New National Education Policy focuses on learning instead of studying and goes ahead of the curriculum to focus on critical thinking: PM
National Education Policy stresses on passion, practicality and performance: PM Modi
Education policy and education system are important means of fulfilling the aspirations of the country: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত ৰাজ্যপালসকলৰ সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰে।এই সন্মিলনত অংশগ্ৰহণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। অনুষ্ঠানত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ৰাজ্যপাল, উপ-ৰাজ্যপাল আৰু ৰাজ্যিক বিশ্ববিদ্যালয় সমূহৰ উপাচাৰ্যসকলেও অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ আশা-আকাঙ্খাবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত শিক্ষা নীতি আৰু শিক্ষা ব্যৱস্থাই এক অতি গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষা ব্যৱস্থাৰ দায়িত্ব সমাহিত হৈ থাকে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় পৰ্যায়ৰ চৰকাৰৰ হাতত, কিন্তু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এইসকলৰ হস্তক্ষেপ সদায়েই ন্যূনতম হ’ব লাগে। তেওঁ কয় যে শিক্ষা নীতিৰ প্ৰাসঙ্গিকতা আৰু পৰিব্যাপ্তি তেতিয়াই বৃদ্ধি পাব, যেতিয়া অধিকৰ পৰা অধিক সংখ্যক শিক্ষক, অভিভাৱক আৰু শিক্ষাৰ্থী ইয়াৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। তেওঁ লগতে কয় যে নতুন শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰা হৈছিল দেশৰ বিভিন্ন প্ৰান্তৰ গাওঁ-চহৰৰ কোটি কোটি জনতাৰ লগতে শিক্ষা খণ্ডৰ সৈতে জড়িত হৈ থকা লোকসকলৰ মতামত গ্ৰহণ কৰাৰ পিছতহে। তেওঁ কয় যে এতিয়া শিক্ষকসকল আৰু অন্যান্য শিক্ষাবিদসকলৰ লগতেসকলোৱেই এই শিক্ষানীতি আদৰি লৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যেশিক্ষা নীতিখনৰ গ্ৰহণযোগ্যতা সৰ্বত্ৰে দেখা গৈছে আৰু বহুতৰ মতে  শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন ইয়াৰ পূৰ্বৰ শিক্ষা নীতিতেই হ’ব লাগিছিল। এই নীতি সন্দৰ্ভত এক সুস্থ সমালোচনাচলি আছে আৰু এয়া আৱশ্যকীয় বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে, আৰু লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি কেৱল শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তাৰ বাবেই জৰুৰী নহয়, বৰঞ্চ ই ২১ শতিকাৰ ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক দিশেৰেও সুসজ্জিত কৰি তোলাৰ বাবেও জৰুৰী। তেওঁ কয় যে এই নীতিয়ে  ভাৰতক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰো উদ্দেশ্য আগত ৰাখিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই নীতিৰ যোগেদি সাম্প্ৰতিক ক্ষীপ্ৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে যুৱ সমাজক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয় যে এই নীতি সজাই তোলা হৈছে দেশৰ যুৱ সমাজক জ্ঞান আৰু দক্ষতা উভয় দিশেৰে ভৱিষ্যতৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তুলিব পৰাৰ কথা চিন্তা কৰি।

তেওঁ লগতে কয় যে এই নতুন শিক্ষা নীতিয়ে অধ্যয়ণ কৰাতকৈ শিকণৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে আৰু ইয়াক নিৰ্ধাৰিত পাঠ্যক্ৰমৰ গণ্ডীৰ বাহিৰলৈ উলিয়াই নিয়া আৰু যৌগিক চিন্তাধাৰাৰ সামঞ্জস্য থকাকৈ সজোৱা হৈছে। এই নীতিত শিক্ষাগ্ৰহণৰ ইচ্ছা, ব্যৱহাৰিকতা আৰু প্ৰদৰ্শনক প্ৰক্ৰিয়াকৰণতকৈ ওপৰত স্থান দিয়া হৈছে। তেওঁ কয় যে এই নতুন শিক্ষা নীতিয়ে শিকণৰ ফলাফল আৰু শিক্ষকৰ প্ৰশিক্ষণৰ লগতে প্ৰতিগৰাকী শিক্ষাৰ্থীকে সবলীকৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

তেওঁ কয় যে এই নতুন শিক্ষা নীতিৰ উদ্দেশ্য হৈছে ২১ শতিকাত ভাৰতক এখন জ্ঞানসমৃদ্ধ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলা। তেওঁ লগতে কয় যে এই নতুন শিক্ষা নীতিয়ে ভাৰতত থকা শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ‘অফশোৰ’ (offshore)কেম্পাছৰ বাবেও অনুমোদন জনায়, যিয়ে দেশত চলি থকা ‘ব্ৰেইন ড্ৰেইন’ৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন শিক্ষা নীতি কেনেদৰে কাৰ্যকৰী কৰিব পাৰি সেই সংক্ৰান্তত চিন্তাচৰ্চা চলি আছে। তেওঁ লগতে কয় যে সকলোবোৰ দিশৰ সৰু সৰু খুটি-নাটি মাৰিবৰ বাবে শিক্ষা বিভাগৰ সৈতে সকলো ধৰণে জড়িত সকলো পক্ষৰে দিহা পৰামৰ্শ মুক্তমনেৰে শুনা হৈছে। তেওঁ কয় যে এই শিক্ষা নীতি চৰকাৰৰ শিক্ষা নীতি নহয়, এয়া হৈছে দেশৰ শিক্ষা নীতি।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি আগবঢ়োৱা হৈছে ক্ষীপ্ৰতাৰে পৰিৱৰ্তিত সময়ৰ লগত ফেৰ মাৰিবৰ বাবে। তেওঁ লগতে কয়, প্ৰযুক্তিয়ে আঞ্চলিক আৰু সামাজিক ভাৰসাম্যহীনতা নাইকিয়া কৰিবৰ বাবে এক মুক্তক্ষেত্ৰ প্ৰদান কৰে আৰু ইয়েই শিক্ষাক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাব।

তেওঁ কয়, উচ্চ শিক্ষাৰ প্ৰতিটো দিশ যেনে শৈক্ষিক, কাৰিকৰী, ব্যৱহাৰিক ইত্যাদিৰ প্ৰতিটো দিশকেই পৰম্পৰাগত পৰিকাঠামোৰ পৰা উলিয়াই অনাৰ পূৰ্ণ প্ৰয়াস কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এই ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ক সম্পূৰ্ণ উৎসাহেৰে কাৰ্যকৰী কৰাৰ আহ্বান জনায়।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India, Australia clinched Uranium deal

Media Coverage

How India, Australia clinched Uranium deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian contingent on winning Gold Medals at the 56th International Physics Olympiad (IPhO) 2026
July 13, 2026

The Prime Minister, Shri Narendra Modi has congratulated the Indian contingent of Kanishk Jain, Riddhesh Anant Bendale, Rishit Garg, Shresth Suraiya and Svarit Joshi for winning Gold Medals at the 56th International Physics Olympiad (IPhO) 2026 held in Bucaramanga, Colombia.

The Prime Minister said that their feat reflects yet another example of the limitless potential of the nation’s Yuva Shakti and their passion for science and research.

Shri Modi also noted that, over the last decade, Indian students have performed exceptionally well in the various editions of this platform.

The Prime Minister wrote on X;

“An outstanding performance by our youngsters!

Congratulations to the Indian contingent of Kanishk Jain, Riddhesh Anant Bendale, Rishit Garg, Shresth Suraiya and Svarit Joshi for winning Gold Medals at the 56th International Physics Olympiad (IPhO) 2026 held in Bucaramanga, Colombia.

Their feat reflects yet another example of the limitless potential of our Yuva Shakti and their passion towards science and research. Equally commendable is the fact that in the last decade, our students have performed exceptionally well in the various editions of this platform.”