প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৪,৩০০ কোটি টকাৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু একাধিক প্ৰকল্প উৎসৰ্গা কৰিব দেশবাসীলৈ
এইমছ গুৱাহাটী আৰু অসমৰ আন তিনিখন চিকিৎসা মহাবিদ্যালয়লৈ দেশবাসীলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
‘আপকে দ্বাৰ আয়ুষ্মান’ অভিযান আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব ‘আছাম এডভান্সড হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউট’ৰ আধাৰশিলা
পলাশবাৰী আৰু শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰংঘৰ আৰু শিৱসাগৰৰ সৌন্দৰ্যবৰ্ধনৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
১০০০০ ৰো অধিক বিহুৱা-বিহুৱতীৰ অংশগ্ৰহণেৰে অনুষ্ঠিতব্য বিহুনৃত্য প্ৰত্যক্ষ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৪ এপ্ৰিল তাৰিখে অসম ভ্ৰমণ কৰিব।

দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইমছ গুৱাহাটীত উপস্থিত হ'ব আৰু ইয়াৰ নৱনিৰ্মিত চৌহদ পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা অনুষ্ঠানত এইমছ গুৱাহাটী আৰু আন তিনিখন চিকিৎসা মহাবিদ্যালয় দেশবাসীলৈ উৎসৰ্গা কৰিব। ইয়াৰ লগতে তেওঁ ‘আছাম এডভান্সড হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউটৰ (AAHII) আধাৰশিলা মুকলি কৰিব আৰু যোগ্য হিতাধিকাৰীসকলৰ মাজত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) কাৰ্ড বিতৰণ কৰি 'আপকে দ্বাৰ আয়ুষ্মান' অভিযান আৰম্ভ কৰিব।

ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰীয়ে এক ৰাজহুৱা অনুষ্ঠানত সভাপতিত্ব কৰিবলৈ উপস্থিত হ’ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। তাতেই তেওঁ দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিবলগীয়া বিহু নৃত্যৰ মনোৰম কাৰ্যসূচী উপভোগ কৰিব। এই কাৰ্যসূচীৰ সময়তে প্ৰধানমন্ত্ৰীয়ে নামৰূপত ৫০০ টিপিডি মেন্থল প্ৰকল্প মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে একে স্থানৰ পৰাই পলাশবাৰী আৰু শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন; ৰংঘৰ আৰু শিৱসাগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে আধাৰশিলা স্থাপন; আৰু দেশলৈ বুলি পাঁচটা ৰে'ল প্ৰকল্পকে ধৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু সেইবোৰ দেশলৈ বুলি উৎসৰ্গা কৰিব।।

এইমছ গুৱাহাটীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৩,৪০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সেইবোৰ দেশলৈ বুলি উৎসৰ্গা কৰিব ।

উল্লেখ্য যে গুৱাহাটীস্থিত এইমছৰ কাৰ্যকৰীকৰণে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে চিহ্নিত হ’ব। এই এইমছৰ কাৰ্যকৰীকৰণেই সমগ্ৰ দেশৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ফলৱতী কৰাৰ এক শক্তিশালী প্ৰমাণ। স্মৰ্তব্য যে ২০১৭ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰীয়ে এই চিকিৎসালয়খনৰ আধাৰশিলাও স্থাপন কৰিছিল। ১১২০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে নিৰ্মিত এইমছ গুৱাহাটী হৈছে ৩০ খন আয়ুষ বিচনাসহ ৭৫০ খন বিচনাযুক্ত এক অত্যাধুনিক চিকিৎসালয়। এই চিকিৎসালয়খনত প্ৰতি বছৰে ১০০ গৰাকী এমবিবিএছ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰাৰ সুবিধাও সন্নিৱিষ্ট কৰা হৈছে। আশা কৰা হৈছে যে চিকিৎসালয়খনে উত্তৰ-পূৰ্বাঞ্চলবাসীক বিশ্বমানৰ স্বাস্থ্য সেৱা-সুবিধা প্ৰদান কৰিব।

ইফালে একেই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে নলবাৰীস্থিত নলবাৰী চিকিৎসা মহাবিদ্যালয়সহ তিনিখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে নগাঁওৰ নগাঁও চিকিৎসা মহাবিদ্যালয়; আৰু  কোকৰাঝাৰৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় দেশলৈ বুলি উৎসৰ্গা কৰিব। এই তিনিওখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে প্ৰায় ৬১৫ কোটি টকা, ৬০০ কোটি টকা আৰু ৫৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰীকালীন সেৱা, আইচিইউ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধা আদিৰ উপৰি অ'পিডি/আইপিডি সেৱাৰ সৈতে সংলগ্ন ৫০০ খন বিচনাযুক্ত শিক্ষণ চিকিৎসালয় আছে।  প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তে প্ৰতি বছৰে ১০০ গৰাকীকৈ শিক্ষাৰ্থীয়ে এমবিবিএছ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিবলগীয়া 'আপকে দ্বাৰ আয়ুষ্মান' অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ হৈছে কল্যাণমূলক আঁচনিসমূহৰ ১০০ শতাংশই প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ বাবে তেওঁ দেখা সপোন বাস্তৱায়িত কৰাৰ দিশত এক শক্তিশালী পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে প্ৰতীকি ৰূপত এই অনুষ্ঠানতে তিনিগৰাকী প্ৰতিনিধি হিতাধিকাৰীক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) কাৰ্ড বিতৰণ কৰিব। ইয়াৰ পিছতে ৰাজ্যখনৰ সকলো জিলাতে প্ৰায় ১.১ কোটি এবি-পিএমজেএৱাই কাৰ্ড বিতৰণ কৰা হ'ব।

ইফালে, আছাম এডভান্সড হেল্থ কেয়াৰ ইনোভেচন ইনষ্টিটিউটৰ (এএএইচআইআই) আধাৰশিলা হৈছে স্বাস্থ্য সম্পৰ্কীয় এলেকাসমূহত প্ৰধানমন্ত্ৰীৰ 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মেক ইন ইণ্ডিয়া'ৰ বাবে দেখা স্বপ্ন বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। উল্লেখ্য যে দেশৰ স্বাস্থ্যসেৱাত ব্যৱহৃত অধিকাংশ প্ৰযুক্তিয়েই আমদানি কৰা হয়, আৰু এক পৃথক প্ৰেক্ষাপটত বিকশিত কৰা হয়, যিবোৰ ভাৰতীয় পৰিৱেশত কাম কৰিবলৈ অতি ব্যয়বহুল আৰু জটিল হৈ পৰে। AAHII -ক এনেবোৰ দিশৰ এক শক্তিশালী বিকল্পৰ পৰিপ্ৰেক্ষিততে সাজু কৰা হৈছে আৰু ই এনেদৰে কাম কৰিব যাতে 'আমি আমাৰ নিজৰ সমস্যাৰ বাবে নিজা সমাধান বিচাৰি পাওঁ'। প্ৰায় ৫৪৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া AAHII য়ে ঔষধ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অত্যাধুনিক আৱিষ্কাৰ আৰু উন্নয়নৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰি স্বাস্থ্য সম্পৰ্কীয় দেশৰ ভিন্ন আৰু আচহুৱা সমস্যাসমূহ চিনাক্ত কৰিব আৰু সেই সমস্যাবোৰৰ সমাধানৰ বাবে নতুন প্ৰযুক্তিৰ বিকাশত সহায় কৰিব।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে উক্ত দিনটোতেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অসম আৰক্ষীৰ দ্বাৰা ডিজাইন কৰা এটা মোবাইল এপ্লিকেচন 'Assam Cop' মুকলি কৰিব। এই এপ্পটোৱে ক্ৰাইম এণ্ড ক্ৰিমিনেল নেটৱৰ্ক ট্ৰেকিং চিষ্টেম (CCTNS) আৰু VAHAN ৰাষ্ট্ৰীয় পঞ্জীৰ ডাটাবেচৰ যোগেদি অভিযুক্ত আৰু বাহনৰ অনুসন্ধানত সহায় কৰিব।

উল্লেখ্য যে গৌহাটি উচ্চ ন্যায়ালয় স্থাপিত হৈছিল ১৯৪৮ চনত আৰু ই মাৰ্চ, ২০১৩ লৈকে উত্তৰ-পূৱৰ সাতখন ৰাজ্য ক্ৰমে অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ বাবে উমৈহতীয়া আদালত হিচাপে কাম কৰিছিল। অৱশ্যে ইয়াৰ পিছত মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ বাবে পৃথক উচ্চ ন্যায়ালয় সৃষ্টি কৰা হয়। গৌহাটি উচ্চ ন্যায়ালয়ে এতিয়া অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ আইনী পৰিসৰৰ সামৰি লয়। ইয়াৰ মুখ্য বিচাৰপীঠ আছে গুৱাহাটীত। তদুপৰি ক’হিমা (নাগালেণ্ড), আইজল (মিজোৰাম) আৰু ইটানগৰ (অৰুণাচল প্ৰদেশ)ত আছে তিনিখনকৈ স্থায়ী বিচাৰপীঠ।

সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিতব্য এক ৰাজহুৱা সভাত ১০,৯০০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে সৰুসজাইৰ অনুষ্ঠানৰ পৰা পলাশবাৰী আৰু শুৱালকুচি সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰিব। দলংখনে অঞ্চলটোত অতীব প্ৰয়োজনীয় যোগাযোগ ব্যৱস্থা তৰান্বিত কৰিব। ইয়াৰ উপৰিও তেওঁ ডিব্ৰুগড়ৰ নামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্পও আৰম্ভ কৰিব। তেওঁ এই অনুষ্ঠানৰ পৰাই পাচটাকৈ ৰে’লৱে প্ৰকল্প উদ্বোধন কৰাৰ উপৰি অঞ্চলটোৰ বিভিন্ন শাখাৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকৰণ প্ৰকল্পও উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া ৰে'ল প্ৰকল্পসমূহৰ ভিতৰত আছে ডিগাৰু - লামডিং শাখা; গৌৰীপুৰ - অভয়পুৰী শাখা; নিউ বঙাইগাঁও - ধূপধৰা শাখাৰ দ্বিগুণকৰণ; ৰাণীনগৰ জলপাইগুৰিৰ পৰা গুৱাহাটী শাখাৰ বৈদ্যুতিকৰণ; শেনছোঁৱা - শিলঘাট টাউন আৰু শেনছোঁৱা - মৈৰাবাৰী শাখাৰ বৈদ্যুতিকৰণ।

প্ৰধানমন্ত্ৰীয়ে লগতে শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পটোৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্প ৰূপায়নৰ ফলস্বৰূপে শিৱসাগৰৰ লগতে ৰংঘৰত পৰ্যটকৰ বাবে সুবিধা বৃদ্ধি পাব। ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পটোত এক বিশাল জলাশয়ৰ চাৰিওফালে ফাউণ্টেইন-শ্ব' নিৰ্মাণ কৰি উলিওৱা হ’ব আৰু লগতে আহোম ৰাজবংশৰ ইতিহাস প্ৰদৰ্শন, অনবদ্য নৌকাবিহাৰ, স্থানীয় হস্তশিল্পৰ প্ৰচাৰৰ বাবে শিল্পগ্ৰাম, খাদ্য প্ৰেমীসকলৰ বাবে বিভিন্ন লোক-ৰন্ধন প্ৰণালী আদিৰ সুবিধা প্ৰদান কৰা হ'ব। উল্লেখ্য যে শিৱসাগৰস্থিত ৰংঘৰ হৈছে আহোমসকলৰ শিল্পকলা সংস্কৃতি আৰু পৰম্পৰাৰ অন্যতম আকৰ। এই ৰংঘৰ অষ্টাদশ শতিকাত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে সৰুসজাইতে অসমৰ জাতীয় জীৱনৰ প্ৰতীকস্বৰূপ বিহুক বিশ্বস্তৰীয় ৰূপত প্ৰদৰ্শন কৰাৰ বাবে আয়োজন কৰা এক বৃহৎ বিহু নৃত্য অনুষ্ঠানৰো সাক্ষী হ'ব। এই বিহু নৃত্য অনুষ্ঠানত একেটা স্থানতে ১০,০০০ ৰো অধিক বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব, আৰু ইয়াৰ যোগেদি একক স্থানত বিশ্বৰ সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শনৰ নতুন গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ চেষ্টা কৰা হ’ব। উল্লেখ্য যে এই অনুষ্ঠানত ৰাজ্যখনৰ ৩১ খন জিলাৰ শিল্পীসকলে অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.