উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে বৈঠকৰ আয়োজন
চৰকাৰে ‘লুক ইষ্ট’ নীতিক ‘এক্ট ইষ্ট’লৈ ৰূপান্তৰিত কৰিছে আৰু এতিয়া ইয়াৰ নীতি হৈছে ‘এক্ট ফাষ্ট ফৰ নৰ্থইষ্ট’ আৰু ‘এক্ট ফাৰ্ষ্ট ফৰ নৰ্থইষ্ট’
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ৮টা আধাৰ স্তম্ভৰ সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰীৰ
জি-২০ৰ বৈঠক অঞ্চলটোৰ প্ৰকৃতি, সংস্কৃতি আৰু সম্ভাৱনা প্ৰদৰ্শনৰ এক উপযুক্ত সুযোগঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বিলঙত উত্তৰ-পূব পৰিষদৰ বৈঠকত ভাষণ আগবঢ়ায়৷ ১৯৭২ চনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে এই বৈঠক আয়োজন কৰা হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত উত্তৰ-পূব পৰিষদৰ অৱদানৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব পৰিষদৰ এই সোণালী জয়ন্তী আজাদী কা অমৃত মহোৎসৱৰ সমান্তৰালভাৱে উদযাপন কৰা হৈছে।  অঞ্চলটোৰ ৮খন ৰাজ্যক অষ্ট লক্ষ্মী বুলি অভিহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে চৰকাৰে ইয়াৰ উন্নয়নৰ বাবে ৮টা আধাৰ স্তম্ভৰ ওপৰত কাম কৰিব লাগে, সেয়া হৈছে শান্তি, শক্তি, পৰ্যটন, ৫জি সংযোগ, সংস্কৃতি, প্ৰাকৃতিক কৃষি, ক্ৰীড়া, সম্ভাৱনা।

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব আমাৰ দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ আৰু সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ কেন্দ্ৰ হ’ব পাৰে। অঞ্চলটোৰ এই সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ আৰু আগৰতলা-আখৌৰা ৰে’ল প্ৰকল্পৰ দৰে প্ৰকল্পৰ কাম চলি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ‘লুক ইষ্ট’ নীতিক ‘এক্ট ইষ্ট’লৈ ৰূপান্তৰিত কৰিছে এতিয়া ইয়াৰ নীতি হৈছে ‘এক্ট ফাষ্ট ফৰ নৰ্থইষ্ট’ আৰু ‘এক্ট ফাৰ্ষ্ট ফৰ নৰ্থইষ্ট।’ তেওঁ কয় যে অঞ্চলটোত বহু শান্তি চুক্তি স্বাক্ষৰিত হৈছে, আন্তঃৰাজ্যিক সীমা চুক্তি কৰা হৈছে আৰু উগ্ৰবাদ লক্ষণীয়ভাৱে হ্ৰাস পাইছে।

কাৰ্বন নিৰ্গমণ শূন্য কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব জলবিদ্যুতৰ শক্তি কেন্দ্ৰ হ’ব পাৰে। ইয়াৰ ফলত অঞ্চলটোৰ ৰাজ্যসমূহৰ শক্তি ৰাহি হ’ব, উদ্যোগ সম্প্ৰসাৰণত সহায়ক হ’ব আৰু বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি হ’ব। অঞ্চলটোৰ পৰ্যটন সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে অঞ্চলটোৰ সংস্কৃতি আৰু প্ৰকৃতি দুয়োটাই সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক আকৰ্ষণ কৰি আছে। তেওঁ লগতে কয় যে অঞ্চলটোতো পৰ্যটনস্থলী চিনাক্ত আৰু বিকাশ সাধন কৰা হৈছে। তেওঁ ১০০খন বিশ্ববিদ্যালয়ৰ পৰা উত্তৰ-পূবলৈ ছাত্ৰ-ছাত্ৰী প্ৰেৰণৰ বিষয়েও আলোচনা কৰে, যিয়ে বিভিন্ন অঞ্চলৰ লোকসকলক ওচৰ চপাই অনাত সহায় কৰিব। এই ছাত্ৰ-ছাত্ৰীসকলে তেতিয়া অঞ্চলটোৰ ৰাষ্ট্ৰদূত হৈ পৰিব৷

অঞ্চলটোত যোগাযোগ ব্যৱস্থাত উদ্গনি যোগোৱাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেইবাটাও দশকৰ পৰা বাকী থকা আইকনিক দলং প্ৰকল্পসমূহ এতিয়া সম্পূৰ্ণ হৈছে। বিগত ৮ বছৰত অঞ্চলটোৰ বিমানবন্দৰৰ সংখ্যা ৯ৰ পৰা ১৬লৈ বৃদ্ধি হৈছে আৰু বিমান উৰণৰ সংখ্যা ২০১৪ চনৰ পূৰ্বৰ প্ৰায় ৯০০ৰ পৰা প্ৰায় ১৯০০ চনলৈ বৃদ্ধি পাইছে। উত্তৰ-পূবৰ বহু ৰাজ্যই প্ৰথমবাৰৰ বাবে ৰে’লৱে মেপৰ আওতালৈ আহিছে আৰু জলপথসমূহ সম্প্ৰসাৰণৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছে। অঞ্চলটোত ২০১৪ চনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ৫০% বৃদ্ধি পাইছে। তেওঁ কয় যে পি এম-ডেভাইন আঁচনিৰ আৰম্ভণিৰ লগে লগে উত্তৰ-পূবৰ আন্তঃগাঁথনি প্ৰকল্পসমূহে অধিক গতি লাভ কৰিছে। তেওঁ লগতে কয় যে চৰকাৰে অপ্টিকেল ফাইবাৰ নেটৱৰ্ক বৃদ্ধি কৰি উত্তৰ-পূৰ্বাঞ্চলত ডিজিটেল সংযোগৰ উন্নয়নৰ দিশত কাম কৰি আছে। আত্মনিৰ্ভৰ ৫জি আন্তঃগাঁথনিৰ উন্নয়নৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে ৫জিয়ে অঞ্চলটোৰ ষ্টাৰ্টআপ ইক’চিষ্টেম, সেৱা খণ্ড আদিৰ অধিক উন্নয়নত সহায় কৰিব। তেওঁ কয় যে উত্তৰ-পূবক কেৱল অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰই নহয়, সাংস্কৃতিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

অঞ্চলটোৰ কৃষি সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰাকৃতিক কৃষিৰ পৰিসৰৰ ওপৰত আলোকপাত কৰে, য’ত উত্তৰ-পূবে অগ্ৰণী ভূমিকা ল’ব পাৰে। তেওঁ কয় যে কৃষি উড়ানৰ জৰিয়তে অঞ্চলটোৰ কৃষকসকলে সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈও নিজৰ উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক খাদ্য তেল সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিযান- অইল পামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কেনেকৈ ড্ৰ’নে কৃষকসকলক ভৌগোলিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰিব পাৰে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰত প্ৰৱেশ কৰাত সহায় কৰিব পাৰে, সেই বিষয়ে কয়৷

ক্ৰীড়াৰ ক্ষেত্ৰত অঞ্চলটোৰ অৱদানৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে উত্তৰ-পূবৰ ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উন্নয়নৰ জৰিয়তে অঞ্চলটোৰ ক্ৰীড়াবিদসকলক সহায় আগবঢ়োৱাৰ দিশত চৰকাৰে কাম কৰি আছে। তদুপৰি অঞ্চলটোৰ ৮খন ৰাজ্যত ২০০ৰো অধিক খেলো ইণ্ডিয়া চেণ্টাৰৰ অনুমোদন পোৱা গৈছে আৰু অঞ্চলটোৰ বহু খেলুৱৈয়ে টপছ(TOPS) আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ বিষয়েও উল্লেখ কৰি কয় যে এই বৈঠকত সমগ্ৰ বিশ্বৰ পৰা উত্তৰ-পূবলৈ অহা লোকসকল আহিব। অঞ্চলটোৰ প্ৰকৃতি, সংস্কৃতি আৰু সম্ভাৱনা প্ৰদৰ্শনৰ বাবে এয়া এক উপযুক্ত সুযোগ হ’ব বুলিও তেওঁ কয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India crosses 300 GW non-fossil capacity, on track for 500 GW by 2030: Pralhad Joshi

Media Coverage

India crosses 300 GW non-fossil capacity, on track for 500 GW by 2030: Pralhad Joshi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Mahatma Ayyankali on his birth anniversary
August 28, 2026

The Prime Minister, Shri Narendra Modi, has paid homage to Mahatma Ayyankali on his birth anniversary, today. Shri Modi remembered Mahatma Ayyankali as a great pioneer of social justice, who dedicated his life to the empowerment and welfare of the marginalised. The Prime Minister highlighted his efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor.

The Prime Minister posted on X:

Paying homage to Mahatma Ayyankali on his birth anniversary!

He is remembered as a great pioneer of social justice. His efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor remain very inspiring. His life gives strength to all those working for social empowerment.