হুকুমচান্দ মিলৰ কৰ্মীসকলৰ প্ৰাপ্য পৰিমাপ সম্পৰ্কীয় ‘চেক’ হস্তান্তৰিত কৰে
খাৰগোন জিলাত ‘৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰে
"মই শ্ৰমিকসকলৰ আশীৰ্বাদ আৰু প্ৰেমৰ প্ৰভাৱ জানো"
"দৰিদ্ৰ আৰু বঞ্চিতসকলৰ প্ৰতি মৰ্যাদা আৰু সন্মান হৈছে আমাৰ প্ৰাথমিকতা। সমৃদ্ধ ভাৰতত অৱদান আগবঢ়াব পৰা সবল শ্ৰমিক হৈছে আমাৰ লক্ষ্য"
"পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুস্বাদু খাদ্যৰ দৰে ক্ষেত্ৰত ইন্দোৰ অগ্ৰণী হৈ আহিছে"
"ৰাজ্য চৰকাৰে শেহতীয়া নিৰ্বাচনৰ সময়ত আগবঢ়োৱা গেৰাণ্টী পূৰণৰ বাবে কাম কৰি আছে"
"মই মধ্য প্ৰদেশৰ জনসাধাৰণক 'মোদী কী গেৰাণ্টী' বাহনখনৰ সম্পূৰ্ণ সুবিধা ল'বলৈ অনুৰোধ জনাইছো"

নমস্কাৰ জী,

মধ্য প্ৰদেশৰ শক্তিশালী মুখ্যমন্ত্ৰী ডাঃ মোহন যাদৱ জী, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা দীৰ্ঘদিন ইন্দোৰত সেৱা আগবঢ়োৱা, আমাৰ সকলোৰে মাতৃ সুমিত্ৰা তাই, সংসদৰ মোৰ সহযোগীসকল, বিধানসভালৈ নৱনিৰ্বাচিত বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ প্ৰিয় শ্ৰমিক ভাই আৰু ভগ্নীসকল,

আজিৰ এই কাৰ্যসূচী আমাৰ শ্ৰমিক ভাই-ভনীসকলৰ বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম আৰু বছৰ বছৰৰ সপোন আৰু সংকল্পৰ ফল। আৰু মই সুখী যে আজি অটল জীৰ জন্ম বাৰ্ষিকী কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ এই নতুন চৰকাৰ, নতুন মুখ্যমন্ত্ৰী আৰু মধ্যপ্ৰদেশত মোৰ প্ৰথম ৰাজহুৱা কাৰ্যসূচী আৰু সেয়াও মোৰ দুখীয়া, নিপীড়িত শ্ৰমিক ভাই-ভনীসকলৰ বাবে আৰু এনে এক কাৰ্যসূচীত অহাৰ সুযোগ পোৱাটো মোৰ বাবে এক বৃহৎ সন্তুষ্টিৰ বিষয়।

মোৰ বিশ্বাস আছে যে ডবল ইঞ্জিন চৰকাৰৰ নতুন দলটোৱে আমাৰ শ্ৰমিক পৰিয়ালবোৰৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰিব। দুখীয়াৰ আশীৰ্বাদ, তেওঁলোকৰ স্নেহ আৰু তেওঁলোকৰ মৰমে কি আচৰিত কাম কৰিব পাৰে মই ভালদৰেই জানো। আগন্তুক দিনত মধ্যপ্ৰদেশৰ নতুন দলটোৱে এনেধৰণৰ আৰু বহু কৃতিত্ব অৰ্জন কৰিব বুলি মই নিশ্চিত। মোক কোৱা হৈছে যে যেতিয়া হুকুমচান্দ মিলৰ শ্ৰমিকসকলৰ বাবে পেকেজ ঘোষণা কৰা হয় তেতিয়া ইন্দোৰত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল। এই সিদ্ধান্তই আমাৰ শ্ৰমিক ভাই-ভনীসকলৰ মাজত উৎসৱমুখৰ আনন্দ আৰু অধিক বৃদ্ধি কৰিছে।

আজিৰ এই অনুষ্ঠানটো এই কাৰণেও বিশেষ কিয়নো আজি অটল বিহাৰী বাজপেয়ী জীৰ জন্ম বাৰ্ষিকী আৰু সুশাসন দিৱস। মধ্যপ্ৰদেশৰ সৈতে অটল জীৰ সম্পৰ্ক, তেওঁৰ আত্মীয়তা আমি সকলোৱে জানো। সুশাসন দিৱসৰ এই কাৰ্যসূচীৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি সাংকেতিক হিচাপে ২২৪ কোটি টকাৰ চেক প্ৰদান কৰা হৈছে। এই ধনৰাশি অনাগত দিনত শ্ৰমিক ভাই-ভনীৰ হাতলৈ যাব। মই জানো যে আপোনালোক বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কিন্তু এতিয়া আপোনালোকৰ সন্মুখত এটা সোণালী ভৱিষ্যতৰ পুৱা। ইন্দোৰবাসীয়ে ২৫ ডিচেম্বৰ দিনটো শ্ৰমিকসকলে ন্যায় পোৱাৰ দিন বুলি মনত ৰাখিব। মই আপোনালোকৰ ধৈৰ্যৰ আগত নতমস্তক, আপোনালোকৰ পৰিশ্ৰমক প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

মই সদায় কৈ আহিছোঁ যে মোৰ বাবে দেশৰ চাৰিটা জাতি আটাইতকৈ ডাঙৰ। এইবোৰ মোৰ চাৰিটা জাতি – মোৰ দুখীয়া, মোৰ যুৱা, মোৰ মা-ভনী, মহিলা, আৰু মোৰ খেতিয়ক ভাই-ভনী। মধ্যপ্ৰদেশ চৰকাৰে দৰিদ্ৰ লোকৰ জীৱন সলনি কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দুখীয়াৰ সেৱা, শ্ৰমিকৰ প্ৰতি সন্মান আৰু বঞ্চিতৰ প্ৰতি সন্মান আমাৰ অগ্ৰাধিকাৰ। আমাৰ প্ৰচেষ্টা দেশৰ শ্ৰমিকসকল যাতে সবল হৈ উঠে আৰু এখন সমৃদ্ধিশালী ভাৰত গঢ়াত যথেষ্ট অৰিহণা যোগায়।

 

পৰিয়ালৰ সদস্যসকল,

স্বচ্ছতা আৰু ৰুচিৰ বাবে বিখ্যাত ইন্দোৰ বহু ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে। ইয়াৰ বস্ত্ৰ উদ্যোগে ইন্দোৰৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ ১০০ বছৰীয়া মহাৰাজা টুকোজিৰাও কাপোৰৰ বজাৰৰ ঐতিহাসিকতাৰ সৈতে আপোনালোক সকলোৱে পৰিচিত। হোলকাৰ ৰজাঘৰীয়া পৰিয়ালে প্ৰতিষ্ঠা কৰিছিল মহানগৰীৰ প্ৰথমটো কপাহ কল। মালৱাৰ কপাহ ব্ৰিটেইন আৰু ইউৰোপৰ বহু দেশলৈ গৈছিল আৰু তাত থকা মিলবোৰত কাপোৰ তৈয়াৰ কৰা হৈছিল। ইন্দোৰৰ বজাৰবোৰে কপাহৰ দাম নিৰ্ধাৰণ কৰিছিল। ইন্দোৰত নিৰ্মিত কাপোৰৰ চাহিদা আছিল দেশ-বিদেশত। ইয়াৰ বস্ত্ৰ কলবোৰ কৰ্মসংস্থাপনৰ এক বিশাল কেন্দ্ৰ হৈ পৰিছিল। এই মিলসমূহত কাম কৰা বহু শ্ৰমিক আন ৰাজ্যৰ পৰা আহি ইয়াতে বসতি স্থাপন কৰিছিল। এই সময়ছোৱাত ইন্দোৰক মানচেষ্টাৰৰ লগত তুলনা কৰা হৈছিল। কিন্তু সময় সলনি হ’ল আৰু ইন্দোৰেও পূৰ্বৰ চৰকাৰসমূহৰ নীতিৰ বোজা বহন কৰিবলগীয়া হ’ল।

ইন্দোৰৰ পুৰণি গৌৰৱ ঘূৰাই আনিবলৈও চেষ্টা চলাইছে ডবল ইঞ্জিন চৰকাৰে। ভোপাল-ইন্দোৰৰ মাজত নিৰ্মাণ কৰি থকা হৈছে বিনিয়োগ কৰিডৰ। ইন্দোৰ-পিঠামপুৰ ইকনমিক কৰিডৰ আৰু মাল্টি মডেল লজিষ্টিক পাৰ্কৰ উন্নয়ন হ’ব লাগে, বিক্ৰম উদ্যোগপুৰীত মেডিকেল ডিভাইচ পাৰ্ক হ’ব লাগে, ধৰ জিলাৰ ওচৰৰ ভাইছ’লাত পি এম মিত্ৰ পাৰ্ক হ’ব লাগে, চৰকাৰৰ দ্বাৰা এইবোৰত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। ইয়াৰ বাবে ইয়াত হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই উন্নয়ন প্ৰকল্পসমূহৰ দ্বাৰা ইয়াৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাব।

বন্ধুসকল,

এমপিৰ এটা বৃহৎ অঞ্চল প্ৰাকৃতিক সৌন্দৰ্য্য আৰু নিজৰ ঐতিহাসিক ঐতিহ্যৰ বাবে বিখ্যাত। ইন্দোৰকে ধৰি মধ্য প্ৰদেশৰ বহু চহৰ উন্নয়ন আৰু পৰিৱেশৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰেৰণাদায়ক উদাহৰণ হৈ পৰিছে। ইন্দোৰত এছিয়াৰ সৰ্ববৃহৎ গোবৰ্ধন প্লাণ্টো চলি আছে। বৈদ্যুতিক বাহনৰ পৰিচালনাৰ বাবে ইয়াত ই-চাৰ্জিং আন্তঃগাঁথনি দ্ৰুতগতিত বিকশিত কৰা হৈছে।

আজি জালুদ সৌৰশক্তি কেন্দ্ৰৰ ভাৰ্চুৱেল ভূমি পূজন কৰাৰ সুযোগ পালোঁ। এই প্লাণ্টটোৱে প্ৰতিমাহে ৪ কোটি টকাৰ বিদ্যুতৰ বিল ৰাহি কৰিবলৈ গৈ আছে। প্ৰতিমাহে চাৰি কোটি টকা সঞ্চয় কৰিবলৈ গৈ আছে। মই সুখী যে গ্ৰীণ বণ্ড জাৰি কৰি এই উদ্যোগটোৰ বাবে মানুহৰ পৰা ধন একত্ৰিত কৰা হৈছে। গ্ৰীণ বণ্ডৰ এই প্ৰচেষ্টাই পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ নাগৰিকৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ আন এক মাধ্যমত পৰিণত হ’ব।

মোৰ পৰিয়ালৰ সদস্যসকল,

আমি গ্ৰহণ কৰা সংকল্প আৰু নিৰ্বাচনৰ সময়ত আমি দিয়া গ্যাৰাণ্টী পূৰণৰ বাবে ৰাজ্য চৰকাৰে দ্ৰুতগতিত কাম কৰি আছে। চৰকাৰী আঁচনিসমূহ প্ৰত্যেকজন হিতাধিকাৰীৰ কাষ চাপিব পৰাটো নিশ্চিত কৰাৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰাও মধ্য প্ৰদেশৰ প্ৰতিটো স্থানলৈ গৈ আছে। নিৰ্বাচনৰ বাবে মধ্য প্ৰদেশত কিছু পলম কৰি এই যাত্ৰা আৰম্ভ হৈছে। কিন্তু উজ্জয়িনীৰ পৰা আৰম্ভ হোৱাৰ কেইদিনমানৰ ভিতৰতে ইয়াৰ সৈতে জড়িত ৬০০ৰো অধিক কাৰ্যসূচী সম্পন্ন হৈছে।

 

লাখ লাখ লোকে এই যাত্ৰাৰ প্ৰত্যক্ষ সুবিধা লাভ কৰিছে। মধ্য প্ৰদেশৰ সকলো ৰাইজক অনুৰোধ জনালোঁ যে যেতিয়া মোদীৰ গ্যাৰাণ্টীযুক্ত বাহনখন আপোনাৰ স্থানলৈ আহিব, তেতিয়া আপোনালোকে ইয়াৰ সম্পূৰ্ণ সুবিধা লওক, ইয়াৰ সুযোগ লওক, সকলোৱে তাত উপস্থিত হওক। চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা যাতে কোনেও বঞ্চিত নহয় সেয়া আমাৰ প্ৰয়াস।

মোদীৰ গ্যাৰাণ্টীৰ ওপৰত বিশ্বাস কৰি আমাক প্ৰচণ্ড সংখ্যাগৰিষ্ঠতা দিয়াৰ বাবে মধ্যপ্ৰদেশৰ জনসাধাৰণক পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ৰাজ্য চৰকাৰে মোক দৰিদ্ৰ আৰু শ্ৰমিকৰ সৈতে জড়িত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ দিলে, এনে মুহূৰ্তই মোৰ জীৱনত সদায় শক্তি প্ৰদান কৰে। আৰু সেইবাবেই ইন্দোৰবাসী, মধ্যপ্ৰদেশ চৰকাৰ আৰু মোৰ শ্ৰমিক ভাই-ভনীসকলৰ প্ৰতি যিসকল আমাৰ সকলোকে আশীৰ্বাদ দিবলৈ ইমান বৃহৎসংখ্যক আহি পৰিছে, তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু যেতিয়া তেওঁলোকৰ ডিঙিত মালাবোৰ দেখিছোঁ, তেতিয়া মই অনুভৱ কৰিছোঁ যে কি যে এক শুভ অনুষ্ঠান আহিল; ইমান দীঘলীয়া অপেক্ষাৰ অন্তত আহিছে। আপোনালোকৰ মুখৰ সুখ আৰু ডিঙিত থকা মালাৰ সুগন্ধিয়ে নিশ্চয় আমাক সমাজৰ বাবে কিবা এটা কৰিবলৈ অনুপ্ৰাণিত কৰিব। মোৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Two defence industrial corridors have attracted investment commitments of about Rs 70,000 crore: Defence secretary

Media Coverage

Two defence industrial corridors have attracted investment commitments of about Rs 70,000 crore: Defence secretary
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of teachers on Guru Purnima
July 29, 2026

The Prime Minister, Shri Narendra Modi, extended his heartfelt greetings to the people of the country on the occasion of Guru Purnima. He said that, along with imparting knowledge, teachers infuse their students with positive energy and shape them through noble thoughts and values. The Prime Minister called upon everyone to make the ideals of their gurus a guiding force in their lives.

The Prime Minister shared a Sanskrit Subhashitam-

“प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”

The Subhashitam conveys that one who provides the right direction, imparts knowledge and truth, shows the righteous path, offers education and awakens an understanding of truth in life, paving the way for self-development. These are regarded as the six forms of a Guru.

The Prime Minister wrote on X;

“गुरु पूर्णिमा की सभी देशवासियों को बहुत-बहुत बधाई। गुरु ज्ञान के साथ ही अपने शिष्यों में सकारात्मक ऊर्जा का संचार कर उन्हें सुविचार और सुसंस्कारों से सुशिक्षित करते हैं। आइए, उनके आदर्शों को अपने जीवन का संबल बनाएं।

प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”