PMNCH Delegation presents the logo for the 2018 Partners’ Forum to Prime Minister Modi
PM Modi suggests PMNCH delegation to involve young people in important issues like nutrition, age of marriage, pre-natal & post-natal care
PM Modi asks for ideas from PMNCH for effective implementation & communication for programmes for women, children and adolescents

প্রসূতি, নবজাতক এবং শিশুৰ স্বাস্থ্য সম্পর্কীয় সহযোগিতা মঞ্চৰ (পিএমএনচিএইচ) এটি প্ৰতিনিধি দলে আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে। প্রতিনিধি দলত সদস্যসকলৰ হ’ল ক্ৰমে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী শ্ৰী জে পি নড্ডা, চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা পিএমএনচিএইচ পৰিষদৰ হ’বলীয়া সভাপতি ড০ মিচেল বেকলেট আৰু ইউনিচেফৰ শুভ বাৰ্তাবাহক দূত তথা বিশিষ্ট অভিনেত্রী শ্রীমতী প্রিয়ংকা ছোপ্ৰা আৰু পিএমএনচিএইচ মঞ্চৰ তিনি বিশিষ্ট কর্মকর্তা শ্রী এ কে চৌবে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রীৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব শ্রীমতী প্রীতি ছুদান। ২০১৮ৰ ১২ আৰু ১৩ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া মঞ্চৰ চলিত বৰ্ষৰ সন্মিলনলৈ আমন্ত্রণ জনোৱাৰ উদ্দেশ্যেই তেওঁলোকে আজি প্রধানমন্ত্রীক সাক্ষাৎ কৰে। সন্মিলনত বিভিন্ন দেশৰ ৰাষ্ট্রপ্রধান তথা স্বাস্থ্যমন্ত্রীৰ লগতে দেশ-বিদেশৰ ১,২০০জন প্রতিনিধিও উপস্থিত থাকিব। বিশ্বৰ ৯২খন দেশ তথা ১ হাজাৰতকৈও অধিক সংস্থা তথা প্রতিষ্ঠানক পিএমএনচিএইচ নামৰ এই বিশ্ব পৰ্যায়ৰ মঞ্চটি গঠিত হৈছে। প্ৰধানমন্ত্ৰী মোদী এই মঞ্চৰ পৃষ্ঠপোষক হিচাপে লাভ কৰা আমন্ত্রণ অতি আনন্দৰে গ্রহণ কৰে। মঞ্চৰ এটি ল’গ’ও প্রতিনিধিসকলৰ ফালৰ পৰা প্রধানমন্ত্রীক উপহাৰ দিয়া হয়।

 

ড০ মিচেল বেকলেটে এই বিশ্ব মঞ্চৰ উদ্দেশ্য আৰু কর্মপ্রচেষ্টা ব্যাখ্যা কৰি তাৰ কাম-কাজ কেনেদৰে আগুৱাই নিব পৰা যায়, সেই সম্পর্কে প্রস্তাৱ আৰু পৰামর্শ আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান জনায়। তেওঁ কয় যে মঞ্চই নাৰী সবলকীৰণ আৰু শিশু তথা কিশোৰৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে মঞ্চৰ কাম-কাজে অনগাত দিনত আৰু অধিক প্রসাৰিত কৰাটো বিচাৰে। তেওঁ গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা সময়ত বেচৰকাৰী খণ্ডৰ সৈতে সহযোগিতাৰ ভিত্তিত মহিলাসকলৰ চিকিৎসালত প্রসৱ সম্পর্কীয় কার্যসূচীৰ ৰূপায়ণ সম্পর্কে তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি প্রধানমন্ত্রীয়ে কয় যে গাঁৱৰ দৰিদ্র আৰু গর্ভৱতী মহিলাসকলৰ প্রয়োজনীয় পুষ্টিৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছিল। এই কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে সামূহিকভাৱে বিভিন্ন সংস্থা আৰু সংগঠনেও সেই সময়ত আগুৱাই আহিছিল। প্ৰধানমন্ত্ৰীয়ে প্রতিনিধি দলক কয় যে অংশগ্রহণেৰ জৰিয়তেই অংশীদাৰিত্বৰ প্রসাৰ ঘটে। সেয়েহে পুষ্টি, বিয়াৰ সঠিক বয়স, প্রাক্‌-প্রসৱ আৰু প্রসৱৰ পাছৰ সময়ত প্রয়োজনীয় ব্যৱস্থা গ্রহণ সম্পর্কীয় প্রচেষ্টাৰ দিশত বিশ্বৰ বিভিন্ন প্রান্তৰ লোকক একেলগে কাম কৰি যাব লাগিব। বিশেষকৈ, নৱপ্ৰজন্ম আৰু যুৱক-যুৱতীসকলে উৎসাহেৰে এই কামত যোগ দিবলৈ আগুৱাই আহিব পাৰে। এইদৰেই নাৰী, শিশু আৰু বয়ঃসন্ধিকালত উপনীত কিশোৰীসকলৰ বাবে আঁচনিৰ খুঁটিনাটি বিষয়সমূহ ব্যাখ্যা কৰিব পৰা যায়। এই লক্ষ্যৰে সংশ্লিষ্ট বিষয়সমূহ অৱলম্বন কৰিবলৈ এটি অনলাইন কুঁইজ প্রতিযোগিতা আয়োজন কৰি সফল প্রতিযোগীসকলক ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত পুৰস্কৃত কৰাৰো প্রস্তাৱ দিয়ে প্ৰধানমন্ত্ৰীয়ে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message

Media Coverage

'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.