এয়াই হৈছে সদন যিয়ে ‘কেণ্টিন’ত উপলব্ধ ৰাজসাহায্য, যি অতি কম পইচাতে খাদ্য পোৱা গৈছিল, এইসকল সদস্যই সেই ৰাজসাহায্যকো বাতিল কৰিছিল আৰু এতিয়া তেওঁলোকে সম্পূৰ্ণ টকা পৰিশোধ কৰি ‘কেণ্টিন’ত খায়।

আদৰণীয় অধ্যক্ষ মহোদয়,

কৰোনা কালত, যেতিয়া প্ৰয়োজন হৈছিল, এইসকল সাংসদ, যিসকলে ‘এমপিএলএডিএছ পুঁজি’ এৰি দি এই সংকটৰ সময়ত দেশক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। কেৱল এয়াই নহয়, কৰোনাৰ সময়ছোৱাত, এই সদনৰ সাংসদসকলে তেওঁলোকৰ দৰমহা ৩০ শতাংশ হ্ৰাস কৰিছিল আৰু তেওঁলোকে দেশে সন্মুখীন হোৱা সংকটত তেওঁলোকৰ বৃহৎ দায়িত্ব পালন কৰিছিল।

আদৰণীয় অধ্যক্ষ মহোদয়,

আমি গৌৰৱেৰে ক'ব পাৰোঁ যে, এইখন সদনত বহি থকা সকলেও এইটো ক'ব পাৰে, আনকি আমাৰ আগত সদনত বহি থকা সকলেও ক'ব পাৰে যে আমিহে সময়ে সময়ে জনপ্ৰতিনিধিত্ব আইনত আমাৰ ওপৰত অনুশাসন আনিবলৈ কঠোৰ হৈ আছোঁ, আমি নিয়ম জাপি দিছো, আমি সিদ্ধান্ত লৈছো যে এজন ৰাজহুৱা প্ৰতিনিধিৰ জীৱনত এনে হ'ব নোৱাৰে। মই বিশ্বাস কৰোঁ যে এইটো জীৱন্ত গণতন্ত্ৰৰ এক উৎকৃষ্ট উদাহৰণ আৰু ইয়াক সদনে দিছে, মাননীয় সাংসদসকলে এইটো দিছে আৰু আমাৰ পুৰণি প্ৰজন্মৰ সাংসদসকলে দিছে, আৰু মই বিশ্বাস কৰোঁ যে কেতিয়াবা কেতিয়াবা সেইবোৰকো মনত পেলোৱা উচিত।

আদৰণীয় অধ্যক্ষ মহোদয়,

বৰ্তমানৰ সাংসদ সকলৰ বাবে এয়া এক বিশেষ বিশেষাধিকাৰৰ উপলক্ষ, ই হৈছে সৌভাগ্যৰ সুযোগ কিয়নো আমি ইতিহাস আৰু ভৱিষ্যতৰ মাজত এক সংযোগ হোৱাৰ সুযোগ পাইছো। আমি কালি আৰু আজিৰ সৈতে সংযোগ স্থাপনৰ সুযোগ লাভ কৰিছো আৰু আগন্তুক কাইলৈটোক গঢ়ি তুলিবলৈ এক নতুন আত্মবিশ্বাস, নতুন উৎসাহ আৰু নতুন উদ্দীপণাৰ সৈতে আমি ইয়াৰ পৰা বিদাই লবলৈ সাজু হৈছো।

আদৰণীয় অধ্যক্ষ মহোদয়,

আজি এই সদনৰ চাৰে সাত হাজাৰ জনপ্ৰতিনিধিৰ দিন, ই হৈছে তেওঁলোকৰ গৌৰৱৰ পৃষ্ঠা। আমি এই দেৱালসমূহৰ পৰা লাভ কৰা অনুপ্ৰেৰণা, আমি লাভ কৰা এই নতুন বিশ্বাসক আগবঢ়াই নিব লাগিব। সদনত সকলোৰে প্ৰশংসাৰ যোগ্য বহুতো বস্তু আছিল, কিন্তু সম্ভৱতঃ ৰাজনীতিয়ে ইয়াৰ পথতো অগা-দেৱা কৰিছেহি। যদি এইখন সদনত নেহৰুজীৰ অৱদানৰ জয়গান গোৱা হয় তেন্তে কোনগৰাকী সদস্যৰ বাৰু হাততালি বজাবলৈ মন নাযাব? কিন্তু ইয়াৰ পিচতো কিন্তু দেশৰ গণতন্ত্ৰৰ বাবে ই অতি গুৰুত্বপূৰ্ণ, আমাৰ সকলোৰে আশা সন্মানীয় অধ্যক্ষ, মই নিশ্চিত যে আপোনাৰ নিৰ্দেশনাত আৰু এই অভিজ্ঞ মাননীয় সাংসদসকলৰ সামৰ্থ্যৰে, আমি নতুন সংসদলৈ যাওঁতে নতুন আত্মবিশ্বাসেৰে যাম।

 

এই পুৰণি স্মৃতিসমূহ সতেজ কৰিবলৈ আৰু সকলোকে ভাল পৰিৱেশত স্মৰণ কৰিবলৈ আজি গোটেই দিনটো দিয়াৰ বাবে মই আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু মই সকলো সদস্যক ইয়াত তেওঁলোকৰ জীৱনৰ এনে উজ্জ্বল স্মৃতি প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিম যাতে ই দেশবাসীৰ মাজত উপস্থিত হবগৈ পাৰে, সকলোৱে যাতে অনুভৱ কৰিবগৈ পাৰে যে এয়া সঁচাকৈয়ে আমাৰ সদন, আমাৰ জনপ্ৰতিনিধিসকলৰ কাৰ্যকলাপ প্ৰকৃত অৰ্থতে দেশৰ বাবে সমৰ্পিত হয়। মই এই সদনক অভিবাদন জনাইছো। মই ভাৰতৰ শ্ৰমিকসকলৰ দ্বাৰা নিৰ্মিত প্ৰতিখন দেৱালৰ প্ৰতিটো ইটাক অভিবাদন জনাইছো। আৰু যোৱা ৭৫টা বছৰত ভাৰতৰ গণতন্ত্ৰক নতুন শক্তি আৰু সামৰ্থ্য প্ৰদান কৰা প্ৰতিগৰাকী গুৰুক, সেই ‘নাদব্ৰহ্ম’ক প্ৰণিপাত জনাই মই মোৰ ভাষণ সমাপ্ত কৰিছো। বহুত বহুত ধন্যবাদ।

 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Indian Air Force’s Made-in-India Samar-II to shield India’s skies against threats from enemies

Media Coverage

Indian Air Force’s Made-in-India Samar-II to shield India’s skies against threats from enemies
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 ফেব্ৰুৱাৰী 2024
February 25, 2024

New India Rejoices as PM Modi Inaugurates the Stunning Sudarshan Setu