প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ন'ৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহ ষ্ট’ৰক পুনৰ নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ন'ৰৱেৰ সৈতে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-
‘প্ৰধানমন্ত্ৰী জোনাছ গাহ ষ্ট’ৰক পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন।ভাৰত-ন'ৰৱেৰ অংশীদাৰিত্বক সকলো ক্ষেত্ৰতে অধিক শক্তিশালী কৰাৰ বাবে মই ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ আগ্ৰহী।
@jonasgahrstore”
Congratulations to Prime Minister Jonas Gahr Støre on his re-election. I look forward to continue working closely together to further strengthen the India-Norway partnership in all areas.@jonasgahrstore
— Narendra Modi (@narendramodi) September 10, 2025


