প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পথ, পিএমজিএছৱাই, গ্ৰামীণ গৃহ, নগৰ গৃহ, ৰে’লৱে, বিমানবন্দৰ আৰু জলবন্দৰৰ মূল আন্তঃগাঁথনিসমূহৰ অগ্ৰগতি সম্পৰ্কে খতিয়ান লয়৷ দুঘণ্টাজোৰা এই পুনৰীক্ষণ কাৰ্যত মন্ত্ৰালয়সমূহৰ আন্তঃগাঁথনি বিষয়ক শীৰ্ষৰ বিষয়াসমূহ, নিটি আয়োগ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াসমূহো উপস্থিত আছিল৷ নিটি আয়োগৰ মুখ্য কাৰ্যবাহী অধ্যক্ষ শ্ৰী অমিতাভ কান্তৰ দ্বাৰা প্ৰস্তুত উপস্থাপনত পথ নিৰ্মাণৰ কাম ক্ষীপ্ৰ গতিত আগবঢ়া বুলি প্ৰদৰ্শন কৰা হয়৷ দৈনিক গড় নিৰ্মাণৰ দৈৰ্ঘ বিত্তীয় বৰ্ষ ১৩-১৪ৰ ১১.৬৭ কিলোমিটাৰৰ তুলনাত ১৭-১৮ বিত্তীয় বৰ্ষত ২৬.৯৩ কিলোমিটাৰ হোৱা বুলি তথ্য প্ৰদান কৰা হয়৷

পৰিবহণ ক্ষেত্ৰত হোৱা অগ্ৰগতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়৷ প্ৰদান কৰা ২৪ লাখ আৰএফআইডি টেগৰ ভিতৰত ২২ শতাংশ টোল ৰাজহ বৰ্তমানে ইলেক্ট্ৰ’নিক টোল সংগ্ৰহৰ পৰা আহি আছে৷ ‘সুখদ যাত্ৰা’ এপটোৰ জৰিয়তে পথসমূহৰ অৱস্থা, অভিযোগ উত্থাপন আদি সম্ভৱ হৈছে আৰু বৰ্তমানলৈ এই এপ এক লাখতকৈও অধিক ডাউনলোড কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে ইলেক্ট্ৰ’নিক টোল সংগ্ৰহৰ কাৰ্য ক্ষীপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত বৰ্তমানে গ্ৰামীণ পথসমূহ সকলো যোগ্য স্থানসমূহলৈ ৮৮ শতাংশলৈ সংযোজিত হৈছে৷ পূৰ্বৰ চাৰিবছৰৰ ৩৫,০০০ কিলোমিটাৰৰ তুলনাত ২০১৪ চনৰ পৰা ২০১৮ চনলৈ প্ৰায় ৪৪,০০০খন গাঁও সংযোজিত কৰা হৈছে৷ ‘মেৰী চড়ক’ এপটো ১০টা আঞ্চলিক ভাষাত উপলব্ধ কৰোৱা হৈছে আৰু এতিয়ালৈ ৯.৭৬ লাখ ডাউনলোড কৰা হৈছে৷ পথসমূহৰ জিআইএছ মেপিঙৰ কাৰ্য চলি আছে আৰু এই পৰ্যন্ত ২০খন ৰাজ্যত জিঅ’স্পেচিয়েল ৰুৰেল ইনফ’ৰ্মেছন ছিষ্টেম (জিআৰআৰআইএছ)ৰ সুবিধা প্ৰদান কৰা হৈছে৷ গ্ৰামীণ পথ নিৰ্মাণ কাৰ্যত সেউজ প্ৰযুক্তি আৰু অপৰম্পৰাগত সামগ্ৰী যেনে বৰ্জ্য প্লাষ্টিক, ফ্লাই এশ্ব আদি ব্যৱহাৰ কৰা হৈছে৷

ৰে’লৱে ক্ষেত্ৰত সামৰ্থ বৃদ্ধি আৰু ৰ’লিং ষ্ট’কত উল্লেখযোগ্য সংযোজন কৰা হৈছে৷ ২০১৪ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ‘‘নতুন লাইন, দ্বৈতকৰণ আৰু গ’জ পৰিৱৰ্তন’’ৰ কাম ৯৫২৮ কিলোমিটাৰলৈ সম্প্ৰসাৰণ কৰা হৈছে যি পূৰ্বৰ চাৰিবছৰৰ তুলনাত ৫৬ শতাংশ অধিক হৈছে৷

ঠিক সেইদৰে, বিমান খণ্ডতো ২০১৪ চনৰ পৰা ২০১৮ চনলৈ যাত্ৰীৰ সংখ্যা পূৰ্বৰ চাৰি বছৰৰ ১৮ শতাংশৰ তুলনাত ৬২ শতাংশ বৃদ্ধি হৈছে৷ উড়ান আঁচনিৰ অধীনত বৰ্তমানে টায়াৰ ২ আৰু টায়াৰ ৩ৰ চহৰসমূহত ২৭টা বিমানবন্দৰ কাৰ্যকৰী হৈ আছে৷

জলবন্দৰ ক্ষেত্ৰত ২০১৪ চনৰ পৰা ২০১৮ চনলৈ প্ৰধান বন্দৰসমূহ ১৭ শতাংশলৈ ট্ৰেফিক বৃদ্ধি হৈছে৷

গ্ৰামীণ গৃহ ক্ষেত্ৰত পূৰ্বচ চাৰি বছৰৰ ২৫ লাখ গৃহৰ তুলনাত ২০১৪-১৮ চনৰ ভিতৰত এক কোটিতকৈও অধিক গৃহ নিৰ্মাণ হোৱা বুলি প্ৰধানমন্ত্ৰীক অৱগত কৰোৱা হয়৷ ইয়াৰ জৰিয়তে গৃহ ক্ষেত্ৰ আৰু নিৰ্মাণ উদ্যোগসমূহত নিয়োজনৰ সংখ্যা বৃদ্ধি হৈছে৷ এক স্বতন্ত্ৰ অধ্যয়ন অনুসৰি, গড় নিৰ্মাণ সময় পূৰ্বৰ ২০১৫-১৬ বৰ্ষৰ ৩১৪ দিনৰ তুলনাত ২০১৭-১৮ বৰ্ষত ১১৪ দিনলৈ হ্ৰাস হৈছে৷ ইয়াৰোপৰি দুৰ্যোগ প্ৰতিৰোধী আৰু কম ব্যয়ৰ গৃহ শৈলীৰ প্ৰযুক্তিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে৷

নগৰ গৃহ ক্ষেত্ৰত নতুন নিৰ্মাণ প্ৰযুক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ) আঁচনিৰ প্ৰণয়নৰ সময়ৰ পৰা বৰ্তমানলৈ ৫৪ লাখ গৃহৰ অনুমোদন জনোৱা হৈছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 08 আগষ্ট 2026
August 08, 2026

Infrastructure + Inclusion + Innovation: How PM Modi’s Agenda is Rewiring India’s Growth Engine