প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত চিএছআইআৰ এখন বৈঠকত অধ্যক্ষতা কৰে৷

প্ৰধানমন্ত্ৰীক চিএছআইআৰৰ দ্বাৰা সম্পাদন কৰা কৰ্মৰাজিৰ এক চমু বিৱৰণ দিয়া হয়৷ তেওঁ প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা কৰ্মৰাজিৰ প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতৰ কৰ্মপন্থা প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়৷

প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল লেবৰ উন্নয়নত গুৰুত্ব আৰোপ কৰে যাতে দেশৰ সকলো প্ৰান্তৰ প্ৰতিটো বিভাগৰ শিক্ষাৰ্থীয়ে বিজ্ঞানক গ্ৰহণ কৰিব পাৰে৷ তেওঁ যুৱ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ মাজত বিজ্ঞানসন্মত সুক্ষ্ম দৃষ্টিভংগী শক্তিশালী কৰাৰ সন্দৰ্ভত কয়৷ তেওঁ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা ভাৰতীয়সকলৰ মাজত গৱেষণা আৰু উন্নয়নমুলক প্ৰকল্পৰ দিশত সহযোগিতা বৃদ্ধিৰ উপায়সমূহৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়৷

ভাৰতৰ আকাংক্ষিত প্ৰয়োজনীয়তাৰ দিশত বিজ্ঞানীসকলক কাম কৰাৰ বাবে আহ্বান জনাই তেওঁ কয় যে ভাৰতে সন্মুখীন হোৱা অপুষ্টিৰ দৰে সমস্যা নিৰ্মুলকৰণ, কৃষিজাত সামগ্ৰীৰ মুল্য সংযোজন আৰু পানী সংৰক্ষণ ইত্যাদিৰ জৰিয়তে সামাজিক সমস্যাসমূহৰ প্ৰকৃত সময়ৰ ওপৰত চিএছআইআৰে গুৰুত্ব আৰোপ কৰা প্ৰয়োজন৷

প্ৰধানমন্ত্ৰীয়ে ৫জি, কৃত্ৰিম বুদ্ধিমত্তা আৰু সহজসভ্য তথা নৱীকৰণযোগ্য শক্তি সৰক্ষণৰ বাবে দীৰ্ঘসময় বৰ্তী থকা বেটাৰীৰ তালিকা উল্লেখ কৰি এইবোৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ প্ৰতি বিজ্ঞানীসকলক গুৰুত্ব আৰোপ কৰিবলৈ কয়৷ তেওঁ বিশ্বমানৰ সামগ্ৰী বিকাশৰ বাবে পৰম্পৰাগত জ্ঞান আৰু আধুনিক বিজ্ঞানক একেলগ কৰাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত আলোকপাত কৰে৷ তেওঁ অভিনৱ উদ্ভাৱনৰ বাণিজ্যিকীকৰণক গুৰুত্বৰ সন্দৰ্ভতো কয়৷

প্ৰধানমন্ত্ৰীয়ে চিএছআইআৰৰ বিজ্ঞানীসমূদায়ক সাধাৰণ লোকৰ গুণগত মান উন্নয়নৰ দিশত কাম কৰিবলৈ আহ্বান জনায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."