পৱিত্ৰ গুৰু পৰ্ব আৰু কৰতাৰপুৰ চাহিব কৰিডৰৰ পুনৰ মুকলি সন্দৰ্ভত দেশক অভিনন্দন
"আজি মই আপোনালোকক, সমগ্ৰ দেশক, এই কথা ক'বলৈ আহিছো যে আমি তিনিওখন কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত লৈছো; এই মাহৰ শেষত আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশনত, আমি এই তিনিওখন কৃষি আইন ৰদ কৰাৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম"
"যেতিয়া মই ২০১৪ত প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰাৰ সুযোগ পাওঁ, তেতিয়া আমি কৃষি বিকাশ আৰু কৃষক কল্যাণক সৰ্বোচ্চ প্ৰাথমিকতা দিওঁ"
"আমি কেৱল এমএছপিত বৃদ্ধি কৰা নাই, বৰং ৰেকৰ্ড সংখ্যাত চৰকাৰী ক্ৰয় কেন্দ্ৰও বনালো; আমাৰ চৰকাৰৰ দ্বাৰা কৰা শস্যৰ ক্ৰয়ে যোৱা কেইবাদশকৰ ৰেকৰ্ড ভংগ কৰিছে"
"তিনিওখন কৃষি আইনৰ উদ্দেশ্য এইটো আছিল যে দেশৰ কৃষকক, বিশেষকৈ ক্ষুদ্ৰ কৃষকে অধিক শক্তি লাভ কৰক, তেওঁলোকে নিজৰ ফচলৰ সঠিক মূল্য আৰু ফচল বিক্ৰীৰ বাবে সৰ্বাধিক বিকল্প পাওক"
"এই আইন সম্পূৰ্ণ সত্য নিষ্ঠা, কৃষকৰ প্ৰতি সমৰ্পনৰ ভাব আৰু সততাৰে, বিশেষকৈ ক্ষুদ্ৰ কৃষকৰ কল্যাণৰ বাবে, কৃষি ক্ষেত্ৰৰ হিতৰ বাবে তথা 'গাঁও-গৰীব'ৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অনা হৈছিল"
"আমি কেৱল এমএছপিত বৃদ্ধি কৰা নাই, বৰং ৰেকৰ্ড সংখ্যাত চৰকাৰী ক্ৰয় কেন্দ্ৰও বনালো; আমাৰ চৰকাৰৰ দ্বাৰা কৰা শস্যৰ ক্ৰয়ে যোৱা কেইবাদশকৰ ৰেকৰ্ড ভংগ কৰিছে"
প্ৰধানমন্ত্ৰীয়ে কয়, "নিজৰ পাঁচ দশকৰ ৰাজহুৱা জীৱনত মই কৃষকসকলৰ প্ৰত্যাহ্বানক বহুত ওচৰৰ পৰা দেখিছো। সেয়ে, যেতিয়া দেশে মোক ২০১৪ত প্ৰধানমন্ত্ৰীৰ ৰূপত সেৱাৰ সুযোগ দিলে, তেতিয়া আমি কৃষি বিকাশ, কৃষক কল্যাণক সৰ্বোচ্চ প্ৰাথমিকতা দিওঁ।" প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ কৃষকসকলৰ অৱস্থা ভাল কৰিবলৈ আমি বীজ, বীমা, বজাৰ আৰু ৰেহাই, এই সকলোৰে ওপৰত চাৰিওফালে কাম কৰিলো। তেওঁ কয় যে চৰকাৰে ভালধৰণৰ বীজৰ লগতহে নীম কোটেড ইউৰিয়া, মৃদা স্বাস্থ্য কাৰ্ড, সূক্ষ্ম সিঞ্চনৰ দৰে সুবিধাৰ সৈতেও কৃষকসকলক সংযুক্ত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত দেশক সম্বোধন কৰে।

ৰাষ্ট্ৰক সম্বোধন কৰি, প্ৰধানমন্ত্ৰীয়ে গুৰু নানক জয়ন্তী উপলক্ষে জনসাধাৰণক অভিনন্দন জনায়। তেওঁ এই কথাৰ ওপৰতো সন্তুষ্টি প্ৰকাশ কৰে যে দেৰবছৰৰ ব্যৱধানৰ পিছত কৰতাৰপুৰ চাহিব কৰিডৰ এতিয়া পুনৰ মুকলি হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, "নিজৰ পাঁচ দশকৰ ৰাজহুৱা জীৱনত মই কৃষকসকলৰ প্ৰত্যাহ্বানক বহুত ওচৰৰ পৰা দেখিছো। সেয়ে, যেতিয়া দেশে মোক ২০১৪ত প্ৰধানমন্ত্ৰীৰ ৰূপত সেৱাৰ সুযোগ দিলে, তেতিয়া আমি কৃষি বিকাশ, কৃষক কল্যাণক সৰ্বোচ্চ প্ৰাথমিকতা দিওঁ।" প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ কৃষকসকলৰ অৱস্থা ভাল কৰিবলৈ আমি বীজ, বীমা, বজাৰ আৰু ৰেহাই, এই সকলোৰে ওপৰত চাৰিওফালে কাম কৰিলো। তেওঁ কয় যে চৰকাৰে ভালধৰণৰ বীজৰ লগতহে নীম কোটেড ইউৰিয়া, মৃদা স্বাস্থ্য কাৰ্ড, সূক্ষ্ম সিঞ্চনৰ দৰে সুবিধাৰ সৈতেও কৃষকসকলক সংযুক্ত কৰে।      

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকে তেওঁলোকৰ পৰিশ্ৰমৰ সলনি ফচলৰ সঠিক মূল্য পাওক, ইয়াৰ বাবেও অনেক পদক্ষেপ গ্ৰহণ কৰা হৈছে। দেশে নিজৰ গ্ৰামীণ বজাৰ আন্তঃগাঁথনি শক্তিশালী কৰিছে। তেওঁ কয়, "আমি ন্যূনতম সমৰ্থন মূল্য তো বঢ়ালোৱেই, বৰ্তমানলৈকে ৰেকৰ্ড চৰকাৰী ক্ৰয় কেন্দ্ৰও বনালো। আমাৰ চৰকাৰৰ দ্বাৰা কৰা শস্যৰ ক্ৰয়ে যোৱা কেইবাদশকৰ ৰেকৰ্ড ভংগ কৰিছে।"

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকৰ স্থিতি সংশোধন কৰাৰ এই মহা অভিযানত দেশত তিনিখন কৃষি আইন অনা হৈছিল। ইয়াৰ উদ্দেশ্য এইটো আছিল যে কৃষকে, বিশেষকৈ ক্ষুদ্ৰ কৃষকে অধিক শক্তি লাভ কৰক, তেওঁলোকে নিজৰ ফচলৰ সঠিক মূল্য পাওক তথা ফচল বিক্ৰীৰ বাবে সৰ্বাধিক বিকল্প পাওক। প্ৰধানমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি এই দাবী দেশৰ কৃষক, কৃষি বিশেষজ্ঞ আৰু কৃষক সংগঠনসমূহে একেৰাহে উত্থাপন কৰি আছিল। আগতেও কেইবাখনো চৰকাৰে এই দাবীৰ ওপৰত আলোচনা কৰিছিল। এইবাৰো সংসদত চৰ্চা হৈছে, আলোচনা হৈছে আৰু এই আইন অনা হয়। দেশৰ বিভিন্ন প্ৰান্তত অনেক কৃষক সংগঠনে ইয়াক আদৰণি জনালে আৰু সমৰ্থন কৰিলে। প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপক সমৰ্থন জনোৱা বাবে সংগঠনসমূহ, কৃষক আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে কৃষকৰ কল্যাণৰ বাবে, বিশেষকৈ ক্ষুদ্ৰ কৃষকৰ কল্যাণৰ বাবে, দেশৰ কৃষি জগতৰ হিতত, দেশৰ হিতত, গাঁও গৰীবৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, সম্পূৰ্ণ সত্য নিষ্ঠাৰে, কৃষকৰ প্ৰতি সমৰ্পনৰ ভাবেৰে, সততাৰে এই আইন আনিছিল।" তেওঁ লগতে কয়, "ইমান পৱিত্ৰ কথা, সম্পূৰ্ণৰূপে শুদ্ধ, কৃষকৰ হিতৰ কথা, আমি নিজৰ প্ৰয়াস সত্বেও কোনো কৃষকক বুজাব নোৱাৰিলো। কৃষি অৰ্থবিজ্ঞানীসকলে, বৈজ্ঞানিকসকলে, প্ৰগতিশীল কৃষকসকলেও তেওঁলোকক কৃষি আইনকেইখনৰ মহত্ব বুজাবলৈ পূৰ্ণ প্ৰচেষ্টা চলালে।" প্ৰধানমন্ত্ৰীয়ে কয়, "আজি মই আপোনালোকক, সমগ্ৰ দেশক, এই কথা ক'বলৈ আহিছো যে আমি তিনিওখন কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত লৈছো। এই মাহৰ শেষত আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশনত আমি এই তিনিওখন কৃষি আইন বাতিল কৰাৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম।"

পৱিত্ৰ গুৰুপৰ্বৰ বাতাবৰণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দিনটোত কাকো দোষ দিব নালাগে, কৃষকৰ কল্যাণৰ বাবে কাম কৰিবলৈ নিজক সমৰ্পিত কৰাৰ দিন। তেওঁ কৃষি ক্ষেত্ৰৰ বাবে এক মহত্বপূৰ্ণ পদক্ষেপৰ ঘোষণা কৰে। তেওঁ শূন্য বাজেট আধাৰিত কৃষিক উদগণি দিয়া, দেশৰ পৰিৱৰ্তিত আৱশ্যকতা অনুসৰি ফচলৰ পেটাৰ্ণ সলনি কৰা আৰু এমএছপিক অধিক প্ৰভাবশালী তথা পাৰদৰ্শী কৰি তুলিবলৈ এখন কমিটী গঠনৰ ঘোষণা কৰে। কমিটীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহ, কৃষক, কৃষি বৈজ্ঞানিক আৰু কৃষি অৰ্থবিজ্ঞানীৰ প্ৰতিনিধি অন্তৰ্ভুক্ত থাকিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From UPI to Indian consulates: PM Modi lays out his vision for Indian-Malaysia ties in landmark visit

Media Coverage

From UPI to Indian consulates: PM Modi lays out his vision for Indian-Malaysia ties in landmark visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ফেব্ৰুৱাৰী 2026
February 07, 2026

Empowering the Nation: Trade Deals, Tech Innovations, and Rural Revival Under PM Modi