প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জৰ্ডান ৰাজ্য প্ৰতিষ্ঠাৰ ১০০ সংখ্যক বাৰ্ষিকী উপলক্ষে হাছিমীয় জৰ্ডান ৰাজ্যৰ বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহ আৰু জনসাধাৰণক অভিনন্দন জনাইছে।

তেখেতৰ ভিডিঅ’ বাৰ্তাত, প্ৰধানমন্ত্ৰীগৰাকীয়ে জৰ্ডানৰ বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহ আৰু জনসাধাৰণক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বাদশ্বাহৰ দূৰদৰ্শী নেতৃত্বক প্ৰশংসা কৰে, যাৰ বাবে জৰ্ডানৰ বহনক্ষম আৰু সৰ্বাংগীন বিকাশ আৰু অৰ্থনৈতিক আৰু আৰ্থ-সামাজিক ক্ষেত্ৰত উল্লেখযোগ্য উন্নয়ন সম্ভৱ হৈ উঠিছে। পশ্চিম এছিয়াত শান্তিক উদ্দীপনা যোগোৱাৰ ক্ষেত্ৰত বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহৰ মুখ্য় ভূমিকাৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজি জৰ্ডান বিশ্বখনৰ এটি গুৰুত্বপূৰ্ণ অঞ্চলত সংযমৰ শক্তিশালী কণ্ঠ আৰু বৈশ্বিক প্ৰতীক হিচাপে পৰিগণিত হৈছে।

ভাৰত আৰু জৰ্ডানৰ মাজৰ গভীৰ সম্পৰ্কৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৮ ত বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহৰ ঐতিহাসিক ভাৰত ভ্ৰমণৰ কথা সস্নেহে স্মৰণ কৰে, য’ত তেওঁ মানৱিক মৰ্যাদাৰ অৰ্থে ২০০৪ ৰ সহিষ্ণুতা, একতা আৰু সন্মানৰ আম্মান বার্তাক দোহাৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শান্তি আৰু সমৃদ্ধিৰ অৰ্থে সংযম আৰু শান্তিপূৰ্ণ সহাৱস্থান যে আৱশ্যকীয়, ভাৰত আৰু জৰ্ডান উভয়ে সেই বিশ্বাস কৰে। তেখেতে সমগ্ৰ মানৱ জাতিৰ বৃহত্তৰ ভৱিষ্যতৰ অৰ্থে উভয়ৰে যুটীয়া প্ৰচেষ্টাৰ পৰৱৰ্তী অগ্ৰগমনত গুৰুত্ব আৰোপ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Political stability helped India seal major trade deals: PM Narendra Modi

Media Coverage

Political stability helped India seal major trade deals: PM Narendra Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister calls on the Vice President
February 16, 2026

Prime Minister Shri Narendra Modi called on the Vice President Shri CP Radhakrishnan Ji at Uprashtrapati Bhavan earlier this evening.

In a post on X, Shri Modi wrote:

“Called on Vice President Thiru CP Radhakrishnan Ji at Uprashtrapati Bhavan earlier this evening.

@VPIndia

@CPR_VP”