প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডলৈ যোৱাৰ পূৰ্বে প্ৰদান কৰা বিবৃতিৰ অসমীয়া অনুবাদ তলত উল্লেখ কৰা হৈছে৷

‘‘মই কাইলৈ বেংককলৈ ৩ নৱেম্বৰ তাৰিখৰ ১৬তম এছিয়ান-ভাৰত সন্মিলন আৰু ১৪তম ইষ্ট-এছিয়া সন্মিলন আৰু ৪ নৱেম্বৰ তাৰিখে দেশসমূহৰ মাজত আঞ্চলিক ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ মধ্যস্থতাৰ ৩য় খন বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে যাত্ৰা কৰিম৷

এই যাত্ৰাৰ সময়চোৱাত মই বিশ্বৰ বিভিন্ন নেতাৰ সৈতে বেংককত দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে সম্পৰ্কীয় বৈঠকসমূহতো উপস্থিত থাকিম৷

এছিয়ান-সম্পৰ্কীয় সন্মিলনসমূহ আমাৰ কূটনৈতিক কেলেণ্ডাৰৰ গুৰুত্বপূৰ্ণ অংশ আৰু ই এক্ট ইষ্ট নীতিৰ বাবেও এক গুৰুত্বপূৰ্ণ উপাদান৷

এছিয়ানৰ সৈতে আমাৰ সহযোগিতা সংযোগ, সামৰ্থ নিৰ্মাণ, বাণিজ্য আৰু সংস্কৃতি এই প্ৰধান স্তম্ভকেইটাৰ ওপৰত প্ৰতিষ্ঠিত৷ ২০১৮ চনৰ জানুৱাৰীত আমি নতুন দিল্লীত এছিয়ানৰ সৈতে আমাৰ সহযোগিতাৰ ২৫তম বাৰ্ষিকী পালন কৰিছিলো৷ দহখন এছিয়ানৰ নেতাই মুখ্য অতিথি হিচাপে আমাৰ গণতন্ত্ৰ দিৱসতো উপস্থিত আছিল৷

মই এছিয়ান সহযোগীসকলৰ সৈতে আমাৰ সহযোগিতামূলক কাৰ্যসূচীসমূহ পুনৰীক্ষণ কৰিম আৰু এছিয়ান তথা এছিয়ান নেতৃত্বাধীন প্ৰণালীসমূহৰ সৱলীকৰণ, যোগাযোগ বৃদ্ধি (সাগৰ, ভূমি, বায়ু, ডিজিটেল আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণ), অৰ্থনৈতিক সহযোগিতা বৃদ্ধি তথা সাগৰীয় সহযোগিতা প্ৰসাৰণৰ পৰিকল্পনা পৰীক্ষণ কৰিম৷

ইষ্ট-এছিয়া সন্মিলন আজি আঞ্চলিক সহযোগিতা গাঁথনিৰ প্ৰধান উপাদান হিচাপে বিবেচিত হৈ উঠিছে য’ত বিভিন্ন প্ৰধান দেশসমূহে সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছে৷ আমি আঞ্চলিক তথা বিশ্বজনীন সমস্যাসমূহ পুনৰীক্ষণ কৰিম আৰু আমাৰ শেহতীয়া কাৰ্যসূচী তথা প্ৰকল্পসমূহ পৰীক্ষণ কৰিম৷ মই আমাৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় কৌশলতো গুৰুত্ব প্ৰদান কৰিম৷

আৰচিইপিৰ সন্মিলনত আমি আৰচিইপি মধ্যস্থতাৰ প্ৰগতি পৰীক্ষণ কৰিম৷ সামগ্ৰী, সেৱা আৰু বিনিয়োদৰ ক্ষেত্ৰত ভাৰতৰ চিন্তাধাৰাৰ বিষয়সমূহ আমি বিবেচনা কৰিম৷

৪ নৱেম্বৰ তাৰিথে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰিম৷

২ নৱেম্বৰ তাৰিখে থাইলেণ্ডৰ ভাৰতীয় বংশোদ্ভৱসকলে আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিম৷ ভাৰতীয় বংশোদ্ভৱ তথা প্ৰবাসী ভাৰতীয়সকলে থাইলেণ্ডলৈ অতুলনীয় অৱদান আগবঢ়োৱাৰ লগতে ভাৰত আৰু থাইলেণ্ডৰ সম্পৰ্ক বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷’’

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s petroleum products’ exports surge 8% in July

Media Coverage

India’s petroleum products’ exports surge 8% in July
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi