এইবাৰৰ কেন্দ্ৰীয় বাজেটে শক্তিশালী কৰ্মশক্তি আৰু বৰ্ধিত অৰ্থনীতিৰ পথ প্ৰশস্ত কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি বিনিয়োগৰ ক্ষেত্ৰত আন্তঃগাঁথনি আৰু উদ্যোগৰ দৰেই জনতা, অৰ্থনীতি আৰু উদ্ভাৱনক অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁঃ প্ৰধানমন্ত্ৰী
জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথা – শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা!ঃ প্ৰধানমন্ত্ৰী
আজি আমি কেইবা দশকৰ পাছত ভাৰতৰ শিক্ষা ব্যৱস্থা এক বৃহৎ ৰূপান্তৰৰ মাজেৰে অগ্ৰসৰ হোৱা দেখিবলৈ পাইছোঁঃ প্ৰধানমন্ত্ৰী
সকলো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ টেলিমেডিচিনৰ সুবিধা সম্প্ৰসাৰণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
ডে’-কেয়াৰ কেন্সাৰ চেন্টাৰ আৰু ডিজিটেল স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ জৰিয়তে আমি গুণগত স্বাস্থ্যসেৱাক অন্তিম প্ৰান্তলৈ নিব বিচাৰিছোঁঃ প্ৰধানমন্ত্ৰী
ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনক প্ৰসাৰিতকৰণৰ বাবে এই বাজেটত একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
পৰ্যটনত গুৰুত্ব আৰোপেৰে সমগ্ৰ দেশৰ ৫০ টা গন্তব্যস্থান বিকশিত কৰা হ’বঃ প্ৰধানমন্ত্ৰী
এই গন্তব্যস্থানসমূহৰ হোটেলসমূহক আন্তঃগাঁথনিৰ মৰ্য্যাদা প্ৰদান কৰিলে পৰ্যটনৰ সহজতা বৃদ্ধি পাব আৰু স্থানীয় নিয়োগো বৃদ্ধি পাবঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ!


এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।

 

বন্ধুসকল,


মানুহৰ ক্ষেত্ৰত বিনিয়োগৰ দৃষ্টিভংগী তিনিটা স্তম্ভৰ ওপৰত থিয় হৈ আছে - শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা! আজি আপোনালোকে দেখিছে যে কেবা দশকৰ পিছত ভাৰতৰ শিক্ষা ব্যৱস্থা কেনেদৰে এক বৃহৎ পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িবলৈ লৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ‘আইআইটি’সমূহৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিৰ একত্ৰীকৰণ, এআই-ৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ, পাঠ্যপুথিৰ ডিজিটাইজেশ্যন, ২২টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰী প্ৰদানৰ কামৰ দৰে ডাঙৰ পদক্ষেপ, এনে ধৰণৰ বহুতো প্ৰচেষ্টা ‘মিছন মোড’ত চলি আছে। ইয়াৰ ফলত আজি ভাৰতৰ শিক্ষা ব্যৱস্থাই একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু মাপকাঠিসমূহৰ সৈতে মিল খাই পৰিছে।


বন্ধুসকল,


চৰকাৰে ২০১৪ চনৰ পৰা ৩ কোটিতকৈয়ো অধিক যুৱক-যুৱতীক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। আমি ১,০০০ আইটিআই প্ৰতিষ্ঠান উন্নীতকৰণ আৰু উৎকৃষ্টতাৰ ৫ টা কেন্দ্ৰ সৃষ্টি কৰাৰ পৰিকল্পনা ঘোষণা কৰিছোঁ। যুৱক-যুৱতীসকলৰ প্ৰশিক্ষণ এনেকুৱা হ'ব লাগে যাতে তেওঁলোকে আমাৰ উদ্যোগৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰাতো হৈছে আমাৰ লক্ষ্য। ইয়াত, আমি বিশ্ব বিশেষজ্ঞসকলৰ পৰা সহায় লৈছো আৰু নিশ্চিত কৰিছো যে আমাৰ যুৱক-যুৱতীসকল বিশ্ব পৰ্যায়ত প্ৰতিযোগিতা কৰিব পাৰে। এই সকলো প্ৰচেষ্টাত আমাৰ উদ্যোগ আৰু শিক্ষাখণ্ডৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে। উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহে পৰস্পৰে পৰস্পৰৰ প্ৰয়োজনীয়তা বুজিব লাগিব আৰু সেইবোৰ পূৰণ কৰিব লাগিব। যুৱক-যুৱতীসকলে দ্ৰুতগতিত পৰিৱৰ্তনশীল পৃথিৱীৰ সৈতে খাপ খোৱাৰ সুযোগ পাব লাগে, তেওঁলোকে নিজৰ দক্ষতা প্ৰদৰ্শিত কৰিবলৈ পাব লাগে, তেওঁলোকে ব্যৱহাৰিক শিক্ষা আদায়ৰ বাবে এখন মঞ্চ পাব লাগে। ইয়াৰ বাবে, সকলো অংশীদাৰ একত্ৰিত হ'ব লাগিব। আমি যুৱক-যুৱতীসকলক নতুন সুযোগ আৰু ব্যৱহাৰিক দক্ষতা প্ৰদান কৰাৰ বাবে ‘পিএম-ইণ্টাৰ্নশ্বিপ আঁচনি’ আৰম্ভ কৰিছোঁ। আমি নিশ্চিত কৰিব লাগিব যে সৰ্বাধিক সংখ্যক উদ্যোগে প্ৰতিটো পৰিমাপত এই আঁচনিত অংশগ্ৰহণ কৰে।

 

বন্ধুসকল,


আমি এইখন বাজেটত চিকিৎসা পাঠ্যক্ৰমৰ ১০ হাজাৰ অতিৰিক্ত আসন ঘোষণা কৰিছোঁ। আমি পৰৱৰ্তী ৫ বছৰত চিকিৎসা পাঠ্যক্ৰমৰ বাবে ৭৫ হাজাৰ আসন যোগ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছো। সকলো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এই সকলো ক্ষেত্ৰত ‘টেলি-মেডিচিন’ৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে। ‘ডে’-কেয়াৰ কৰ্কট কেন্দ্ৰ’ আৰু ‘ডিজিটেল স্বাস্থ্যসেৱা আন্তঃগাঁথনি’ৰ জৰিয়তে, আমি সম্পন্ন স্বাস্থ্যসেৱাক সমাজৰ অন্তিম স্তৰলৈ লৈ যাব বিচাৰিছোঁ। আপোনালোকে কল্পনা কৰিব পাৰিবনে যে ই মানুহৰ জীৱনলৈ কিমান ডাঙৰ পৰিৱৰ্তন আনিব। ই যুৱক-যুৱতীসকলৰ বাবে বহুতো নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব। এয়া বাস্তৱায়িত কৰিবলৈ আপোনালোকে সমানেই দ্ৰুতগতিত কাম কৰিব লাগিব। তেতিয়াহে আমি বাজেট ঘোষণাৰ লাভসমূহ অধিক সংখ্যক লোকৰ ওচৰলৈ লৈ যাব পাৰিম।

 

বন্ধুসকল,


যোৱা ১০ বছৰত আমি অৰ্থনৈতিক বিনিয়োগক ভৱিষ্যতদৰ্শী দৃষ্টিভংগীৰে চাইছোঁ। আপোনালোকে জানেনে, ২০৪৭ চনৰ ভিতৰত ভাৰতৰ নগৰীয়া জনসংখ্যা ৯০ কোটি হ'ব বুলি অনুমান কৰা হৈছে। ইমান বৃহত্ জনসংখ্যাৰ বাবে পৰিকল্পিত নগৰায়নৰ প্ৰয়োজন। ইয়াৰ বাবে আমি ১ লাখ কোটি টকাৰ নগৰীয় প্ৰত্যাহ্বান পুঁজি গঢ়ি তোলাৰ উদ্যোগ লৈছো। ই শাসন, আন্তঃগাঁথনি আৰু বিত্তীয় স্থিৰতাত গুৰুত্ব দিব, আৰু ব্যক্তিগত বিনিয়োগ বৃদ্ধি কৰিব। আমাৰ চহৰসমূহ বহনক্ষম নগৰীয় গতিশীলতা, ডিজিটেল একত্ৰীকৰণ আৰু জলবায়ু স্থিতিস্থাপকতা পৰিকল্পনাৰ বাবে জনাজাত হ'ব। আমাৰ ব্যক্তিগত খণ্ড, বিশেষকৈ ‘ৰিয়েল ইষ্টেট’ আৰু উদ্যোগে পৰিকল্পিত নগৰায়নত গুৰুত্ব দিব লাগে আৰু ইয়াক আগুৱাই নিব লাগে। ‘অমৃত ২.০’ আৰু ‘জল জীৱন মিছন’ৰ দৰে অভিযান আগবঢ়াই নিবলৈ সকলোৱে একেলগে কাম কৰিব লাগিব।


বন্ধুসকল,


আজি, যেতিয়া আমি অৰ্থনীতিত বিনিয়োগৰ কথা কওঁ, আমি পৰ্যটনৰ সম্ভাৱনাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব। পৰ্যটন খণ্ডই আমাৰ ‘জিডিপি’ত ১০% পৰ্যন্ত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। এই খণ্ডটোত কোটি কোটি যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ সম্ভাৱনা আছে। সেয়েহে, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনক উত্সাহিত কৰাৰ বাবে এই বাজেটত বহুতো সিদ্ধান্ত লোৱা হৈছে। পৰ্যটনত গুৰুত্ব দি সমগ্ৰ দেশৰ ৫০ টা গন্তব্যস্থান বিকশিত কৰা হ'ব। এই গন্তব্যস্থানসমূহত হোটেলসমূহক আন্তঃগাঁথনিৰ মৰ্যাদা দিয়াটোৱে পৰ্যটনৰ স্বাচ্ছন্দ্য বৃদ্ধি কৰিব আৰু স্থানীয় নিযুক্তিও বৃদ্ধি কৰিব। ‘হোমষ্টে’সমূহৰ বাবে মুদ্ৰা আঁচনিৰ পৰিসৰো সম্প্ৰসাৰিত কৰা হৈছে। সমগ্ৰ বিশ্বৰ পৰ্যটকসকল 'ভাৰতত আৰোগ্য' আৰু 'বুদ্ধৰ ভূমি' অভিযানৰ জৰিয়তে আকৰ্ষিত হৈছে। ভাৰতক এক গোলকীয় পৰ্যায়ৰ পৰ্যটন আৰু সুস্থতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা কৰা হৈছে।

 

বন্ধুসকল,


যেতিয়া আমি হোটেল উদ্যোগ আৰু পৰিবহন খণ্ডৰ উপৰিও পৰ্যটনৰ কথা কওঁ, পৰ্যটনৰ ক্ষেত্ৰতো অন্যান্য খণ্ডৰ বাবে নতুন সুযোগ আছে। সেয়েহে, মই ক'ম যে আমাৰ স্বাস্থ্য খণ্ডৰ অংশীদাৰসকলে স্বাস্থ্য পৰ্যটনক উত্সাহিত কৰাত বিনিয়োগ কৰা উচিত, এই সুযোগটো গ্ৰহণ কৰা উচিত। আমি ‘যোগ আৰু সুস্থতা পৰ্যটন’ৰ সম্পূৰ্ণ সম্ভাৱনাকো ব্যৱহাৰ কৰা উচিত। শিক্ষা পৰ্যটনৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট সুযোগ আছে। মই বিচাৰো যে এই দিশত বিতং আলোচনা হ'ব লাগে আৰু আমি এক শক্তিশালী পথ-মানচিত্ৰ যুগুতাই এই দিশত আগবাঢ়ি যোৱা উচিত।


বন্ধুসকল,


দেশৰ ভৱিষ্যত উদ্ভাৱনত কৰা বিনিয়োগৰ দ্বাৰা নিৰ্ধাৰিত হয়। ‘কৃত্ৰিম বুদ্ধিমত্তা’ই ভাৰতীয় অৰ্থনীতিক কেবা লাখ কোটি টকাৰ বিকাশ দিব পাৰে। সেয়েহে, আমি এই দিশত দ্ৰুতগতিত আগবাঢ়িব লাগিব। এই বাজেটত এআই-চালিত শিক্ষা আৰু গৱেষণাৰ বাবে ৫০০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে। ভাৰতে এআইৰ সামৰ্থ্য বিকাশৰ বাবে ৰাষ্ট্ৰীয় বৃহৎ ভাষা আৰ্হিও স্থাপন কৰিব। এই দিশত আমাৰ ব্যক্তিগত খণ্ডও বিশ্বতকৈ এখোজ আগবাঢ়ি থকা প্ৰয়োজন। বিশ্বই এক নিৰ্ভৰযোগ্য, সুৰক্ষিত আৰু গণতান্ত্ৰিক দেশৰ বাবে অপেক্ষা কৰি আছে যি এআইত অৰ্থনৈতিক সমাধান প্ৰদান কৰিব পাৰে। আপোনালোকে এতিয়া এই খণ্ডত যিমানে অধিক বিনিয়োগ কৰিব, ভৱিষ্যতে আপোনালোকে সিমানে অধিক সুবিধা লাভ কৰিব।


বন্ধুসকল,

এতিয়া ভাৰত হৈছে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ। চৰকাৰে ষ্টাৰ্টআপসমূহক উত্সাহিত কৰাৰ বাবে এই বাজেটত কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। গৱেষণা আৰু উদ্ভাৱনক উত্সাহিত কৰাৰ বাবে ১ লাখ কোটি টকাৰ এক পুঁজি প্ৰদান কৰা হৈছে। ই পুঁজিৰ গভীৰ প্ৰযুক্তি পুঁজিৰ সৈতে উদীয়মান খণ্ডত বিনিয়োগ বৃদ্ধি কৰিব। আইআইটি আৰু ‘আইআইএছচি’সমূহত ১০ হাজাৰ গৱেষণা ‘ফেলোশ্বিপ’ৰ ব্যৱস্থা কৰা হৈছে। ই গৱেষণাক উদগনি দিব আৰু প্ৰতিভাশালী যুৱক-যুৱতীসকলক সুযোগ প্ৰদান কৰিব। ‘ৰাষ্ট্ৰীয় ভূ-স্থানিক মিছন’ আৰু ‘ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন’ৰ জৰিয়তে উদ্ভাৱনে গতি লাভ কৰিব। গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে আমি প্ৰতিটো স্তৰত একেলগে কাম কৰিব লাগিব।


বন্ধুসকল,


জ্ঞান ভাৰতম মিছন, আৰু মই আশা কৰোঁ যে আপোনালোক সকলোৱে এই কথাত আগবাঢ়ি আহিব, ‘জ্ঞান ভাৰতম মিছন’ৰ জৰিয়তে ভাৰতৰ সমৃদ্ধ পাণ্ডুলিপি ঐতিহ্য সংৰক্ষণৰ ঘোষণা হৈছে অতি গুৰুত্বপূৰ্ণ। এই অভিযানৰ জৰিয়তে এক কোটিতকৈয়ো অধিক পাণ্ডুলিপি ডিজিটেল ৰূপলৈ ৰূপান্তৰিত কৰা হ'ব। যাৰ পিছত এটা ‘ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰাল’ সৃষ্টি কৰা হ'ব যাতে সমগ্ৰ বিশ্বৰ পণ্ডিত আৰু গৱেষকসকলে ভাৰতৰ ঐতিহাসিক আৰু পৰম্পৰাগত জ্ঞান আৰু পাণ্ডিত্যৰ বিষয়ে জানিব পাৰে। চৰকাৰে ভাৰতৰ উদ্ভিদৰ আনুবংশিক সম্পদ সংৰক্ষণৰ বাবে এটা ৰাষ্ট্ৰীয় জিন বেংক স্থাপন কৰিছে। আমাৰ এই প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে আগন্তুক প্ৰজন্মৰ বাবে আনুবংশিক সম্পদ আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰা। আমি এনে প্ৰচেষ্টাৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব লাগিব। আমাৰ বিভিন্ন প্ৰতিষ্ঠান আৰু খণ্ড এই প্ৰচেষ্টাসমূহত অংশীদাৰ হোৱা উচিত।


বন্ধুসকল,


ফেব্ৰুৱাৰীমাহত আমি সকলোৱে ভাৰতীয় অৰ্থনীতি সম্পৰ্কে ‘আইএমএফ’ কৰা মহান অৱলোকন প্ৰত্যক্ষ কৰিছো। এই প্ৰতিবেদন অনুসৰি, ২০১৫ আৰু ২০২৫-ৰ ভিতৰত... ২০১৫ আৰু ২০২৫ চনৰ ভিতৰত, এই ১০ বছৰত, ভাৰতীয় অৰ্থনীতিয়ে ছয়ষট্টি শতাংশ, অৰ্থাৎ ৬৬শতাংশ প্ৰগতি পঞ্জীয়ন কৰিছে। ভাৰত এতিয়া ৩.৮ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হৈছে। এই বিকাশ বহুতো ডাঙৰ অৰ্থনীতিতকৈয়ো অধিক। সেই দিনলৈ বেছি দূৰ নাই যেতিয়া ভাৰত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ'ব। আমি সঠিক দিশতআগবাঢ়িব লাগিব, সঠিক বিনিয়োগ কৰি, আৰু এনেদৰে আমাৰ অৰ্থনীতি সম্প্ৰসাৰিত কৰিব লাগিব। আৰু বাজেট ঘোষণাৰ ৰূপায়ণেও ইয়াত এক ডাঙৰ ভূমিকা পালন কৰে, আপোনালোক সকলোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।


আপোনালোক সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই নিশ্চিত যে যোৱা কেইবছৰমানৰ পৰা বাজেট ঘোষণা কৰি আমি ইয়াৰ পৰম্পৰা ভংগ কৰিছো, আপোনালোকে আপোনালোকৰ অংশটো কৰে আৰু আমি আমাৰটো কাম কৰোঁ। বাজেট প্ৰস্তুত কৰাৰ আগতে আমি আপোনালোকৰ সৈতে আলোচনাত বহিছোঁ, আনকি বাজেট প্ৰস্তুত কৰাৰ পাছতো, ঘোষণা কৰাৰ পিছতো, আমি আপোনালোকৰ সৈতে আহিবলগীয়া কথাবোৰ কাৰ্যকৰী কৰিবলৈ আলোচনাত বহিছোঁ। সম্ভৱতঃ জনসাধাৰণৰ অংশগ্ৰহণৰ এই আৰ্হিটো অতিকে বিৰল। আৰু মই সুখী যে এই চিন্তা-চৰ্চাৰ কাৰ্যসূচীয়ে প্ৰতি বছৰে গতি লাভ কৰিছে, সকলোৱে উৎসাহেৰে যোগদান কৰিছে, আৰু সকলোৱে অনুভৱ কৰে যে বাজেটৰ পিছত ৰূপায়ণত উপযোগী কথাবোৰতকৈ বাজেটৰ আগতে আমি যিবোৰ কথা কওঁ সেইবোৰ অধিক গুৰুত্বপূৰ্ণ। মই নিশ্চিত যে এই সামূহিক চিন্তা-চৰ্চাই আমাৰ সপোন, ১৪০ কোটি দেশবাসীৰ সপোন পূৰণত এক বৃহৎ ভূমিকা পালন কৰিব। আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।


ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From Vajpayee to Modi: India’s growing influence at the G-7 Summit

Media Coverage

From Vajpayee to Modi: India’s growing influence at the G-7 Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"