প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শেহতীয়াকৈ দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপত জয়লাভ কৰা ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলটোক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সৈতে পৰম আগ্ৰহেৰে মত-বিনিময় কৰে। খেলুৱৈসকলে প্ৰতিযোগিতাখনত নিজ-নিজ অভিজ্ঞতাসমূহ ব্যক্ত কৰে।





এক্স-ৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়ঃ
“দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপত জয়লাভ কৰা ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলক সাক্ষাৎ কৰি আনন্দিত হৈছো! তেওঁলোকে ব্যক্ত কৰা নিজ-নিজ অভিজ্ঞতাসমূহ সঁচাকৈয়ে অতিশয় প্ৰেৰণাদায়ক।”
It was a delight to host the Indian Blind Women’s Cricket Team that won the Blind Women’s T20 World Cup! They shared their experiences, which were very inspiring indeed. pic.twitter.com/ar6SuQWHC9
— Narendra Modi (@narendramodi) November 27, 2025


