Our focus is to make our education system the most advanced and modern for students of our country: PM
21st century is the era of knowledge. This is the time for increased focus on learning, research, innovation: PM Modi
Youngsters should not stop doing three things: Learning, Questioning, Solving: PM Modi

স্মাৰ্ট ইণ্ডিয়া হেকাথন

স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলত প্ৰধানমন্ত্ৰীয়ে কয়-দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ নানাধৰণৰ সমাধানৰ বাবে কাম কৰি আছে শিক্ষাৰ্থীসকলে। সমস্যাসমূহৰ সমাধান দিয়াৰ লগতে ইয়ে ডাটা, ডিজিটাইজেশ্যন আৰু হাই-টেক ভৱিষ্যত সন্দৰ্ভত ভাৰতৰ আকাংক্ষাকো শক্তিশালী কৰিছে। একবিংশ শতিকাৰ দ্ৰুত গতিত কাৰ্যকৰী ভূমিকা পালন অব্যাহত ৰাখিবলৈ ভাৰতক দ্ৰুত পৰিৱৰ্তন কৰিব লাগিব বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, উদ্ভাৱন, গৱেষণা, আৰ্হি, উন্নয়ন আৰু উদ্যোগশীলতাৰ বাবে দেশত প্ৰয়োজনীয় ইকোচিষ্টেম নিৰ্মিত হৈছে। তেওঁ ভাৰতৰ শিক্ষাক আৰু আধুনিক কৰি তোলা আৰু মেধাৰ বাবে সুযোগ সৃষ্টিৰ লক্ষ্য লোৱাৰ আশ্বাস দিয়ে।

 

ৰাষ্ট্ৰীয় শিক্ষানীতি

ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত মত ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একবংশ শতিকাৰ যুৱকৰ চিন্তাভাৱনা, প্ৰয়োজন, আশা আৰু আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই খচৰা প্ৰস্তুত কৰা হৈছিল। তেওঁ আৰু কয় যে ই কেৱল এক নীতি দস্তাবেজেই নহয়, ১৩০ কোটিতকৈ অধিক ভাৰতীয়ৰ আকাংক্ষাৰো এক প্ৰতিফলন। তেওঁ কয়-‘আজিও বহু শিক্ষাৰ্থীয়ে অনুভৱ কৰে যে তেওঁলোকক এনে এক বিষয়ৰ ভিত্তিত বিচাৰ কৰা হয় যাৰ প্ৰতি তেওঁলোকৰ কোনো আগ্ৰহ নাই। অভিভাৱক, সম্পৰ্কীয়, বন্ধু-বান্ধৱ আদিৰ হেঁচাত আনে বাচি দিয়া বিষয় অধ্যয়ন কৰিবলৈ বাধ্য হয় শিশুসকল। ইয়াৰ ফলত এক বিশাল জনসংখ্যাৰ সৃষ্টি হৈছে, যিসকল সু-শিক্ষিত কিন্তু তেওঁলোকে পঢ়া বেছিভাগেই তেওঁলোকৰ বাবে উপযোগী নহয়।’ তেওঁ নতুন শিক্ষা নীতিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাত এক পদ্ধতিগত সংস্কাৰ আনি আৰু এই দৃষ্টিকোণ সলনিৰ প্ৰয়াস কৰিছে আৰু শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য পৰিৱৰ্তনৰ পদক্ষেপ লোৱাৰ কথা দৃষ্টিগোচৰ কৰে। তেওঁ কয় যে স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ৰ অভিজ্ঞতাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ দিশত গুৰুত্ব আৰোপ কৰিছে: ফলপ্ৰসূ, সম্প্ৰসাৰণ ভিত্তিক আৰু এনে এক যিয়ে প্ৰাকৃতিক আৱেগক পৰিচালিত কৰে।

শিক্ষাৰ্থীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়-‘হেকাথন তোমালোকে সমাধান কৰিব বিচৰা প্ৰথমটো সমস্যা নহয়, ই শেষো নহয়।’ তেওঁ বিচাৰে যে যুৱপ্ৰজন্মই তিনিটা বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰক: শিক্ষা, প্ৰশ্ন কৰা আৰু সমাধান কৰা। তেওঁ কয়-যেতিয়া এজনে শিকে তেতিয়া তেওঁ প্ৰশ্ন কৰাৰ জ্ঞান লাভ কৰে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই চেতনাক প্ৰতিফলিত কৰে। তেওঁ আৰু কয় যে স্কুল বেগৰ বোজাৰ পৰা গুৰুত্ব আঁতৰাই, যি স্কুলৰ পাছত নাথাকে, শিকাৰ লাভৰ ফালে নিয়া হৈছে-যিয়ে জীৱনত সহায় কৰে, মনত ৰখাৰ পৰা গুৰুত্বপূৰ্ণ চিন্তা কৰিব পৰালৈকে।

 

 

আন্তঃবিষয় অধ্যয়নৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰীয়ে কয়, নতুন শিক্ষানীতিৰ অন্যতম আকৰ্ষণীয় দিশ হৈছে আন্তঃবিষয় অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া। এই ধাৰণাই জনপ্ৰিয়তা লাভ কৰিছে কাৰণ এটা বিশেষ ব্যৱস্থা সকলোৰে বাবে উপযুক্ত নহয়। তেওঁ কয় আন্তঃবিষয় অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত এইটো সুনিশ্চিত হব যে শিক্ষাৰ্থীসকলৰ পৰা সমাজে যি আশা কৰে তাতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হব শিক্ষাৰ্থীসকলে কি শিকিব বিচাৰে তাৰ ওপৰত।

শিক্ষালাভৰ অধিকাৰ

বাবা চাহেব আম্বেদকাৰৰ বক্তব্যৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় সকলোৰে শিক্ষালাভৰ প্ৰতি অধিকাৰ থকা উচিত।তেওঁ কয় যে এই শিক্ষা নীতিও আম্বেদকাৰৰ সুলভ শিক্ষাৰ ধাৰণাৰ প্ৰতি সমৰ্পিত। প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি শিক্ষালাভৰ এক বৃহত্ প্ৰক্ৰিয়া। তেওঁ কয় যে এই নীতিৰ লক্ষ্য উচ্চ শিক্ষাত মুঠ নামভৰ্তিৰ অনুপাত ২০৩৫ চনলৈ ৫০ শতাংশ বৃদ্ধি কৰা। তেওঁ আৰু কয় যে এই শিক্ষানীতিয়ে সংস্থাপন সন্ধানীতকৈ সংস্থাপন সৃষ্টিত প্ৰাধান্য দিছে। অৰ্থাত্ এফালে ই আমাৰ মানসিকতা আৰু আমাৰ দৃষ্টিকোণৰ পৰিৱৰ্তন অনাৰ পদক্ষেপ।

 

স্থানীয় ভাষাৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰীয়ে কয়-নতুন শিক্ষানীতিয়ে ভাৰতীয় ভাষাসমূহক আগুৱাই নিয়া আৰু বিকাশ কৰাত সহায় কৰিব। তেওঁ কয়- শিক্ষাৰ্থীসকলে আৰম্ভণি কালছোৱাত তেওঁলোকৰ নিজ ভাষাত শিক্ষা লাভ কৰি উপকৃত হব। তেওঁ আৰু কয় যে নতুন শিক্ষা নীতিয়ে ভাৰতৰ চহকী ভাষাসমূহকো বিশ্বত পৰিচয় কৰাব।

গোলকীয় অখণ্ডতাৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰীয়ে কয় যে এই নীতিয়ে স্থানীয় বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যদিও গোলকীয় একতাৰ ওপৰতো সমানে গুৰুত্ব দিয়া হৈছে। শীৰ্ষ আন্তৰ্জাতিক প্ৰতিষ্ঠানসমূহক ভাৰতত কেম্পাছ মুকলিৰ বাবে উত্সাসিত কৰা হৈছে। ইয়ে ভাৰতীয় যুৱকসকলক বিশ্বমানৰ সুযোগ-সুবিধা লাভত সহায় কৰিব আৰু আন্তৰ্জাতিক প্ৰতিযোগিতাৰ বাবে সাজু কৰাতো সহায় কৰিব। ইয়ে ভাৰতত বিশ্বমানৰ প্ৰতিষ্ঠান গঢ়াতো সহায় কৰিব, যাৰ ফলত ভাৰত গোলকীয় শিক্ষাৰ এক কেন্দ্ৰত পৰিণত হব।

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”