The wonderful homes under PM Awas Yojana are being made possible because there are no middlemen: PM
It is my dream, it is our endeavour to ensure that every Indian has his own house by 2022: PM Modi
Till now, we only heard about politicians getting their own homes. Now, we are hearing about the poor getting their own homes: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভালছাদ জিলাৰ জুজৱা গাঁৱত আয়োজিত এক বিশাল ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ হিতাধিকাৰীৰ সমূহীয়া ই-গৃহপ্ৰৱেশ অনুষ্ঠানত হাজাৰ হাজাৰ লোকৰ সৈতে সাক্ষী হিচাপে যোগদান কৰে। এই উপলক্ষে ৰাজ্যখনৰ ২৬খন জিলাৰ ১ লাখ হিতাধিকাৰীক গৃহ হস্তান্তৰ কৰে। কেইবাখনো জিলাৰ হিতাধিকাৰীয়ে ভিডিঅ’ লিংকযোগে মুল অনুষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ইয়াৰে একাংশ লোকৰে বাৰ্তালাপ কৰে।

একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনা, মুখ্যমন্ত্ৰী গ্ৰামোদয় যোজনা আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানকে ধৰি বিভিন্ন উন্নয়নমুলক আঁচনিৰ অধীনত একাংশ নিৰ্বাচিত হিতাধিকাৰীক প্ৰশংসা-পত্ৰ আৰু সংস্থাপন পত্ৰ বিতৰণ কৰে। তেওঁ মহিলা বেংক কৰেছপনডেণ্টক নিযুক্তি পত্ৰ আৰু মিনি-এটিএম প্ৰদান কৰে।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে এষ্টল পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ৰাখী বন্ধন উৎসৱ সমাগত বুলি উল্লেখ কৰে। তেওঁ  ১ লাখতকৈ অধিক লোকে তেওঁলোকৰ নামত এটাকৈ আৱাস লাভ কৰাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে আৰু ৰাখী বন্ধনৰ প্ৰাকমুহূৰ্তত এয়া এক উপহাৰ বুলি কয়। তেওঁ লগতে কয় যে এখন নতুন ঘৰে এক নতুন সপোন লৈ আনিছে আৰু পৰিয়ালক এক নতুন সামূহিক উৎসাহেৰে তেওঁলোকৰ সপোনবোৰ পূৰণ কৰাত কঠোৰ পৰিশ্ৰম কৰিবলৈ উদ্গনি যোগাব।

ই-গৃহপ্ৰৱেশৰ সময়ত দেখা গৃহসমূহৰ মানদণ্ড উৎকৃষ্ট মানদণ্ডৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী যে এয়া মধ্যস্থতাকাৰী নথকাৰ বাবেই সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ২০২২ চনৰ ভিতৰত “সকলোৰে বাবে গৃহ” ভিজন সুনিশ্চিত কৰাৰ সম্পৰ্কে পুনৰ দোঁহাৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দীৰ্ঘদিন ধৰি ফেন্সি আৱাস গঢ়ি তোলাৰ সন্দৰ্ভত ৰাজনীতিবিদসকলে বক্তৃতা দি আহিছিল। তেওঁ কয় যে এই বক্তৃতা বৰ্তমান দুখীয়া লোকে তেওঁলোকৰ গৃহ লাভলৈ পৰিৱৰ্তন হ’ল।

এষ্টল পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশুদ্ধ পানীয়ে জনসাধাৰণক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।

প্ৰধানমন্ত্ৰীয়ে কেনেকৈ চৰকাৰে আৱাস প্ৰদান, বিদ্যুৎ যোগান, বিশুদ্ধ খোৱাপানী যোগান আৰু স্বচ্ছ ৰন্ধন গেছ যোগানেৰে দুখীয়া লোকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিছে সেই সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future