হুকুমচান্দ মিলৰ কৰ্মীসকলৰ প্ৰাপ্য পৰিমাপ সম্পৰ্কীয় ‘চেক’ হস্তান্তৰিত কৰে
খাৰগোন জিলাত ‘৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰে
"মই শ্ৰমিকসকলৰ আশীৰ্বাদ আৰু প্ৰেমৰ প্ৰভাৱ জানো"
"দৰিদ্ৰ আৰু বঞ্চিতসকলৰ প্ৰতি মৰ্যাদা আৰু সন্মান হৈছে আমাৰ প্ৰাথমিকতা। সমৃদ্ধ ভাৰতত অৱদান আগবঢ়াব পৰা সবল শ্ৰমিক হৈছে আমাৰ লক্ষ্য"
"পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুস্বাদু খাদ্যৰ দৰে ক্ষেত্ৰত ইন্দোৰ অগ্ৰণী হৈ আহিছে"
"ৰাজ্য চৰকাৰে শেহতীয়া নিৰ্বাচনৰ সময়ত আগবঢ়োৱা গেৰাণ্টী পূৰণৰ বাবে কাম কৰি আছে"
"মই মধ্য প্ৰদেশৰ জনসাধাৰণক 'মোদী কী গেৰাণ্টী' বাহনখনৰ সম্পূৰ্ণ সুবিধা ল'বলৈ অনুৰোধ জনাইছো"

 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে 'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ প্ৰাপ্য পৰিহিত তথ্য সম্পৰ্কীয় প্ৰায় ২২৪ কোটি টকাৰ ‘চেক’ ইন্দোৰৰ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিক সংঘৰ ‘অফিচিয়েল লিকুইডেটৰ’ আৰু মুৰব্বীসকলক প্ৰদান কৰে। এই কাৰ্যসূচীয়ে ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ নিষ্পত্তি চিহ্নিত কৰিছে। শ্ৰী মোদীয়ে খাৰগোন জিলাত এটা ৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।

এই উপলক্ষে সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ অনুষ্ঠানটো শ্ৰমিক ভাই-ভনীসকলৰ বহু বছৰৰ তপস্যা, সপোন আৰু সংকল্পৰ ফল। তেওঁ আনন্দ প্ৰকাশ কৰে যে অটলজীৰ জয়ন্তীত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে আৰু নতুন চৰকাৰ গঠনৰ পিছত মধ্য প্ৰদেশত প্ৰধানমন্ত্ৰীৰ প্ৰথমটো কাৰ্যসূচী দৰিদ্ৰ আৰু বঞ্চিত শ্ৰমিকসকলৰ বাবে উৎসৰ্গিত হৈছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে শ্ৰমিকসকলে মধ্য প্ৰদেশৰ নৱ নিৰ্বাচিত ‘দ্বৈত ইঞ্জিন’ চৰকাৰখনক তেওঁলোকৰ আশীৰ্বাদ আগবঢ়ায় যাব। "শ্ৰমিকসকলৰ আশীৰ্বাদ আৰু প্ৰেমৰ প্ৰভাৱৰ বিষয়ে মই ভালদৰে অৱগত" বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি ৰাজ্যখনৰ নতুন চৰকাৰখনে যাতে অনাগত বছৰসমূহত এনে ধৰণৰ বহুতো কৃতিত্ব অৰ্জন কৰাৰ আশা ব্যক্ত কৰে। আজিৰ কাৰ্যসূচীয়ে ইন্দোৰত শ্ৰমিকসকলক উৎসৱৰ সময়ছোৱাত অধিক উৎসাহ যোগাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশৰ সৈতে অটলজীৰ সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ জন্ম জয়ন্তী সুশাসন দিৱস হিচাপেও উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰমিকসকললৈ ২২৪ কোটি টকা হস্তান্তৰ কৰাৰ লগে লগে তেওঁলোকৰ বাবে এক সোণালী ভৱিষ্যত অপেক্ষা কৰি আছে আৰু আজিৰ তাৰিখটো শ্ৰমিকসকলৰ ন্যায়ৰ তাৰিখ হিচাপে স্মৰণীয় হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰমৰ কথাও স্বীকাৰ কৰে।

দৰিদ্ৰ, যুৱ, মহিলা আৰু কৃষকৰ চাৰি 'জাতি'ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক উত্সাহিত কৰাৰ বাবে মধ্য প্ৰদেশ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। "দৰিদ্ৰ আৰু বঞ্চিতসকলৰ প্ৰতি মৰ্যাদা আৰু সন্মান হৈছে আমাৰ প্ৰাথমিকতা। সমৃদ্ধ ভাৰতত অৱদান আগবঢ়াব পৰা সবল শ্ৰমিক হৈছে আমাৰ লক্ষ্য," শ্ৰী মোদীয়ে কয়।

 

পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুস্বাদু খাদ্যৰ ক্ষেত্ৰত ইন্দোৰৰ স্থান সদায়ে আগত থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইন্দোৰৰ ঔদ্যোগিক দৃশ্যপটত বস্ত্ৰ উদ্যোগৰ ভূমিকাৰ কথা উল্লেখ কৰে আৰু চহৰখনৰ প্ৰথমটো কপাহীসুতাৰ কল প্ৰতিষ্ঠা কৰা ‘মহাৰাজা তুকোজী ৰাও ক্লথ বজাৰ’ আৰু হোলকাৰসকলৰ গুৰুত্ব আৰু মালৱা কপাহৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে। সেইটো ইন্দোৰৰ বস্ত্ৰউদ্যোগৰ সোণালী যুগ আছিল। তেওঁ পূৰ্বৰ চৰকাৰসমূহৰ অৱহেলাৰ বাবে দুখ প্ৰকাশ কৰি কয় যে ‘দ্বৈত ইঞ্জিন’ চৰকাৰে ইন্দোৰৰ পুৰণি গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ ভূপাল আৰু ইন্দোৰ, ‘ইন্দোৰ পিথামপুৰ অৰ্থনৈতিক কৰিডৰ’ আৰু ‘মাল্টি-মডেল লজিষ্টিক পাৰ্ক’, বিক্ৰম উদ্যোগপুৰীৰ ‘মেডিকেল ডিভাইচ পাৰ্ক’, ধাৰৰ ‘প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যান’, চাকৰি আৰু অৰ্থনৈতিক সম্প্ৰসাৰণ সৃষ্টি কৰিব পৰা প্ৰকল্পসমূহৰ মাজত ‘বিনিয়োগ কৰিডৰ’ নিৰ্মাণৰ বিষয়েও অৱগত কৰে।

মধ্যপ্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইন্দোৰকে ধৰি ৰাজ্যখনৰ বহুতো চহৰ উন্নয়ন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্য বিচাৰি উলিওৱাৰ মুখ্য উদাহৰণ হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে এছিয়াৰ সৰ্ববৃহৎ কাৰ্যক্ষম গোবৰ্ধন প্ৰকল্প আৰু চহৰখনত ‘ই-ভি চাৰ্জিং’ আন্তঃগাঁথনিৰ বিকাশৰ উদাহৰণ দাঙি ধৰে। তেওঁ আজি খাৰগোন জিলাত এটা ‘৬০ মেগাৱাট’ উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে, যিয়ে বিদ্যুতৰ বিলত ৪ কোটি টকা ৰাহি কৰাত সহায় কৰিব। প্ৰকল্পটোৰ বাবে পুঁজিৰ ব্যৱস্থা কৰাৰ প্ৰচেষ্টাত ‘সেউজ বণ্ড’ৰ ব্যৱহাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে শেহতীয়া নিৰ্বাচনৰ সময়ত আগবঢ়োৱা ‘গেৰাণ্টী’ পূৰণৰ বাবে কাম কৰি আছে। তেওঁ জনায় যে চৰকাৰী আঁচনিসমূহৰ পৰিপূৰ্ণতা অৰ্জন কৰাৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰা মধ্য প্ৰদেশৰ প্ৰতিটো কোণতো উপনীত হৈছে। নিৰ্বাচনৰ বাবে আদৰ্শ আচৰণ বিধিৰ বাবে প্ৰাৰম্ভিক বিলম্ব হোৱা স্বত্বেও যাত্ৰাটোৱে ইতিমধ্যে ৬০০টা কাৰ্যসূচী ৰূপায়ণ কৰিছে, যাৰ ফলত লাখ লাখ লোক উপকৃত হৈছে বুলি তেওঁ জনায়। "মই মধ্য প্ৰদেশৰ জনসাধাৰণক 'মোদী কী গেৰাণ্টী' বাহনৰ সম্পূৰ্ণ সুবিধা ল'বলৈ অনুৰোধ জনাইছো"বুলি তেওঁ লগতে উল্লেখ কৰে।

ভাষণৰ সমাৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে শ্ৰমিকসকলৰ হাঁহি থকা মুখ আৰু ফুলৰ মালাৰ সুবাসে চৰকাৰখনক সমাজৰ উন্নতিৰ হকে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাই থাকিব। 

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন যাদৱেও ‘ভিডিঅ’ কনফাৰেন্স’-ৰ মাধ্যমেৰে অনুষ্ঠানত ভাগ লয়।

 

পটভূমি

১৯৯২ চনত ইন্দোৰৰ ‘হুকুমচান্দ মিল’ বন্ধ হোৱাৰ পিছত মিলটোৰ শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য পৰিশোধৰ বাবে এক দীঘলীয়া আইনী যুঁজত অৱতীৰ্ণ হৈছিল আৰু পৰৱৰ্তী সময়ত এই প্ৰক্ৰিয়া পৰিশোধ পৰ্যায়ত উপনীত হৈছিল। শেহতীয়াকৈ, মধ্য প্ৰদেশ চৰকাৰে এক ইতিবাচক ভূমিকা পালন কৰে আৰু আদালত, শ্ৰমিক সংগঠন আৰু মিল শ্ৰমিককে ধৰি সকলো অংশীদাৰৰ দ্বাৰা সমৰ্থিত এক মীমাংসা পেকেজ সন্দৰ্ভত সফলতাৰে আলোচনা সম্পূৰ্ণ কৰে। নিষ্পত্তি পৰিকল্পনাত মধ্য প্ৰদেশ চৰকাৰে সকলো প্ৰাপ্য পৰিশোধ কৰা, মিলৰ ভূমি দখল কৰা, আৰু ইয়াক আৱাসিক আৰু বাণিজ্যিক স্থান হিচাপে বিকশিত কৰাৰ সিদ্ধান্ত অন্তৰ্ভুক্ত কৰা হয়।

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ‘ইন্দোৰ পৌৰ নিগম’ৰ দ্বাৰা খাৰগোন জিলাৰ সামৰাজ আৰু আশুখেদী গাঁৱত এটা ৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। ৩০৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগা এই নতুন সৌৰ শক্তি প্ৰকল্পটোৰ স্থাপনে ইন্দোৰ পৌৰ নিগমক প্ৰতি মাহে বিদ্যুৎ বিলত প্ৰায় ৪ কোটি টকা ৰাহি কৰাত সহায় কৰাৰ সম্ভাৱনা আছে। সৌৰ প্ৰকল্প নিৰ্মাণৰ বাবে পুঁজি যোগান ধৰাৰ বাবে, ইন্দোৰ পৌৰ নিগম-য়ে ২৪৪ কোটি টকাৰ ‘সেউজ বণ্ড’ জাৰী কৰিছিল। ইয়াৰ জৰিয়তে ই ‘সেউজ বণ্ড’ জাৰী কৰা দেশৰ প্ৰথমটো নগৰীয়া সংস্থা হিচাপে পৰিগণিত হয়। এই পদক্ষেপে এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল কিয়নো ২৯ খন ৰাজ্যৰ লোকে প্ৰায় ৭২০ কোটি টকা মূল্যৰ ‘বণ্ড’ ক্ৰয় কৰিছিল, যি জাৰী কৰা প্ৰাৰম্ভিক মূল্যৰ প্ৰায় তিনিগুণ আছিল।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO

Media Coverage

India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with Amir of Qatar
March 03, 2026

The Prime Minister, Shri Narendra Modi spoke with H.H. Sheikh Tamim bin Hamad Al Thani, the Amir of Qatar.

During the conversation, the Prime Minister conveyed that India stands firmly in solidarity with Qatar and strongly condemns any violation of its sovereignty and territorial integrity.

The two leaders emphasized the urgent need to restore peace and stability in the region through dialogue and diplomacy.

The Prime Minister also conveyed his appreciation for the continued support and care extended by the Qatari leadership to the Indian community in Qatar during this challenging time.

The Prime Minister wrote on X;

“Spoke with my brother, H.H. Sheikh Tamim bin Hamad Al Thani, the Amir of Qatar. We stand firmly in solidarity with Qatar and strongly condemn any violation of its sovereignty and territorial integrity. We emphasized the urgent need to restore peace and stability in the region through dialogue and diplomacy. I also conveyed my appreciation for his continued support and care for the Indian community in Qatar during this challenging time.

@TamimBinHamad”