প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মান চাঞ্চেলৰ অ’লাফ স্ক’লাজৰ সৈতে এখন বাণিজ্যিক ঘুৰণীয়া মেজমেলত অংশ লয়। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্তব্যত চৰকাৰৰদ্বাৰা কৰা বিস্তৃত সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ভাৰতত ষ্টাৰ্ট-আপ আৰু ইউনিকৰ্ণৰ বৰ্ধিত সংখ্যাক লৈ আলোকপাত কৰে। তেওঁ ব্যৱসায়িক নেতাসকলক ভাৰতৰ যুৱপ্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়।

অনুষ্ঠানটোত উভয় চৰকাৰৰ উচ্চ প্ৰতিনিধি আৰু নিৰ্বাচিত মুখ্য কাৰ্যবাহী বিষয়াসকলে অংশগ্ৰহণ কৰে, যিসকলে জলবায়ু সহযোগিতা, যোগান শৃংখলা, গৱেষণা আৰু উন্নয়নকে ধৰি বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়।

নিম্নলিখিত ব্যৱসায়িক নেতাসকলে বাণিজ্যিক ঘুৰণীয়া মেজমেলত অংশগ্ৰহণ কৰেঃ

 সঞ্জীৱ বাজাজ (ভাৰতীয় প্ৰতিনিধি দলৰ মুৰব্বী), সভাপতি মনোনীত, চিআইআইৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক, বাজাজ ফিনচাৰ্ভ;

বাবা এন কল্যাণী, ভাৰত ফৰ্জৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক;

চি কে বিৰলা, চি কে বিৰলা গ্ৰুপৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া;

পুনীত ছটৱাল, পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেড;

সলিল সিংঘল, চেয়াৰমেন এমিৰিটাছ, পিআই ইণ্ডাষ্ট্ৰিজ;

সুমন্ত সিনহা, ৰিনিউ পাৱাৰৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক আৰু এছ'চেমৰ সভাপতি;

দিনেশ খাৰা, ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ;

চি পি গুৰনানি, মেনেজিং ডাইৰেক্টৰ আৰু চিইঅ', টেক মহিন্দ্ৰা লিমিটেড;

দীপক বাগলা, মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক, ইনভেষ্ট ইণ্ডিয়া;

জাৰ্মানৰ ব্যৱসায়িক প্ৰতিনিধিদল:

ৰোলেণ্ড বুচ, জাৰ্মান প্ৰতিনিধিদলৰ মুৰব্বী, চিমেনছৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰু জাৰ্মান ব্যৱসায়ৰ এছিয়া পেচিফিক কমিটিৰ অধ্যক্ষ;

মাৰ্টিন ব্ৰুডেৰমুলাৰ, কাৰ্যবাহী সঞ্চালক মণ্ডলীৰ অধ্যক্ষ, বিএএছএফ;

হাৰ্বাৰ্ট ডাইছ, ব'ৰ্ড অফ মেনেজমেণ্ট, ভলস্কৱাগনৰ অধ্যক্ষ;

ষ্টিফান হাৰটাং, ব'ৰ্ড অফ মেনেজমেণ্ট, বস্কৰ অধ্যক্ষ;

মাৰিকা লুলাই, মুখ্য কাৰ্যবাহী বিষয়া আৰু জিএফটি টেকন'লজিছৰ পৰিচালনা সঞ্চালক;

ক্লাউছ ৰোজেনফেল্ড, মুখ্য কাৰ্যবাহী বিষয়া, শ্যেফলাৰ;

খ্ৰীষ্টিয়ান ছেৱিং, মুখ্য কাৰ্যবাহী বিষয়া, ডাটচ্ছ বেংক

ৰাল্ফ ৱিণ্টাৰগাৰ্ষ্ট, গিছেক্কে ডেভৰিয়েণ্ট মেনেজমেণ্ট ব'ৰ্ডৰ অধ্যক্ষ;

জাৰগেন জেছস্কী, মুখ্য কাৰ্যবাহী বিষয়া, ইনাৰকন;

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi