প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘পোষণ মাহ’ৰ অংশস্বৰূপে ১১ ছেপ্তেম্বৰৰ পুৱা ১০.৩০বজাৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ লাখ লাখ আশা কৰ্মী, এএনএম, অংগনৱাড়ী কৰ্মী আৰু স্বাস্থ্য উপভোক্তাৰ সৈতে মত-বিনিময় কৰিব৷
উল্লেখ্য যে চলিত ছেপ্তেম্বৰ মাহত দেশজুৰি ‘পোষণ মাহ’ পালন কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য হ’ল পৰ্যাপ্ত পোষণৰ প্ৰয়োজনীয়তাৰ বাৰ্তা দেশৰ প্ৰতিটো পৰিয়াললৈ লৈ যোৱা৷
এই প্ৰয়াসে পোষণ অভিযান(ৰাষ্ট্ৰীয় পোষণ মিছন)ৰ লক্ষ্যকো আগুৱাই নিব৷ কেন্দ্ৰীয় চৰকাৰে ২০১৭ৰ নৱেম্বৰত এই অভিযান আৰম্ভ কৰিছিল৷ অভিযানৰ লক্ষ্য হ’ল অপুষ্টি, ৰক্তহীনতা আৰু জন্মৰ সময়ত কেঁচুৱাৰ ওজন হ্ৰাস আদিৰ পৰ্যায় কম কৰা৷
প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপে এই অভিযানৰ সৈতে জড়িত বিভিন্ন হিতাধিকাৰীক সংঘবদ্ধ কৰিব৷ পোষণ বিষয়ক সফলতাৰ কাহিনী প্ৰচাৰ আৰু প্ৰকাশ কৰাৰ ক্ষেত্ৰতো এয়া এক মঞ্চ হৈ পৰিব৷


