প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ জুলাই ২০১৮ তাৰিখে ৰাজস্থানৰ জয়পুৰ ভ্ৰমণ কৰিব৷

এখন বৃহৎ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীগৰাকী ভাৰত চৰকাৰ তথা ৰাজস্থান চৰকাৰৰ বিভিন্ন আঁচনিৰ ১২ গৰাকী হিতাধিকাৰীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ এক অডিঅ’-ভিজুৱেল উপস্থাপনৰ সাক্ষী হৈ ৰ’ব৷ উক্ত উপস্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেৰ দ্বাৰা পৰিচালিত হ’ব৷

 এই আঁচনিসমূহত উপলব্ধ আছেঃ

  • প্ৰধানমন্ত্ৰী উজ্বলা যোজনা
  • প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা
  • প্ৰধানমন্ত্ৰী আৱাস যোজনা
  • স্কিল ইণ্ডিয়া
  • ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম
  • মুখ্যমন্ত্ৰী ৰাজশ্ৰী যোজনা
  • ভামাশ্বাহ স্বাস্থ্য বীমা যোজনা
  • মুখ্যমন্ত্ৰী জল স্বাৱলম্বন অভিযান
  • শ্ৰমিক কল্যাণ কাৰ্ড
  • মুখ্যমন্ত্ৰী পালনহাৰ যোজনা
  • ছাত্ৰ স্কুটি বিতৰণ যোজনা
  • দীন দয়াল উপাধ্যায় বৰিষ্ঠ নাগৰিক তীৰ্থ যাত্ৰা যোজনা

প্ৰধানমন্ত্ৰীগৰাকীয়ে মুঠ ২১০০ কোটি টকাৰ ১৩টা নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ এইসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটা হ’লঃ

  • উদয়পুৰৰ দেৱাল চহৰৰ বাবে সংবদ্ধ আন্তঃগাঁথনি পেকেজ
  • আজমেৰৰ বাবে উৎকৃষ্ট পথৰ প্ৰকল্প
  • আজমেৰ, ভিলৱাৰা, বিকানেৰ, হনুমানগড়, শিকৰ আৰু মাউণ্ট আবুৰ বাবে পানী যোগান আৰু নৰ্দমা প্ৰকল্প
  • ঢোলপুৰ, নাগপুৰ, আলৱাৰ আৰু যোধপুৰৰ এছটিপিৰ উন্নীতকৰণ
  • বুন্দি, আজমেৰ আৰু বিকানেৰৰ জিলাসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত প্ৰকল্প
  • দুশেৰা মৈদান (পৰ্যায় ২), কোটা

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ সন্মুখতো ভাষণ প্ৰদান কৰিব৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond