West Bengal: PM Modi to attend the convocation of Visva Bharati University at Santiniketan
PM Modi to meet PM Sheikh Hasina, inaugurate the Bangladesh Bhavan – a symbol of the cultural ties between India and Bangladesh
Jharkhand: PM Modi to lay the foundation stone of various projects of the Government of India and Government of Jharkhand
PM Modi to interact with the District Collectors of Aspirational Districts of Jharkhand, in Ranchi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মে’ত পশ্চিমবংগ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব।

তেওঁ শান্তি নিকেতনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ভাৰত-বাংলাদেশৰ সাংস্কৃতিক সম্পৰ্কৰ প্ৰতীক হিচাপে শান্তি নিকেতনত বাংলাদেশ ভৱনো উদ্বোধন কৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনা দুয়োটা অনুষ্ঠানতে উপস্থিত থাকিব।

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰীয়ে ছিন্দৰীৰ এক অনুষ্ঠানত ভাৰত চৰকাৰ আৰু ঝাৰখণ্ড চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা

স্থাপন কৰিব। সেইবোৰ ভিতৰতঃ

• হিন্দুস্থান উৰ্বৰক আৰু ৰসায়ন লিমিটেডৰ অধীনস্থ ছিন্দৰী সাৰ প্ৰকল্পৰ পুনৰুত্থান।

• গেইলৰ ৰাঁচী চহৰ গেছ বিতৰণ প্ৰকল্প

• সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ), দেওঘৰ

• দেওঘৰ বিমানবন্দৰৰ উন্নয়ন

• পট্ৰাটু ছুপাৰ থাৰ্মেল শক্তি প্ৰকল্প (৩x৮০০ মেগাৱাট)

তেওঁ জন ঔষধি কেন্দ্ৰৰ বাবে বুজাবুজি চুক্তি বিনিময় অনুষ্ঠানতো উপস্থিত থাকিব।

প্ৰধানমন্ত্ৰীয়ে এখন ৰাজহুৱা সভাতো ভাষণ আগবঢ়াব।

পাছত প্ৰধানমন্ত্ৰীয়ে ৰাঁচীত ঝাৰখণ্ডৰ ৰূপান্তৰশীল জিলাৰ উপায়ুক্তসকলৰ সৈতে মত বিনিময় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi