শিক্ষা খণ্ডৰ একাধিক মূল পদক্ষেপৰো শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
আজাদী কা অমৃত মহোৎসৱৰ অধীনত শুভাৰম্ভ কৰা নতুন পদক্ষেপসমূহে শিক্ষা খণ্ডত এক নৱজাগৰণৰ সূচনা কৰাৰ লগতে ভাৰতীয় শিক্ষা ব্যৱস্থাক বিশ্ব মানচিত্ৰত স্থান প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী
যদিও আমি এক পৰিৱৰ্তনশীল সময়ৰ মাজত আছো, আমাৰ সৈতে আধুনিক আৰু ভৱিষ্যতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিও আছেঃ প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰি প্ৰতিগৰাকী অলিম্পিয়ান আৰু পেৰালিম্পিয়ানে ৭৫খন বিদ্যালয় ভ্ৰমণ কৰিব
শিক্ষাখণ্ডৰ নতুন পৰিৱৰ্তনসমূহ কেৱল নীতিভিত্তিক নহয়, বৰঞ্চ অংশগ্ৰহণমূলক: প্ৰধানমন্ত্ৰী
যদিও আমি এক পৰিৱৰ্তনশীল সময়ৰ মাজত আছো, আমাৰ সৈতে আধুনিক আৰু ভৱিষ্যতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিও আছেঃ প্ৰধানমন্ত্ৰী মোদী
‘বিদ্যাঞ্জলি ২.০’ৰ দৰে মঞ্চই ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ লগতে দেশৰ ‘সবকা প্ৰয়াস’ সংকল্পকে সূচাইছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰি প্ৰতিগৰাকী অলিম্পিয়ান আৰু পেৰালিম্পিয়ানে ৭৫খন বিদ্যালয় ভ্ৰমণ কৰিব
নিষ্ঠা ৩.০ই প্ৰতিযোগিতাভিত্তিক শিক্ষণ, কলা সংহতকৰণ আৰু সৃষ্টিশালী আৰু গুৰুত্বপূৰ্ণ চিন্তাধাৰাত উদ্গনি যোগাবঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ!

শিক্ষক পৰ্বৰ এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত আমাৰ সৈতে জড়িত হৈ থকা কেবিনেটত মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, ডঃ সুভাষ চৰকাৰৰ জী, ডঃ ৰাজকুমাৰ ৰঞ্জন সিং জী, দেশৰ বেলেগ-বেলেগ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰীসকল, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল ৰূপ প্ৰস্তুতকৰ্তা সমিতিৰ অধ্যক্ষ ডঃ কস্তুৰী ৰঞ্জন জী, তেওঁৰ টিমৰ সকলো মাননীয় সদস্যসকল, আমাৰ সৈতে জড়িত সমগ্ৰ দেশৰ সকলো বিদ্বান অধ্যক্ষ, শিক্ষক, আৰু মৰমৰ বিদ্যাৰ্থীসকল!

সৰ্বপ্ৰথমে, ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰা আমাৰ শিক্ষকসকলক বহুত-বহুত অভিনন্দন জ্ঞাপন কৰিছো৷ আপোনালোক সকলোৱে কঠিন সময়ত দেশত শিক্ষাৰ বাবে, বিদ্যাৰ্থীসকলৰ ভৱিষ্যতৰ বাবে যি এক নিষ্ঠাৰে প্ৰয়াস কৰিছে, যোগদান দিছে, সেয়া অতুলনীয়, প্ৰশংসনীয়৷ এই কাৰ্য্যক্ৰমত আমাৰ যিসকল বিদ্যাৰ্থী উপস্থিত আছে, মই তেওঁলোকৰ চেহেৰাও স্ক্ৰিণত দেখি আছো৷ ডেৰ-দুই বছৰত প্ৰথমবাৰৰ বাবে এক বেলেগ ধৰণৰ উজ্জ্বলতা আপোনাৰ চেহেৰাত দেখা গৈছে৷ এই চমক  সম্ভৱতঃ স্কুল খোলাৰ যেন লাগে৷ বহুসময়ৰ পিছত স্কুল যোৱা, বন্ধুসকলৰ সৈতে লগ হোৱা, শ্ৰেণীকোঠাত পঢ়া-শুনা কৰা, তাৰ আনন্দই বেলেগ ধৰণৰ হয়৷  কিন্তু উৎসাহৰ লগতে কৰোনাৰ নিয়মসমূহ পালনো আমি সকলোৱে, আপুনিও সম্পূৰ্ণ কঠোৰভাৱে পালন কৰিব লাগিব৷

বন্ধুসকল,

আজি শিক্ষক পৰ্ব উপলক্ষে বহুতো নতুন যোজনাৰ আৰম্ভণি হৈছে৷ আৰু এতিয়া আমি এখন সৰু চলচ্চিত্ৰৰ দ্বাৰা এই সকলো যোজনাসমূহৰ বিষয়ে তথ্য লাভ কৰিছো৷ এই পদক্ষেপ এইবাবেও গুৰুত্বপূৰ্ণ কাৰণ দেশে এতিয়া স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে৷ স্বাধীনতাৰ ১০০ বছৰ হোৱালৈকে ভাৰত কেনে হ’ব, তাৰ বাবে এতিয়া ভাৰতে সংকল্প গ্ৰহণ কৰি আছে৷ এতিয়া যিবোৰ যোজনা আৰম্ভণি কৰা হৈ আছে, সেইবোৰে ভৱিষ্যতৰ ভাৰতক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ এতিয়া বিদ্যাঞ্জলি-২.০, নিষ্ঠা-৩.০, টকিং বুকচ আৰু ইউডিএল ভিত্তিক আইএছএল-ডিকছনৰি ৰ দৰে নতুন কাৰ্যসূচী আৰু ব্যৱস্থা আৰম্ভণি কৰা হৈছে৷ স্কুল কোৱালিটি এচেচমেন্ট এণ্ড এচুৰেঞ্চ ফ্ৰেমৱাৰ্ক, মানে এছ.কিউ.এ.এ.এফ. ৰ দৰে আধুনিক আৰম্ভণিও হৈছে, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ই না কেৱল আমাৰ শিক্ষা ব্যৱস্থাক বিশ্বজুৰি প্ৰতিযোগীতামূলক হিচাপে তৈয়াৰ কৰিব, লগতে আমাৰ যুৱসকলকো ভৱিষ্যতৰ বাবে সাজু কৰাত বহুত সহায়ক হ’ব৷

বন্ধুসকল,

এই কৰোনাকালত আপোনালোক সকলোৱে দেখিছে যে আমাৰ শিক্ষা ব্যৱস্থাৰ সামৰ্থ্য কিমান বেছি৷ প্ৰত্যাহ্বান বহুত আছিল, কিন্তু আপোনালোক সকলোৱে সেই প্ৰত্যাহ্বানসমূহক ক্ষিপ্ৰতাৰে সমাধান কৰিলে৷ অনলাইন ক্লাছ, গুপ ভিডিঅ কল, অনলাইন প্ৰজেক্ট, অনলাইন একজাম, আগতে এনে শব্দও বহু লোকে শুনাই পোৱা নাছিল৷ কিন্তু আমাৰ শিক্ষকসকলে, অভিভাৱকসকলে, আমাৰ যুৱসমাজে সৰলতাৰে এইবোৰ দৈনন্দিন জীৱনৰ অংগ কৰি পেলালে!

বন্ধুসকল,

এতিয়া সময় হ’ল যে আমি নিজৰ এই ক্ষমতাসমূহক আগবঢ়াই লৈ যাওঁ৷ আমি এই বিপদৰ সময়ত যিবোৰ শিকিছো সেইবোৰক এক নতুন দিশ প্ৰদান কৰো৷ সৌভাগ্যক্ৰমে, এতিয়া দেশৰ ওচৰত পৰিবৰ্তনৰ আৰু এক বাতাৱৰণ হৈছে লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৰে আধুনিক তথা অত্যাধুনিক নীতিও আছে৷ সেয়েহে, যোৱা কিছু সময়ত দেশে অবিৰতভাৱে শিক্ষা খণ্ডত এটাৰ ওপৰত এটা নিৰ্ণয় গ্ৰহণ কৰি আছে, এক পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে৷ আৰু ইয়াৰ পিছত সকলোতকৈ ডাঙৰ যি শক্তি আছে, সেইফালে মই সকলো বিদ্বানৰ ধ্যান আকৰ্ষিত কৰিব বিচাৰিছো৷ এই অভিযান কেৱল নীতি ভিত্তিক নহয়, কিন্তু অংশগ্ৰহণভিত্তিক হে৷ এনইপি ৰ গঠনৰ পৰা লৈ ৰূপায়ন লৈক্, সকলো স্তৰতে শিক্ষাবিদসকলৰ, বিশেষজ্ঞসকলৰ, শিক্ষকসকলৰ, সকলোৰে বৰঙণি আছে৷ আপোনালোক সকলো ইয়াৰ বাবে প্ৰশংসাৰ পাত্ৰ৷ এতিয়া আমি এই অংশীদাৰীত্বক এক নতুন স্তৰলৈ লৈ যাব লাগিব, আমি ইয়াতে সমাজখনকো জঢ়িত কৰিব লাগিব৷

বন্ধুসকল,

আমাৰ ইয়াত কোৱা হয়-

ব্যয়ে কৃতে বৰ্ধতে এব নিত্যম বিদ্যাধনম সৰ্বধন প্ৰধানম৷৷

মানে, বিদ্যা সকলো সম্পদৰ মাজত, সকলো সম্পত্তিৰ মাজত সকলোতকৈ ডাঙৰ সম্পত্তি৷ কিয়নো বিদ্যাই এনে ধন, যি আনক দান কৰিলে বঢ়ে৷ বিদ্যাৰ দান, শিক্ষা দান কৰা সকলৰ জীৱনলৈও বহুত ডাঙৰ পৰিবৰ্তন আনে৷ এই কাৰ্যসূচীত জড়িত আপোনালোক সকলো শিক্ষকেও হয়টো হৃদয়ৰ পৰা এইটো অনুভৱ কৰিছে৷ কাৰোবাক নতুন কিবা শিকাই দিয়াৰ যি সুখ আৰু সন্তোষ, সেয়া বেলেগ হয়৷ 'বিদ্যাঞ্জলি ২.০', এই পুৰাতন পৰম্পৰাক এতিয়া এক নতুন ৰঙেৰে শক্তিশালী কৰি তুলিব৷ দেশে 'সাবকা সাথ সাবকা বিকাশ সাবকা বিশ্বাসৰ সৈতে 'সাবকা প্ৰয়াস' ৰ যি সংকল্প লৈছে, 'বিদ্যাঞ্জলি ২.০' তাৰ বাবে এক বহু ডাঙৰ জীৱন্ত মঞ্চৰ দৰে৷ স্পন্দনশীল মঞ্চৰ দৰে৷ ইয়াত আমাৰ সমাজ, আমাৰ ব্যক্তিগত খণ্ড আগবাঢ়ি আহিব লাগিব আৰু চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত নিজৰ অৱদান দিব লাগিব৷

বন্ধুসকল,

অনাদি কালৰ পৰাই ভাৰতত সমাজৰ সামুহিক শক্তিক বিশ্বাস কৰি অহা হৈছে৷ এয়া শতাব্দীজুৰি আমাৰ সমাজিক পৰম্পৰাৰ অংশ৷ যেতিয়া সমাজে মিলি কিবা কৰে, তেতিয়া ইপ্সিত পৰিমাণ নিশ্চিতভাৱে লাভ কৰে৷ আৰু আপোনালোকে হয়টো এইটো দেখিছে, আৰু দেখিছে যে যোৱা কিছুবছৰত জন-অংশীদাৰীত্ব এতিয়া পুনৰাই ভাৰতক ৰাষ্ট্ৰীয় চৰিত্ৰত পৰিণত হৈ গৈ আছে৷ যোৱা ৬-৭ বছৰত জন-অংশীদাৰীত্বৰ শক্তিৰে ভাৰতত এনে এনে কাৰ্য্য হৈছে, যাৰ কোনোই কল্পনাও কৰিব নোৱাৰে৷ লাগিলে স্বচ্ছতা আন্দোলন হওঁক, গিভ ইট আপ ৰ উদ্যমেৰে সকলো দুখীয়াৰে ঘৰত গেছৰ সংযোগ দিয়াটোই হওঁক, দুখীয়াসকলক ডিজিটেন লেনদেন শিকোৱাটোই হওঁক, সকলো ক্ষেত্ৰতে ভাৰতৰ প্ৰগতিৰ ফলত, জন-অংশীদাৰীত্বৰ পৰা শক্তি লাভ কৰিছে৷ এতিয়া 'বিদ্যাঞ্জলি' ও এই ক্ষেত্ৰত এক সোণালী অধ্যায় তৈয়াৰ কৰিবলৈ গৈ আছে৷ 'বিদ্যাঞ্জলি' দেশৰ সকলো নাগৰিকৰ বাবে আহ্বান যে তেওঁলোকে তাত অংশীদাৰ হওঁক, দেশৰ ভৱিষ্যতত গঢ়াত নিজৰ সক্ৰিয় ভূমিকা পালন কৰে! দুখোজ আগুৱাই আহে৷ আপুনি এজন অভিজন্তা হ’ব পাৰে, এজন ডাক্তৰ হ’ব পাৰে, এজন গৱেষক বিজ্ঞানী হ’ব পাৰে, আপুনি কৰবাত আইএএছ বিষয়া হৈ কৰবাত কালেক্তৰ ৰূপেও কৰবাত কাম কৰিব পাৰে৷ তথাপিও আপুনি কোনো বিদ্যালয়ত গৈ শিশুসকলক কিমান কথা শিকাব পাৰে! আপোনাৰ যোগেৰে সেইসকল শিশুই যি শিকিবলৈ পাব, সেইবোৰৰ পৰা তেওঁলোকৰ সপোনে নতুন দিশ লাভ কৰিব পাৰে৷ আপুনি আৰু মই এনে কিমান মানুহৰ বিষয়ে জানো, যিয়ে এনে কৰিও আছে৷ বেংকৰ বহুতো অৱসৰপ্ৰাপ্ত মেনেজাৰ আছে কিন্তু উত্তৰাখণ্ডৰ দুৰ্গম পাহাৰীয়া ক্ষেত্ৰত শিশুসকলক পঢ়াই আছে অৱসৰৰ পিছত৷ বহুতো চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে কিন্তু দুখীয়া শিশুসকলক অনলাইন শ্ৰেণী পঢ়াই আছে, তেওঁলোকৰ বাবে সম্পদ উপলব্ধ কৰাই আছে৷ মানে, আপুনি লাগিলে সমাজৰ যিকোনো ভূমিকাতে নাথাকক কিয়, সফলতাৰ যিকোনো ধাপতে নাথাকক কিয়, যুৱসকলৰ ভৱিষ্যত নিৰ্মাণত আপোনাৰো ভূমিকা আছে, আৰু অংশীদাৰীত্বও আছে! শেহতীয়াকৈ সমাপ্ত হোৱা ট’কিও অলিম্পিক আৰু পেৰা-অলিম্পিকত আমাৰ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে৷ আমাৰ যুৱকসকলে ইয়াৰ পৰা কিমান প্ৰেৰণা লাভ কৰিছে৷ মই আমাৰ খেলুৱৈসকলক অনুৰোধ কৰিছো যে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰত্যেক গৰাকী খেলুৱৈ কমেও ৭৫ খন স্কুললৈ যায়৷ মই সুখী যে এই খেলুৱৈসকলে মোৰ কথা স্বীকাৰ কৰিছে৷ আৰু মই সকলো মাননীয় শিক্ষকসকলক কওঁ, অধ্যক্ষসকলক কওঁ যে আপোনালোকে আপোনালোকৰ এলেকাত এই খেলুৱৈসকলৰ সৈতে যোগাযোগ কৰক৷ তেওঁলোকক নিজৰ স্কুললৈ মাতক৷ শিশুসকলৰ সৈতে তেওঁলোকৰ কথা-বতৰা অনুষ্ঠিত কৰক৷ চাওঁক ইয়াৰ ফলত আমাৰ শিক্ষাৰ্থীসকলে কিমান প্ৰেৰণা লাভ কৰে, কিমান প্ৰতিভাৱান শিক্ষাৰ্থীয়ে খেলসমূহত আগুৱাই যাবলৈ সাহস লাভ কৰে৷

বন্ধুসকল,

আজি আন এক গুৰুত্বপূৰ্ণ আৰম্ভণি স্কুল কোৱালিটি এচেচমেন্ট এণ্ড এচুৰেঞ্চ ফ্ৰেমৱাৰ্ক মানে এছ.কিউ.এ.এ.এফ. ৰ মাধ্যমেৰেও হৈ আছে৷ এতিয়ালৈ দেশত আমাৰ স্কুলসমূহৰ বাবে, শিক্ষাৰ বাবে কোনো এক উমৈহতীয়া বৈজ্ঞানিক আধাৰ নাছিল৷ উমৈহতীয়া আধাৰ অবিহনে শিক্ষাৰ সকলো দিশ যেনে- পাঠ্যক্ৰম, শিক্ষাদান, মূল্যায়ন, আন্তঃগাঁথনি, সন্মিলিত অনুশীলন আৰু পৰিচালনা পদ্ধতি, এই সকলো বাবে মান নিৰ্ধাৰণ কৰাতোত সমস্যা হৈছিল৷ ইয়াৰ ফলত দেশৰ বেলেগ বেলেগ অংশত, বেলেগ বেলেগ স্কুলত শিক্ষাৰ্থীসকল শিক্ষাত অসমানতা চিকাৰ হ’ব লগা হৈছিল৷ কিন্তু এছ.কিউ.এ.এ.এফ এ এতিয়া এই পুখুৰী পোতাৰ কাম কৰিব৷ ইয়াৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হ’ল এই আধাৰত নিজৰ প্ৰয়োজনীয়তা অনুসৰি সলনি কৰাৰ নমনীয়তাও ৰাজ্যসমূহৰ লগত থাকিব৷ বিদ্যালয়সমূহেও ইয়াৰ আধাৰ নিজৰ মূল্যায়ন নিজেই কৰিব পাৰে৷ ইয়াৰ আধাৰত স্কুলসমূহক এক ৰূপগত পৰিবৰ্তনৰ বাবে উৎসাহিত কৰিব পৰা যাব৷

বন্ধুসকল,

শিক্ষাৰ ক্ষেত্ৰত অসমানতাক শেষ কৰি সেইটোক আধুনিক বনাবলৈ নেচনেল ডিজিটেল এডুকেচন আৰ্কিটেকচাৰ মানে, এন-ডিইএআৰ ও ডাঙৰ ভূমিকা হ’ব গৈ আছে৷ যেনেদৰে ইউপিআই ইন্টাৰফেচ এ বেংকিং খণ্ডৰ বিপ্লৱ সূচনা কৰি পেলালে, তেনেদৰেই এন-ডিইএআৰ এ সকলো শৈক্ষিক কাৰ্য্যকলাপৰ মাজত এক উত্তম সংযোগকাৰী হিচাপে কাম কৰিব৷ এখন স্কুলৰ পৰা অন্য স্কুললৈ যাব লাগিলে বা শিক্ষাত নামভৰ্তি, বহু প্ৰৱেশ-প্ৰস্থানৰ ব্যৱস্থা হওঁক, বা একাডেমিক ক্ৰেডিট বেংক আৰু ছাত্ৰ-ছাত্ৰীৰ দক্ষতাৰ ৰেকৰ্ড, সকলো এন-ডিইএআৰ ৰ জড়িয়তে সহজেই উপলব্ধ হ’ব৷ এই সকলো পৰিবৰ্তন আমাৰ 'নিউ এজ এডুকেচন' ৰ ৰূপও হ’ব, আৰু উন্নত মানৰ শিক্ষাৰ ক্ষেত্ৰত ভেদভাৱো শেষ হ’ব৷

বন্ধুসকল,

আপোনালোক সকলো এই কথাটোৰ সৈতে পৰিচিত যে যিকোনো দেশৰে প্ৰগতিৰ বাবে শিক্ষা না কেৱল সামগ্ৰিক হ’ব লাগে আনকি ন্যায়সংগতও হ’ব লাগে৷ সেয়েহে, এতিয়া দেশৰ টকিং বুকচ আৰু অ’ডিঅ বুকচৰ দৰে কৌশল শিক্ষাৰ অংশ কৰি তোলা হৈছে৷ ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্নিং মানে ইউডিএল ৰ আধাৰত ১০ হাজাৰ শব্দৰ ইণ্ডিয়ান চাইন লেনগুৱেজ ডিকছনৰিকো বিকাশিত কৰা হৈছে৷ অসমৰ বিহুৰ পৰা লৈ ভাৰত নাত্যম লৈ, সংকেতিক ভাষা আমাৰ ইয়াত বহু শতিকাৰ পৰাই কলা আৰু সংস্কৃতিৰ অংশ৷ এতিয়া দেশে প্ৰথমবাৰ চাইন লেনগুৱেজক এক বিষয় ৰূপে পাঠ্যক্ৰমৰ এক অংশ হিচাপে গ্ৰহণ কৰিছে, যাতে যি নিষ্পাপ শিশুক ইয়াৰ বিশেষ প্ৰয়োজন আছে, তেওঁ কাৰো পিছত ৰৈ নাযায়! এই কৌশল দিব্যাংগ যুৱকসকলৰ বাবেও এক নতুন পৃথিৱীৰ নিৰ্মাণ কৰিব৷ তেনেদৰে, নিপুণ ভাৰত অভিযানত তিনি বছৰৰ পৰা ৪ বছৰৰ শিশুৰ বাবে ফাইণ্ডেচনেল লিটাৰেচি এণ্ড নিউমাৰেচি মিচনৰ আৰম্ভণি কৰা হৈছে৷ ৩ বছৰ বয়সৰ পৰাই সকলো শিশু বাধ্যতামূলকভাৱে প্ৰি-স্কুল শিক্ষা লাভ কৰিব, এই দিশত দৰকাৰী পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ এই সকলো প্ৰয়াসক আমি বহু দূৰলৈ লৈ যাব লাগিব, আৰু ইয়াত আপোনালোক সকলোৰে, বিশেষকৈ আমাৰ শিক্ষক বন্ধুসকলৰ ভূমিকা বহুত বেছি গুৰুত্বপূৰ্ণ৷

বন্ধুসকল,

আমাৰ শাস্ত্ৰত কোৱা হৈছে-

"দৃষ্টান্তৌ নৈব দৃষ্টঃ ত্ৰি-ভূৱন জঠৰে, সদগুৰৌঃ জ্ঞান দাতুঃ"

অৰ্থাৎ, সমগ্ৰ ব্ৰহ্মাণ্ডত গুৰুৰ কোনো উপমা নাই, কোনো তুলনা নায়৷ যি কাম গুৰুই কৰিব পাৰে সেয়া কোনোই কৰিব নোৱাৰে৷ সেয়েহে, আজি দেশে নিজৰ যুৱসকলৰ বাবে শিক্ষাৰ সৈতে জড়িত যি প্ৰয়াস কৰি আছে, তাৰ নিয়ন্ত্ৰণ আমাৰ এই শিক্ষক ভাই-ভনীসকলৰ হাতত আছে৷ কিন্তু ক্ষিপ্ৰতাৰে সলনি হৈ থকা এই সময়ত আমাৰ শিক্ষকসকলেও নতুন ব্যৱস্থা আৰু কৌশলসমূহৰ বিষয়ে ক্ষিপ্ৰতাৰে শিকিবলগীয়া হয়৷ 'নিষ্ঠা' প্ৰশিক্ষণ কাৰ্যসূচীৰে এই প্ৰশিক্ষণৰ এক ভাল নিষ্ঠা আপোনালোকৰ সন্মূখত এতিয়া প্ৰস্তুত কৰা হৈছে৷ এই নিষ্ঠা প্ৰশিক্ষণ কাৰ্যসূচীৰ জড়িয়তে দেশে নিজৰ শিক্ষকসকলক এইবোৰ পৰিবৰ্তনৰ বাবে তৈয়াৰ কৰি আছে৷ 'নিষ্ঠা ৩.০' এতিয়া এই দিশতে আৰু এক পৰবৰ্তী পদক্ষেপ আৰু ইয়াক বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰো৷ আমাৰ শিক্ষকসকলে যেতিয়া যোগ্যতা ভিত্তিক শিক্ষণ, কলা-সন্নিৱেশ, উচ্চ-ক্ৰমৰ চিন্তা আৰু সৃষ্টিমূলক আৰু সমালোচনামূলক চিন্তাৰ দৰে নতুন পদ্ধতিৰ সৈতে পৰিচিত হ’ব তেতিয়া সেয়া ভৱিষ্যতলৈ যুৱসকলক আৰু সহজভাৱে গঢ় দিব পাৰিব৷

বন্ধুসকল,

ভাৰতৰ শিক্ষকসকলৰ যিকোনো আন্তৰ্জাতিক মানদণ্ডত সৈতে মোকাবিলা কৰাৰ ক্ষমতাতো আছেই, লগতে তেওঁলোকৰ তাত নিজৰ বিশেষ পুঁজিও আছে৷ তেওঁলোকৰ এই বিশেষ পুঁজি, এইটোই বিশেষ শক্তি হ’ল তেওঁলোকৰ অন্তৰত থকা ভাৰতীয় সংস্কৃতি৷ আৰু মই আপোনালোকক মোৰ দুটা অনুভৱৰ কথা ক’ব বিচাৰো৷ মই প্ৰধানমন্ত্ৰী হৈ যেতিয়া প্ৰথমবাৰ ভূটান যাওঁ৷ তেতিয়া তাৰ ৰাজ পৰিয়ালে হওঁক, তাৰে শাসকীয় ব্যৱস্থাৰ লোকসকলে হওঁক, বহুত গৰ্বৰে কৈছিল যে আগতে আমাৰ ইয়াতে প্ৰায় সকলো শিক্ষকে ভাৰতৰ পৰা আহিছিল আৰু ইয়াৰ দূৰ-সুদূৰ ঠাইলৈ খোজকাঢ়ি গৈ পঢ়াইছিল৷ আৰু যেতিয়া তেওঁলোকে শিক্ষকসকলৰ কথা কৈছিল৷ ভূটানৰ ৰাজ পৰিয়ালে হওঁক বা তাৰে শাসক হওঁক, বহুত গৰ্বিত অনুভৱ কৰিছিলো, তেওঁলোকৰ চকুত চমক দেখা গৈছিল৷ তেনেদৰে যেতিয়া মই চৌদি আৰৱ যাওঁ আৰু সম্ভৱতঃ চৌদি আৰৱৰ ৰজাৰ সৈতে যেতিয়া কথাপাতি আছিলো তেতিয়া তেওঁ ইমান গৰ্বৰে মোক উল্লেখ কৰি আছিল যে মোক ভাৰতৰ শিক্ষকসকলে পঢ়াইছিল৷ মোৰ শিক্ষকসকল ভাৰতৰ আছিল৷ এতিয়া চাওঁক যিকোনো ব্যক্তি যতে গ’লেও তেওঁলোকৰ মনত শিক্ষকৰ প্ৰতি কি ভাৱ থাকে৷

বন্ধুসকল,

আমাৰ শিক্ষকসকলে নিজৰ কাম কেৱল এক পেশা বুলিয়ে মানি নলয়, তেওঁলোকৰ বাবে পঢ়োৱাটো এক মানৱীয় সংবেদনা, এক পবিত্ৰ আৰু নৈতিক কৰ্তব্য৷ সেয়েহে, আমাৰ ইয়াত শিক্ষক আৰু শিশুৰ মাজত বৃত্তিমূলক সম্পৰ্ক নাথাকে, বৰং পাৰিবাৰিক সম্পৰ্ক থাকে৷ আৰু এই সম্পৰ্ক, এই সম্পৰ্ক আজীৱন থাকে৷ সেয়েহে, ভাৰতৰ শিক্ষক পৃথিৱীৰ যতে নাযাওঁক কিয়, নিজৰ এক বেলেগ ছাপ এৰে৷ সেই কাৰণে এতিয়া ভাৰতৰ যুৱসকলৰ বাবে অপাৰ সম্ভাৱণাও আছে৷ আমি আধুনিক শিক্ষা পৰিবেশতন্ত্ৰৰ হিচাপে নিজকে সাজু কৰিব লাগিব, আৰু এই সম্ভাৱণাসমূহক সুযোগলৈও পৰিবৰ্তনো কৰিব লাগিব৷ তাৰ বাবে আমি অবিৰতভাৱে উদ্ভাৱণ কৰি থাকিব লাগিব৷ আমি শিক্ষণ-শিক্ষা প্ৰক্ৰিয়াক অবিৰতভাৱে পুনৰ-সংজ্ঞায়িত আৰু পুনৰ-পৰিকল্পনা কৰি থাকিব লাগিব৷ যি উদ্যম আপোনালোকে এতিয়ালৈ দেখুৱাইছে, সেয়া আমি এতিয়া আৰু উচ্চতা প্ৰদান কৰিব লাগিব, আৰু সাহস প্ৰদান কৰিব লাগিব৷ মোক কোৱা হৈছে যে শিক্ষক পৰ্বৰ এই উপলক্ষ আপোনালোকে আজিৰ পৰা ১৭ চেপ্তেম্বৰলৈ, ১৭ চেপ্তেম্বৰ আমাৰ দেশত বিশ্বকৰ্মা জয়ন্তী ৰূপে পালন কৰা হয়৷ এই বিশ্বকৰ্মা নিজেই নিৰ্মাতা, সৃষ্টিৰ দেৱতা, যি ৭ তাৰিখৰ পৰা ১৭ তাৰিখলৈ বেলেগ বেলেগ বিষয়ত কৰ্মশালা, সন্মিলন কৰি আছে৷ এয়া এটা প্ৰশংসনীয় প্ৰয়াস৷ সমগ্ৰ দেশৰ ইমান শিক্ষক, বিশেষজ্ঞ, আৰু নীতি প্ৰস্তুতকৰ্তা যেতিয়া একেলগে মন্থন কৰিব তেতিয়া ইয়াৰ মাধ্যমেৰে আৰু স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে এই অমৃতৰ গুৰুত্ব আৰু বাঢ়ি যাব৷ আপোনালোকৰ এই সামুহিক মন্থনৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিক সফলতাৰে বাস্তবায়িত কৰাৰ ক্ষেত্ৰতো বহুত সহায় হ’ব৷ মই বিচাৰো যে এনেদৰে আপোনালোকে নিজৰ চহৰত, গাৱতো স্থানীয় স্তৰত প্ৰয়াস কৰিব৷ মোৰ বিশ্বাসী আছে যে এই দিশত 'সকলোৰে প্ৰয়াস' ৰে দেশৰ সংকল্পসমূহে নতুন গতি লাভ কৰিব৷ অমৃত মহোৎসৱত দেশে যি লক্ষ্য স্তিৰ কৰিছে, সেইবোৰ আমি সকলোৱে লগ হৈ বাস্তবায়িত কৰো৷ এই শুভকামনাবোৰৰ সৈতে, আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ আৰু বহুত বহুত শুভকামনা৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From Vajpayee to Modi: India’s growing influence at the G-7 Summit

Media Coverage

From Vajpayee to Modi: India’s growing influence at the G-7 Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"