সন্মানীয় অধ্যক্ষ,
সন্মানীয় উপ-ৰাষ্ট্ৰপতি,
মাৰ্কিন কংগ্ৰেছৰ বিশিষ্ট ব্যক্তিসকল,
ভদ্ৰ পুৰুষ-মহিলাসকল,
নমস্কাৰ! 
আমেৰিকাৰ কংগ্ৰেছক সম্বোধন কৰাটো সদায় গৌৰৱৰ বিষয়। দুবাৰকৈ এই সুযোগ পোৱাটো যথেষ্ট ব্যতিক্ৰমী। এই সন্মানৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ২০১৬ চনত ইয়ালৈ অহাৰ সময়ত লগ পোৱা বহু মানুহ আজিও ইয়াত আছে। ফলত পুৰণি বন্ধু-বান্ধৱীৰ মৰম অনুভৱ কৰিছো। নতুনকৈ অহা সকলৰ উৎসাহ দেখিবলৈ পাইছো। ২০১৬ চনত মই চিনেটৰ হেৰী ৰিড, চিনেটৰ জন মেককিন, চিনেটৰ অৰিন হেচ, এলিজা কামিংছ, এলচি হেষ্টিংছ আদি বহুক লগ পাইছিলো। দুৰ্ভাগ্যজনকভাৱে তেওঁলোক এতিয়া আমাৰ মাজত নাই।
সন্মানীয় অধ্যক্ষ,
সাত বছৰৰ আগতে জুন মাহত মই যেতিয়া ইয়াত আছিলো, তেতিয়া হেমিল্টনে সকলো পুৰস্কাৰ লৈছিল। আমি সেই ইতিহাসক প্ৰবাহত এৰি দিছো। এতিয়া আমি এক সন্ধিক্ষণত উপনীত হৈছো, বৰ্তমান শতিকাত আমাৰ কথা ক’ব বিচাৰিছো। সাত বছৰৰ আগৰ গ্ৰীষ্মকালৰ পৰা বহু পৰিৱৰ্তন হৈছে। আকৌ বহু কথা একেই আছএ। উদাহৰণস্বৰূপে ভাৰত আৰু আমেৰিকাৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিৰ কথা কও। আমাৰ বন্ধুত্ব অধিক মজবুত হৈছে। যোৱা কেইবছৰমানৰ পৰা কৃত্ৰিম বুদ্ধিমত্তাৰ যথেষ্ট উন্নতি হৈছে। একে সময়তে আন এক এআইৰ যথেষ্ট অগ্ৰগতি লাভ কৰিছে-সেয়া হৈছে আমেৰিকা আৰু ইণ্ডিয়া।

সন্মানীয় অধ্যক্ষ আৰু বিশিষ্ট সদস্যসকল,
মানুহৰ লগত যোগাযোগ কৰা, মানুহৰ কথা শুনা আৰু তেওঁলোকৰ অনুভৱ বুজি পোৱাটোৱেই গণতন্ত্ৰৰ প্ৰকৃত সৌন্দৰ্য্য। আৰু মই জানো যে ইয়াৰ বাবে যথেষ্ট সময়, কষ্ট আৰু পৰিশ্ৰম, আগুৱাই যোৱাৰ প্ৰয়োজন। এই বৃহস্পতিবাৰৰ বিয়লি আপোনালোকৰ মাজৰ কিছুমানৰ ক’ৰবাত যোৱাৰ পৰিকল্পনা আছিল যদিও মোক সময় দিলে। মই জানো এই মাহত আপোনালোক সকলোৱে কিমান ব্যস্ত হৈ পৰিছে।
সন্মানীয় অধ্যক্ষ, 
এখন সজীৱ গণতন্ত্ৰৰ নাগৰিক হিচাপে এটা কথা স্বীকাৰ কৰিব লাগিব যে আপোনালোকে অতি কঠিন কাম কৰে। ভালপোৱা, শোষণ আৰু নীতিৰ মাজৰ সংঘাতটো মই ভালদৰে বুজিব পাৰো। আদৰ্শ আৰু নীতিৰ বিতৰ্কও বুজি পাওঁ। কিন্তু আজি আপোনালোক সকলোকে ইয়াত ভাৰত আৰু আমেৰিকা– বিশ্বৰ দুই বৃহৎ গণতন্ত্ৰ–একেলগে আনন্দিত হোৱা দেখি মই আনন্দিত হৈছো। যেতিয়া দ্বিপাক্ষিক বিষয়ত সহমতৰ প্ৰয়োজন হয়, তেতিয়া আপোনালোকে সহযোগ কৰে। ভৱিষ্যতে বিভিন্ন নীতিক লৈ বিবাদ হ’ব, কিন্তু আমি আমাৰ দেশৰ হৈ কথা কওঁতে সমস্বৰে কথা ক’ম। আৰু আপোনালোকে সেইটো দেখুৱাই দিলে। তাৰ বাবে সকলোকে অভিনন্দন জনাইছো।
সন্মানীয় অধ্যক্ষ,
সকলো ব্যক্তি সমান ধাৰণাৰে প্ৰেৰিত আমেৰিকাৰ আধাৰ। আপোনালোকে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহক সহায় কৰিছে যিটো আপোনালোকৰ ইতিহাস। আপোনালোকে সেইসকলক একত্ৰিত কৰি আমেৰিকাৰ সপোন বাস্তৱায়িত কৰিছে। ইয়াৰে বহুতৰে শিপা ভাৰতত আছে। কিছুমান ইয়াত উপস্থিতো আছে। মোক জনোৱা হৈছে যে এই সদনত 'ছামোছা ককাছে' গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আশা কৰোঁ ভৱিষ্যতে ইয়াত ভাৰতীয় খাদ্যৰ বৈচিত্ৰ্য আৰু অধিক বৃদ্ধি পাব। যোৱা দুটা শতিকা ধৰি আমি আমেৰিকান আৰু ভাৰতীয় মহান ব্যক্তিসকলৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছো। মহাত্মা গান্ধী আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছো। আজি আমি সেইসকলক স্মৰণ কৰিছো, যিসকলে স্বাধীনতা, সমতা আৰু ন্যায়ৰ বাবে কাম কৰিছিল। আজি কংগ্ৰেছী জন লুইছৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো। আন বহুজনৰ লগতে তেৱোঁ এই কামৰ লগত জড়িত আছিল।
সন্মানীয় অধ্যক্ষ,
গণতন্ত্ৰ আমাৰ পবিত্ৰ আৰু ইয়াৰ মূল্যবোধো এক৷ দীৰ্ঘ সময়ৰ ভিতৰত ইয়াৰ পৰিৱৰ্তন হৈছে। কিন্তু ইতিহাসৰ পৰা এটা কথা অতি স্পষ্ট।
গণতন্ত্ৰই সমতা আৰু মৰ্যাদাক সমৰ্থন কৰে।
গণতন্ত্ৰই আলোচনা আৰু বিতৰ্কক আদৰণি জনায়।
ধাৰণা আৰু ইয়াৰ অভিব্যক্তি প্ৰকাশত সহায় কৰাটো গণতন্ত্ৰৰ সংস্কৃতি।
ভাৰতে এই নীতিসমূহক অতীতৰ পৰাই লালন-পালন কৰি আহিছে।
গণতন্ত্ৰৰ চিন্তাত পৰিৱৰ্তনৰ দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে ভাৰত গণতন্ত্ৰৰ মাতৃ।
যুগ যুগ বছৰৰ আগতে আমাৰ আটাইতকৈ প্ৰাচীন শাস্ত্ৰত কোৱা হৈছে-
"একমা সত বিপ্ৰ বহুধা বন্দন্তী"
অৰ্থাৎ সত্য এক, কিন্তু পণ্ডিতসকলে ইয়াক বিভিন্ন ধৰণে প্ৰকাশ কৰে।
আমেৰিকা বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ।
গণতন্ত্ৰৰ ভৱিষ্যতৰ বাবে আমি আমাৰ অংশীদাৰিত্ব শক্তিশালী কৰিব লাগিব।
আমি সকলোৱে মিলি বিশ্বক এক উন্নত ভৱিষ্যত প্ৰদান কৰিম আৰু ভৱিষ্যতে এক উন্নত বিশ্ব  প্ৰদান কৰিম।
 
সন্মানীয় অধ্যক্ষ,
যোৱা বছৰ ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছিল। প্ৰতিটো মাইলৰ খুঁটি গুৰুত্বপূৰ্ণ যদিও এইটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। হাজাৰ হাজাৰ বছৰ বিভিন্ন ধৰণে বিদেশী শাসনৰ অন্তত আমি স্বাধীনতা লাভ কৰিছো। তাৰ পিছত ৭৫ বছৰৰ গুৰুত্বপূৰ্ণ সময় পাৰ কৰিলোঁ। কেৱল গণতন্ত্ৰক উদযাপন কৰাই নহয়, বৈচিত্ৰ্যতাক উদযাপন কৰাৰো কথা। সংবিধানখন পোৱাৰ লগে লগে আমি সামাজিক সৱলীকৰণৰ ধাৰণাটোৰ সৈতে বিকশিত হ’লোঁ৷ যিহেতু আমাৰ প্ৰতিযোগিতামূলক আৰু সহযোগী ফেডাৰেল গাঁথনি আছে, সেয়েহে আমাৰ ঐক্য আৰু সংহতিও আছে।
আমাৰ দেশত ২৫০০ ৰাজনৈতিক দল আছে। হয়, আপুনি ঠিকেই শুনিছে, ২৫০০। ভাৰতৰ বিভিন্ন ৰাজ্যত ২০টা বিভিন্ন দলে চৰকাৰ চলাইছে। আমাৰ ২২টা চৰকাৰী ভাষা আছে। সহস্ৰাধিক কথিত ভাষাও আছে। কিন্তু আমি একে সুৰতে কথা কওঁ। ১০০ মাইলৰ মুৰে মুৰে আমাৰ খাদ্যাভ্যাস সলনি হয়। ধোছাৰ পৰা আলুৰ পৰাঠা, শ্ৰীখণ্ডৰ পৰা সন্দেশলৈকে– আমি সকলোবোৰ আনন্দৰে খাওঁ। আমাৰ দেশত পৃথিৱীৰ প্ৰতিটো ধৰ্মৰ মানুহ বাস কৰে আৰু আমি সকলোৱে একেলগে বাস কৰো। ভাৰতত বৈচিত্ৰ্যই হৈছে স্বাভাৱিক জীৱনশৈলী।
আজি সমগ্ৰ বিশ্বই ভাৰতৰ বিষয়ে অধিক জানিব বিচাৰিছে। সেই কৌতুহল এই সদনতো মই প্ৰত্যক্ষ কৰিছো। বিগত দশকত আমি আমেৰিকাৰ কংগ্ৰেছৰ শতাধিক সদস্যক ভাৰতলৈ আদৰণি জনাইছো। তেওঁলোকে সকলোৱে ভাৰতৰ উন্নয়ন, গণতন্ত্ৰ আৰু বৈচিত্ৰ্যক বুজিব বিচাৰে। জানিব বিচাৰিছে ভাৰতে বৰ্তমান কি কৰি আছে? মোৰ ঘনিষ্ঠ বন্ধুসকলক এই বিষয়ে ক’লোঁ।
সন্মানীয় অধ্যক্ষ,
ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মই যেতিয়া প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণ কৰিছিলো, তেতিয়া বিশ্ব অৰ্থনীতিত ভাৰত দশম স্থানত আছিল। আজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে। অতি সোনকালে আমি তৃতীয় স্থানলৈ উন্নীত হ’ম। আমাৰ অৰ্থনীতি দ্ৰুত হাৰত বৃদ্ধি পাইছে। ভাৰত যেতিয়া সমৃদ্ধিশালী হয় তেতিয়া সমগ্ৰ বিশ্বই সমৃদ্ধিশালী হয় কাৰণ বিশ্বৰ মুঠ জনসংখ্যাৰ এক ষষ্ঠাংশই ভাৰতীয়৷ যোৱা শতিকাত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া বিশ্বৰ বহু দেশে ঔপনিৱেশিক শাসনৰ পৰা নিজকে মুক্ত কৰিবলৈ অনুপ্ৰাণিত হৈছিল। এই শতিকাত যেতিয়া ভাৰতে উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, তেতিয়া আন দেশসমূহেও একেদৰেই অনুপ্ৰাণিত হৈছিল। আমাৰ মূলমন্ত্ৰ হ'ল 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস' অৰ্থাৎ সকলোৰে উদ্যোগ আৰু বিশ্বাস য'ত জড়িত হৈ আছে তাতেই আমি সকলোৱে মিলি সকলোকে বিকশিত কৰিম।
আমি এই ধাৰণাটো কেনেকৈ সোনকালে কামত লগাইছো সেই বিষয়ে অলপ কওঁ। আমি আন্তঃগাঁথনি উন্নয়নক বিশেষ গুৰুত্ব দিছো। আমি ১৫ কোটিতকৈও অধিক লোকৰ বাবে ৪ কোটি ঘৰ সাজিছো। এই সংখ্যা অষ্ট্ৰেলিয়াৰ মুঠ জনসংখ্যাৰ ছয়গুণ। আমি ৫০ কোটি লোকক উপকৃত কৰা বিনামূলীয়া চিকিৎসা সেৱা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা আঁচনি চলাইছো। এই সংখ্যা দক্ষিণ আমেৰিকাৰ মুঠ জনসংখ্যাতকৈ অধিক। বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তি প্ৰক্ৰিয়াত আমি যিসকলৰ বেংক একাউণ্ট নাছিল তেওঁলোকৰ বাবে একাউণ্ট খুলিলোঁ। এই প্ৰকল্পৰ দ্বাৰাও ৫০ কোটি লোক উপকৃত হৈছে।
এয়া উত্তৰ আমেৰিকাৰ মুঠ জনসংখ্যাতকৈ অধিক৷ ডিজিটেল ইণ্ডিয়া গঢ়াৰ বাবে আমি দায়বদ্ধ। আজি ভাৰতত ৮৫ কোটি লোকে স্মাৰ্ট ফোন আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰে। এই সংখ্যা ইউৰোপৰ জনসংখ্যাতকৈ বেছি! আমি দেশবাসীক ২২০ কোটি ক’ভিড ভেকচিনৰ ড’জ বিনামূলীয়াকৈ দিছো। এনেকৈ উদাহৰণ দি থাকিলে হয়তো আৰু মহাদেশ বিচাৰি নাপাম, গতিকে ইয়াতে সামৰিলো৷
প্ৰিয় সদস্যসকল,
বেদ বিশ্বৰ আটাইতকৈ পুৰণি শাস্ত্ৰ। বেদ হাজাৰ হাজাৰ বছৰৰ আগতে ৰচিত মানৱজাতিৰ অন্যতম সংগ্ৰহালয়। সেই সময়ত মহিলা সন্ন্যাসীয়েও বেদৰ বহু শ্লোক ৰচনা কৰিছিল। আৰু আজি আধুনিক ভাৰতত মহিলাসকলে এক উন্নত ভৱিষ্যত গঢ়ি তোলাত আগভাগ লৈছে। কেৱল মহিলাইহে লাভৱান হ’ব বুলি ভাৰতে বিশ্বাস নকৰে। আমি মহিলা নেতৃত্বাধীন উন্নয়ন বিচাৰো, য’ত উন্নয়ন যাত্ৰাত মহিলাসকল আগৰণুৱা হয়। আজি আমাৰ ৰাষ্ট্ৰপতি এগৰাকী অতি সাধাৰণ জনজাতীয় পৰিয়ালৰ পৰা অহা এগৰাকী মহিলা।
প্ৰায় ১৫ লাখ নিৰ্বাচিত মহিলাই আমাক স্থানীয় প্ৰশাসনত বিভিন্ন পৰ্যায়ত আগুৱাই লৈ গৈছে। আজি আমাৰ দেশত মহিলাসকলে সেনা, নৌসেনা আৰু বায়ুসেনাত সেৱা আগবঢ়াই আছে। শতাংশৰ হিচাপত বিশ্বৰ ভিতৰতে সৰ্বাধিক মহিলা পাইলটৰ সংখ্যা ভাৰতীয়ৰ। তেওঁলোকেও আমাৰ মংগল অভিযানৰ নেতৃত্ব দি আছে। মোৰ বিশ্বাস, এগৰাকী কন্যা সন্তানে গোটেই পৰিয়ালটোৰ গুণগত মান উন্নত কৰিব। মহিলা সবলীকৰণৰ জৰিয়তে দেশৰ পৰিৱৰ্তন সাধন হ’ব।
সন্মানীয় অধ্যক্ষ,
ভাৰতবৰ্ষ যৌৱনেৰে ভৰা এখন প্ৰাচীন দেশ, ঐতিহ্যৰ বাবে পৰিচিত। আমাৰ যুৱ সমাজে দেশখনক প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। বিত্তীয় লেনদেন, কোৱাণ্টাম কম্পিউটিং, মেচিন লাৰ্নিং, মোবাইল এপ ডেভেলপমেণ্ট, ফিনটেক বা ডাটা বিজ্ঞানত ভাৰতৰ যুৱ সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আধুনিক প্ৰযুক্তিৰ সুফল এখন সমাজে কেনেদৰে ব্যৱহাৰ কৰিব পাৰে তাৰ আমি এক উদাহৰণ হৈ পৰিছো। ভাৰতত প্ৰযুক্তি কেৱল উদ্ভাৱনৰ বাবেই নহয় সামাজিক অন্তৰ্ভুক্তিৰ বাবেও ব্যৱহাৰ কৰা হয়। আজি ডিজিটেল প্লেটফৰ্মে ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰি মানৱ অধিকাৰ আৰু মৰ্যাদাক শক্তিশালী কৰি তুলিছে।
বিগত ৯ বছৰত ১ বিলিয়নতকৈ অধিক লোকৰ বেংক একাউণ্ট আৰু মোবাইল নম্বৰ সংযোগ কৰি এক অনন্য ডিজিটেল বায়’মেট্ৰিক ব্যৱস্থাৰ সূচনা কৰা হৈছে। এই আন্তঃগাঁথনি স্থাপনৰ লগে লগে ক্ষন্তেক সময়ৰ ভিতৰতে আমাৰ নাগৰিকে প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনিত আৰ্থিক সাহায্য লাভ কৰে। ৮৫ কোটি লোকে তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে বিভিন্ন আৰ্থিক সুবিধা লাভ কৰিছে। বছৰত তিনিবাৰকৈ কোটি কোটি কৃষকৰ একাউণ্টলৈ মাত্ৰ এটা বুটাম ক্লিকতে ধন প্ৰেৰণ কৰা হৈছে। এনেধৰণৰ বিত্তীয় লেনদেনৰ পৰিমাণ ৩২ বিলিয়ন মাৰ্কিন ডলাৰ। কিন্তু এইদৰে আমি ২৫ বিলিয়ন ডলাৰ ৰাহি কৰিছো। ভাৰত ভ্ৰমণ কৰিলে দেখা পাব যে সকলোৱে ফোনযোগে আৰ্থিক লেনদেন কৰি আছে। ৰাজপথৰ হকাৰসকলেও এইদৰে ধনৰ লেনদেন কৰে।
যোৱা বছৰ সমগ্ৰ বিশ্বতে প্ৰতি ১০০টা ডিজিটেল বিত্তীয় লেনদেনৰ ভিতৰত ৪৬টা ভাৰতত সংঘটিত হৈছিল। প্ৰায় ৪ লাখ মাইল অপটিকেল ফাইবাৰ স্থাপন কৰা হৈছে, যাৰ ফলত সস্তা ডাটা সেৱা প্ৰদান কৰি বহু লোক উপকৃত হৈছে। কৃষকসকলে বতৰৰ তথ্য সহজে লাভ কৰিছে। জ্যেষ্ঠ নাগৰিকে তেওঁলোকৰ সামাজিক সুৰক্ষা খণ্ডত প্ৰয়োজনীয় সাহায্য লাভ কৰে। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বৃত্তিৰ সুযোগ লাভ কৰি আছে। টেলি-মেডিচিনৰ সুবিধা মানুহৰ মাজলৈ কঢ়িয়াই আনিবলৈ টেকন’লজিৰ সহায় লৈছে চিকিৎসকে। মাছমৰীয়াসকলে মাছ ক’ত পোৱা যায় বা ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ ফোনৰ সহায়ত কেনেকৈ ঋণ ল’ব পাৰে সেই বিষয়ে জানিব পাৰে। গণতন্ত্ৰ, সমন্বয় আৰু স্থিতিশীলতাৰ ধাৰণা আজি সকলোতে অনুভৱ কৰা হৈছে। ইয়াৰ জৰিয়তে আমাৰ পৰিচয়েও সমগ্ৰ বিশ্বতে নতুনকৈ আত্মপ্ৰকাশ কৰিছে। ভাৰতত গ্ৰহটোৰ প্ৰতি আমাৰ কৰ্তব্য বাঢ়িছে।
আমি বিশ্বাস কৰোঁ, পৃথিৱী আমাৰ মাতৃ আৰু আমি তেওঁৰ সন্তান।
ভাৰতীয় সংস্কৃতিয়ে পৰিৱেশ আৰু আমাৰ গ্ৰহৰ প্ৰতি গভীৰ সন্মানৰ শিক্ষা দিয়ে। দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰাৰ উপৰিও আমি আমাৰ সৌৰশক্তি উৎপাদন ক্ষমতা প্ৰায় ২৩০০ শতাংশ বৃদ্ধি কৰিছো। হয়, আপোনালোকে ঠিকেই শুনিছে, ২৩০০ শতাংশ!
জি-২০ ৰাষ্ট্ৰৰ গোটৰ ভিতৰত আমি একমাত্ৰ দেশ যি পেৰিছ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিছে। বৰ্তমান আমাৰ মুঠ শক্তিৰ ৪০ শতাংশতকৈ অধিক নবীকৰণযোগ্য শক্তিৰ পৰা আহে। অৰ্থাৎ ২০৩০ চনৰ আগতে আমি এই লক্ষ্যত উপনীত হ’লোঁ৷ কিন্তু আমি ইয়াতেই থমকি ৰোৱা নাই। গ্লাছগো সন্মিলনত আমি পৰিৱেশৰ বাবে এক জীৱনশৈলী, ‘মিছন জীৱন’ৰ প্ৰস্তাৱ দিছিলো। গণ আন্দোলনৰ ৰূপ ল’ব পৰা সুস্থিৰ ব্যৱস্থাপনা গঢ়ি তোলা, অৰ্থাৎ কেৱল চৰকাৰেই এই কামত জড়িত নহ’ব।
প্ৰতিজন নাগৰিকে নিজৰ পছন্দৰ বস্তু বাছি লৈ ইতিবাচক প্ৰভাৱ পেলাব পাৰে। বহনক্ষম ব্যৱস্থাপনাক তৃণমূল পৰ্যায়ৰ আন্দোলনলৈ ৰূপান্তৰিত কৰি আমি বিশ্বৰ কাৰ্বন নিৰ্গমনক শূন্যলৈ অনাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত আগবাঢ়িম। আমাৰ মিছন হৈছে মানুহে যাতে পৃথিৱীৰ অনুকূল উন্নয়ন, সমৃদ্ধি আৰু গ্ৰহটোৰ মংগলৰ বিষয়ে চিন্তা কৰে।
সন্মানীয় অধ্যক্ষ,
আমি ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ ‘এক পৃথিৱী এক পৰিয়াল’ৰ ধাৰণাত বিশ্বাস কৰোঁ। আমি আমাৰ কাম এনেদৰে কৰো যাতে পৃথিৱীৰ সকলোৱে লাভৱান হয়। বিশ্বৰ প্ৰতিটো প্ৰান্তলৈ পৰিৱেশ অনুকূল শক্তি প্ৰদানৰ বাবে ‘এক সূৰ্য্য, এক পৃথিৱী, এক গ্ৰীড’ ব্যৱস্থাপনা বিকশিত কৰাৰ উদ্যোগ লোৱা হৈছে। আমি এই ধাৰণাত বিশ্বাস কৰোঁ যে ‘এক পৃথিৱী, এক স্বাস্থ্য’ ব্যৱস্থাপনাৰ জৰিয়তে এই পৃথিৱীৰ প্ৰতিটো প্ৰাণীয়ে গুণগত স্বাস্থ্য সেৱা লাভ কৰিব।
একেদৰে আমি যেতিয়া জি-২০ গোটৰ অধ্যক্ষতা গ্ৰহণ কৰি আছো তেতিয়া আমি ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ ধাৰণা লৈ আগবাঢ়িছো। আমি যোগাভ্যাসৰ জৰিয়তে সমগ্ৰ বিশ্বতে ঐক্য সৃষ্টি কৰিব বিচাৰো। কালি সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। মাত্ৰ এসপ্তাহৰ আগতে ৰাষ্ট্ৰসংঘত শ্বহীদ শান্তিৰক্ষীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এখন স্মৃতি দেৱাল নিৰ্মাণৰ আমাৰ প্ৰস্তাৱক সকলো দেশেই আদৰণি জনাইছে।
এইবাৰ সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় বাজৰা বছৰ উদযাপন কৰিছে। ইয়াৰ জৰিয়তে বহনক্ষম কৃষি আৰু পুষ্টিক উৎসাহিত কৰা হৈছে। ক’ভিডৰ সময়ত আমি ১৫০খনতকৈও অধিক দেশলৈ ঔষধ আৰু ভেকচিন ডেলিভাৰী কৰিছো। দুৰ্যোগৰ সন্মুখীন হোৱা বিভিন্ন দেশলৈ আমি প্ৰথমে সাহায্য আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছো। আমি আমাৰ সীমিত সম্পদেৰে যিসকলক ইয়াৰ আটাইতকৈ প্ৰয়োজন তেওঁলোকক সহায় কৰিছো। আমি নিৰ্ভৰশীলতা নহয়, দক্ষতা গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
সন্মানীয় অধ্যক্ষ,
বিশ্বৰ বাকী অংশৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীৰ কথা কওঁতে আমেৰিকাই এক বিশেষ স্থান দখল কৰিছে। মই জানো যে আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আপোনালোক সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ প্ৰতি কংগ্ৰেছৰ প্ৰতিজন সদস্যৰ আগ্ৰহ আছে। ভাৰতৰ প্ৰতিৰক্ষা আৰু মহাকাশ উদ্যোগসমূহে ফুলি উঠাৰ লগে লগে ৱাশ্বিংটন, এৰিজোনা, জৰ্জিয়া, আলাবামা, দক্ষিণ কেৰ’লিনা আৰু পেনচিলভেনিয়াতো ইয়াৰ ইতিবাচক প্ৰভাৱ লক্ষ্য কৰা গ’ল। ভাৰতীয়ই যেতিয়া অধিক উৰণ কৰে, তেতিয়া এখন বিমান ক্ৰয়ৰ ফলত আমেৰিকাৰ ৪৪খন ৰাজ্যত ১ লাখৰো অধিক চাকৰিৰ সৃষ্টি হয়।
যেতিয়া আমেৰিকাৰ কোনো ফোন নিৰ্মাতাই ভাৰতত বিনিয়োগ কৰে তেতিয়া দুয়োখন দেশতে চাকৰি আৰু সুযোগৰ সৃষ্টি হয়। ভাৰত আৰু আমেৰিকাই অৰ্ধপৰিবাহী আৰু মূল খনিজ পদাৰ্থৰ ওপৰত একেলগে কাম কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে বিশ্বৰ যোগান শৃংখল অধিক সজীৱ আৰু নিৰ্ভৰযোগ্য হৈ উঠিল। সন্মানীয় অধ্যক্ষ, আচলতে আমি বিগত শতিকাতো প্ৰতিৰক্ষা সহযোগিতাৰ প্ৰশ্নত কোনো উদ্যোগ লোৱা নাই। আৰু আজি আমেৰিকা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা অংশীদাৰ হৈ পৰিছে। আজি ভাৰত আৰু আমেৰিকাই মহাকাশ আৰু সামুদ্ৰিক, বিজ্ঞান আৰু অৰ্ধপৰিবাহী, ষ্টাৰ্ট-আপ আৰু বহনক্ষম উন্নয়ন, ব্যৱসায় আৰু প্ৰযুক্তি, কৃষি আৰু অৰ্থনীতি, কলা আৰু কৃত্ৰিম বুদ্ধিমত্তা, শক্তি আৰু শিক্ষা, স্বাস্থ্য সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰত একেলগে কাম কৰি আছে।
মই আৰু বহু কথা ক’ব পাৰো, কিন্তু এক কথাত ক’বলৈ গ’লে আমাৰ সহযোগিতাৰ পৰিসৰ সীমাহীন।
আমাৰ বাবে একেলগে কাম কৰাৰ সম্ভাৱনা অন্তহীন।
আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক স্বাভাৱিকতে আন্তৰিক।
ভাৰতীয় মূলৰ আমেৰিকাৰ নাগৰিকৰ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। কেৱল কোৱাই নহয় প্ৰতিটো ক্ষেত্ৰতে ভাৰতীয়ই নিজৰ প্ৰতিভাৰ চিন ৰাখিছে। তেওঁলোকে মনত, প্ৰতিভা, দক্ষতাত আমেৰিকা আৰু ভাৰতৰ প্ৰতি থকা প্ৰেমৰ জৰিয়তে আমাৰ মাজত এখন সেতুঁ গঢ়ি তুলিছে। তেওঁলোকে আমাৰ সন্মুখত বিভিন্ন সম্ভাৱনা দাঙি ধৰিলে। তেওঁলোকে আমাৰ অংশীদাৰিত্বৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।
সন্মানীয় অধ্যক্ষ আৰু বিশিষ্ট সদস্যসকল,
ভাৰতৰ বিগত প্ৰতিজন প্ৰধানমন্ত্ৰী তথা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু বৰ্তমানৰ প্ৰজন্মই সেই সম্পৰ্কক গভীৰ কৰি তোলাত সফল হৈছে। ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে মই একমত যে এই শতিকাৰ সৰ্বোত্তম অংশীদাৰিত্ব কাৰণ এই অংশীদাৰিত্বই বহু কাম সম্ভৱ কৰাত সহায় কৰিছে। গণতন্ত্ৰ আৰু জনপ্ৰিয়তাবাদে বিভিন্ন গন্তব্যস্থানত উপনীত হোৱাত সহায় কৰিব। বিশ্বায়নৰ এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ হৈছে যোগান শৃংখলৰ ওপৰত আমাৰ বৰ্ধিত নিৰ্ভৰশীলতা।
আমি একেলগে এই যোগান শৃংখলৰ বিকেন্দ্ৰীকৰণ আৰু ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে কাম কৰিম। একবিংশ শতিকাত নিৰাপত্তা, সমৃদ্ধি আৰু নেতৃত্বৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু সেয়েহে, আমি দুয়োখন দেশেই ‘জটিল আৰু অত্যাধুনিক প্ৰযুক্তিৰ বাবে পদক্ষেপ’ৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বই মানৱতাক উপকৃত কৰিব আৰু জলবায়ু পৰিৱৰ্তন, ক্ষুধা নিৰ্মূল আৰু স্বাস্থ্য ব্যৱস্থাৰ উন্নতিৰ দৰে বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ সমাধান কৰাত সহায় কৰিব।
সন্মানীয় বক্তা আৰু বিশিষ্ট সদস্য,
যোৱা কেইবছৰমানৰ পৰা আমি বিভিন্ন আতংকজনক পৰিস্থিতিৰ সন্মুখীন হৈছো। ইউক্ৰেইন সংঘাতৰ জৰিয়তে ইউৰোপলৈ যুদ্ধ ঘূৰি আহিছে। সেই অঞ্চলৰ জনসাধাৰণ গভীৰ বিপদত পৰিছে। শক্তিশালী দেশবোৰ এই সংঘাতৰ লগত জড়িত হোৱাৰ লগে লগে ইয়াৰ পৰিণতি ভয়াৱহ হৈ পৰিল। গ্ল’বেল ছাউথ অৰ্থাৎ উন্নয়নশীল দেশসমূহ এই নেতিবাচক পৰিস্থিতিৰ বিশেষ বলি হয়। ৰাষ্ট্ৰসংঘৰ চনদ অনুসৰি যিকোনো বিবাদৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে আমি সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ স্বীকৃতিৰ নীতি অনুসৰি আগবাঢ়িব লাগিব।


মই ৰাজহুৱাভাৱে কোৱাৰ দৰে এতিয়া যুদ্ধৰ সময় নহয়। কূটনৈতিক পদ্ধতিৰে আলোচনাৰ জৰিয়তে বিভিন্ন সমস্যা সমাধান কৰিব লাগিব। সাধাৰণ মানুহৰ ৰক্তপাত আৰু দুৰ্দশাৰ অন্ত পেলাবলৈ যি কৰিব লাগে আমি সকলোৱে কৰিব লাগিব। সন্মানীয় অধ্যক্ষ, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত সংঘাতৰ ক’লা ছাঁ উৰি আছে। আমাৰ অংশীদাৰিত্বই অঞ্চলটোৰ যথাৰ্থ অৱস্থা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।
আমাৰ উদ্দেশ্য হৈছে মুক্ত আৰু সংহত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলা। ইয়াত আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সাগৰীয় যাত্ৰা নিৰাপদ কৰি তুলিব লাগে। আছিয়ান গোটৰ নেতৃত্বত অঞ্চলটোৰ সৰু-বৰ সকলো ৰাজ্যই নিজৰ পছন্দ অনুসৰি উন্নয়নৰ পথত আগবাঢ়িব। সকলো দেশেই সেই উন্নয়ন যাত্ৰাত যোগদান কৰিব য’ত ঋণৰ বোজা নাথাকিব, য’ত কৌশলগত কাৰণত যোগাযোগ ব্যৱস্থাত বাধা নাথাকিব।
আমি শান্তি আৰু সমৃদ্ধিৰ সন্ধানত কাকো পিছুৱাই নাযাওঁ, সহযোগিতামূলক পৰিৱেশ গঢ়ি তুলিবলৈ। আমি আঞ্চলিক প্ৰতিষ্ঠানসমূহৰ সৈতে একেলগে কাম কৰিম। আমি নিজ নিজ অঞ্চলত আমাৰ অংশীদাৰসকলক যোগ কৰিম। সেই অঞ্চলত কোৱাড এক গুৰুত্বপূৰ্ণ শক্তিত পৰিণত হৈছে।
সন্মানীয় অধ্যক্ষ,
৯/১১ৰ পিছত দুটা দশকৰো অধিক সময় পাৰ হৈ গ’ল৷ মুম্বাইত ২৬/১১ৰ আক্ৰমণৰ এক দশক পাৰ হৈ গ’ল। কিন্তু উগ্ৰবাদ আৰু সন্ত্ৰাসবাদ বিশ্বৰ বাবে এক ডাঙৰ ভাবুকি হৈয়েই আছে। নতুন পৰিচয়ত উত্থান ঘটিছে যদিও তেওঁলোকৰ উদ্দেশ্য একেই আছে। সন্ত্ৰাসবাদ হৈছে মানৱ জাতিৰ সৰ্ববৃহৎ শত্ৰু। এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো দ্বিধাবোধ থাকিব নালাগে। এনে শক্তিক উৎসাহিত কৰা আৰু উগ্ৰপন্থী ৰপ্তানি কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
সন্মানীয় অধ্যক্ষ,
মানৱজাতিৰ ওপৰত ক’ভিড-১৯ৰ যথেষ্ট প্ৰভাৱ আছে। তাৰ ফলত সমগ্ৰ বিশ্বই দুৰ্ভোগ ভূগিছে। এই আজি মই কংগ্ৰেছমেন ৰন ৰাইটকে ধৰি ক’ভিডৰ ফলত প্ৰাণ হেৰুওৱা কৰ্মচাৰীসকলক স্মৰণ কৰিছো। আমি এই মহামাৰীৰ পৰা ওলাই আহিছো। এতিয়া আমি এখন নতুন পৃথিৱী গঢ়িব লাগিব। এই সময়ত বিভিন্ন দিশ বিবেচনা কৰাটো আৰু সকলোৰে যত্ন লোৱাটো অতি প্ৰয়োজনীয়। উন্নয়নশীল দেশসমূহে এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। এই কাৰণেই মোৰ দৃঢ় বিশ্বাস যে আফ্ৰিকান ইউনিয়নক জি-২০ গোটৰ সম্পূৰ্ণ সদস্য হিচাপে গঢ়ি তোলা উচিত।


আমি আমাৰ বহুস্তৰীয় সংগঠনসমূহৰ উন্নত সম্পদ আৰু প্ৰতিনিধিত্বৰে সংস্কাৰ কৰিব লাগিব। যিবোৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে নিজৰ প্ৰশাসনত ফলপ্ৰসূ হ’ব লাগিব, বিশেষকৈ ৰাষ্ট্ৰসংঘ। পৃথিৱীখন সলনি হোৱাৰ লগে লগে আমাৰ সংগঠনবোৰো সলনি হৈ আহিছে। অন্যথা নিয়ম পালন নকৰাকৈ বিভিন্ন ৰাজ্যৰ মাজত সংঘাতৰ আশংকা থাকে। আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি এখন নতুন পৃথিৱী গঢ়িব লাগে য’ত আমাৰ দুয়োখন দেশ অংশীদাৰ হিচাপে আগৰণুৱা হ’ব।
সন্মানীয় অধ্যক্ষ আৰু বিশিষ্ট সদস্যসকল,
আমি আমাৰ সম্পৰ্কৰ নতুন প্ৰভাতত উপনীত হৈছে যাৰ ফলত কেৱল দুয়োখন দেশৰ ভৱিষ্যতেই নহয়, সমগ্ৰ বিশ্বৰ ভৱিষ্যতো নিৰ্ধাৰিত হ’ব৷ যুৱ আমেৰিকান কবি আমাণ্ডা গৰ্মানে কয়–
"দিন উদয় হ'লে আমি ছাঁৰ পৰা ওলাই আহোঁ,
নিঃসন্দেহে আৰু নিৰ্ভয়ে,
আমি নতুন প্ৰভাতক প্ৰস্ফুটিত কৰি মুক্ত কৰোঁ।
যি সদায় উজ্জ্বল,
মাত্ৰ আমি চাবলৈ সাহস কৰিব লাগিব।”
আমাৰ বিশ্বাসী অংশীদাৰিত্ব এই নতুন প্ৰভাতৰ সূৰ্য্যৰ দৰে, যি নিজৰ পোহৰৰ ৰশ্মি সকলোতে বিয়পাই দিয়ে। মই লিখা এটা কবিতাৰ কথা মনত পৰিছে:
"মূৰটো আকাশলৈ ওপৰলৈ তুলি চাও"
ভাঙি দিয়ে ডাঠ ডাৱৰবোৰ
পোহৰ সংকল্প লৈ
এতিয়া সূৰ্য্য উদয় হৈছে।
দৃঢ় নিশ্চয়তাৰে আগুৱাই
সকলো জটিলতা পাৰ কৰি
ঘোৰ অন্ধকাৰ আঁতৰ কৰিবলৈ
এতিয়া সূৰ্য্য উদয় হৈছে৷”
সন্মানীয় অধ্যক্ষ আৰু বিশিষ্ট সদস্যসকল,
আমি বিভিন্ন পটভূমি আৰু ইতিহাসৰ পৰা আহিছো, কিন্তু আমাৰ লক্ষ্য একে, গন্তব্যস্থান একে। যেতিয়া আমাৰ অংশীদাৰিত্ব শক্তিশালী হয়, তেতিয়া অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হয়, উদ্ভাৱনী পদক্ষেপ বৃদ্ধি পায়, বিজ্ঞান আগবাঢ়ি যায়, মানৱতাৰ লাভ হয়, আকাশ আৰু সাগৰসমূহ অধিক সুৰক্ষিত হয়। ইয়াৰ জৰিয়তে গণতন্ত্ৰৰ অধিক বিকাশ হ’ব। গোটেই পৃথিৱীখন ধুনীয়া হৈ পৰিব।


এইটোৱেই আমাৰ অংশীদাৰিত্বৰ লক্ষ্য। এই শতিকাৰ বাবে আমাৰ এই বাৰ্তা। সন্মানীয় অধ্যক্ষ আৰু বিশিষ্ট সদস্যসকল, আমাৰ অংশীদাৰিত্ব শক্তিশালী হোৱাৰ লগে লগে এই ভ্ৰমণে এক ইতিবাচক পৰিৱৰ্তন সাক্ষী হ’ব। আমি একেলগে গণতন্ত্ৰৰ গুৰুত্ব বুজিব লাগিব। ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ বাবে আপোনালোকৰ অবিৰত সমৰ্থন বিচাৰিছো৷
২০১৬ চনৰ ভ্ৰমণৰ সময়ত মই কৈছিলো, "গতিশীল ভৱিষ্যতৰ বাবে আমাৰ অংশীদাৰিত্ব অতি গুৰুত্বপূৰ্ণ।" সেই ভৱিষ্যত আজি বাস্তৱায়িত হৈছে। 
সন্মানীয় অধ্যক্ষ, সন্মানীয় উপ-ৰাষ্ট্ৰপতি আৰু বিশিষ্ট সদস্যসকল, এই সন্মানৰ বাবে পুনৰবাৰ ধন্যবাদ।


ভগৱানে আমেৰিকাক আশীৰ্বাদ কৰক।


জয় হিন্দ


ভাৰত-আমেৰিকাৰ বন্ধুত্ব দীৰ্ঘজীৱি হওক।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves a highway construction project in Assam worth ₹8,970.20 crore
August 06, 2026

The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, today has approved the development of 135.871 km, 4-lane access-controlled Guwahati-Tezpur Corridor of NH-15 in Assam. The project will be developed on Built-Operate -Transfer (BOT) Toll Mode at a total capital cost of Rs.8970.20 crore under NH(O).

The project envisages construction of an Emergency Landing Facility (ELF) (4.9 Km.) in Tezpur Bypass which have been finalized in coordination with IAF and would decongest existing NH-27 (East west Corridor) on the south side of Brahmaputra river. The project includes construction of 05 major bypasses of length 58.7 Km., thereby easing congestion on stretches passing through densely populated areas such as Baihata Chariali, Sipajhar, Kharupetia, Dekiajuli, Tezpur.

In addition, the project has provision for 15 Major Bridge, 30 Minor Bridge, 19 flyovers, 01 Elephant Under Pass (in Tezpur bypass). 46 Underpasses and 19 Flyovers with 210 Km. of service road will also be constructed as part of the project to maintain cross movement of the traffic as the project is proposed to be developed as access controlled.

The project will increase average travel speeds by 100%, reduce travel time to half, improve overall road safety, enhance fuel efficiency, and lower vehicle operating costs, thereby enhancing regional mobility and socio-economic development.

The project will provide seamless connectivity to key economic, social, and logistics nodes across Assam and Arunachal Pradesh. Additionally, the upgraded corridor will enhance connectivity to 08 PM Gati-Shakti Economic Nodes (08 Industrial Parks), 02 Social Nodes (02 Aspirational districts of Darrang and Udalguri), 03 Tourist Nodes (Maa Kamakhaya Temple, Kaziranga National Park, Orang National Park) and 07 Logistic Nodes (03 Major Railway Stations, 02 Airports,02 Waterway Terminal), thereby facilitating faster movement of goods and passengers across the region.

Map of corridor