Contribution of Indian community towards Seychelles’ economy is a matter of pride for us: Prime Minister Modi
India and Seychelles would work together keeping in mind each other's interests on the Assumption Island project: PM Modi
India is committed to helping Seychelles strengthen its defence capability, ocean infrastructure and enhance the capacity of defence personnel: Prime Minister

সন্মানীয় ৰাষ্ট্ৰপতি ডেনি ফ’ৰে, ছিছেল্ছৰ সন্মানীয় প্ৰতিনিধি সদস্যবৃন্দ,

মাননীয় সংবাদ মাধ্যমৰ সদস্যবৃন্দ,

ৰাষ্ট্ৰপতি ফ’ৰে আৰু তেখেতৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোক আজি এনেদৰে স্বাগতম জনাবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য বুলি গণ্য কৰিছো৷ ২০১৫ চনত মই কৰা ছিছেল্চ ভ্ৰমণ, যিটো Indian Ocean region ত মোৰ প্ৰথমটো ভ্ৰমণ আছিল৷ সেই সময়তেই তদানীন্তন ৰাষ্ট্ৰপতি জেমছ মিছেলেও ভাৰত ভ্ৰমণ কৰিছিল৷

এই ভ্ৰমণসমূহে আমাৰ দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰীত্বৰ প্ৰতি আমাৰ দায়বদ্ধতাক নিৰ্দেশ কৰে৷ ১৯৭৬ চনত যেতিয়া ছিছেলছে স্বাধীনতা লাভ কৰে, তেতিয়াৰ পৰাই আমাৰ দুয়োখন দেশৰ মাজত আছে এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক৷ আজি ভাৰত আৰু ছিছেলছ কৌশলগত অংশীদাৰীত্ব বা বন্ধুত্বৰ দিশেৰে অগ্ৰণী দুখন দেশ৷ আমি দুয়োখন দেশেই গণতন্ত্ৰ মুখ্য দিশসমূহক গুৰুত্ব সহকাৰে গ্ৰহণ কৰো আৰু ভাৰতীয় ঔপনিৱেশিক ক্ষেত্ৰত শান্তি, সুৰক্ষা আৰু স্থিৰতা অটুট ৰাখিবৰ বাবে geo-strategic vision কো সমান ৰূপতেই পৰ্যালোচনা কৰো৷

ৰাষ্ট্ৰপতি ফ’ৰে আৰু মোৰ মাজত আজিৰ যি বাৰ্তালাপ সম্পন্ন হৈছে সেয়া অতি সুখদায়ক আছিল৷ ছিছেলছে আফ্ৰিকাত সৰ্বোচ্চ মানৱ উন্নয়ন সূচাংক লাভ কৰিছে আৰু নীলাভ অৰ্থনীতিৰ বিশ্বজনীন নেতাসকলৰ মাজৰ অন্যতম হিচাপে পৰিগণিত হৈছে৷ এনে একাধিক উপলব্ধিৰ বাবে মই ৰাষ্ট্ৰপতি ফোৰেক অশেষ অভিনন্দন জনাইছো৷

ভাৰত আৰু ছিছেল্ছ, Indian Ocean ৰে সংযোজিত হৈ আছে৷ আমাৰ নাগৰিকৰ সামগ্ৰিক হিতসাধনৰ বাবে সুৰক্ষিত উপকূলীয় পৰিৱেশত সামূদ্ৰিক অৰ্থনীতিক দীৰ্ঘম্যাদীতাৰ বিকাশ অতিকৈ গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয়৷ গতানুগতিক আৰু অগতানুগতিক বিপদাশংকাসমূহৰ সফলতাৰে মুখামুখি হৈ আমি মহাসাগৰৰ পৰা লাভ কৰা লাভালাভসমূহ আহৰণ কৰিব পাৰো৷ আজি আমাৰ বাৰ্তাত আমি সমূদ্ৰৰ আধাৰত গঢ় লৈ উঠা নীলাভ অৰ্থনীতিৰ পূৰ্ণ লাভ আহৰণৰ দিশেৰে সহযোগিতাৰে কাম কৰিবৰ বাবে নিজৰ দায়বদ্ধতাক সোৱঁৰণ কৰাইছে৷ আমাৰ মাজত Maritime ৰ প্ৰত্যাহ্বানৰ পৰা মুক্তি লাভ কৰিবৰ বাবে সহযোগিতাৰে ৰাজনৈতিক Convergence আছে৷

ঘনিষ্ঠ সম্পৰ্কৰ ৰূপত এয়া আমাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব যে আমি আমাৰ EEZ ত তথা উপকূলীয় অঞ্চলৰ আশে-পাশে সামূহিক Maritime Security সুনিশ্চিত কৰিব লাগে৷ পাইৰেচী, ড্ৰাগছ আৰু মানৱ সৰবৰাহ তথা সামূদ্ৰিক সম্পদৰাজিৰ অবৈধ আহৰণ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ প্ৰত্যাহ্বান আমাৰ সমূখত আছেই৷ এইসমূহ প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি নিজৰ সহযোগ বৃদ্ধি কৰিব লাগিব৷ ছিছেলচক ইয়াৰ প্ৰতিৰক্ষা সামৰ্থ্য আৰু সমূদ্ৰতীৰৰ আন্তঃগাঁথনি সুদৃঢ় কৰাৰ লগতে প্ৰতিৰক্ষা কৰ্মীক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়াবৰ বাবে ভাৰত দায়বদ্ধ৷ ইয়াৰ যোগেদি ছিছেলছে গতানুগতিক আৰু অগতানুগতিক দুয়োধৰণৰ উপকূলীয় প্ৰত্যাহ্বানসমূহৰ পৰা সফলতাৰে মুক্ত হ’ব পাৰিব আৰু সামূদ্ৰিক সম্পদৰাজি ৰক্ষা কৰিবও পাৰিব৷ এই সন্দৰ্ভত ছিছেল্ছৰ প্ৰতিৰক্ষা বিভাগৰ বাবে ১০০ মিলিয়ন আমেৰিকান ডলাৰ ঋণ হিচাপে ঘোষণা কৰিবলৈ পাই অতি আনন্দিত হৈছো৷ এই ঋণৰ যোগেদি নিজৰ উপকূলীয় সামৰ্থ্য গঠন তথা উত্তৰণ ঘটোৱাৰ বাবে ভাৰতৰ পৰা সুৰক্ষা সংক্ৰান্তীয় উপাদান ক্ৰয় কৰিব পাৰিব৷ মাৰ্চ, ২০১৫ ত ছিছেল্চ ভ্ৰমণকালত মই যি Dornier Aircraft ৰ প্ৰতিশ্ৰুতি দিছিলো, সেয়াকাইলৈ প্ৰদান কৰাৰ বাবে সাজু কৰা হৈছে৷ ইয়াৰ মডেলটোও আপোনালোক সকলোৱেই সমূখত দেখিবলৈ পাইছে৷ এই এয়াৰক্ৰাফ্টখন ২৯ জুন তাৰিখে ছিছেল্ছৰ ৰাষ্ট্ৰীয় দিৱস সমাৰোহত অংশগ্ৰহণৰ বাবে যথাসময়ত যথাস্থানত উপস্থিত হ’ব৷

এজামছন দীপ প্ৰজেক্ট সন্দৰ্ভত পৰস্পৰে পৰস্পৰৰ হিত সাধনৰ বাবে একেলগে কাম কৰিবৰ বাবে আমি সন্মত৷ Navigation Charts ৰ উপলব্ধতাৰ শুধৰণি কৰিবৰ বাবে হাইড্ৰ’গ্ৰাফী জৰীপ চলাবৰ বাবে আমি ব্যাপক ৰূপত সহযোগ কৰি আছো৷ এই প্ৰয়াসৰেই অংশ হিচাপে আমি আজি White Shipping Data ৰ আদান – প্ৰদানৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছো৷ আজি আমি কৰা বাৰ্তালাপৰ সময়ছোৱাত মই ছিছেল্চৰ ৰাষ্ট্ৰীয় মৌলিকতাৰ পৰিকল্পনাসমূহৰ বাবে প্ৰভাৱী অৱদান আগবঢ়োৱাৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰিছো৷ এই পৰিকল্পনাসমূহৰ দ্বাৰা কেৱল ছিছেল্চৰ অৰ্থনৈতিক অৱস্থাই যে উন্নত হ’ব তেনে নহয়, বৰঞ্চ ইয়াৰ দ্বাৰা আমাৰ দুোয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠ হৈ পৰিব৷

বিশেষ আবণ্টনৰ অন্তৰ্গত ছিছেল্চত তিনিটা অসামৰিক আন্তঃগাঁথনি প্ৰকল্পলৈ অৰ্থ যোগান ধৰিবৰ বাবে ভাৰত সাজু আছে৷ ইয়াৰ ভিতৰত চৰকাৰী গৃহ, নতুন আৰক্ষী ছাউনি তথা এট’ৰ্নি জেনেৰেলৰ কাৰ্যালয়ো চামিল হৈ আছে৷

আজি আমি এক বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ কৰিছো, যাৰ প্ৰেক্ষাপটত ছিছেলচত উন্নত মানদণ্ডৰ, উল্লেখনীয় তথা নাগৰিক কেন্দ্ৰিক ক্ষুদ্ৰ উন্নয়ন প্ৰকল্প আৰম্ভ কৰিবৰ বাবে আমাৰ তৰফৰ পৰা বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব৷ মই ৰাষ্ট্ৰপতি ফ’ৰেক প্ৰতিশ্ৰুতি দিছো যে ভাৰতে ছিছেল্চৰ সৰ্বসাধাৰণ নাগৰিক তথা সুৰক্ষা কৰ্মীসকলৰ বাবে ITEC তথা অন্যান্য কাৰ্যসূচীৰ অন্তৰ্গত প্ৰশিক্ষণ প্ৰদানৰ যোগেদি ছিছেল্চৰ ক্ষমতা বিকাশৰ হাৰ বৃদ্ধি কৰিবৰ বাবে সদায়েই উন্মুখ হৈ আছে৷ ছিছেল্চৰ দ্বাৰা নিৰ্ধাৰিত ক্ষেত্ৰসমূহত ভাৰতীয় বিশেষজ্ঞক ছিছেল্চলৈ ডেপুটেশ্যনত প্ৰেৰণ কৰা হ’ব৷ ছিছেল্চৰ অৰ্থব্যৱস্থাত ভাৰতীয় সমুদায়ৰ অৱদান আমাৰ বাবে গৰ্বৰ বিষয়৷ আমাৰ দুই দেশ তথা ইয়াৰ লোকৰ মাজত আমাৰ দেশৰ সংস্কৃতিৰ উপজীৱ্যতাও আমাৰ বাবে নিসন্দেহে গৌৰৱৰ বিষয় আৰু এইসমূহ দিশেই আমাৰ দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কক আৰু অধিক দৃঢ় কৰি তোলাৰ ভালেমান সম্ভাৱনা প্ৰকট কৰি তোলে৷ আমাক দুটা বৃহদাকায় আল্দাব্ৰা কাঁছ উপহাৰ দিয়াৰ বাবে ৰাষ্ট্ৰপতি ফ’ৰেক অশেষ ধন্যবাদ জনাইছো৷ ছিছেল্চৰ পৰা ভাৰতে ইয়াৰ পূৰ্বেও এনেদৰে উপহাৰ হিচাপে কাঁছ লাভ কৰিছে৷ সেয়া তিনি শতিকাৰ সাক্ষী হিচাপে এতিয়াও আছে৷ ভাৰতত এই প্ৰাণীবিধৰ উপৰিও প্ৰকৃ্তিৰ অনেক জীৱ-জন্তু, পশু-পক্ষী, গছ-লতিকাকো যথেষ্ট শ্ৰদ্ধা আৰু প্ৰেমেৰে চোৱা হয়৷ এই দীৰ্ঘজীৱি কাঁছ আগলৈও আমাৰ দুয়োখন দেশৰ চিৰন্তন মিত্ৰতা আৰু তাৰ শুভ প্ৰভাৱৰ প্ৰতীক হিচাপে চিহ্নিত হৈ ৰ’ব৷

মই পুনৰ এবাৰ ৰাষ্ট্ৰপতি ফ’ৰে তথা তেওঁৰ প্ৰতিনিধিমণ্ডলক আন্তৰিকতাৰে স্বাগতম জনাইছো তথা কামনা কৰিছো যে তেওঁলোকৰ ভাৰত ভ্ৰমণ যেন অতি আনন্দদায়ক হৈ ৰয়৷ মই ৰাষ্ট্ৰপতি ফ’ৰে তথা ছিছেল্চৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱস ২৯ জুনৰ বাবেও মোৰ তৰফৰ পৰা তথা এশ পছিশ কোটি ভাৰতীয়ৰ তৰফৰ পৰা শুভকামনা জনাইছো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.