প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰখ্যাত কাৰ্টুনিষ্ট আৰকে লক্ষ্মণৰ আধাৰত ৰচিত ‘টাইমলেছ লক্ষ্মণ’ শীৰ্ষক কফি টেবুল গ্ৰন্থখন উন্মোচন কৰে৷
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে এই নিৰবধি যাত্ৰাৰ সংগী হৈ তেওঁ সুখী৷ আৰকে লক্ষ্মণৰ কৰ্মৰাজি এইদৰে গ্ৰন্থৰ ৰূপত প্ৰকাশ পোৱাৰ বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰে৷
লক্ষ্মণৰ দশকজোৰা কৰ্মৰাজিৰ জীৱন্ত দলিলস্বৰূপ এই গ্ৰন্থৰ জৰিয়তে সমাজবিজ্ঞান আৰু আৰ্থ-সামাজিক পৰিৱেশ উপলব্ধি কৰিব পৰা যাব৷
প্ৰধানমন্ত্ৰীয়ে কয় যে এই গ্ৰন্থখন লক্ষ্মণৰ স্মৃতি সংৰক্ষণৰ বাবেই পৰ্যাপ্ত নহয়, বৰং লক্ষ্মণৰ কৰ্মৰাজিক বিভিন্ন ৰূপত নিজৰ মন-মগজুত কঢ়িয়াই লৈ ফুৰা কোটি কোটি লোকৰ বাবে ই হ’ব এক গুৰুত্বপূৰ্ণ দলিল৷
লক্ষ্মণৰ প্ৰখ্যাত সৃষ্টি ‘কমন মেন’ আছিল নিৰবধি আৰু অখিল ভাৰতীয়৷ সকলো ভাৰতীয় আৰু সকলো প্ৰজন্মৰ লোকে নিজৰ মাজত তেওঁক দেখিবলৈ পায় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে এই কথাও উনুকিয়ায় যে সাধাৰণ লোকৰ বাবে পদ্ম বঁটাৰ বাট মুকলি কৰিবলৈ চৰকাৰে বঁটাৰ বাছনি প্ৰক্ৰিয়া সলনি কৰিছে৷