প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি তেখেতৰ নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত ভিন্ন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা একাধিক প্ৰতিনিধি দলৰ সদস্যসকলৰ সৈতে মিলিত হয়। এই প্ৰতিনিধিসকলে ভাৰতৰ শান্তিৰ প্ৰতি দায়বদ্ধতা আৰু সন্ত্ৰাসবাদৰ ভাবুকিক প্ৰতিৰোধৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাপকভাৱে প্ৰচাৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰী মোদীয়ে প্ৰতিনিধি দলসমূহক ভাৰতৰ কণ্ঠক বিশ্বৰ মঞ্চলৈ নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাৰ মনোভাৱক প্ৰশংসা কৰে।
















এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“ভিন্ন দেশত ভাৰতক প্ৰতিনিধিত্ব তথা ভাৰতৰ শান্তিৰ প্ৰতি দায়বদ্ধতা আৰু সন্ত্ৰাসবাদৰ ভাবুকিক প্ৰতিৰোধৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাপকভাৱে প্ৰচাৰ কৰা একাধিক প্ৰতিনিধি দলৰ সদস্যসকলৰ সৈতে মিলিত হওঁ। ভাৰতৰ কণ্ঠক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাৰ মনোভাৱক লৈ আমি সকলোৱে গৌৰৱবোধ কৰিছোঁ।”
Met members of the various delegations who represented India in different countries and elaborated on India's commitment to peace and the need to eradicate the menace of terrorism. We are all proud of the manner in which they put forward India's voice. pic.twitter.com/MZqQYgsAEp
— Narendra Modi (@narendramodi) June 10, 2025


