প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ-প্ৰদেশৰ গ্ৰেটাৰ নয়ডা ভ্ৰমণ কৰিব আৰু কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে দীনদয়াল উপাধ্যায় প্ৰত্নতত্ত্ব প্ৰতিষ্ঠান উদ্বোধন কৰিব৷ তেওঁ প্ৰতিষ্ঠানৰ চৌহদত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰিব৷ ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানৰ চৌহদত থকা দীনদয়াল মিউজিয়াম পৰিদৰ্শন কৰিব৷
পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰত্নতত্ত্ব প্ৰতিষ্ঠান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিষ্ঠানখনে দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ গৱেষক আৰু শিক্ষাৰ্থীসকলক আধুনিক সা-সুবিধা প্ৰদান কৰিব৷

দীনদয়াল উপাধ্যায় প্ৰত্নতত্ত্ব প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংকৰ মাধ্যমেৰে নয়ডা চিটী চেণ্টাৰ-নয়ডা ইলেক্ট্ৰনিক চিটী ছেকচন অৱ মেট্ৰ’ৰ ফ্লেগ অফ কৰিব৷ এই নতুন ছেকচনে নয়ডাবাসীক সুবিধাজনক আৰু গতিসম্পন্ন পৰিবহণ সেৱা আগবঢ়াব৷ ৬.৬ কিলোমিটাৰ দৈৰ্ঘৰ ছেকচনটো হ’ল দিল্লী মেট্ৰ’ৰ ব্লু লাইনৰ এক সংযোজন৷ তেওঁ লগতে উত্তৰ প্ৰদেশৰ খাৰজা আৰু বিহাৰৰ বাক্সাৰত দুটা ১৩২০ মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ এই ব্যয়বহুল প্ৰকল্প দুটাই উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বিদ্যুৎ সংকটৰ সমস্যা দূৰ কৰাত সহায় কৰিব৷ লগতে স্থানীয় অঞ্চলসমূহত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহুতো সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.