"স্ব-নিৰ্মিত ৫জি টেষ্ট-বেডো টেলিকম খণ্ডত গুৰুত্বপূৰ্ণ আৰু আধুনিক প্ৰযুক্তিৰ আত্মনিৰ্ভৰশীলতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ"
"একবিংশ শতিকাত গতিয়ে ভাৰতৰ প্ৰগতিৰ গতি নিৰ্ধাৰণ কৰিব"
"৫জি প্ৰযুক্তিয়ে দেশৰ শাসন, জীৱন ধাৰণৰ সহজতা, ব্যৱসায় কৰাৰ সহজতাৰ ক্ষেত্ৰতো এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ গৈ আছে"
"২জি যুগৰ হতাশা, উদ্বিগ্নতা, দুৰ্নীতি, নীতিগত পক্ষাঘাতৰ পৰা ওলাই দেশখন দ্ৰুতগতিত ৩জিৰ পৰা ৪জিলৈ আৰু এতিয়া ৫জি আৰু ৬জিলৈ আগবাঢ়িছে"
"যোৱা ৮ বছৰত, পঞ্চমৃতৰ সংস্কাৰ, নিয়ন্ত্ৰণ, সঁহাৰি আৰু বিপ্লৱৰ জৰিয়তে, আমি টেলিকম খণ্ডত নতুন শক্তি সঞ্চাৰিত কৰিছো"
"মোবাইলবোৰ আনকি যাতে দৰিদ্ৰ পৰিয়ালৰ বাবেও উপলব্ধ হয়, আমি সমগ্ৰ দেশতে মোবাইল ফোন নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। ইয়াৰ ফলস্বৰূপে, মোবাইল নিৰ্মাণ গোটবোৰ ২ ৰ পৰা ২০০ৰ ততোধিক বৃদ্ধি কৰা হৈছে"
"আজি সকলোৱে সহযোগিতা-আধাৰিত নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। ইয়াৰ বাবে, সকলো নিয়ন্ত্ৰক একত্ৰিত হোৱা, অংশীদাৰী মঞ্চ বিকশিত কৰা আৰু উন্নত সমন্বয়ৰ বাবে সমাধান বিচাৰি উলিওৱাটো প্ৰয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাৰতীয় টেলিকম নিয়ামক প্ৰাধিকৰণৰ (ট্ৰাই) ৰূপালী জয়ন্তী উদযাপন উপলক্ষে আয়োজিত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। তেওঁ এই অনুষ্ঠানটোৰ স্মাৰক হিচাপে এটা ডাক টিকটো মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী দেৱুসিংহ চৌহান আৰু শ্ৰী এল মুৰুগান আৰু টেলিকম আৰু সম্প্ৰচাৰ খণ্ডৰ অগ্ৰণীসকল এই অনুষ্ঠানত উপস্থিত আছিল।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ আজি দেশবাসীক উৎসৰ্গা কৰা স্বনিৰ্মিত ৫জি টেষ্ট বেড টেলিকম খণ্ডত গুৰুত্বপূৰ্ণ আৰু আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ আইআইটিকে ধৰি এই প্ৰকল্পটোৰ সৈতে জড়িত সকলোকে অভিনন্দন জনায়। "দেশৰ নিজা ৫জি মানদণ্ড ৫জি ৰ ৰূপত নিৰ্মাণ কৰা হৈছে, ই দেশৰ বাবে গৌৰৱৰ বিষয়। ই দেশৰ গাওঁসমূহলৈ ৫জি প্ৰযুক্তি অনাত এক ডাঙৰ ভূমিকা পালন কৰিব", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে সংযোগে একবিংশ শতিকাৰ ভাৰতত প্ৰগতিৰ গতি নিৰ্ধাৰণ কৰিব। সেয়েহে সংযোগৰ আধুনিকীকৰণ প্ৰতিটো স্তৰত কৰিব লাগিব। তেওঁ লগতে কয় যে ৫জি প্ৰযুক্তিয়ে দেশৰ শাসন, জীৱন ধাৰণৰ সহজতা আৰু ব্যৱসায় কৰাৰ সহজতাৰ ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন আনিব। ইয়াৰ ফলত কৃষি, স্বাস্থ্য, শিক্ষা, আন্তঃগাঁথনি আৰু লজিষ্টিকৰ দৰে প্ৰতিটো ক্ষেত্ৰতে বিকাশ বৃদ্ধি পাব। ই সুবিধা বৃদ্ধি কৰিব আৰু বহুতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব। ৫জিদ্ৰু তগতিত আৰম্ভ কৰাৰ বাবে চৰকাৰ আৰু উদ্যোগ দুয়োৰে প্ৰচেষ্টাৰ প্ৰয়োজন বুলি তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে টেলিকম খণ্ডক আত্মনিৰ্ভৰশীলতা আৰু স্বাস্থ্যকৰ প্ৰতিযোগিতাই সমাজ আৰু অৰ্থনীতিত কেনেদৰে গুণক প্ৰভাৱ পেলায় তাৰ এক উৎকৃষ্ট উদাহৰণ হিচাপে উল্লেখ কৰে। ২জি যুগৰ হতাশা, উদ্বিগ্নতা, দুৰ্নীতি আৰু নীতিগত পক্ষাঘাতৰ পৰা ওলাই আহি দেশখন দ্ৰুতগতিত ৩জিৰ পৰা ৪জি লৈ আৰু এতিয়া ৫জি আৰু ৬জিলৈ আগবাঢ়িছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ৮ বছৰত টেলিকম খণ্ডত নতুন শক্তি ৰক্ষা কৰা হৈছে আৰু ইয়াৰ সৈতে ৰিচ্চ, ৰিফৰ্ম, ৰেগুলেট, ৰেচপন্স আৰু ৰিপ্লিমেণ্টৰ 'পঞ্চমৃত' আছে। তেওঁ ট্ৰাইক ইয়াত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে কৃতিত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া দেশখনে নিম্নস্তৰৰ চিন্তা কৰাৰ বাহিৰত গৈ আছে আৰু 'সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ' সৈতে আগবাঢ়িছে। আজি আমি দেশত টেলিডেনচিটি আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত বিশ্বৰ দ্ৰুততম সম্প্ৰসাৰণ কৰি আছো, টেলিকমকে ধৰি বহুতো খণ্ডই ইয়াত ভূমিকা পালন কৰিছে, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰতম পৰিয়ালৰ বাবে মোবাইল সুলভ কৰি তুলিবলৈ দেশত মোবাইল ফোন নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ফলস্বৰূপে মোবাইল নিৰ্মাণ গোটবোৰ ২ ৰ পৰা ২০০ৰ ততোধিক বৃদ্ধি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি ভাৰতে দেশৰ প্ৰতিখন গাৱঁত অপ্টিকেল ফাইবাৰৰ সৈতে সংযোগ কৰিছে। তেওঁ লগতে কয় যে ২০১৪ চনৰ পূৰ্বে ভাৰতৰ ১০০ খন গাওঁ পঞ্চায়তকো অপ্টিকেল ফাইবাৰ সংযোগ প্ৰদান কৰা হোৱা নাছিল। আজি আমি ব্ৰডবেণ্ড সংযোগ প্ৰায় ১.৭৫ লাখ গ্ৰাম পঞ্চায়তত উপনীত কৰিছো। ইয়াৰ বাবে শ শ চৰকাৰী সেৱা গাওঁসমূহত উপলব্ধ হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে ট্ৰাইৰ দৰে নিয়ন্ত্ৰকসকলৰ বাবেও 'সমগ্ৰ চৰকাৰী দৃষ্টিভংগী' গুৰুত্বপূৰ্ণ। "আজিৰ নিয়মাৱলী কেৱল এটা খণ্ডৰ সীমাতে সীমাবদ্ধ নহয়। প্ৰযুক্তিয়ে বিভিন্ন খণ্ডক আন্তঃসংযোগ কৰি আছে। সেইকাৰণে আজি সকলোৱে সহযোগিতামূলক নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। ইয়াৰ বাবে সকলো নিয়ন্ত্ৰক একত্ৰিত হোৱা, উমৈহতীয়া মঞ্চ বিকশিত কৰা আৰু উন্নত সমন্বয়ৰ সমাধান বিচাৰি উলিওৱাটো প্ৰয়োজনীয়", প্ৰধানমন্ত্ৰীয়ে কয়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Rs 20,804-crore push to expand railway capacity across major corridors

Media Coverage

India's Rs 20,804-crore push to expand railway capacity across major corridors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”