QuoteContribution of Indian community towards Seychelles’ economy is a matter of pride for us: Prime Minister Modi
QuoteIndia and Seychelles would work together keeping in mind each other's interests on the Assumption Island project: PM Modi
QuoteIndia is committed to helping Seychelles strengthen its defence capability, ocean infrastructure and enhance the capacity of defence personnel: Prime Minister

সন্মানীয় ৰাষ্ট্ৰপতি ডেনি ফ’ৰে, ছিছেল্ছৰ সন্মানীয় প্ৰতিনিধি সদস্যবৃন্দ,

মাননীয় সংবাদ মাধ্যমৰ সদস্যবৃন্দ,

ৰাষ্ট্ৰপতি ফ’ৰে আৰু তেখেতৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোক আজি এনেদৰে স্বাগতম জনাবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য বুলি গণ্য কৰিছো৷ ২০১৫ চনত মই কৰা ছিছেল্চ ভ্ৰমণ, যিটো Indian Ocean region ত মোৰ প্ৰথমটো ভ্ৰমণ আছিল৷ সেই সময়তেই তদানীন্তন ৰাষ্ট্ৰপতি জেমছ মিছেলেও ভাৰত ভ্ৰমণ কৰিছিল৷

এই ভ্ৰমণসমূহে আমাৰ দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰীত্বৰ প্ৰতি আমাৰ দায়বদ্ধতাক নিৰ্দেশ কৰে৷ ১৯৭৬ চনত যেতিয়া ছিছেলছে স্বাধীনতা লাভ কৰে, তেতিয়াৰ পৰাই আমাৰ দুয়োখন দেশৰ মাজত আছে এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক৷ আজি ভাৰত আৰু ছিছেলছ কৌশলগত অংশীদাৰীত্ব বা বন্ধুত্বৰ দিশেৰে অগ্ৰণী দুখন দেশ৷ আমি দুয়োখন দেশেই গণতন্ত্ৰ মুখ্য দিশসমূহক গুৰুত্ব সহকাৰে গ্ৰহণ কৰো আৰু ভাৰতীয় ঔপনিৱেশিক ক্ষেত্ৰত শান্তি, সুৰক্ষা আৰু স্থিৰতা অটুট ৰাখিবৰ বাবে geo-strategic vision কো সমান ৰূপতেই পৰ্যালোচনা কৰো৷

ৰাষ্ট্ৰপতি ফ’ৰে আৰু মোৰ মাজত আজিৰ যি বাৰ্তালাপ সম্পন্ন হৈছে সেয়া অতি সুখদায়ক আছিল৷ ছিছেলছে আফ্ৰিকাত সৰ্বোচ্চ মানৱ উন্নয়ন সূচাংক লাভ কৰিছে আৰু নীলাভ অৰ্থনীতিৰ বিশ্বজনীন নেতাসকলৰ মাজৰ অন্যতম হিচাপে পৰিগণিত হৈছে৷ এনে একাধিক উপলব্ধিৰ বাবে মই ৰাষ্ট্ৰপতি ফোৰেক অশেষ অভিনন্দন জনাইছো৷

ভাৰত আৰু ছিছেল্ছ, Indian Ocean ৰে সংযোজিত হৈ আছে৷ আমাৰ নাগৰিকৰ সামগ্ৰিক হিতসাধনৰ বাবে সুৰক্ষিত উপকূলীয় পৰিৱেশত সামূদ্ৰিক অৰ্থনীতিক দীৰ্ঘম্যাদীতাৰ বিকাশ অতিকৈ গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয়৷ গতানুগতিক আৰু অগতানুগতিক বিপদাশংকাসমূহৰ সফলতাৰে মুখামুখি হৈ আমি মহাসাগৰৰ পৰা লাভ কৰা লাভালাভসমূহ আহৰণ কৰিব পাৰো৷ আজি আমাৰ বাৰ্তাত আমি সমূদ্ৰৰ আধাৰত গঢ় লৈ উঠা নীলাভ অৰ্থনীতিৰ পূৰ্ণ লাভ আহৰণৰ দিশেৰে সহযোগিতাৰে কাম কৰিবৰ বাবে নিজৰ দায়বদ্ধতাক সোৱঁৰণ কৰাইছে৷ আমাৰ মাজত Maritime ৰ প্ৰত্যাহ্বানৰ পৰা মুক্তি লাভ কৰিবৰ বাবে সহযোগিতাৰে ৰাজনৈতিক Convergence আছে৷

|

ঘনিষ্ঠ সম্পৰ্কৰ ৰূপত এয়া আমাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব যে আমি আমাৰ EEZ ত তথা উপকূলীয় অঞ্চলৰ আশে-পাশে সামূহিক Maritime Security সুনিশ্চিত কৰিব লাগে৷ পাইৰেচী, ড্ৰাগছ আৰু মানৱ সৰবৰাহ তথা সামূদ্ৰিক সম্পদৰাজিৰ অবৈধ আহৰণ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ প্ৰত্যাহ্বান আমাৰ সমূখত আছেই৷ এইসমূহ প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি নিজৰ সহযোগ বৃদ্ধি কৰিব লাগিব৷ ছিছেলচক ইয়াৰ প্ৰতিৰক্ষা সামৰ্থ্য আৰু সমূদ্ৰতীৰৰ আন্তঃগাঁথনি সুদৃঢ় কৰাৰ লগতে প্ৰতিৰক্ষা কৰ্মীক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়াবৰ বাবে ভাৰত দায়বদ্ধ৷ ইয়াৰ যোগেদি ছিছেলছে গতানুগতিক আৰু অগতানুগতিক দুয়োধৰণৰ উপকূলীয় প্ৰত্যাহ্বানসমূহৰ পৰা সফলতাৰে মুক্ত হ’ব পাৰিব আৰু সামূদ্ৰিক সম্পদৰাজি ৰক্ষা কৰিবও পাৰিব৷ এই সন্দৰ্ভত ছিছেল্ছৰ প্ৰতিৰক্ষা বিভাগৰ বাবে ১০০ মিলিয়ন আমেৰিকান ডলাৰ ঋণ হিচাপে ঘোষণা কৰিবলৈ পাই অতি আনন্দিত হৈছো৷ এই ঋণৰ যোগেদি নিজৰ উপকূলীয় সামৰ্থ্য গঠন তথা উত্তৰণ ঘটোৱাৰ বাবে ভাৰতৰ পৰা সুৰক্ষা সংক্ৰান্তীয় উপাদান ক্ৰয় কৰিব পাৰিব৷ মাৰ্চ, ২০১৫ ত ছিছেল্চ ভ্ৰমণকালত মই যি Dornier Aircraft ৰ প্ৰতিশ্ৰুতি দিছিলো, সেয়াকাইলৈ প্ৰদান কৰাৰ বাবে সাজু কৰা হৈছে৷ ইয়াৰ মডেলটোও আপোনালোক সকলোৱেই সমূখত দেখিবলৈ পাইছে৷ এই এয়াৰক্ৰাফ্টখন ২৯ জুন তাৰিখে ছিছেল্ছৰ ৰাষ্ট্ৰীয় দিৱস সমাৰোহত অংশগ্ৰহণৰ বাবে যথাসময়ত যথাস্থানত উপস্থিত হ’ব৷

এজামছন দীপ প্ৰজেক্ট সন্দৰ্ভত পৰস্পৰে পৰস্পৰৰ হিত সাধনৰ বাবে একেলগে কাম কৰিবৰ বাবে আমি সন্মত৷ Navigation Charts ৰ উপলব্ধতাৰ শুধৰণি কৰিবৰ বাবে হাইড্ৰ’গ্ৰাফী জৰীপ চলাবৰ বাবে আমি ব্যাপক ৰূপত সহযোগ কৰি আছো৷ এই প্ৰয়াসৰেই অংশ হিচাপে আমি আজি White Shipping Data ৰ আদান – প্ৰদানৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছো৷ আজি আমি কৰা বাৰ্তালাপৰ সময়ছোৱাত মই ছিছেল্চৰ ৰাষ্ট্ৰীয় মৌলিকতাৰ পৰিকল্পনাসমূহৰ বাবে প্ৰভাৱী অৱদান আগবঢ়োৱাৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰিছো৷ এই পৰিকল্পনাসমূহৰ দ্বাৰা কেৱল ছিছেল্চৰ অৰ্থনৈতিক অৱস্থাই যে উন্নত হ’ব তেনে নহয়, বৰঞ্চ ইয়াৰ দ্বাৰা আমাৰ দুোয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠ হৈ পৰিব৷

বিশেষ আবণ্টনৰ অন্তৰ্গত ছিছেল্চত তিনিটা অসামৰিক আন্তঃগাঁথনি প্ৰকল্পলৈ অৰ্থ যোগান ধৰিবৰ বাবে ভাৰত সাজু আছে৷ ইয়াৰ ভিতৰত চৰকাৰী গৃহ, নতুন আৰক্ষী ছাউনি তথা এট’ৰ্নি জেনেৰেলৰ কাৰ্যালয়ো চামিল হৈ আছে৷

|

আজি আমি এক বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ কৰিছো, যাৰ প্ৰেক্ষাপটত ছিছেলচত উন্নত মানদণ্ডৰ, উল্লেখনীয় তথা নাগৰিক কেন্দ্ৰিক ক্ষুদ্ৰ উন্নয়ন প্ৰকল্প আৰম্ভ কৰিবৰ বাবে আমাৰ তৰফৰ পৰা বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব৷ মই ৰাষ্ট্ৰপতি ফ’ৰেক প্ৰতিশ্ৰুতি দিছো যে ভাৰতে ছিছেল্চৰ সৰ্বসাধাৰণ নাগৰিক তথা সুৰক্ষা কৰ্মীসকলৰ বাবে ITEC তথা অন্যান্য কাৰ্যসূচীৰ অন্তৰ্গত প্ৰশিক্ষণ প্ৰদানৰ যোগেদি ছিছেল্চৰ ক্ষমতা বিকাশৰ হাৰ বৃদ্ধি কৰিবৰ বাবে সদায়েই উন্মুখ হৈ আছে৷ ছিছেল্চৰ দ্বাৰা নিৰ্ধাৰিত ক্ষেত্ৰসমূহত ভাৰতীয় বিশেষজ্ঞক ছিছেল্চলৈ ডেপুটেশ্যনত প্ৰেৰণ কৰা হ’ব৷ ছিছেল্চৰ অৰ্থব্যৱস্থাত ভাৰতীয় সমুদায়ৰ অৱদান আমাৰ বাবে গৰ্বৰ বিষয়৷ আমাৰ দুই দেশ তথা ইয়াৰ লোকৰ মাজত আমাৰ দেশৰ সংস্কৃতিৰ উপজীৱ্যতাও আমাৰ বাবে নিসন্দেহে গৌৰৱৰ বিষয় আৰু এইসমূহ দিশেই আমাৰ দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কক আৰু অধিক দৃঢ় কৰি তোলাৰ ভালেমান সম্ভাৱনা প্ৰকট কৰি তোলে৷ আমাক দুটা বৃহদাকায় আল্দাব্ৰা কাঁছ উপহাৰ দিয়াৰ বাবে ৰাষ্ট্ৰপতি ফ’ৰেক অশেষ ধন্যবাদ জনাইছো৷ ছিছেল্চৰ পৰা ভাৰতে ইয়াৰ পূৰ্বেও এনেদৰে উপহাৰ হিচাপে কাঁছ লাভ কৰিছে৷ সেয়া তিনি শতিকাৰ সাক্ষী হিচাপে এতিয়াও আছে৷ ভাৰতত এই প্ৰাণীবিধৰ উপৰিও প্ৰকৃ্তিৰ অনেক জীৱ-জন্তু, পশু-পক্ষী, গছ-লতিকাকো যথেষ্ট শ্ৰদ্ধা আৰু প্ৰেমেৰে চোৱা হয়৷ এই দীৰ্ঘজীৱি কাঁছ আগলৈও আমাৰ দুয়োখন দেশৰ চিৰন্তন মিত্ৰতা আৰু তাৰ শুভ প্ৰভাৱৰ প্ৰতীক হিচাপে চিহ্নিত হৈ ৰ’ব৷

মই পুনৰ এবাৰ ৰাষ্ট্ৰপতি ফ’ৰে তথা তেওঁৰ প্ৰতিনিধিমণ্ডলক আন্তৰিকতাৰে স্বাগতম জনাইছো তথা কামনা কৰিছো যে তেওঁলোকৰ ভাৰত ভ্ৰমণ যেন অতি আনন্দদায়ক হৈ ৰয়৷ মই ৰাষ্ট্ৰপতি ফ’ৰে তথা ছিছেল্চৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱস ২৯ জুনৰ বাবেও মোৰ তৰফৰ পৰা তথা এশ পছিশ কোটি ভাৰতীয়ৰ তৰফৰ পৰা শুভকামনা জনাইছো৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Lessons from Operation Sindoor’s global outreach

Media Coverage

Lessons from Operation Sindoor’s global outreach
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 47th Annual General Meeting of Prime Ministers Museum and Library (PMML) Society in New Delhi
June 23, 2025
QuotePM puts forward a visionary concept of a “Museum Map of India”
QuotePM suggests development of a comprehensive national database of all museums in the country
QuoteA compilation of all legal battles relating to the Emergency period may be prepared and preserved in light of the completion of 50 years after the Emergency: PM
QuotePM plants a Kapur (Cinnamomum camphora) tree at Teen Murti House symbolizing growth, heritage, and sustainability

Prime Minister Shri Narendra Modi chaired the 47th Annual General Meeting of the Prime Ministers Museum and Library (PMML) Society at Teen Murti Bhawan in New Delhi, earlier today.

During the meeting, Prime Minister emphasised that museums hold immense significance across the world and have the power to make us experience history. He underlined the need to make continuous efforts to generate public interest in museums and to enhance their prestige in society.

Prime Minister put forward a visionary concept of a “Museum Map of India”, aimed at providing a unified cultural and informational landscape of museums across the country.

|

Underlining the importance of increased use of technology, Prime Minister suggested development of a comprehensive national database of all museums in the country, incorporating key metrics such as footfall and quality standards. He also suggested organising regular workshops for those managing and operating museums, with a focus on capacity building and knowledge sharing.

Prime Minister highlighted the need for fresh initiatives, such as creation of a committee consisting of five persons from each State below the age of 35 years in order to bring out fresh ideas and perspectives on museums in the country.

|

Prime Minister also highlighted that with the creation of museum on all Prime Ministers, justice has been done to their legacy, including that of the first Prime Minister of India Shri Jawaharlal Nehru. This was not the case before 2014.

Prime Minister also asked for engaging top influencers to visit the museums and also invite the officials of various embassies to Indian museums to increase the awareness about the rich heritage preserved in Indian Museums.

Prime Minister advised that a compilation of all the legal battles and documents relating to the Emergency period may be prepared and preserved in light of the completion of 50 years after the Emergency.

|

Prime Minister highlighted the importance of preserving and documenting the present in a systematic manner. He noted that by strengthening our current systems and records, we can ensure that future generations and researchers in particular will be able to study and understand this period without difficulty.

Other Members of the PMML Society also shared their suggestions and insights for further enhancement of the Museum and Library.

Prime Minister also planted a Kapur (Cinnamomum camphora) tree in the lawns of Teen Murti House, symbolizing growth, heritage, and sustainability.