এইবাৰৰ কেন্দ্ৰীয় বাজেটে শক্তিশালী কৰ্মশক্তি আৰু বৰ্ধিত অৰ্থনীতিৰ পথ প্ৰশস্ত কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি বিনিয়োগৰ ক্ষেত্ৰত আন্তঃগাঁথনি আৰু উদ্যোগৰ দৰেই জনতা, অৰ্থনীতি আৰু উদ্ভাৱনক অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁঃ প্ৰধানমন্ত্ৰী
জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথা – শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা!ঃ প্ৰধানমন্ত্ৰী
আজি আমি কেইবা দশকৰ পাছত ভাৰতৰ শিক্ষা ব্যৱস্থা এক বৃহৎ ৰূপান্তৰৰ মাজেৰে অগ্ৰসৰ হোৱা দেখিবলৈ পাইছোঁঃ প্ৰধানমন্ত্ৰী
সকলো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ টেলিমেডিচিনৰ সুবিধা সম্প্ৰসাৰণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
ডে’-কেয়াৰ কেন্সাৰ চেন্টাৰ আৰু ডিজিটেল স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ জৰিয়তে আমি গুণগত স্বাস্থ্যসেৱাক অন্তিম প্ৰান্তলৈ নিব বিচাৰিছোঁঃ প্ৰধানমন্ত্ৰী
ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনক প্ৰসাৰিতকৰণৰ বাবে এই বাজেটত একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
পৰ্যটনত গুৰুত্ব আৰোপেৰে সমগ্ৰ দেশৰ ৫০ টা গন্তব্যস্থান বিকশিত কৰা হ’বঃ প্ৰধানমন্ত্ৰী
এই গন্তব্যস্থানসমূহৰ হোটেলসমূহক আন্তঃগাঁথনিৰ মৰ্য্যাদা প্ৰদান কৰিলে পৰ্যটনৰ সহজতা বৃদ্ধি পাব আৰু স্থানীয় নিয়োগো বৃদ্ধি পাবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এখনি নিয়োগ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৱেবিনাৰখনৰ বিষয়বস্তু "জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ"ৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে, যিয়ে এখনি বিকশিত ভাৰতৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰে। তেখেতে কয় যে এইবাৰৰ বাজেটত এই বিষয়টো বিস্তৃত পৰিসৰত প্ৰতিফলিত হৈছে আৰু ই ভাৰতৰ ভৱিষ্যতৰ ৰূপৰেখা হিচাপে কাম কৰিব। তেখেতে কয় যে আন্তঃগাঁথনি, উদ্যোগ, জনতা, অৰ্থনীতি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিনিয়োগক সমানে অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। সামৰ্থ্য বিকাশ আৰু প্ৰতিভাক লালন-পালন ৰাষ্ট্ৰৰ অগ্ৰগতিৰ আধাৰ বুলি আলোকপাতেৰে শ্ৰী মোদীয়ে সকলো অংশীদাৰক আগুৱাই যাবলৈ আৰু পৰৱৰ্তী পৰ্য্যায়ৰ উন্নয়নৰ প্ৰয়োজন হোৱাৰ বাবে এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিবলৈ আহ্বান জনায়। তেখেতে কয় যে দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া অপৰিহাৰ্য্য আৰু ই প্ৰতিটো অনুষ্ঠানৰ সফলতাৰ ভেটি গঠন কৰে।

“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”

 

২০১৪ৰ পৰা চৰকাৰে ৩ কোটিৰো অধিক যুৱক-যুৱতীক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১০০০ আইটিআইক উন্নীতকৰণ আৰু ৫ টা চেন্টাৰ অৱ এক্সেলেন্স স্থাপনৰ কথা ব্যক্ত কৰে। তেখেতে যুৱক-যুৱতীসকলক উদ্যোগসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰা প্ৰশিক্ষণেৰে সমৃদ্ধকৰণৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে বৈশ্বিক বিশেষজ্ঞৰ সহায়ত ভাৰতীয় যুৱক-যুৱতীসকলে যাতে বিশ্ব পৰ্য্যায়ত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে, তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। শ্ৰী মোদীয়ে এই পদক্ষেপসমূহত উদ্যোগ আৰু শৈক্ষিক মহলৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাতেৰে উদ্যোগ আৰু শিক্ষানুষ্ঠানসমূহক পৰস্পৰে-পৰস্পৰৰ প্ৰয়োজনীয়তা বুজিবলৈ আৰু পূৰণ কৰিবলৈ আহ্বান জনায়, যুৱক-যুৱতীসকলক দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্বৰ সৈতে খাপ খাবলৈ, ব্যৱহাৰিক শিক্ষণৰ বাবে মঞ্চত প্ৰৱেশৰ সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনায়। যুৱক-যুৱতীসকলক নতুন সুযোগ আৰু ব্যৱহাৰিক দক্ষতা প্ৰদানৰ বাবে পিএম-ইন্টাৰ্নশ্বিপ আঁচনিৰ শুভাৰম্ভণিত আলোকপাতেৰে তেখেতে এই পদক্ষেপত প্ৰতিটো স্তৰতে উদ্যোগৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিতকৰণৰ গুৰুত্ব সম্পৰ্কে কয়।

চিকিৎসা ক্ষেত্ৰখনক স্পৰ্শৰে শ্ৰী মোদীয়ে এই বাজেটত ১০ হাজাৰ নতুন চিকিৎসা আসন সংযোজনৰ কথা উল্লেখ কৰে আৰু অহা পাঁচ বছৰত চিকিৎসা ক্ষেত্ৰখনত ৭৫ হাজাৰ আসন সংযোজনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কয়। তেখেতে সকলো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতে টেলিমেডিচিনৰ সুবিধাৰ সম্প্ৰসাৰণত আলোকপাত কৰে। তেখেতে ডে’ কেয়াৰ কেন্সাৰ চেন্টাৰ স্থাপন আৰু ডিজিটেল স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ বিকাশ সাধনতো গুৰুত্ব আৰোপ কৰে, যাতে গুণগত স্বাস্থ্যসেৱা অন্তিম প্ৰান্তত উপনীত হোৱাটো নিশ্চিত হয়। এই পদক্ষেপসমূহে জনতাৰ জীৱনত ৰূপান্তৰশীল প্ৰভাৱ পেলাব বুলিও তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰচেষ্টাসমূহে যুৱক-যুৱতীসকলৰ বাবে অসংখ্য নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু অংশীদাৰসকলক এই পদক্ষেপসমূহ কাৰ্য্যকৰীকৰণৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনায়, বাজেট ঘোষণাৰ সুবিধাসমূহ সৰ্বাধিক সংখ্যক লোকৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ কয়।

বিগত দশকত অৰ্থনীতিত বিনিয়োগ ভৱিষ্যতৰ দৃষ্টিভংগীৰে পৰিচালিত হোৱা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৭ৰ ভিতৰত ভাৰতৰ নগৰীয়া জনসংখ্যা প্ৰায় ৯০ কোটি হ’ব বুলি প্ৰকল্প কৰা হৈছে, যাৰ বাবে পৰিকল্পিত নগৰীকৰণৰ প্ৰয়োজন। তেখেতে শাসন, আন্তঃগাঁথনি আৰু বিত্তীয় বহনক্ষমতাত গুৰুত্ব আৰোপেৰে ১ লাখ কোটি টকাৰ আৰ্বান চেলেঞ্জ ফাণ্ড স্থাপনৰ পদক্ষেপৰ কথা ঘোষণা কৰে যিয়ে লগতে ব্যক্তিগত বিনিয়োগৰো বৰ্ধন ঘটাব। “ভাৰতৰ চহৰসমূহক বহনক্ষম নগৰীয়া গতিশীলতা, ডিজিটেল সংহতি আৰু জলবায়ু স্থিতিস্থাপকতা পৰিকল্পনাৰ বাবে স্বীকৃতি দিয়া হ’ব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে ব্যক্তিগত খণ্ডক বিশেষকৈ ৰিয়েল এষ্টেট আৰু উদ্যোগ খণ্ডক পৰিকল্পিত নগৰীকৰণক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আৰু আগুৱাই নিবলৈ আহ্বান জনায়। তেখেতে অমৰুট ২.০ আৰু জল জীৱন অভিযানৰ দৰে পদক্ষেপক আগুৱাই নিয়াৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব সম্পৰ্কে ব্যক্ত কৰে।

 

অৰ্থনীতিত বিনিয়োগ সম্পৰ্কে আলোচনাৰ সময়ত পৰ্যটন খণ্ডৰ সম্ভাৱনাত গুৰুত্ব আৰোপৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে পৰ্যটন খণ্ডই ভাৰতৰ জিডিপিৰ ১০% পৰ্য্যন্ত বৰঙণি আগবঢ়োৱাৰ লগতে কোটি-কোটি যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ সম্ভাৱনা আছে। তেখেতে বাজেটত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনক প্ৰসাৰিতকৰণৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে। “পৰ্যটনক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ ৫০ টা গন্তব্যস্থান বিকশিত কৰা হ’ব”, এই গন্তব্যস্থানসমূহৰ হোটেলসমূহক আন্তঃগাঁথনিৰ মৰ্য্যাদা প্ৰদান কৰিলে পৰ্যটনৰ সহজতা বৃদ্ধি পাব আৰু স্থানীয় কৰ্মসংস্থাপন বৃদ্ধি পাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। হোমষ্টেৰ সহায়ৰ বাবে মুদ্ৰা যোজনাৰ সম্প্ৰসাৰণত আলোকপাতেৰে শ্ৰী মোদীয়ে লগতে কয় যে ‘হিল ইন ইণ্ডিয়া’ আৰু ‘লেণ্ড অৱ দ্য বুদ্ধ’ৰ দৰে পদক্ষেপে বিশ্বজুৰি পৰ্যটকসকলক আকৰ্ষণ কৰিব। “ভাৰতক বিশ্ব পৰ্যটন আৰু সুস্থতা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে”, তেখেতে লগতে কয়।

হোটেল আৰু পৰিবহণ উদ্যোগৰ বাহিৰেও পৰ্যটনে আন-আন খণ্ডলৈয়ো বিস্তৃত সুযোগ প্ৰশস্ত কৰে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডৰ অংশীদাৰসকলক স্বাস্থ্য পৰ্যটনৰ প্ৰসাৰৰ বাবে বিনিয়োগ কৰিবলৈ আহ্বান জনায়। শিক্ষা পৰ্যটনৰ উল্লেখযোগ্য বিকাশ ঘটা সম্পৰ্কে ব্যক্ত কৰি তেখেতে যোগ আৰু সুস্থতা পৰ্যটনৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে এই দিশত বিশদ আলোচনাৰ ইচ্ছা প্ৰকাশেৰে এনে পদক্ষেপসমূহক আগুৱাই নিবলৈ এক শক্তিশালী ৰোডমেপ যুগুত কৰিবলৈ আহ্বান জনায়।

 

“উদ্ভাৱনত বিনিয়োগে ৰাষ্ট্ৰৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰে”, এই দিশত দ্ৰুত অগ্ৰগতিৰ প্ৰয়োজনীয়তাত আলোকপাতেৰে কৃত্ৰিম বুদ্ধিমত্তাই ভাৰতৰ অৰ্থনীতিত কেইবা লাখ কোটি টকাৰ বৰঙণি আগবঢ়োৱাৰ সম্ভাৱনা আছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে বাজেটত এআই চালিত শিক্ষা আৰু গৱেষণাৰ বাবে ৫০০ কোটি টকা আবন্টনৰ কথা উল্লেখ কৰে। ভাৰতত এআইৰ সামৰ্থ্য বিকাশৰ বাবে ৰাষ্ট্ৰীয় বৃহৎ ভাষা আৰ্হি স্থাপনৰ পৰিকল্পনাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডক এই ক্ষেত্ৰত আগবাঢ়ি থাকিবলৈ আহ্বান জনায়। “বিশ্বই এখন নিৰ্ভৰযোগ্য, নিৰাপদ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে অপেক্ষা কৰি আছে, যিয়ে অৰ্থনৈতিক এআই সমাধান প্ৰদান কৰিব পাৰে”, তেখেতে লগতে কয়। আজি এই খণ্ডত কৰা বিনিয়োগে ভৱিষ্যতে উল্লেখযোগ্য সুবিধা প্ৰদান কৰিব বুলি তেখেতে কয়।

“ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ ব্যৱস্থাত পৰিণত হৈছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বাজেটত ষ্টাৰ্টআপক প্ৰচাৰৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেখেতে গৱেষণা আৰু উদ্ভাৱনৰ বিকাশৰ বাবে ১ লাখ কোটি টকাৰ কৰ্পাছ পুঁজিৰ অনুমোদনৰ কথা উল্লেখ কৰে। ইয়াৰদ্বাৰা ‘ডিপ টেক ফাণ্ড অৱ ফাণ্ডছ’ৰ জৰিয়তে উদীয়মান খণ্ডসমূহত বিনিয়োগ বৃদ্ধি পাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আইআইটি আৰু আইআইএছচিত ১০ হাজাৰ গৱেষণা ফেল’শ্বিপৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে, যিয়ে গৱেষণাক লাভান্বিত কৰিব আৰু প্ৰতিভাৱান যুৱক-যুৱতীসকলক সুযোগ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুনত্বক ত্বৰান্বিতকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ভূ-স্থানীয় অভিযান আৰু ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ ভূমিকাতো আলোকপাত কৰে। তেখেতে ভাৰতক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন শিখৰক উপনীত কৰিবলৈ সকলো স্তৰতে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

 

ভাৰতৰ চহকী পাণ্ডুলিপি ঐতিহ্যক সংৰক্ষণৰ ক্ষেত্ৰত জ্ঞান ভাৰতম অভিযানৰ তাৎপৰ্য্যত আলোকপাতেৰে শ্ৰী মোদীয়ে ঘোষণা কৰে যে এই অভিযানৰ অধীনত এক কোটিৰো অধিক পাণ্ডুলিপি ডিজিটেলাইজ কৰা হ’ব, যাৰ ফলত ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰালৰ সৃষ্টি হ’ব। এই ভঁৰালৰ জৰিয়তে বিশ্বজুৰি পণ্ডিত আৰু গৱেষকসকলে ভাৰতৰ ঐতিহাসিক, পৰম্পৰাগত জ্ঞান আৰু প্ৰজ্ঞাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলিও তেখেতে লগতে কয়।

২০২৫ৰ ফেব্ৰুৱাৰীত ভাৰতৰ অৰ্থনীতি সন্দৰ্ভত আইএমএফে কৰা উল্লেখযোগ্য পৰ্য্যবেক্ষণৰ উদ্ধৃতি দাঙি ধৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০১৫ৰ পৰা ২০২৫ৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৬৬% বৃদ্ধি হৈছে, যাৰ ফলত দেশখন ৩.৮ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হৈছে। তেখেতে কয় যে এই বৃদ্ধিয়ে কেইবাখনো বৃহৎ অৰ্থনীতিৰ বিকাশক অতিক্ৰম কৰিছে আৰু ভাৰত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হোৱাৰ দিনটোলৈ বেছি দূৰ নাই। তেখেতে অৰ্থনীতিৰ সম্প্ৰসাৰণ অব্যাহত ৰাখিবলৈ সঠিক দিশত সঠিক বিনিয়োগৰ গুৰুত্বত আলোকপাত কৰে। তেখেতে এই দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত বাজেটৰ ঘোষণাক কাৰ্য্যকৰীকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে আৰু সকলো অংশীদাৰৰ উল্লেখযোগ্য অৱদানক স্বীকাৰ কৰে। তেখেতে উল্লেখ কৰে যে চাইল’ত কাম কৰাৰ পৰম্পৰা ভংগ হৈছে আৰু এতিয়া চৰকাৰে ‘জন-ভাগিদাৰী’ আৰ্হিত আলোকপাতেৰে আঁচনি আৰু পদক্ষেপসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বাজেটৰ পূৰ্বে আলোচনাৰ লগতে বাজেটৰ পিছৰ আলোচনা উভয়ৰে আয়োজন কৰিছে। ৱেবিনাৰখনৰ ফলপ্ৰসূ আলোচনাই ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশেৰে তেখেতে ভাষণৰ সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in building collapse at Satya Niketan in Delhi
September 06, 2026

Prime Minister Shri Narendra Modi today expressed deep distress over the collapse of a building at Satya Niketan in Delhi.

The Prime Minister extended his condolences to the families of those who lost their loved ones and prayed for the speedy recovery of the injured. He further noted that authorities are actively working at the site and providing assistance to all those affected by the incident.

In a post on X, the Prime Minister's Office shared:

"The collapse of a building at Satya Niketan, Delhi is distressing. Condolences to those who lost their loved ones. Praying for the speedy recovery of the injured. Authorities are working at the site and assisting those affected in the mishap: PM @narendramodi"