প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ২০ জানুৱাৰীত “পৰীক্ষা পে চৰ্চা, ২০২০” অনুষ্ঠানত শিক্ষাৰ্থী, শিক্ষক আৰু পিতৃ–মাতৃৰে বাৰ্তালাপ কৰিব৷ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিবলগীয়া “পৰীক্ষা পে চৰ্চা, ২০২০” শীৰ্ষক অনুষ্ঠানৰ তৃতীয়টো সংস্কৰণ কাইলৈ নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একাংশ নিৰ্বাচিত শিক্ষাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে তেওঁলোকৰ সৈতে পৰীক্ষাৰ সময়ত কিদৰে চাপ নাইকিয়া কৰিব পাৰি, সেই বিষয়ে বাৰ্তালাপ কৰিব৷

এই ব্যতিক্ৰমী অনুষ্ঠানত অংশ ল’বলৈ পোৱাৰ বাবে শিক্ষাৰ্থী, শিক্ষক আৰু পিতৃ–মাতৃসকলৰ মাজত যথেষ্ট উৎসাহ আৰু উৎকণ্ঠা পৰিলক্ষিত হৈছে৷ তদুপৰি তেওঁলোকে পৰৱৰ্তী সময়ত উন্নত ফলাফল সুনিশ্চিত কৰিব পৰাকৈ তথা চাপমুক্ত হৈ নিশ্চিন্তমনে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰো পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ পৰা লাভ কৰাৰ আশা আছে৷

বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে হোৱা বাৰ্তালাপ কাৰ্যসূচীৰ প্ৰথম সংস্কৰণ “পৰীক্ষা পে চৰ্চা ১.০” ২০১৮ৰ ১০ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল৷ এই বাৰ্তালাপ কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণ “পৰীক্ষা পে চৰ্চা ২.০” ২০১৯ৰ ২৯ জানুৱাৰীত নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামতে অনুষ্ঠিত হৈছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026-27 lays blueprint for a future-ready digital ecosystem

Media Coverage

Budget 2026-27 lays blueprint for a future-ready digital ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 ফেব্ৰুৱাৰী 2026
February 02, 2026

Citizens Celebrate PM Modi's Roadmap to Prosperity: Budget 2026 Drives Investment, Jobs, and Sustainable Growth for Every Indian