প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক নিঃস্বাৰ্থ আৰু গঠনমূলকভাৱে ৰাজনীতিলৈ অৱদান আগবঢ়োৱাৰ আহ্বান জনাইছে। দ্বিতীয় বৰ্ষৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আজি কয় যে ৰাজনীতি হ’ল সমাজলৈ প্ৰকৃত পৰিৱৰ্তন কঢ়িয়াই অনাৰ এক বৃহৎ মাধ্যম আৰু অন্যান্য ক্ষেত্ৰৰ দৰে ৰাজনীতিতো যুৱ প্ৰজন্মৰ উপস্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক কয় যে সম্প্ৰতি সৎ ব্যক্তিয়ে ৰাজনীতিৰ ক্ষেত্ৰত সমাজ পৰিৱৰ্তনৰ সুযোগ লাভ কৰিছে। সততা আৰু পাৰদৰ্শিতা এতিয়া সময়ৰ আহ্বান হৈ পৰিছে।

এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে দুৰ্নীতি জনসাধাৰণৰ বাবে এক বোজাসদৃশ হৈ পৰিছে। দেশৰ জনসাধাৰণে পৰিয়ালতন্ত্ৰৰ বিপৰীতে সততাক বাছি লৈছে আৰু নিৰ্বাচনৰ প্ৰাৰ্থীসকলেও এই কথা উপলব্ধি কৰিছে যে ভাল কামকহে ৰাইজে পচন্দ কৰে।

তেওঁ পৰিয়ালতান্ত্ৰিক ব্যৱস্থাৰ শিপা উভালি পেলাবলৈ দেশৰ যুৱ প্ৰজন্মক আহ্বান জনায়। পৰিয়ালতান্ত্ৰিক ৰাজনীতিয়ে গণতন্ত্ৰত অদক্ষ লোকৰ সৃষ্টি কৰে আৰু তেওঁলোকে নিজৰ পৰিয়ালৰ ৰাজনীতি অক্ষুন্ন ৰখাতহে গুৰুত্ব দিয়ে। “এতিয়া মানুহৰ উপাধি ব্যৱহাৰ কৰি নিৰ্বাচন জিকাৰ দিন নাই। পৰিয়ালতান্ত্ৰিক ৰাজনীতিয়ে ৰাষ্ট্ৰৰ স্বাৰ্থৰ পৰিৱৰ্তে ব্যক্তিস্বাৰ্থৰ ওপৰতহে গুৰুত্ব দিয়ে। ভাৰতৰ সামাজিক দুৰ্নীতিৰ এয়া এক প্ৰধান কাৰণ।”-প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক ৰাজনীতিত প্ৰৱেশ কৰি পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ অন্ত পেলাবলৈ আহ্বান জনায়। “আমাৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আপোনালোকে ৰাজনীতিত প্ৰৱেশ কৰাতো অত্যন্ত জৰুৰী। স্বামী বিবেকানন্দ আপোনালোকৰ পথ প্ৰদৰ্শক হ’ব পাৰে। তেওঁৰ অনুপ্ৰেৰণাৰে আমাৰ যুৱ প্ৰজন্মই ৰাজনীতিত যোগ দিলে আমাৰ দেশ শক্তিশালী হ’ব।”, শ্ৰী মোদীয়ে কয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26

Media Coverage

India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 এপ্ৰিল 2026
April 05, 2026

From Aatmanirbhar to Viksit Bharat: PM Modi’s Leadership Powers India’s Multi-Sector Triumph