আমি এই দশকৰ লগতে পৰৱৰ্তী দশকৰ চাহিদা পূৰণত প্রয়োজনীয় প্রস্তুতি হাতত ল’ব লাগিবঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদ ছ’চাইটিৰ বৈঠকত অধ্যক্ষতা কৰে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে এই শতিকাত ক’ৰোনা মহামাৰী আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে ধৰা দিছে। কিন্তু অতীতত যেতিয়া মানৱ সভ্যতাৰ কোনো ডাঙৰ সংকট দেখা দিছিল বিজ্ঞানে তেতিয়াই উন্নত ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে প্রয়োজনীয় ব্যৱস্থা হাতত লৈছে। বিজ্ঞানৰ মূল বৈশিষ্ট্য হ’ল সংকটৰ সময় সমস্যাৰ সমাধান আৰু বিভিন্ন সংকটত যিবোৰ সম্ভাৱনা দেখা দিব সেইবোৰ কামত লগোৱাৰ বাবে নতুন ব্যৱস্থা গঢ়ি তোলা। মহামাৰীৰ পৰা মানৱ জাতিক ৰক্ষা কৰিবলৈ এবছৰৰ ভিতৰত বিজ্ঞানীসকলে যিটো গতিত টিকা আৱিষ্কাৰ কৰিছে প্রধানমন্ত্রীয়ে তাৰবাবে তেওঁলোকক প্রশংসা কৰে৷ তেওঁ কয় যে ইতিহাসত প্রথমবাৰলৈ ইমান বৃহৎ ঘটনা ঘটিল। বিগত শতিকাত অন্যান্য দেশত বিভিন্ন উপাদানৰ উদ্ভাৱনেই হওক বা ভাৰতক সেই উদ্ভাৱনৰ সুফল পোৱাত বহু বছৰ অপেক্ষা কৰিবলগীয়া হ’লহেতেন৷ কিন্তু আজি বিশ্বৰ অন্যান্য দেশৰ সৈতে সমান গতিত আমাৰ দেশৰ বিজ্ঞানীসকলেও কাম কৰিছে৷ ক’ভিড-১৯ টিকা, নমুনা পৰীক্ষাৰ কিট, প্রয়োজনীয় সৰঞ্জাম আৰু ক’ৰোনাৰ বিৰুদ্ধে নতুন ঔষধ আৱিষ্কাৰত ভাৰতৰ বিজ্ঞানীসকলে দেশক আত্মনির্ভৰ কৰি তোলাত প্রধানমন্ত্রীয়ে তেওঁৰ প্রশংসা কৰে৷ তেওঁ কয় যে উদ্যোগ আৰু বজাৰৰ বাবে উন্নত ৰাষ্ট্রসমূহৰ সৈতে বিজ্ঞান আৰু প্রযুক্তিক সমানে আগুৱাই অনা হৈছে৷

প্রধানমন্ত্রী কয় যে আমাৰ দেশত বিজ্ঞান, সমাজ আৰু উদ্যোগক একে মাত্রাত ৰাখিবলৈ চিএছআইআৰ প্রতিষ্ঠানিক উদ্যোগ হাতত লৈছে। শান্তি স্বৰূপ ভাটনগৰৰ দৰে বহু মেধাৱী বিজ্ঞানীক এই প্রতিষ্ঠান উপহাৰ দিছে, যিসকলে এই প্রতিষ্ঠানক নেতৃত্বও দিছে৷ চিএছআইআৰৰ গৱেষণা আৰু স্বত্ত্বৰ বিষয়ত গুৰুত্বপূর্ণ ভূমিকাৰ কথাও তেওঁ উল্লেখ কৰে৷ দেশ যিসকল সমস্যাৰ সন্মুখীন সেইবোৰৰ সমাধান কৰিব চিএছআইআৰ সকলো উদ্যোগ লৈ আহিছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ লক্ষ্য আৰু একবিংশ শতিকা দেশবাসীৰ স্বপ্ন একেই ভিতৰত ওপৰত প্ৰতিষ্ঠিত৷ আজি চিএছআইআৰৰ দৰে প্রতিষ্ঠানসমূহে অসাধাৰণ কাম কৰি আহিছে। জৈৱ প্রযুক্তিৰ পৰা বেটাৰীৰ প্রযুক্তি, কৃষিৰ পৰা জ্যোর্তিবিজ্ঞান, দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা প্রতিৰক্ষা প্রযুক্তি আৰু টিকাৰ পৰা ভার্চুৱেল বাস্তৱতালৈকে প্রতিটো ক্ষেত্রত ভাৰতে আজি আত্মনির্ভৰ হ’ব বিচাৰে৷ আজিৰ ভাৰতে সুস্থিৰ উন্নয়ন আৰু পৰিৱেশ অনুকূল ইন্ধনৰ দিশত সমগ্ৰ বিশ্বক পথ প্ৰদৰ্শন কৰিছে৷ ছফ্টৱেৰৰ পৰা কৃত্রিম উপগ্রহলৈকে সকলো ক্ষেত্রত ভাৰতৰ উন্নয়ন অন্যান্য দেশতকৈ দ্রুতগতিত অগ্ৰসৰ হৈছে৷ বিশ্বৰ উন্নয়নত ভাৰতে প্রধান চালিকাশক্তিৰ ভূমিকা পালন কৰিছে। সেয়েহে তেওঁ কয় যে এই দশক আৰু অহা দশকৰ চাহিদা পূৰণৰ বাবে ভাৰতে প্রয়োজনীয় ব্যৱস্থা হাতত লৈছে। শ্রী মোদীয়ে কয় যে জলবায়ু পৰিৱর্তনৰ বিষয়ত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে প্রতিনিয়ত আশংকা প্রকাশ কৰিছে৷ ইয়াৰ বাবে প্রয়োজনীয় প্রস্তুতি যাতে বিজ্ঞান সম্মত হয় তেওঁ সেয়া নিশ্চিত কৰিবলৈ বৈজ্ঞানিক আৰু সংশ্লিষ্ট প্রতিষ্ঠানসমূহক আহ্বান জনায়৷ কার্বন নিৰ্গমণ হ্রাসৰ জৰিয়তে শক্তি সঞ্চয় আৰু পৰিৱেশ অনুকূল হাইড্র’জেন প্রযুক্তিৰ ব্যৱহাৰৰ দৰে ক্ষেত্রসমূহত নেতৃত্ব প্ৰদানৰ বাবে তেওঁ বিজ্ঞানীসকলক অনুৰোধ জনায়৷ চিএছআইআৰক সমাজ আৰু উদ্যোগক একেলগে লৈ আগবঢ়াৰ পৰামর্শ দি প্রধানমন্ত্রীয়ে এই প্রতিষ্ঠানটোৱে সাধাৰণ মানুহৰ বিভিন্ন চাহিদা সম্পর্কে জনাৰ বাবে যি পৰামর্শ গ্রহণ কৰিছে তেওঁ তাৰ প্রশংসা কৰে৷ ২০১৬ চনত এৰোমা মিচন আৰম্ভ কৰাৰ অন্তৰালত চিএছআইআৰৰ ভূমিকাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে দেশত বর্তমান হিং খেতিত এই প্রতিষ্ঠানৰ সহায়ত কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ প্রশংসা কৰে৷ ইমান দিন ভাৰতে হিং সম্পূৰ্ণৰূপে আমদানি কৰিব লাগিছিল।

প্রধানমন্ত্রীয়ে চিএছআইআৰক ভৱিষ্যৎ পৰিকল্পনাৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰাৰ  বাবে আহ্বান জনায়৷ ক’ভিড-১৯ৰ বাবে উন্নয়নৰ গতি প্রভাৱিত হৈছে। কিন্তু আত্মনির্ভৰ ভাৰত অভিযানৰ সপোন পূৰণৰ বাবে আমি দায়বদ্ধ। আমাৰ দেশৰ সুযোগৰ পূর্ণ সদ্ব্যৱহাৰৰ পৰামর্শ দি প্রধানমন্ত্রীয়ে কয় যে কৃষিৰ পৰা শিক্ষালৈকে প্রতিটো ক্ষেত্রত অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ আৰু নতুন উদ্যোগৰ প্রভূত সম্ভাৱনা আছে। ক’ভিড সংকটৰ সময়তো প্রতিটো ক্ষেত্রত বিজ্ঞানী আৰু উদ্যোগ সংস্থাসমূহক সাফল্য নিশ্চিত কৰাৰ বাবে তেওঁ আহ্বান জনায়৷

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's passenger vehicle sales expected to grow 4-6% in FY27: Report

Media Coverage

India's passenger vehicle sales expected to grow 4-6% in FY27: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to President of India, Smt. Droupadi Murmu
June 20, 2026

The Prime Minister, Shri Narendra Modi has extended warm birthday greetings to the President of India, Smt. Droupadi Murmu.

The Prime Minister said that her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Shri Modi noted that through her many years in public life, the President has served the nation in an outstanding manner and has been especially passionate about the wellbeing of the underprivileged and marginalised.

The Prime Minister stated that her steadfast dedication to India’s development is very motivating.

Shri Modi prayed for her long and healthy life in the service of the nation and said that he looks forward to meeting her later in the day at a programme in Odisha.

The Prime Minister wrote on X;

“Warm birthday greetings to the President of India, Smt. Droupadi Murmu Ji. Her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Through her many years in public life, she has served the nation in an outstanding manner, especially passionate about the wellbeing of the underprivileged and marginalised. Her steadfast dedication to India’s development is very motivating.

May she be blessed with a long and healthy life in the service of the nation. I look forward to meeting her later today at the programme in Odisha.

@rashtrapatibhvn”