মই ২২-২৬ আগষ্ট, ২০১৯লৈ ফ্ৰান্স, ইউএই আৰু বাহৰেইন ভ্ৰমণ কৰিম৷

মোৰ ফ্রান্স ভ্ৰমণ শক্তিশালী কৌশলগত অংশীদাৰিত্বৰ প্ৰতিফলন, যাক আমি দুয়োখন দেশেই গভীৰভাবে মূল্য দিও। ২২ আৰু ২৩ আগষ্টত মই ফ্ৰান্সত দ্বিপাক্ষিক বৈঠকক অংশগ্ৰহণ কৰিম৷ ইয়াৰ মাজতে ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতে এক সন্মিলন আৰু প্ৰধানমন্ত্রী ফিলিপৰ সৈতেও এখন বৈঠকত মিলিত হ’ম। ফ্ৰান্সত ভাৰতীয় সমূদায়ৰ সৈতেও মই মত-বিনিময় কৰিম। ১৯৫০ আৰু ১৯৬০ চনত ফ্রান্সত দুটাকৈ এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ লোকসকলৰ স্মৰণত এক স্মাৰক উচৰ্গা কৰিম।

তাৰপাছত, ২৫ আৰু ২৬ আগষ্টত ৰাষ্ট্ৰপতি মেক্ৰ’ৰ আমন্ত্ৰণত জি-৭ সন্মিলনত আমন্ত্রিত সদস্য হিচাপে অংশগ্ৰহণ কৰিম। এই সন্মিলনত পৰিৱেশ, জলবায়ু, সমুদ্ৰ আৰু ডিজিটেল ট্রান্সফৰমেচনক লৈ আলোচনা হ’ব।

ভাৰত আৰু ফ্রান্সৰ দ্বিপাক্ষিক সম্পর্ক অতি মধুৰ। বিশ্ব তথা দুয়োখন দেশৰ শান্তি আৰু প্ৰগতিৰ বিকাশত সহযোগিতাক লৈ মিলিত চিন্তাধাৰাৰ ফলত এই সম্পর্ক আৰু অধিক সুদৃঢ় হৈছে৷ সন্ত্রাসবাদ, জলবায়ু পৰিৱর্তন ইত্যাদি সম্পর্কত বিশ্বজোৰা উদ্বেগক লৈ যৌথ ভাৱনাৰ ফলস্বৰূপে আমাৰ শক্তিশালী কৌশলগত আৰু অর্থনৈতিক অংশীদাৰিত্ব বৃদ্ধি পাইছে। মোৰ বিশ্বাস যে এই ভ্ৰমণে আমাৰ দীর্ঘদিনীয়া মূল্যবান বন্ধুত্বক আৰু অধিক বৃদ্ধি কৰাৰ লগতে দুয়ো দেশৰ পাৰস্পৰিক উন্নতি, শান্তি আৰু প্ৰগতিত ইন্ধন যোগাব।

২৩ আৰু ২৪ আগষ্টত ইউনাইটেড আৰৱ এমিৰেটছ ভ্ৰমণৰ সময়ত মই আবুধাবিৰ মহামান্য ৰাজকুমাৰ শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক সম্পর্ক আৰু আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ত আলোচনা কৰিম।

তদুপৰি, মই মহাত্মা গান্ধীৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে মহামান্য ৰাজকুমাৰৰ সৈতে যুটীয়াভাৱে স্মাৰক ডাক টিকট প্ৰকাশ কৰিম। এই ভ্ৰমণৰ সময়তে ইউএই চৰকাৰে প্ৰদান কৰা সর্বোচ্চ অসামৰিক সন্মান ‘অর্ডাৰ অফ জায়েদ’ গ্ৰহণ কৰিবলৈ পোৱাটো মোৰ বাবে সন্মানৰ কথা। তদুপৰি, বিদেশতো নগদ বিহীন লেনদেনৰ নেটৱর্ক সম্প্ৰসাৰিত কৰাৰ লক্ষ্যৰে মই ৰূপে কার্ডৰো আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰিম৷

ভাৰত আৰু ইউনাইটেড আৰৱ এমিৰেটছৰ মাজত সঘনে অনুষ্ঠিত উচ্চ পর্যায়ৰ আলোচনাই আমাৰ মূল্যবান সম্পর্ককে প্ৰতীয়মান কৰে। ইউনাইটেড আৰৱ এমিৰেটছ আমাৰ তৃতীয় বৃহত্তম বাণিজ্য সহযোগী তথা চতুর্থ বৃহত্তম অপৰিশোধিত তেল সৰবৰাহকাৰী দেশ। এই ঐক্যৰ গুণমান বৃদ্ধি কৰাটোৱেই আমাৰ বৈদেশিক নীতিৰ সাফল্য। মোৰ এই ভ্ৰমণে ইউনাইটেড আৰৱ এমিৰেটছৰ সৈতে বহুমুখী দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব।

২৪ আৰু ২৫ আগষ্টত মই বাহৰেইন ভ্ৰমণ কৰিম। এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম বাহৰেইন ভ্ৰমণ৷ মই দেশখনৰ প্ৰধানমন্ত্রী প্ৰিন্স শ্বেইখ খলিফা বিন ছলমান আল খালিফাৰ সৈতে দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিৰ উপায়ৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত পাৰস্পৰিক বুজাবুজিৰ বিষয়সমূহক লৈও আলোচনা কৰিম৷ তদুপৰি, মই বাহৰেইনৰ ৰজা মহামান্য শ্বেইখ হামাদ বিন ইছা আল খালিফা আৰু অন্যান্য নেতৃবৰ্গৰ সৈতেও বৈঠকত মিলিত হ’ম৷

এই সুযোগতে মই বাহৰেইনত বসবাস কৰা প্ৰৱাসী ভাৰতীয় লোকসকলৰ সৈতে মত-বিনিময় কৰিম। উপসাগৰীয় অঞ্চলত পবিত্ৰ জন্মাষ্টমী উৎসৱৰ প্রাকক্ষণত প্রাচীনতম শ্রীনাথজীৰ মন্দিৰৰ সংস্কাৰ কামৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিবলৈ পোৱাটো মই আশীর্বাদ বুলি ধৰি লৈছো৷ মোৰ বিশ্বাস এই ভ্ৰমণে বিভিন্ন ক্ষেত্রত আমাৰ সম্পর্কক আৰু অধিক গভীৰ কৰিব৷.

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The first day of school, the start of a shared responsibility

Media Coverage

The first day of school, the start of a shared responsibility
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, pays tributes to revered Dr. Sree Sree Sree Sivakumara Swamigalu
April 01, 2026

The Prime Minister, Shri Narendra Modi paid tributes to the revered Dr. Sree Sree Sree Sivakumara Swamigalu, on his birth anniversary today. Shri Modi added that his incomparable contributions in the fields of education, social welfare, and spirituality will continue to inspire every generation of the nation towards selfless service.

The Prime Minister shared a Sanskrit verse-

“पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।

नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥”

The Prime Minister wrote on X;

“मानवता के अनन्य उपासक परम पूज्य डॉ. श्री श्री श्री शिवकुमार स्वामीजी को उनकी जन्म-जयंती पर कोटि-कोटि नमन! शिक्षा, समाज कल्याण और अध्यात्म के क्षेत्र में उनका अतुलनीय योगदान देश की हर पीढ़ी को निस्वार्थ सेवा के लिए प्रेरित करता रहेगा।

पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।

नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥”