“Tiranga gives strength to deal with every Challenge”
“India is creating a new impact on the basis of its achievement and successes and the world is taking note”
“Greece will become India’s gateway to Europe and will be a strong medium for robust India EU relations”
“21st century is technology driven and we have to follow the path of Science and Technology to achieve Viksit Bharat by 2047”
“The fervour generated by the Chandrayaan success needs to be channelled into Shakti”
“I apologise in advance for the inconvenience to be caused to people of Delhi during the G20 Summit. I am sure that people of Delhi will give new strength to the achievements of our scientists by making the G20 Summit a grand success”

দিল্লীত এক বৃহৎ আদৰণি অনুষ্ঠানত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী৷ চন্দ্ৰযান-৩এ চন্দ্ৰত সফল অৱতৰণৰ পিছত ইছৰোৰ দলৰ সৈতে মত বিনিময় কৰি আজি বেংগালুৰুৰ পৰা দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচৰ ৪দিনীয়া ভ্ৰমণ সামৰি পোনে পোনে বেংগালুৰুলৈ যায় প্ৰধানমন্ত্ৰী৷ এই উপলক্ষে জে পি নাড্ডাই প্ৰধানমন্ত্ৰীক আদৰণি জনাই তেওঁৰ সফল ভ্ৰমণ আৰু ভাৰতীয় বিজ্ঞানীসকলৰ গুৰুত্বপূৰ্ণ কৃতিত্বৰ বাবে সম্বৰ্ধনা জনায়।

বিশাল সংখ্যক নাগৰিকৰ ভব্য আদৰণিৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে জনসাধাৰণৰ উৎসাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ইছৰোৰ বিজ্ঞানী দলটোৰ সৈতে হোৱা বাৰ্তালাপ সন্দৰ্ভত উল্লেখ কৰি কয় যে “চন্দ্ৰযান-৩য়ে চন্দ্ৰক অৱতৰণকৰা বিন্দুটো এতিয়া ‘শিৱ শক্তি’ নামেৰে জনাজাত হ’ব”৷ তেওঁ উল্লেখ কৰে যে শিৱই শুভক বুজায় আৰু শক্তিয়ে নাৰী শক্তিৰ উদাহৰণ। শিৱ শক্তিৰ অৰ্থ হ’ল হিমালয় আৰু কন্যাকুমাৰীৰ সংযোগ। একেদৰে, প্ৰধানমন্ত্ৰীয়ে জনায় যে ২০১৯ চনত চন্দ্ৰযান-২য়ে য’ত খোজৰ চিন ৰাখিছিল, সেই বিন্দুৰ নাম এতিয়া ‘ত্ৰিৰংগা’ হ’ব। তেওঁ কয় যে সেই সময়তো এটা প্ৰস্তাৱ আছিল, কিন্তু কিবা কাৰণত হৃদয়খন সাজু হোৱা নাছিল। তেওঁ কয় যে সম্পূৰ্ণ সফল অভিযানৰ পিছতহে চন্দ্ৰযান-২ৰ বিন্দুটোৰ নামকৰণৰ বাবে এক নিৰৱ সংকল্প লোৱা হৈছিল। “ত্ৰিৰংগাই প্ৰতিটো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি দিয়ে”, প্ৰধানমন্ত্ৰীয়ে কয়। ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্তৰ বিষয়েও তেওঁ অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত বিশ্ব সমাজে ভাৰতক শুভেচ্ছাৰে উপচাই পেলোৱা আৰু অভিনন্দন বাৰ্তা প্ৰেৰণ কৰা বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ইয়াৰ সাফল্য আৰু সফলতাৰ ভিত্তিত এক নতুন প্ৰভাৱ সৃষ্টি কৰিছে আৰু বিশ্বই সেয়া লক্ষ্য কৰিছে।

ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে বিগত ৪০ বছৰৰ পাছত প্ৰথমবাৰলৈ গ্ৰীচ ভ্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীচত ভাৰতৰ প্ৰতি থকা প্ৰেম আৰু সন্মানৰ সন্দৰ্ভত আলোকপাত কৰি কয় যে এক প্ৰকাৰে গ্ৰীচ ইউৰোপত ভাৰতৰ প্ৰৱেশদ্বাৰ হৈ পৰিব আৰু শক্তিশালী ভাৰতৰ বাবে ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ এক শক্তিশালী মাধ্যম হ’ব। প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানৰ সৈতে যুৱক-যুৱতীসকল জড়িত হোৱা আৰু অধিক আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেয়েহে, তেওঁ কয় যে সাধাৰণ নাগৰিকৰ বাবে সুশাসন আৰু জীৱন-যাপনৰ সহজতাৰ বাবে মহাকাশ বিজ্ঞানৰ লাভ কেনেকৈ আহৰণ কৰিব পাৰি, সেইটো চোৱা প্ৰয়োজন। সেৱা, স্বচ্ছতা আৰু নিখুঁততাৰ বাবে মহাকাশ বিজ্ঞানক লাভৱান কৰাৰ উপায় বিচাৰি উলিওৱাৰ ক্ষেত্ৰত চৰকাৰী বিভাগসমূহ নিয়োগ কৰাৰ সিদ্ধান্তসমূহ তেওঁ পুনৰ উল্লেখ কৰে। ইয়াৰ বাবে অনাগত দিনত হেকাথন আয়োজন কৰা হ’ব বুলিও তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকা প্ৰযুক্তিচালিত। “২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতত উপনীত হ’বলৈ হ’লে আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ পথত অধিক দৃঢ়তাৰে আগবাঢ়িব লাগিব”। নতুন প্ৰজন্মৰ মাজত বৈজ্ঞানিক মনোভাৱ জগাই তুলিবলৈ হ’লে চন্দ্ৰযানৰ সফলতাই সৃষ্টি কৰা উৎসাহক শক্তিত পৰিণত কৰাটো প্ৰয়োজন। ইয়াৰ বাবে ১ ছেপ্টেম্বৰৰ পৰা মাইগভত এখনি কুইজ প্ৰতিযোগিতা আয়োজন কৰা হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবেও যথেষ্ট ব্যৱস্থা আছে বুলি তেওঁ কয়।

আগন্তুক জি-২০ সন্মিলনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশবাসী আতিথ্য প্ৰদানকাৰী যদিও সৰ্বোচ্চ দায়িত্ব দিল্লীৰ ওপৰত পৰে। “দেশৰ মৰ্যাদা উচ্চ শিখৰত উপনীত কৰাৰ সুযোগ পোৱাটো দিল্লীৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। তেওঁ সজোৰে কয় যে দিল্লীয়ে ‘অতিথি দেৱো ভৱ’ৰ পৰম্পৰা অনুসৰণ কৰাটো প্ৰয়োজন কাৰণ এইটো ভাৰতৰ আতিথ্য প্ৰদৰ্শনৰ এক গুৰুত্বপূ্ৰ্ণ অনুষ্ঠান। ‘৫-১৫ ছেপ্টেম্বৰৰ ভিতৰত বহু কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই সময়ছোৱাত দিল্লীবাসীয়ে যি অসুবিধাৰ সন্মুখীন হ’ব, তাৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো। পৰিয়াল হিচাপে সকলো গণ্যমান্য ব্যক্তি আমাৰ অতিথি আৰু আমি সামূহিক প্ৰচেষ্টাৰে আমাৰ জি-২০ সন্মিলনক  ব্যাপক সফল কৰি তুলিব লাগিব।”

আগন্তুক ৰাখী বন্ধন আৰু চন্দ্ৰক মা ধৰিত্ৰীৰ ভাতৃ হিচাপে গণ্য কৰাৰ ভাৰতীয় পৰম্পৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাখী বন্ধন মহোৎসৱৰ আনন্দপূৰ্ণ মনোভাৱে বিশ্ববাসীক আমাৰ পৰম্পৰাৰ সৈতে পৰিচয় কৰাই দিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে ছেপ্টেম্বৰ মাহত দিল্লীৰ জনসাধাৰণে জি-২০ সন্মিলনক ব্যাপক সফল কৰি আমাৰ বিজ্ঞানীসকলৰ সাফল্যক নতুন শক্তি প্ৰদান কৰিব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Smartphone companies step up festive hiring

Media Coverage

Smartphone companies step up festive hiring
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”