প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ আৰু ৫ মাৰ্চ, ২০১৯ত গুজৰাট ভ্ৰমণ কৰিব৷ প্ৰথম দিনা তেওঁ যমনগৰ, যশপুৰআৰু আহমেদাবাদৰ আৰু ৫ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অদালাজ আৰু বস্ত্ৰাল ভ্ৰমণ কৰিব৷

৪ মাৰ্চত যমনগৰত প্ৰধামন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব৷ সেইবোৰৰ ভিতৰত–

*গুৰু গোৱিন্দ সিং চিকিৎসালয় দেশবাসীৰ নামত উচৰ্গা;

প্ৰধানমন্ত্ৰীয়ে ৭৫০খন বিচনাযুক্ত গুৰু গোৱিন্দ সিং চিকিৎসালয়খন দেশবাসীৰ নামত উচৰ্গা কৰিব৷

প্ৰধানমন্ত্ৰীয়ে চিকিৎসালয়খনত স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে নৱ–নির্মিত হোষ্টেলৰ উদ্বোধন কৰিব৷

চিকিৎসালয়খনৰ ছাত্ৰ–ছাত্রী তথা অধ্যাপকসকলৰ সৈতে মত বিনিময় কৰিব৷

* ছেউনী প্ৰকল্প উদ্বোধন

প্ৰধানমন্ত্রীয়ে বুটাম টিপি ছেউনী প্ৰকল্প উদ্বোধন কৰিব৷

এই ছেউনী প্ৰকল্প প্ৰকল্পৰ অধীনস্থ ৰঞ্জিত সাগৰ উত্তোলন জলসিঞ্চন প্ৰকল্প আৰু নয়াৰি জলসিঞ্চন প্ৰকল্পদেশবাসীৰ নামত উচর্গা কৰিব৷ তদুপৰি, জোডিয়া লৱণমুক্ত পানী শোধনাগাৰৰো আধাৰশিলা স্থাপন কৰিবপ্ৰধানমন্ত্ৰীয়ে৷

*বান্দ্রা–যমনগৰ হমছফৰ এক্সপ্রেছৰ যাত্রা শুভাৰম্ভ

প্ৰধানমন্ত্রীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বান্দ্রা–যমনগৰ হমছফৰ এক্সপ্রেছৰ যাত্রা শুভাৰম্ভ কৰিব।

*অন্যান্য প্ৰকল্পসমূহ

এই উপলক্ষে এখন নামফলক উন্মোচন কৰি প্ৰধানমন্ত্রীয়ে আজি–৩ৰ পৰা খিজাদিয়া ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰপাইপলাইন দেশবাসীৰ নামত উচর্গা কৰিব। ৰাজকোট–কানালুছ ৰে’ললাইন দ্বৈত পথলৈ উন্নীতকৰণৰ কামৰোশুভাৰম্ভ কৰিব৷.

প্ৰধানমন্ত্রীয়ে যমনগৰ পৌৰ নিগমে নির্মাণ কৰা ৪৮৮টা গৃহৰ চাবি হিতাধিকাৰীসকলক প্ৰদান কৰি আৰুযমনগৰ এলেকা উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা নির্মিত ১,০০৮টা ফ্লেটৰ হিতাধিকাৰীসকলকো হস্তান্তৰ কৰিব।

এই উপলক্ষে এক ৰাজহুৱা সভাতো তেওঁ ভাষণ আগবঢ়াব৷

যশপুৰত প্ৰধানমন্ত্রীয়ে বিশ্ব উমিয়াধাম কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব৷

ইয়াৰ পাছতে এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷

আমেদাবাদৰ বস্ত্ৰাল গ্ৰাম মেট্র’ ষ্টেচনত প্ৰধানমন্ত্রীয়ে আমেদাবাদ মেট্র’ৰ প্ৰথম পর্যায়ৰ শুভাৰম্ভ কৰাৰ লগতে দ্বিতীয় পর্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব।

আমেদাবাদ মেট্র’ৰ যাত্রীসকলৰ বাবে অভিন্ন যাতায়াতৰ কার্ড প্ৰকাশ কৰিব। ইয়াৰপাছত প্ৰধানমন্ত্রীয়ে বস্ত্ৰালগ্ৰাম ষ্টেচনৰ পৰা মেট্র’ ৰে’লৰ যাত্রাৰ শুভাৰম্ভ কৰি নিজেও ভ্ৰমণ কৰিব৷ উল্লেখ্য যে যোৱা ফেব্রুৱাৰী মাহত কেন্দ্রীয় কেবিনেট বৈঠকত আমেদাবাদ মেট্র’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পর্যায়ৰ কামৰ অনুমোদন জনোৱা হৈছিল।দ্বিতীয় পর্যায়ৰ কাম শেষ হ’লে আমেদাবাদ আৰু গান্ধীনগৰ অঞ্চলৰ ভ্ৰমণকাৰীসকলৰ বাবে এক আৰামদায়কআৰু বিশ্বাসযোগ্য পৰিবহণ ব্যৱস্থা গঢ় লৈ উঠিব৷

আমেদাবাদ মেট্র’ ৰে’ল প্ৰকল্পৰ প্ৰথম পর্যায়ৰ দৈর্ঘ্য ৪০.০৩ কিলোমিটাৰ। ইয়াৰ ভিতৰত ৬.৫ কিলোমিটাৰ ভূগর্ভস্থ আৰু বাকী অংশ ভূপৃষ্ঠৰ ওপৰত নির্মাণ কৰা হৈছে। এই মেট্র’ প্ৰকল্পৰ ফলত যোগাযোগ ব্যৱস্থাত উন্নতি হোৱাৰ সমান্তৰালভাৱে ভ্ৰমণ সময়ো ৰাহি হ’ব আৰু চহৰাঞ্চলৰ লোকসকলৰ জীৱনযাত্রাৰ মানো উন্নয়ন হ’ব৷

আমেদাবাদৰ বি জে মেডিকেল কলেজ প্রাংগনত প্ৰধানমন্ত্রীয়ে স্বাস্থ্য আৰু ৰে’ল সেৱাৰ সৈতে জড়িত একাধিকপ্ৰকল্পৰ শুভাৰম্ভ কৰিব৷

স্বাস্থ্যঃ

আমেদাবাদ অঞ্চলত নির্মিত একাধিক চিকিৎসালয় দেশবাসীৰ নামত উচর্গা কৰিব প্ৰধানমন্ত্ৰীয়ে। এই চিকিৎসা প্ৰতিষ্ঠানসমূহৰ ভিতৰত –মহিলা, শিশু আৰু অতিবিশিষ্ট চিকিৎসালয়, কেন্সাৰ চিকিৎসালয়, চক চিকিৎসালয় আৰু দন্ত চিকিৎসালয় উল্লেখযোগ্য। এই চিকিৎসালয়সমূহৰ ফলত আমেদাবাদত স্বাস্থ্য সেৱাৰ মান বহুগুণে বৃদ্ধি পাব৷ একেদৰে, সাধাৰণ জনতাই গুণসম্পন্ন স্বাস্থ্য সেৱাও লাভ কৰিব৷

প্ৰধানমন্ত্রী জন–আৰোগ্য যোজনা–আয়ুষ্মান ভাৰত প্ৰকল্পৰ নির্দিষ্ট কেইগৰাকীমান হিতাধিকাৰীক গোল্ডেন কাৰ্ড প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে৷

ৰেলঃ

প্ৰধানমন্ত্ৰীয়ে পাটনা–বিন্দি ৰে’ললাইন উদ্বোধন কৰিব। দাহোদ ৰে’ল কাৰখানাৰ আধুনিকীকৰণ আৰু ডবাউৎপাদন বৃদ্ধিৰ কামৰ শুভাৰম্ভ কৰিব। ইয়াৰ ফলত এই ডবা নির্মাণ কাৰখানাৰ মাহিলী ক্ষমতা ১৫০লৈ বৃদ্ধি কৰিব৷ তদুপৰি, তেওঁ আনন্দ–গোধৰা ৰে’লপথ দ্বৈতপথলৈ উন্নীতকৰণৰ কামৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰপাছতে এখন সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্রীয়ে৷

প্ৰধানমন্ত্রীয়ে নৱ–নির্মিত অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিব আৰু ফিটা কাটি ১,২০০খন বিচনাযুক্তচিকিৎসালয়খন উদ্বোধন কৰিব। আমেদাবাদত নৱ–নির্মিত কেন্সাৰ আৰু চকু চিকিৎসালয়খনো তেওঁ পৰিদৰ্শন কৰিব৷

 মার্চ২০১৯ত

প্ৰধানমন্ত্রীয়ে গান্ধীনগৰৰ আদালাজ ভ্ৰমণ কৰিব। তাত তেওঁ অন্নপূর্ণা ধাম ট্রাষ্ট পৰিদৰ্শন কৰাৰ লগতে শিক্ষাভৱন তথা বিদ্যার্থী ভৱনৰো আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্রীয়ে৷

ইয়াৰপাছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্রী শ্ৰমযোগী মান–ধন যোজনাৰ শুভাৰম্ভ কৰিব। হিতাধিকাৰীসকলকঅনলাইনযোগে ধন হস্তান্তৰৰ জৰিয়তে এই যোজনাৰ অধীনত প্ৰধানমন্ত্রীয়ে অসংগঠিত খণ্ডৰ সৈতে জড়িতকর্মীসকলৰ পেন্সন আঁচনি মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে নির্দিষ্ট কেইগৰাকীমান হিতাধিকাৰীক প্ৰধানমন্ত্রী শ্ৰমযোগী মান–ধন যোজনাৰ পেন্সন কার্ড বিতৰণ কৰি৷

২০১৯–২০ অন্তৱৰ্তীকালীন বাজেটত কেন্দ্রীয় চৰকাৰে প্ৰধানমন্ত্রী শ্ৰমযোগী মান–ধন যোজনা আৰম্ভ কৰাৰকথা ঘোষণা কৰা হৈছিল। এই যোজনাৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ স্বার্থ সুৰক্ষিত কৰা হ’ব।মাহিলী ১৫ হাজাৰতকৈ কম উপাৰ্জন কৰা অসংগঠিত খণ্ডৰ এনে শ্ৰমিকসকলে এই আঁচনিৰ সুযোগ–সুবিধালাভ কৰিব৷ এই আঁচনিৰ জৰিয়তে ৬০ বছৰ বয়সৰ শ্ৰমিকসকলে মাহিলী ৩ হাজাৰ টকাকৈ পেন্সন লাভ কৰিব।অহা পাঁচ বছৰৰ ভিতৰত অতি কমেও ১০ কোটি অসংগঠিত খণ্ডৰ শ্ৰমিকে এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব বুলি আশা কৰা হৈছে৷ দেশৰ জিডিপিৰ অৰ্ধেক যোগান আহে অসংগঠিত খণ্ডত কর্মৰত ৪০ কোটি শ্ৰমিকৰপৰা। এওঁলোকৰ অধিকাংশই হকাৰ, ৰিক্সাচালক, নির্মাণ শ্ৰমিক, আৱৰ্জনাৰ পৰিত্যক্ত সামগ্রী সংগ্ৰহকাৰী, কৃষিশ্ৰমিক, বিড়ি শ্ৰমিক, চর্ম উদ্যোগৰ সৈতে জড়িত শ্ৰমিক আৰু তাঁতশিল্পৰ সৈতে জড়িত কর্মী৷

প্ৰধানমন্ত্রী শ্ৰমযোগী মান–ধন যোজনাৰ সমান্তৰালভাৱে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত এওঁলোকৰ স্বাস্থ্যসুৰক্ষা, প্ৰধানমন্ত্রী জীৱনজ্যোতি আৰু প্ৰধানমন্ত্রী সুৰক্ষা বীমা যোজনাৰ অধীনত শ্ৰমিকসকলৰ জীৱন বীমা তথাকর্মত অক্ষম হ’লে আর্থিক সুবিধা প্ৰদান কৰা হ’ব৷ এনে প্ৰচেষ্টাৰ ফলত অসংগঠিত খণ্ডৰ সৈতে জড়িত জ্যেষ্ঠশ্ৰমিকসকলৰ সামাজিক নিৰাপত্তা  সুনিশ্চিত হ’ব৷.

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”