ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰীক ইউক্ৰেইন সম্পৰ্কীয় শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰে
প্ৰধানমন্ত্ৰীয়ে সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতৰ ধাৰাবাহিক স্থিতিৰ কথা দোহাৰে
নেতাদ্বয়ে ভাৰত-ৰাছিয়াৰ বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক অধিক গভীৰকৰণৰ অংগীকাৰৰ কথা পুনৰ দৃঢ় কৰে
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক বাৰ্ষিক দ্বি-পাক্ষিক সন্মিলনৰ বাবে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰীক ইউক্ৰেইন সম্পৰ্কীয় শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।

ৰাষ্ট্ৰপতি পুটিনক তেওঁৰ বিশদ মূল্যায়নৰ বাবে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতৰ ধাৰাবাহিক স্থিতিৰ কথা দোহাৰে।

নেতাদ্বয়ে দ্বিপাক্ষিক কাৰ্য্যসূচীৰ অগ্ৰগতি সম্পৰ্কেও পৰ্য্যালোচনাৰে ভাৰত-ৰাছিয়াৰ বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক অধিক গভীৰকৰণৰ অংগীকাৰৰ কথা পুনৰ দৃঢ় কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিতব্য ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত ভাগ ল’বলৈ ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.