প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰখ্যাত কাৰ্টুনিষ্ট আৰকে লক্ষ্মণৰ আধাৰত ৰচিত ‘টাইমলেছ লক্ষ্মণ’ শীৰ্ষক কফি টেবুল গ্ৰন্থখন উন্মোচন কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে এই নিৰবধি যাত্ৰাৰ সংগী হৈ তেওঁ সুখী৷ আৰকে লক্ষ্মণৰ কৰ্মৰাজি এইদৰে গ্ৰন্থৰ ৰূপত প্ৰকাশ পোৱাৰ বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰে৷ 

লক্ষ্মণৰ দশকজোৰা কৰ্মৰাজিৰ জীৱন্ত দলিলস্বৰূপ এই গ্ৰন্থৰ জৰিয়তে সমাজবিজ্ঞান আৰু আৰ্থ-সামাজিক পৰিৱেশ উপলব্ধি কৰিব পৰা যাব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই গ্ৰন্থখন লক্ষ্মণৰ স্মৃতি সংৰক্ষণৰ বাবেই পৰ্যাপ্ত নহয়, বৰং লক্ষ্মণৰ কৰ্মৰাজিক বিভিন্ন ৰূপত নিজৰ মন-মগজুত কঢ়িয়াই লৈ ফুৰা কোটি কোটি লোকৰ বাবে ই হ’ব এক গুৰুত্বপূৰ্ণ দলিল৷

লক্ষ্মণৰ প্ৰখ্যাত সৃষ্টি ‘কমন মেন’ আছিল নিৰবধি আৰু অখিল ভাৰতীয়৷ সকলো ভাৰতীয় আৰু সকলো প্ৰজন্মৰ লোকে নিজৰ মাজত তেওঁক দেখিবলৈ পায় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে এই কথাও উনুকিয়ায় যে সাধাৰণ লোকৰ বাবে পদ্ম বঁটাৰ বাট মুকলি কৰিবলৈ চৰকাৰে বঁটাৰ বাছনি প্ৰক্ৰিয়া সলনি কৰিছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 52,000 Indians return safely from Gulf amid Iran war: MEA

Media Coverage

Over 52,000 Indians return safely from Gulf amid Iran war: MEA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2026
March 10, 2026

Citizens Appreciate India’s Digital Leap and Green Triumphs Under the Leadership of PM Modi