The Rule of Law has been a core civilizational value of Indian society since ages: PM Modi
About 1500 archaic laws have been repealed, says PM Modi
No country or society of the world can claim to achieve holistic development or claim to be a just society without Gender Justice: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আন্তৰ্জাতিক ন্যায়িক সন্মিলনত ভাষণ প্ৰদান কৰে৷ এই সন্মিলনত উচ্চতম ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশসকল, প্ৰখ্যাত অধিবক্তা আৰু বিদেশৰো বহু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

ন্যায়িক প্ৰতিনিধিসকলৰ মাজত উপস্থিত হৈ বিশ্বৰ সমূহ নাগৰিকৰ বিশ্বাস আৰু প্ৰত্যয়ক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা এই ন্যায়িক সন্মিলনৰ বিষয়সমূহ আলোকপাত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই দশকটো কেৱল ভাৰতৰেই নহয় বৰঞ্চ বিশ্বৰ বাবে পৰিৱৰ্তনৰ দশক৷ তেওঁ কয় যে সামাজিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিখণ্ডত নিতৌ পৰিৱৰ্তন হ’বলৈ ধৰিছে আৰু যুক্তি তথা ন্যায়িক সমতাৰ ওপৰত প্ৰতিষ্ঠিত হোৱা আৱশ্যক৷ ‘‘এই সন্মিলনৰ বিষয় ‘‘ন্যায়িক ব্যৱস্থা আৰু পৰিৱৰ্তিত বিশ্ব’’ই এই বিষয়টো প্ৰস্ফুটিত কৰি তুলিছে’’, তেওঁ এইদৰে কয়৷

‘‘ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫০তম জন্মবাৰ্ষিকী দেশে উদযাপন কৰি থকাৰ মুহূৰ্ততে এই সন্মিলনখনো অনুষ্ঠিত হৈছে’’, তেওঁ এইদৰে কয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ দৰ্শন ‘‘আইন ৰজাৰো ঊৰ্ধত’’৷ তেওঁ কয় যে এই দৰ্শনক ভাৰতৰ ১৩০ কোটি জনতাই শান্ত স্বভাৱেৰে স্বীকাৰ কৰি লৈছে৷

‘‘ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫০তম জন্মবাৰ্ষিকী দেশে উদযাপন কৰি থকাৰ মুহূৰ্ততে এই সন্মিলনখনো অনুষ্ঠিত হৈছে’’, তেওঁ এইদৰে কয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ দৰ্শন ‘‘আইন ৰজাৰো ঊৰ্ধত’’৷ তেওঁ কয় যে এই দৰ্শনক ভাৰতৰ ১৩০ কোটি জনতাই শান্ত স্বভাৱেৰে স্বীকাৰ কৰি লৈছে৷

ড০ বি আৰ আম্বেদকাৰৰ ‘‘সংবিধান কেৱল অধিবক্তাৰ তথ্য নহয়, ই জীৱনৰ বাহন আৰু ইয়াৰ সত্বা সদায়েই যুগৰ সত্বা’’ কথাষাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আবেগ আমাৰ দেশৰ ন্যায়ালয়সমূহে আগুৱাই লৈ গৈছে৷

 

‘‘প্ৰত্যেকেই নিজৰ সীমাৱদ্ধতা সম্পৰ্কে অৱগত হৈ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ লগতে বহু সময়ত সংবিধানৰ তিনিওটা স্তম্ভই দেশক প্ৰকৃত পথ প্ৰদৰ্শিত কৰিবলৈ সমৰ্থ হৈছে৷ বিগত পাঁচ বছৰত ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানে এই পৰম্পৰা সৱলীকৃত কৰিছে’’, তেওঁ এইদৰে কয়৷

‘‘প্ৰত্যেকেই নিজৰ সীমাৱদ্ধতা সম্পৰ্কে অৱগত হৈ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ লগতে বহু সময়ত সংবিধানৰ তিনিওটা স্তম্ভই দেশক প্ৰকৃত পথ প্ৰদৰ্শিত কৰিবলৈ সমৰ্থ হৈছে৷ বিগত পাঁচ বছৰত ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানে এই পৰম্পৰা সৱলীকৃত কৰিছে’’, তেওঁ এইদৰে কয়৷

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৫০০টা বিলোপ হোৱা আইনৰ বিষয়ে উল্লেখ কৰি কয় যে নতুন আইনসমূহে সমাজৰ সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

সন্মিলনখনত ‘‘জেণ্ডাৰ জাষ্ট ৱৰ্ল্ড’’ শীৰ্ষক বিষয়টো উত্থাপন কৰা সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ কোনো দেশেই লিংগ সমতা অবিহনে সম্পূৰ্ণ উন্নতি লাভ কৰিব নোৱাৰে৷ লিংগ সমতা স্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে আজি বিশ্বৰ কেইখনমান দেশৰ ভিতৰত ভাৰতেও কৰ্মৰত মহিলাক ২৬ সপ্তাহৰ বেতনসহিতে ছুটি প্ৰদান কৰে৷

সন্লিনত প্ৰধানমন্ত্ৰীয়ে বিকাশ আৰু পৰিবেশৰ মাজত ভাৰসাম্যতা প্ৰদান কৰা ন্যায়িক ব্যৱস্থাক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে ভাৰতে আন্তঃগাঁথনি নিৰ্মাণৰ সৈতে পৰিবেশো যে ৰক্ষা কৰিব পাৰি সেয়া প্ৰদৰ্শিত কৰিছে৷

দ্ৰুত ন্যায়িক ব্যৱস্থাৰ বাবে প্ৰযুক্তিৰ আৱশ্যকতা অপৰিহাৰ্য বুলি মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সংবদ্ধ অভিযানভিত্তিত দেশৰ প্ৰতিখন ন্যায়ালয়কে ই-ক’ৰ্টলৈ পৰিৱৰ্তিত কৰাৰ প্ৰয়াস কৰিছে৷

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"