প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ ড্ৰুক ন্যামৰূপ ছোগপাৰ অধ্যক্ষ ড০ লোটে ছেৰিঙৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ড০ লোটে ছেৰিঙক ভূটানৰ তৃতীয় সাধাৰণ নিৰ্বাচনত তেওঁৰ দলৰ বিজয়ৰ লগতে নেচনেল এছেম্বলিৰ তেওঁৰ নিজৰ নিৰ্বাচনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সাধাৰণ নিৰ্বাচন সফলতাৰে অনুষ্ঠিত কৰাক লৈ আদৰণি জনোয়, যি ব্যৱস্থাই ভূটানত গণতন্ত্ৰ সুদৃঢ়কৰণত এক গুৰুত্বপূৰ্ণ মাইলৰখুঁটি হৈ পৰিব।
প্ৰধানমন্ত্ৰীয়ে জনায় যে ভূটানৰ সৈতে বন্ধুত্বপূৰ্ণ তথা সহযোগিতামূলক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতে সৰ্ব্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰে, যিটো পাৰস্পৰিক আগ্ৰহ আৰু মূল্যবোধ, অগাধ বিশ্বাস, মংগল কামনা আৰু পাৰস্পৰিক বুজাবুজিৰ ওপৰত প্ৰতিষ্ঠিত।

ভাৰত আৰু ভূটানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ সোণালী জয়ন্তী উদযাপনৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে নতুন চৰকাৰৰ সৈতে পূৰ্বৰ চৰকাৰক দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই দেশখনৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ দিশত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় প্ৰচেষ্টা আৰু ভূটানবাসীৰ আশা-আকাংক্ষাৰ প্ৰতি অগ্ৰাধিকাৰভিত্তিত কাম কৰিব বুলি পুনৰ সদৰি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ড০ লোটে ছেৰিঙক ভাৰত ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়।

ড০ লোটে ছেৰিঙে প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা অভিনন্দন আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভাৰত ভ্ৰমণৰ বাবে জনোৱা নিমন্ত্ৰণ সাদৰেৰে গ্ৰহণ কৰে। দুয়োগৰাকী নেতাই ভূটান আৰু ভাৰতৰ লোকসকল উপকৃত হোৱাৰ স্বাৰ্থত একক আৰু বহুমুখী দ্বিপাক্ষিক সহযোগিতাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সহমত প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুন 2026
June 16, 2026

Viksit Bharat in Action: 12 Years of Roads, AI Unicorns, Export Booms & Unmatched Global Camaraderie"