শিক্ষা খণ্ডৰ একাধিক মূল পদক্ষেপৰো শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
আজাদী কা অমৃত মহোৎসৱৰ অধীনত শুভাৰম্ভ কৰা নতুন পদক্ষেপসমূহে শিক্ষা খণ্ডত এক নৱজাগৰণৰ সূচনা কৰাৰ লগতে ভাৰতীয় শিক্ষা ব্যৱস্থাক বিশ্ব মানচিত্ৰত স্থান প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী
যদিও আমি এক পৰিৱৰ্তনশীল সময়ৰ মাজত আছো, আমাৰ সৈতে আধুনিক আৰু ভৱিষ্যতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিও আছেঃ প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰি প্ৰতিগৰাকী অলিম্পিয়ান আৰু পেৰালিম্পিয়ানে ৭৫খন বিদ্যালয় ভ্ৰমণ কৰিব
শিক্ষাখণ্ডৰ নতুন পৰিৱৰ্তনসমূহ কেৱল নীতিভিত্তিক নহয়, বৰঞ্চ অংশগ্ৰহণমূলক: প্ৰধানমন্ত্ৰী
যদিও আমি এক পৰিৱৰ্তনশীল সময়ৰ মাজত আছো, আমাৰ সৈতে আধুনিক আৰু ভৱিষ্যতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিও আছেঃ প্ৰধানমন্ত্ৰী মোদী
‘বিদ্যাঞ্জলি ২.০’ৰ দৰে মঞ্চই ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ লগতে দেশৰ ‘সবকা প্ৰয়াস’ সংকল্পকে সূচাইছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰি প্ৰতিগৰাকী অলিম্পিয়ান আৰু পেৰালিম্পিয়ানে ৭৫খন বিদ্যালয় ভ্ৰমণ কৰিব
নিষ্ঠা ৩.০ই প্ৰতিযোগিতাভিত্তিক শিক্ষণ, কলা সংহতকৰণ আৰু সৃষ্টিশালী আৰু গুৰুত্বপূৰ্ণ চিন্তাধাৰাত উদ্গনি যোগাবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আজি শিক্ষক পৰ্বৰ উদ্বোনী সমাৰোহৰত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ ভাৰতীয় সাংকেতিক ভাষা অভিধান(শ্ৰৱন শক্তিহীন দিব্যাংগসকলৰ সাৰ্বজনীন শিক্ষণ ডিজাইনৰ অনুৰূপ শ্ৰাব্য আৰু লিখিত সাংকেতিক ভাষা), টকিং বুক (দৃষ্টিহীনসকলৰ বাবে শ্ৰাব্য গ্ৰন্থ), চিবিএছইৰ বাবে স্কুল কোৱালিটী এছ্যুৰেন্স আৰু এছেচমেণ্ট ফ্ৰেমৱৰ্ক, নিপুন ভাৰতৰ বাবে নিষ্ঠা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিদ্যাঞ্জলি প’ৰ্টেল (শিক্ষা স্বেচ্ছাসেৱকসকল/দাতব্য/বিদ্যালয়ৰ উন্নয়নৰ বাবে চিএছআৰ বৰঙণিদাতাসকলৰ)ৰ শুভাৰম্ভ কৰে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা শিক্ষকসকলক অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ জটিল ক্ষণত দেশৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ় দিয়াত আগবঢ়োৱা অৱদানৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰশংসা কৰে৷ তেওঁ কয় যে আজি শিক্ষক পৰ্ব উপলক্ষে কেইবাটাও নতুন আঁচনি শুভাৰম্ভ কৰা হৈছে, যিবোৰ অতি গুৰুত্বপূৰ্ণ, কিয়নো দেশে বৰ্তমান আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি আছে৷ ১০০সংখ্যক স্বাধীনতা দিৱসৰ পাছত ভাৰতখন কেনেকুৱা হ’ব, সেই সম্পৰ্কে নতুন সংকল্প লোৱা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু সকলো শৈক্ষিক সমূদায়ক মহামাৰীৰ প্ৰত্যাহ্বান বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰাৰ লগতে জটিল সময় মোকাবিলা কৰিব পৰাকৈ তেওঁলোক সক্ষমতা বিকাশৰ আহ্বান জনায়৷ তেওঁ কয়, “যদিও আমি এক পৰিৱৰ্তনশীল সময়ৰ মাজত আছো, আমাৰ সৈতে আধুনিক আৰু ভৱিষ্যতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিও আছে৷”

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰস্তুত কৰা আৰু ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা শিক্ষাবিদ, বিশেষজ্ঞ, শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰশংসা কৰে৷ তেওঁ সকলো এই অংশগ্ৰহণক নতুন মাত্ৰা প্ৰদানৰ আহ্বান জনোৱাৰ লগতে সমাজকো ইয়াৰ সৈতে জড়িত হ’বলৈ কয়৷ এই শিক্ষাখণ্ডৰ এই পৰিৱৰ্তন কেৱল নীতিভিত্তিকেই নহয়, সেয়া অংশগ্ৰহণমূলক বুলিও তেওঁ লগতে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ লগতে ‘বিদ্যাঞ্জলি ২.০’ৰ দৰে মঞ্চই দেশৰ ‘সবকা প্ৰয়াস’ সংকল্পকে সূচাইছে৷ সমাজত আমাৰ ব্যক্তিগত খণ্ড আগুৱাই আহিছে আৰু চৰকাৰী স্কুলত শিক্ষাৰ মানদণ্ড বৃদ্ধিত অৰিহণা যোগাইছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত কেইটামান বৰ্ষত জনতাৰ অংশগ্ৰহণ পুনৰ ভাৰতৰ ৰাষ্ট্ৰীয় বৈশিষ্ট্যত পৰিণত হৈছে৷ বিগত ৬-৭ বছৰত জনতাৰ অংশগ্ৰহণৰ শক্তিৰ বাবে ভাৰতৰ বহু কাম কৰা হৈছে, যিবোৰ পূৰ্বতে কল্পনা কৰাই অসম্ভৱ আছিল৷ যেতিয়া সমাজে একেলগ হৈ কাম কৰে, তেতিয়া ইপ্সিত লক্ষ্যত উপনীত হোৱাটো নিশ্চিত বুলিও তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে জীৱনৰ সকলো পৰ্যায়ৰ লোকে যুৱক-যুৱতীসকলৰ ভৱিষ্যৎ গঢ় দিয়াত ভূমিকা পালন কৰে৷ সদ্যসমাপ্ত অলিম্পিক আৰু পেৰালিম্পিকত আমাৰ খেলুৱৈসকলৰ চমকপ্ৰদ প্ৰদৰ্শনৰ কথা দোঁহাৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ প্ৰতিগৰাকী খেলুৱৈক আজাদী কা অমৃত মহোৎসৱৰ সময়ত দেশৰ ৭৫খন বিদ্যালয় ভ্ৰমণ কৰাৰ বাবে অনুৰোধ কৰাটোত তেওঁলোকে সন্মতি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে৷ তেওঁ কয় যে এই পদক্ষেপে প্ৰতিভাৱান শিক্ষাৰ্থীসকলক ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি উৎসাহ বৃদ্ধি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এখন দেশৰ প্ৰগতিৰ বাবে শিক্ষা কেৱল সা্মগ্ৰিক হোৱাই নহয়, সমতাকেন্দ্ৰিক হোৱা উচিত৷ তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় ডিজিটেল আৰ্কিটেকচাৰে শিক্ষা ক্ষেত্ৰত অসমতা দূৰীকৰণৰ লগতে ইয়াৰ আধুনিকীকৰণত মুখ্য ভূমিকা পালন কৰিব৷ এন-ডিয়েৰে বিভিন্ন শৈক্ষিক কাম-কাজৰ ক্ষেত্ৰত ‘ছুপাৰ কানেক্ট’ হিচাপে কাম কৰিব৷ এই উপলক্ষে তেওঁ শিক্ষাৰ অংশ হিচাপে টকিং বুল আৰু অডিঅ’ বুকছৰ দৰে প্ৰযুক্তি প্ৰস্তুত কৰা বুলি কয়৷ তেওঁ কয় যে আজি কাৰ্যকৰী কৰা স্কুল কোৱালিটী এছেচমেণ্ট ফ্ৰেমৱৰ্কে শিশু মনোবিজ্ঞান, মূল্যায়ন, অন্তৰ্ভূক্তিমূলক প্ৰশিক্ষণ আৰু চৰকাৰী প্ৰক্ৰিয়াৰ দৰে এক সামূহিক বিজ্ঞানসন্মত পৰিকাঠামো গঢ় দিব৷ এছকিউএএএফে এই অসমতাৰ মাজত যোগসূত্ৰ ৰক্ষাত সহায় কৰিব৷

তেওঁ লগতে কয় যে বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল যুগত আমাৰ শিক্ষকসকলে নতুন ব্যৱস্থা আৰু প্ৰযুক্তিৰ বিষয়ে শিকিব লাগিব৷ তেওঁ লগতে জনায় যে ‘নিষ্ঠা’ প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে দেশৰ এই পৰিৱৰ্তনৰ সৈতে খাপ খাব পৰাকৈ শিক্ষকসকলক সাজু কৰি তোলা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ শিক্ষকসকলে কেৱল বিশ্ব পৰ্যায়ৰ মানদণ্ডতে উপনীত হোৱা নাই, বৰঞ্চ তেওঁলোকৰ বিশেষ মূলধনো আছে৷ এই বিশেষ মূলধন আৰু বিশেষ সক্ষমতা হৈছে তেওঁৰ সৈতে থকা ভাৰতীয় সংস্কৃতি৷ তেওঁ কয় যে আমাৰ শিক্ষকসকলে তেওঁলোকৰ কামক বৃত্তি হিচাপে নলয়, তেওঁলোকৰ বাবে শিক্ষণ হৈছে মানবীয় সহানুভূতি, এক পবিত্ৰ কৰ্তব্য৷ সেইবাবেই আমাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৃত্তিগত সম্পৰ্কৰ বিপৰীতে এক পৰিয়ালৰ দৰে সম্পৰ্ক স্থাপন হয়৷ এই সম্পৰ্ক জীৱনজুৰি থাকে বুলিও প্ৰধানমন্ত্ৰীয়ে লগতে কয়৷

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-KUSUM 2.0 aims to help farmers generate RE alongside crops: Joshi

Media Coverage

PM-KUSUM 2.0 aims to help farmers generate RE alongside crops: Joshi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”