"এনডিএ শাসিত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰন্তৰভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে"
"প্ৰযুক্তিৰ সহায়ত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ কৰা হৈছে য'ত বিভিন্ন ডিজিটেল প্লেটফৰ্ম, মোবাইল এপ আৰু ৱেব পৰ্টেল বিকশিত কৰা হৈছে"
"যোৱা ৫ বছৰত গুজৰাটত ১.৫ লাখতকৈও অধিক যুৱকে ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিছে"
"যেতিয়া উন্নয়নৰ চক্ৰ চলি থাকে, প্ৰতিটো খণ্ডতে নিযুক্তিৰ সুযোগ সৃষ্টি হয়"
"সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ভাৰত অনাগত বছৰবোৰত আটাইতকৈ বৃহৎ উৎপাদন কেন্দ্ৰ হৈ পৰিব"
"চৰকাৰৰ দ্বাৰা উন্নয়নৰ সামগ্ৰিক দৃষ্টিভংগীয়ে বৃহৎ পৰিমাণে নিযুক্তিৰ সৃষ্টি কৰিছে"
"যুৱসকলৰ দক্ষতা বিকাশক অগ্ৰাধিকাৰ দিয়া হৈছে"
"কৰ্মযোগী ভাৰত অনলাইন প্লেটফৰ্মত বিভিন্ন অনলাইন পাঠ্যক্ৰমৰ সৰ্বাধিক ব্যৱহাৰ কৰক"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাট চৰকাৰৰ ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হোলী উৎসৱ নিচেই ওচৰত আৰু গুজৰাট ৰোজগাৰ মেলাৰ সংগঠনে তেওঁলোকৰ নিযুক্তি পত্ৰ লাভ কৰা সকলৰ বাবে উৎসৱৰ আনন্দ দুগুণ কৰিব। গুজৰাটত দ্বিতীয়বাৰৰ বাবে ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মৰ বাবে নিৰন্তৰ সুযোগ প্ৰদান কৰা আৰু দেশৰ উন্নয়নত তেওঁলোকৰ সম্ভাৱনা কঢ়িয়াই অনাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএ ৰাজ্য চৰকাৰৰ সকলো বিভাগে সৰ্বাধিক সংখ্যক চাকৰি প্ৰদানৰ বাবে নিৰন্তৰে কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এনডিএ শাসিত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰন্তৰভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে নতুন দায়িত্ব গ্ৰহণ কৰা যুৱক-যুৱতীসকলে সম্পূৰ্ণ নিষ্ঠা আৰু ভক্তিৰে অমৃত কালৰ সংকল্প সমূহ পূৰণ কৰাত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বিগত ৫ বছৰত ১.৫ লাখতকৈও অধিক যুৱকে ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিছে, ইয়াৰ উপৰিও যোৱা ৫ বছৰত ১৮ লাখ যুৱকে নিযুক্তি বিনিময়ৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত চাকৰি লাভ কৰিছে। তেওঁ কয় যে গুজৰাট চৰকাৰে এটা নিযুক্তি কেলেণ্ডাৰ সৃষ্টি কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰিছে। চলিত বৰ্ষত ৰাজ্য চৰকাৰৰ ২৫ হাজাৰৰো অধিক যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰস্তুতি চলি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ সহায়ত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ কৰা হৈছে য'ত বিভিন্ন ডিজিটেল প্লেটফৰ্ম, মোবাইল এপ আৰু ৱেব পৰ্টেল বিকশিত কৰা হৈছে।

যুৱপ্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে নিযুক্তি বৃদ্ধি, উৎপাদন বৃদ্ধি আৰু স্ব-নিযুক্তিৰ বাবে দেশত সঠিক পৰিৱেশ সৃষ্টিৰ ওপৰত জোৰ দি প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি উৎপাদনৰ বাবে দৃঢ় ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে জনায় যে চৰকাৰে চাকৰিৰ পৰিৱৰ্তনশীল প্ৰকৃতি অনুসৰি যুৱসকলৰ বাবে নিশ্চিত বিত্তীয় সাহায্য আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

"যেতিয়া উন্নয়নৰ চক্ৰ চলি থাকে, প্ৰতিটো খণ্ডতে নিযুক্তিৰ সুযোগ সৃষ্টি হয়", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ উল্লেখ কৰে যে আন্তঃগাঁথনি, তথ্য প্ৰযুক্তিৰ লগতে দেশৰ অন্যান্য খণ্ডৰ উন্নয়নমূলক প্ৰকল্পত লাখ লাখ কোটি টকা ব্যয় কৰা হৈছে। তেওঁ উল্লেখ কৰে যে বৰ্তমান কেৱল গুজৰাটতে ১.২৫ লাখ কোটি টকাৰ প্ৰকল্প চলি আছে আৰু এই বছৰৰ বাজেটত আন্তঃগাঁথনিৰ বাবে ১০ লাখ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।

"সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে অহা বছৰবোৰত ভাৰত আটাইতকৈ বৃহৎ উৎপাদন কেন্দ্ৰ হৈ পৰিব", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ উল্লেখ কৰে যে যুৱসকলেহে ভাৰতত এই বিপ্লৱৰ নেতৃত্ব দিব। তেওঁ উল্লেখ কৰে যে ২০ হাজাৰ কোটি বিনিয়োগেৰে গুজৰাটৰ দাহোদত ৰে'ল ইঞ্জিন কাৰখানা নিৰ্মাণ কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে ছেমি কণ্ডাক্টৰৰ এক বৃহৎ কেন্দ্ৰ হ'বলৈ ওলাইছে।

"চৰকাৰৰ উন্নয়নৰ সামগ্ৰিক দৃষ্টিভংগীয়ে বৃহৎ পৰিমাণে নিযুক্তি সৃষ্টি কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ নীতি পৰ্যায়ৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনবোৰ উল্লেখ কৰে যিয়ে এক পৰিৱেশতন্ত্ৰ প্ৰস্তুত কৰিছে য'ত ষ্টাৰ্টআপবোৰৰ প্ৰচাৰ হৈ আছে। তেওঁ জানিবলৈ দিয়ে যে আজি দেশত ৯০ হাজাৰতকৈও অধিক ষ্টাৰ্টআপে কাম কৰি আছে আৰু ইয়াৰ ফলস্বৰূপে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে আৰু লগতে লাখ লাখ যুৱক-যুৱতীক স্ব-নিযুক্তিৰ দিশত অনুপ্ৰাণিত কৰা হৈছে। "চৰকাৰে বেংক গেৰাণ্টি অবিহনে বিত্তীয় সাহায্য আগবঢ়াই আছে", মুদ্ৰা যোজনা আৰু ষ্টেণ্ডআপ ইণ্ডিয়া আঁচনিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ লগতে কয় যে লাখ লাখ মহিলাই আত্মসহায়ক গোটত যোগদান কৰি দৃঢ়তাৰে ভৰিৰ ওপৰত থিয় হৈছে আৰু চৰকাৰেও শ শ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।

দেশত নতুন সম্ভাৱনাৰ বাবে বৃহৎ পৰিমাণৰ দক্ষ জনশক্তি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত বিশ্বৰ তৃতীয় প্ৰধান অৰ্থনীতি হোৱাৰ সম্ভাৱনা আছে। দক্ষতা বিকাশৰ দ্বাৰা সমাজৰ প্ৰতিটো শ্ৰেণী উপকৃত হ'ব লাগে বুলি চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই দলিত, দুখীয়া, জনজাতীয় আৰু প্ৰতিটো অঞ্চলৰ মহিলাসকলক সমান সুযোগ প্ৰদান কৰিব। "যুৱসকলৰ দক্ষতা বিকাশক অগ্ৰাধিকাৰ দিয়া হৈছে", প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত ৩০ টা স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ বিকশিত কৰা হ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে য'ত যুৱসকলক নতুন যুগৰ প্ৰযুক্তিৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হ'ব। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ কথাও স্পৰ্শ কৰে য'ত ক্ষুদ্ৰ শিল্পীসকলক প্ৰশিক্ষণ দিয়া হ'ব যাৰ দ্বাৰা ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক বিশ্ব বজাৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত এক প্ৰৱেশদ্বাৰ প্ৰদান কৰা হ'ব। যুৱসকলক চাকৰিৰ পৰিৱৰ্তনশীল প্ৰকৃতিৰ বাবে নিৰন্তৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটত আইটিআই আৰু সেইসমূহৰ আসনৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। "গুজৰাটৰ প্ৰায় ৬০০ আইটিআইৰ প্ৰায় ২ লাখ আসনত বিভিন্ন দক্ষতাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে", গুজৰাটত আইটিআইত নিযুক্তিৰ পৰিমাণ যথেষ্ট উন্নত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে স্বাধীনতাৰ পিছৰ দশকবোৰত অৱহেলিত হৈ থকা নিযুক্তি সৃষ্টিৰ প্ৰতিটো সুযোগ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ জানিবলৈ দিয়ে যে বাজেটত কেৱাড়িয়া-আতা নগৰৰ একতা মলৰ দৰে প্ৰতিখন ৰাজ্যত ৫০ টা নতুন পৰ্যটন কেন্দ্ৰ আৰু এটা ইউনিটি মলৰ বিকাশৰ কথা ঘোষণা কৰা হৈছে য'ত সমগ্ৰ দেশতে অনন্য সামগ্ৰীৰ প্ৰচাৰ কৰা হ'ব। তেওঁ আৰু কয় যে একলব্য বিদ্যালয়ত প্ৰায় ৪০ হাজাৰ শিক্ষক নিযুক্তিৰ বাবেও এটা ব্যৱস্থা কৰা হৈছে।

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে সতৰ্ক কৰি দিয়ে যে চৰকাৰী চাকৰি লাভ কৰাটো যুৱসকলৰ একমাত্ৰ লক্ষ্য হ'লে তেওঁলোকৰ ব্যক্তিগত বিকাশ বন্ধ হ'ব। তেওঁ জোৰ দি কয় যে এইটো কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা যিয়ে তেওঁলোকক ইয়ালৈ লৈ আহিছে আৰু নতুন কিবা শিকাৰ আগ্ৰহে তেওঁলোকক গোটেই জীৱন আগুৱাই যোৱাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে যুৱসকলক কৰ্মযোগী ভাৰত অনলাইন প্লেটফৰ্মৰ বিভিন্ন অনলাইন পাঠ্যক্ৰমৰ সৰ্বাধিক সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় আৰু কয়, "আপোনাৰ পোষ্টিং য'তেই নহওঁক, আপোনাৰ দক্ষতা উন্নত কৰাৰ প্ৰতি বিশেষ মনোযোগ দিয়ক। এইটো আমাৰ প্ৰচেষ্টা যে প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে যাতে উন্নত প্ৰশিক্ষণ লাভ কৰে।"

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India trained 85,000 engineers in 4 years under Semicon 2.0: Vaishnaw

Media Coverage

India trained 85,000 engineers in 4 years under Semicon 2.0: Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reaffirms commitment to wildlife conservation on World Wildlife Day; shares Sanskrit Subhashitam
March 03, 2026

The Prime Minister, Shri Narendra Modi said that World Wildlife Day is about celebrating the incredible faunal diversity that enriches our planet and sustains our ecosystems. He said it is a day to acknowledge everyone working towards wildlife protection and reaffirm our commitment to conservation, sustainable practices and protecting habitats so that wildlife continues to thrive.

The Prime Minister noted that India cherishes being home to some of the world’s most extraordinary wildlife. He highlighted that India is home to over 70% of the world’s tiger population, has the largest population of the one-horned rhino and the maximum number of Asiatic elephants. He further stated that India is the only place in the world where the majestic Asiatic lion thrives.

The Prime Minister underlined that the Government has undertaken numerous efforts for wildlife protection. These include the setting up of the International Big Cat Alliance as an exceptional forum to share best practices with fellow nations. Other efforts include initiatives aimed at protecting the Great Indian Bustard, Gharial and Sloth Bear, as well as the translocation of cheetahs.

Emphasising India’s cultural ethos, the Prime Minister said that our scriptures pray for the welfare of all living beings and inspire sensitivity towards wildlife along with conservation. He shared a Sanskrit Subhashitam on this occasion which says-

“निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्। तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत्॥”

The Subhashitam conveys that without forests, tigers perish; and without tigers, forests are destroyed. Therefore, the tiger protects the forest and the forest protects the tiger, underscoring the deep interdependence of nature.

In a series of X posts, Shri Modi said;

“World Wildlife Day is about celebrating the incredible faunal diversity that enriches our planet and sustains our ecosystems. It is a day to acknowledge everyone working towards wildlife protection. We reaffirm our commitment to conservation, sustainable practices and protecting habitats so that our wildlife continues to thrive.”

“We in India cherish the fact that we are home to some of the world’s most extraordinary wildlife. We are home to over 70% of the world’s tiger population. We have the largest population of the one-horned rhino, the maximum Asiatic elephants. India is the only place in the world where the majestic Asiatic lion thrives.”

“The NDA Government has undertaken numerous efforts for wildlife protection. This includes the setting up of the International Big Cat Alliance, an exceptional forum to share best practices with fellow nations. Other efforts include those aimed at protecting the Great Indian Bustard, Gharial, Sloth Bear and translocation of cheetahs.”

“आज World Wildlife Day है। हमारे शास्त्रों में सभी जीवों के कल्याण की कामना की गई है। उनसे हमें वन्यजीवों के संरक्षण के साथ-साथ उनके प्रति संवेदनशील होने की प्रेरणा भी मिलती है। उसका एक उदाहरण यह है… निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्। तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत्॥”