“আজি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৯ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ দক্ষতা সমাৱৰ্তনে ইতিহাস ৰচনা কৰিলে”
“প্ৰকৃত অৰ্থত কঠোৰ পৰিশ্ৰমী প্ৰতিজন ব্যক্তিৰ সন্মানাৰ্থে বিশ্বকৰ্মা জয়ন্তী, এয়া শ্ৰমৰ দিন”
“ভাৰতত আমি সদায়েই শ্ৰমিকৰ দক্ষতাত ঈশ্বৰৰ চিত্ৰণ দেখি আহিছো, তেওঁলোকক বিশ্বকৰ্মাৰ ৰূপত চোৱা হয়”
“বৰ্তমানক ভাৰতৰ শতিকা হিচাপে গঢ়ি তুলিবলৈ ভাৰতৰ যুৱক-যুৱতীসকল শিক্ষাৰ লগতে দক্ষতাতো সমানে আগবঢ়াটো অতিশয় প্ৰয়োজনীয়”
“আইটিআইৰপৰা কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতীসকলক সেনাত নিয়োগৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে”
“ইয়াত আইটিআইসমূহৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ, আমাৰ যুৱক-যুৱতীসকলে এই সম্ভাৱনাসমূহৰ সৰ্বোত্তম সুযোগ গ্ৰহণ কৰা উচিত”
“ভাৰতত দক্ষতাৰ মানদণ্ড আছে আৰু লগতে বৈচিত্ৰ্যও আছে”
“এগৰাকী যুৱক-যুৱতীৰ শিক্ষাৰ শক্তিৰ লগতে দক্ষতাৰ শক্তি থকা মাত্ৰেকে তেওঁৰ আত্মবিশ্বাস বাঢ়ি যায়”
“পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিত ভাৰতৰ প্ৰতি বিশ্বখনৰ আস্থাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে”
“দক্ষতাৰ কথা আহিলে আমাৰ মন্ত্ৰ ‘স্কিলিং’, ‘ৰিস্কিলিং’ আৰু ‘আপস্কিলিং’ হ’ব লাগে!”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম কৌশল দীক্ষান্ত সমাৰোহত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰায় ৪০ লাখ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে।

এই সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২১ শতিকাত ভাৰত আগবাঢ়ি যোৱাৰ সময়তে আজি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৯ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ দক্ষতা সমাৱৰ্তনে ইতিহাস ৰচনা কৰিছে। লগতে ৪০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰী আমাৰ সৈতে ভাৰ্চুৱেলী সংযুক্ত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভগৱান বিশ্বকৰ্মাৰ জন্ম জয়ন্তীত শিক্ষাৰ্থীসকলে নিজৰ দক্ষতাৰে নতুনত্বৰ পথত প্ৰথমবাৰলৈ অগ্ৰসৰ হৈছে। “মই নিশ্চিতভাৱে ক’ব পাৰো যে তোমালোকৰ এই আৰম্ভণি যিমানেই সুখদায়ক, কাইলৈ এই যাত্ৰা অধিক সৃষ্টিশীলো হ’ব”, তেখেতে কয়।

বিশ্বকৰ্মা জয়ন্তীৰ উপলক্ষৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া মৰ্য্যাদা আৰু দক্ষতা শোধনৰ উৎসৱ। এগৰাকী ভাস্কৰে দেৱতাৰ মূৰ্তি প্ৰস্তুতৰ উপমাৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি আমাৰ সকলোৰে বাবে এক অতিশয় গৌৰৱৰ বিষয় এয়ে যে বিশ্বকৰ্মা জয়ন্তীৰ শুভ উপলক্ষত ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতাক সন্মান আৰু স্বীকৃতি জনোৱা হৈছে। “বিশ্বকৰ্মা জয়ন্তী হৈছে প্ৰকৃত অৰ্থত কঠোৰ পৰিশ্ৰমী প্ৰতিজন ব্যক্তিলৈ সন্মান প্ৰদৰ্শনৰ উপলক্ষ, এয়া শ্ৰমৰ দিন”, এইদৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, “ভাৰতত আমি সদায়েই শ্ৰমিকৰ দক্ষতাত ঈশ্বৰৰ চিত্ৰণ দেখি আহিছো, তেওঁলোকক বিশ্বকৰ্মাৰ ৰূপত চোৱা হয়।” শ্ৰী মোদীয়ে বিশদভাৱে কয় যে তেওঁলোকৰ দক্ষতাৰ কোনোবাখিনিত ঈশ্বৰত্ব প্ৰকট হয়। “এই অনুষ্ঠান বিশ্বকৰ্মা ভগৱানৰ প্ৰতি আৱেগিক শ্ৰদ্ধাঞ্জলি, ‘কৌশলঞ্জলি’ ৰ দৰে”, তেখেতে লগতে কয়।

বিগত আঠটা বছৰত চৰকাৰখনৰ সাফল্যৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ভগৱান বিশ্বকৰ্মাৰ অনুপ্ৰেৰণাৰে নিত্য-নতুন আঁচনিৰ শুভাৰম্ভ কৰিছে আৰু দক্ষতা বিকাশত গুৰুত্ব আৰোপেৰে ‘শ্ৰমেৱ জয়তে’ ৰ পৰম্পৰাক পুনৰুজ্জীৱিতকৰণৰ প্ৰয়াস কৰিছে। “বৰ্তমানক ভাৰতৰ শতিকা হিচাপে গঢ়ি তুলিবলৈ ভাৰতৰ যুৱক-যুৱতীসকল শিক্ষাৰ লগতে দক্ষতাতো সমানে আগবঢ়াটো অতিশয় প্ৰয়োজনীয়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। শ্ৰী মোদীয়ে লগতে কয় যে চৰকাৰখনে যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ আৰু নতুন অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপনত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। “আমাৰ দেশত ১৯৫০ ত আইটিআই প্ৰতিষ্ঠা হৈছিল, তাৰ পিছৰ সাতটা দশকত ১০ হাজাৰ আইটিআই প্ৰতিষ্ঠা কৰা হৈছিল। আমাৰ চৰকাৰখনে ৮ বছৰত দেশখনত প্ৰায় ৫ হাজাৰ নতুন আইটিআই স্থাপন কৰিছে। যোৱা ৮ বছৰত আইটিআইসমূহত ৪ লাখৰো অধিক নতুন আসনৰো ব্যৱস্থা কৰা হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশদভাৱে কয় যে এই আইটিআইসমূহৰ বাহিৰেও সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান, ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান আৰু হাজাৰ-হাজাৰ দক্ষতা বিকাশ কেন্দ্ৰও মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিদ্যালয় পৰ্য্যায়ত দক্ষতাৰ বিকাশৰ বাবে চৰকাৰখনে ৫০০০ ৰোধিক দক্ষতা কেন্দ্ৰও মুকলি কৰিবলৈ আগবাঢ়িছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিখনি ৰূপায়ণৰ পিছত অভিজ্ঞতা আধাৰিত শিক্ষাৰো প্ৰসাৰৰ লগতে বিদ্যালয়সমূহত দক্ষতা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দশম শ্ৰেণী উত্তীৰ্ণ হৈ আইটিআইলৈ অহা সকলে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ জৰিয়তে সহজে দ্বাদশ শ্ৰেণীলৈকে পঢ়ি প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিব বুলি অৱগত কৰে। “ইয়াৰ ফলত তোমালোকৰ পৰৱৰ্তী অধ্যয়ন অধিক সুবিধাজনক হ’ব”, শ্ৰী মোদীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আইটিআইৰপৰা কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতীসকলক সেনাত নিয়োগৰ বিশেষ ব্যৱস্থা কৰা হৈছে।

চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ যুগ ‘ইণ্ডাষ্ট্ৰী ৪.০’ ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সফলতাত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা হ’ব। তেখেতে কয় যে সময়ৰ লগে-লগে কামৰ ধৰণ সলনি হৈ আহিছে, সেয়েহে চৰকাৰখনে আমাৰ আইটিআইসমূহৰ ছাত্ৰ-ছাত্ৰীসকলেও প্ৰতিটো আধুনিক পাঠ্যক্ৰমৰ সুবিধা লাভ কৰাত গুৰুত্ব আৰোপ কৰিছে। পাঠ্যক্ৰমসমূহৰ উপলব্ধতা সম্পৰ্কে বিশদভাৱে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আইটিআইসমূহত ক’ডিং, এআই, ৰবটিক্স, থ্ৰীডি প্ৰিন্টিং, ড্ৰোন প্ৰযুক্তি, টেলিমেডিচিন আদিৰে জড়িত একাধিক পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে নবীকৰণযোগ্য শক্তি, সৌৰশক্তি আৰু বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত আগভাগ লোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ বহুতো আইটিআইত এনে ক্ষেত্ৰসমূহৰে সম্পৰ্কীয় পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰা হৈছে। “তোমালোকৰ দৰে ছাত্ৰ-ছাত্ৰীসকলে নিয়োগৰ সুবিধা লাভ কৰাটো সহজ হৈ উঠিব”, তেখেতে লগতে কয়।

প্ৰতিখন গাঁৱলৈ অপ্টিকেল ফাইবাৰ যোগান ধৰা আৰু লাখ-লাখ কমন চাৰ্ভিচ চেন্টাৰ স্থাপনৰ শেহতীয়া অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনত প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ লগে-লগে নিয়োগৰ সুযোগো বৃদ্ধি পাইছে। আইটিআইৰপৰা উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলৰ বাবে গাওঁসমূহত অধিক সংখ্যক সুযোগৰ সৃষ্টি হৈছে বুলিও তেখেতে কয়৷ “গাঁৱত ম’বাইল মেৰামতিৰ কামেই হওঁক বা কৃষিৰ নতুন প্ৰযুক্তি সম্পৰ্কীয় কামেই হওঁক, সাৰ ছঁটিওৱাই হওঁক বা ড্ৰোনৰ সহায়ত ঔষধ যোগান ধৰাই হওঁক, গ্ৰাম্য অৰ্থনীতিত এনে বহু নতুন কামৰ সংযোজন হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। “এই ক্ষেত্ৰত আইটিআইসমূহৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ, আমাৰ যুৱক-যুৱতীসকলে এই সম্ভাৱনাসমূহৰ সৰ্বোত্তম ব্যৱহাৰ কৰা উচিত।” প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰখনেও একেধৰণৰ দৃষ্টিৰে আইটিআইসমূহৰ উন্নীতকৰণৰ বাবেও নিৰন্তৰভাৱে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰে যে দক্ষতা বিকাশৰ সমান্তৰালভাৱে যুৱক-যুৱতীসকলৰ ‘ছফ্ট স্কিল’ থকাটোও সমানেই গুৰুত্বপূৰ্ণ। ইয়াৰ উদাহৰণস্বৰূপে শ্ৰী মোদীয়ে কয় যে ব্যৱসায়িক পৰিকল্পনা যুগুত, বেংকৰপৰা ঋণ লোৱাৰ পৰিকল্পনা, প্ৰয়োজনীয় প্ৰ-পত্ৰ পূৰণ কৰা, নতুন কোম্পানী পঞ্জীয়ন কৰা আদি বিষয়সমূহ পাঠ্যক্ৰমসমূহত সামৰি লোৱা হৈছে। “চৰকাৰখনৰ এই প্ৰচেষ্টাৰ ফলশ্ৰুতিত আজি ভাৰতত দক্ষতাৰ ক্ষেত্ৰত মানদণ্ড আছে, লগতে বৈচিত্ৰ্যও আছে। বিগত কেইবছৰমানৰপৰা আমাৰ আইটিআইৰপৰা উত্তীৰ্ণসকলে বিশ্ব দক্ষতা প্ৰতিযোগিতাত একাধিক গুৰুত্বপূৰ্ণ পুৰস্কাৰ লাভ কৰিছে”, তেখেতে লগতে কয়।

দক্ষতা বিকাশ সন্দৰ্ভত বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এগৰাকী যুৱক-যুৱতীৰ শিক্ষাৰ শক্তিৰ লগতে দক্ষতাৰ শক্তি থকা মাত্ৰেকে তেওঁৰ আত্মবিশ্বাস বাঢ়ি যায়। যুৱক-যুৱতীগৰাকীয়ে দক্ষতাৰে সমৃদ্ধ হৈ আত্মপ্ৰকাশৰ লগে-লগে তেওঁ কেনেকৈ নিজৰ কাম আৰম্ভ কৰিব লাগে, কেনেকৈ এই আত্মসংস্থাপনৰ মনোভাৱক সমৰ্থন কৰিব লাগে, তাৰ এটা ধাৰণা লাভ কৰে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে মুদ্ৰা যোজনা, ষ্টাৰ্টআপ ইণ্ডিয়া আৰু ষ্টেণ্ডআপ ইণ্ডিয়াৰ দৰে আঁচনিসমূহৰ শক্তিৰ ওপৰত আলোকপাত কৰে, যিয়ে গেৰান্টী অবিহনে ঋণ আগবঢ়াইছে।

“আমি লক্ষ্য অভিমুখে অগ্ৰসৰ হ’ব লাগিব। আজি দেশখনে তোমালোকৰ হাতত ধৰিছে, কাইলৈ তোমালোকে দেশখনক আগুৱাই নিব লাগিব” বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আজাদী কা অমৃত কালৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি শ্ৰী মোদীয়ে কয় যে আমাৰ জীৱনৰ পৰৱৰ্তী ২৫ বছৰ, ভাৰতৰ বাবে আগন্তুক ২৫ বছৰৰ দৰেই গুৰুত্বপূৰ্ণ। “তোমালোক আটায়ে মেক ইন ইণ্ডিয়া আৰু ভকেল ফৰ লোকেল অভিযানৰ অগ্ৰদূত। তোমালোক ভাৰতৰ উদ্যোগৰ চালিকাশক্তি আৰু সেয়েহে এখন উন্নত আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প পূৰণৰ ক্ষেত্ৰত তোমালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

বিশ্ব পৰ্য্যায়ত সৃষ্ট সুযোগসমূহৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ বহু বৃহৎ দেশকে সপোন পূৰণ আৰু গতি বজাই ৰাখিবলৈ এক দক্ষ কৰ্মশক্তিৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে কয় যে দেশৰ লগতে বিদেশতো বহু সুযোগ সৃষ্টি হ’ব। “পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিত ভাৰতৰ প্ৰতি বিশ্বৰ আস্থাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আনকি ক’ৰোনাৰ সময়ছোৱাতো ভাৰতে ইয়াৰ দক্ষ কৰ্মশক্তি আৰু ইয়াৰ যুৱক-যুৱতীসকলে বৃহত্তম প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবপৰাকৈ সক্ষম বুলি প্ৰমাণিত কৰিছে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয়সকলে স্বাস্থ্য সেৱাই হওঁক বা হোটেল-চিকিৎসালয় ব্যৱস্থাপনাই হওঁক, ডিজিটেল সমাধানেই হওঁক বা দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰতেই হওঁক, দক্ষতা আৰু প্ৰতিভাৰ বাবেই প্ৰতিখন দেশতে উজ্জ্বলি উঠিছে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ ভৱিষ্যতৰ আধাৰ হ’বলগীয়া দক্ষতাসমূহ আহৰণৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়, “দক্ষতাৰ কথা আহিলে তোমালোকৰ মন্ত্ৰ হ’ব লাগে ‘স্কিলিং’, ‘ৰিস্কিলিং’ আৰু ‘আপস্কিলিং’!” প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক নিত্য-নতুন দক্ষতা আহৰণ আৰু তেওঁলোকৰ জ্ঞান শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়। “তোমালোকে এই গতিৰেই অগ্ৰসৰ হৈ স্বকীয় দক্ষতাৰে নব্য ভাৰতৰ উন্নত ভৱিষ্যতক দিক নিৰ্দেশনা প্ৰদান কৰিবা বুলি মই নিশ্চিত।”

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Rs 20,804-crore push to expand railway capacity across major corridors

Media Coverage

India's Rs 20,804-crore push to expand railway capacity across major corridors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”