প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ লগতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে তেওঁক অভিনন্দন জনায়।
শ্ৰী মোদীয়ে পণবন্দীসকলক মুক্তি আৰু গাজাৰ জনসাধাৰণলৈ মানৱীয় সাহায্য বৃদ্ধিৰ চুক্তিক আদৰণি জনায়। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে যিকোনো ৰূপত প্ৰকাশ পোৱা সন্ত্ৰাসবাদ বিশ্বৰ যিকোনো ঠাইতে গ্ৰহণযোগ্য নহয়।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখে;
“ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে অভিনন্দন জনাবলৈ মোৰ বন্ধু প্ৰধানমন্ত্ৰী নেতানিয়াহুক ফোন কৰিলোঁ।পণবন্দীসকলক মুকলি কৰি দিয়াৰ চুক্তি আৰু গাজাৰ জনসাধাৰণক মানৱীয় সাহায্য বৃদ্ধিৰ চুক্তিক আমি আদৰণি জনাইছো। কোনো ধৰণৰ সন্ত্ৰাসবাদ বিশ্বৰ যিকোনো ঠাইতে গ্ৰহণযোগ্য নহয় বুলি দোঁহাৰিলোঁ।
@netanyahu”
Called my friend, Prime Minister Netanyahu, to congratulate him on the progress made under President Trump’s Gaza peace plan. We welcome the agreement on the release of hostages and enhanced humanitarian assistance to the people of Gaza. Reaffirmed that terrorism in any form or…
— Narendra Modi (@narendramodi) October 9, 2025


