It is only partnerships that will get us to our goals: PM Modi
The health of mothers will determine the health of the children and the health of children will determine the health of our tomorrow: PM Modi
The India story is one of hope: PM Narendra Modi at Partners' Forum
We are committed to increasing India’s health spending to 2.5 percent of GDP by 2025: Prime Minister

মঞ্চত প্ৰৱিষ্ট বিশিষ্ট ব্যক্তিগণ,

ভাৰত তথা বিদেশৰ পৰা অহা প্ৰতিনিধিগণ,

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল,

নমস্কাৰ!

পাৰ্টনাৰ ফ’ৰাম, ২০১৮লৈ অহা বিশ্বৰ সমূহ প্ৰতিনিধিক স্বাগতম জনাইছোঁ৷

কেৱল সহযোগিতাৰ দ্বাৰাহে আমি লক্ষ্য প্ৰাপ্ত কৰিব পাৰোঁ৷ নাগৰিকৰ মাজত সহযোগিতা, সম্প্ৰদায়ৰ মাজত সহযোগিতা, দেশৰ মাজত সহযোগিতা৷ বহনক্ষম বিকাশ এজেণ্ডা ইয়াৰেই প্ৰতিফলন৷

দেশ একক প্ৰয়াসৰ দ্বাৰা যথেষ্ঠখিনি আগবাঢ়ি গৈছে৷ তেওঁলোকে সকলো সম্প্ৰদায়ক সৱলীকৰণ কৰাত, স্বাস্থ্য আৰু শিক্ষা সংশোধন কৰাত, দৰিদ্ৰতা সমাপ্ত কৰাত, আৰ্থিক বিকাশত ক্ষীপ্ৰতা অনাত আৰু শেষত কাকো পিছলৈ থৈ নোযোৱাৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়িছে৷ মাতৃৰ স্বাস্থ্যৰ দ্বাৰা সন্তানৰ স্বাস্থ্য নিৰ্ধাৰণ হয় আৰু সন্তানৰ স্বাস্থ্যৰ দ্বাৰা অনাগত ভৱিষ্যতৰ স্বাস্থ্য নিৰ্ধাৰণ হয়৷

আমি ইয়াত স্বাস্থ্য সংশোধন কৰাত তথা মাতৃ আৰু সন্তানৰ আৰোগ্য বিকাশ কৰাৰ উপায়সমূহ আলোচনা কৰাৰ বাবে মিলিত হৈছোঁ৷ আমাৰ আলোচনাৰ সিদ্ধান্তৰ দ্বাৰা অনাগত ভৱিষ্যতত গভীৰ প্ৰভাৱ পৰিব৷

পাৰ্টনাৰ ফ’ৰামৰ দৃষ্টিভংগী ভাৰতৰ ‘বসুধৈৱ কুটম্বকম’ সম্বন্ধীয় প্ৰাচীন চিন্তাধাৰাৰ সৈতে সাদৃশ্য আছে৷ এয়া মোৰ চৰকাৰৰ ‘সকলোৰে সৈতে সকলোৰে বিকাশ’ৰো অনুৰূপ হৈছে যাৰ অৰ্থ হ’ল সামূহিক বিকাশৰ বাবে সামূহিক প্ৰয়াস আৰু সহযোগিতাৰ প্ৰয়োজন৷

মাতৃত্ব, নৱজাত আৰু শিশু বিকাশৰ বাবে সহযোগিতা হ’ল এক উল্লেখযোগ্য আৰু প্ৰভাৱশালী মঞ্চ৷ আমি কেৱল উন্নত স্বাস্থ্যৰেই কথা নকওঁ৷ আমি ক্ষীপ্ৰ বিকাশৰ বাবেও কথা কওঁ৷

যিসময়ত সমগ্ৰ বিশ্বই বিকাশৰ নতুন নতুন সম্ভাৱনা সন্ধান কৰি আছে, সেইসময়তে এই কাম সম্পন্ন কৰাৰ সকলোতকৈ সুন্দৰ উপায় হ’ল মহিলাসকলৰ বাবে উন্নত স্বাস্থ্য সুনিশ্চিত কৰাটো৷ এই সন্দৰ্ভত বিগত কেইবাটাও বৰ্ষত আমি যথেষ্ঠ প্ৰগতি কৰিছোঁ৷ ইয়াৰ পিছতো আৰু অধিক কাম কৰিবলৈ আছে৷ বৃহৎ বাজেটৰ পৰা উন্নত ফলাফললৈ আৰু মানসিকতা পৰিৱৰ্তনৰ পৰা সঘন নিৰীক্ষণলৈ বহু কাম কৰিবলৈ আছে৷

ভাৰতৰ কাহিনী অতিশয় আশাব্যঞ্জক৷ প্ৰতিবন্ধকসমূহ দূৰ হ’ব বুলি আশা কৰিছো৷ আচৰণসমূহ পৰিৱৰ্তন হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷ ক্ষীপ্ৰ প্ৰগতি লাভ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

যেতিয়া সহস্ৰাব্দই বিকাশৰ লক্ষ্যত সহমত প্ৰকাশ কৰিছিল, তেতিয়া ভাৰতত মহিলা আৰু শিশুসকলৰ মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক আছিল৷ বহনক্ষম গতি আৰু বিগত কিছু বছৰৰ সময়চোৱাত মৃত্যুৰ হাৰ দ্ৰুত গতিত হ্ৰাস হোৱাৰ ফলত মাতৃত্ব আৰু সন্তানৰ স্বাস্থ্যৰ বাবে এছডিজি লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত আগবঢ়া হৈছিল৷ এয়া ২০৩০ চনৰ স্বীকৃত তিথিতকৈ বহু আগত আছে৷

ভাৰত সেই দেশসমূহৰ ভিতৰৰ এখন দেশ যি কিশোৰাৱস্থাত বিশেষ ধ্যান দিয়াৰ কথা কয় তথা কিশোৰৰ বাবে সঘন স্বাস্থ্য সংবৰ্ধন আৰু প্ৰতিৰোধী কাৰ্যসূচী প্ৰণয়ন কৰে৷ আমাৰ প্ৰয়াসসমূহৰ দ্বাৰা এয়া সুনিশ্চিত হ’ব যে ২০১৫ চনত গ্ৰহণ কৰা মহিলা, শিশু আৰু কিশোৰৰ স্বাস্থ্যসম্বন্ধীয় বিশ্বজনীন ৰণনীতিত যাতে তেওঁলোক স্বীকৃত হয়৷

মই এয়া জানি অতিশয় সুখী হৈছোঁ যে এই মঞ্চৰ আয়োজনৰ সময়চোৱাত আমেৰিকা, কেৰিবিয়ান ক্ষেত্ৰ আৰু ভাৰতে বিশ্বজনীন ৰণনীতিক গ্ৰহণ কৰাৰ সম্বন্ধত নিজৰ পদক্ষেপ প্ৰদান কৰিছে৷ মই আশা কৰিছোঁ যে এই সংযোজনৰ দ্বাৰা সদৃশ ৰণনীতি বিকশিত কৰাৰ বাবে অন্য দেশ আৰু ক্ষেত্ৰসমূহে প্ৰেৰণা পাব৷

বন্ধুসকল,

আমাৰ ধাৰ্মিক গ্ৰন্থত উল্লেখ আছে, ‘‘যত্ৰ নাৰ্যস্তু পুজ্যন্তে ৰমন্তে তত্ৰ দেৱতাঃ’’, অৰ্থাৎ য’ত নাৰীক আদৰ কৰা হয় তাতেই দেৱতা বাস কৰে৷ মোৰ দৃঢ় বিশ্বাস যে এখন ৰাষ্ট্ৰ তেতিয়াহে সমৃদ্ধ হয় যেতিয়াৰ তাৰ জনসাধাৰণ বিশেষকৈ মহিলা তথা শিশুসকল শিক্ষিত হয় তথা তেওঁলোক স্বতন্ত্ৰ, শক্তিসম্পন্ন আৰু স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ বাবে সক্ষম হয়৷

মই এয়া জানি অতিশয় সুখী হৈছোঁ যে ভাৰতৰ টীকাকৰণৰ কাৰ্যসূচীক এই ফ’ৰামত ভাৰতৰ সফলতা হিচাপে প্ৰস্তুত কৰা হৈছে৷ এই বিষয়টো মোৰ হৃদয়ৰ নিচেই কাষৰ৷ ইন্দ্ৰধনুশ অভিযানৰ অধীনত যোৱা তিনিটা বৰ্ষৰ সময়চোৱাত আমি ৩২.৮ মিলিয়ন শিশু আৰু ৮.৪ মিলিয়ন গৰ্ভৱতী মহিলাৰ কাষ চাপিবলৈ সক্ষম হৈছোঁ৷ আমি সৰ্বব্যাপী টীকাকৰণৰ অধীনত টীকাৰ সংখ্যা ৭ৰ পৰা বৃদ্ধি কৰি ১২টা কৰিছো৷ আমাৰ টীকাৰ অধীনত নিম’নিয়া আৰু ডায়েৰিয়াৰ দৰে প্ৰাণঘাতী ৰোগো অন্তৰ্ভুক্ত কৰা হৈছে৷

বন্ধুসকল,

যেতিয়া ২০১৪ চনত মোৰ চৰকাৰ শাসনলৈ আহিছিল তেতিয়া প্ৰতি বৰ্ষতে প্ৰসৱজনিত কাৰণত আমি ৪৪,০০০তকৈও অধিক মাতৃ হেৰুৱাবলগীয়া হৈছিল৷ আমি গৰ্ভাৱস্থাৰ সময়চোৱাত মাতৃসকলক যিমান সম্ভৱ সুবিধা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ আৰম্ভ কৰিছিলো৷ আমি নিজৰ চিকিৎসকসকলক আহ্বান কৰিছিলো যে এই অভিযানৰ বাবে তেওঁলোকে যাতে প্ৰতিমাহে এটাকৈ দিন সেৱা প্ৰদান কৰাৰ সংকল্প কৰে৷ এই অভিযানৰ অধীনত ১৬ মিলিয়ন প্ৰাক্–প্ৰসৱ পৰীক্ষা কৰা হৈছে৷

দেশত ২৫ মিলিয়ন নৱজাত শিশু আছে৷ আমাৰ ইয়াত নৱজাত শিশুসকলক পৰিচৰ্যা কৰাৰ বাবে সুন্দৰ ব্যৱস্থা আছে যি ৭৯৪ উৎকৃষ্ট বিশেষ নৱজাত শিশু সুবিধা ইউনিটৰ দ্বাৰা ১০ লাখতকৈও অধিক নৱজাত শিশুৰ পৰিচৰ্যা কৰে৷ এয়া আমাৰ এক সফল ব্যৱস্থা৷ আমাৰ এই পদক্ষেপৰ দ্বাৰা পূৰ্বৰ ৪ বছৰৰ তুলনাত প্ৰতিদিনে ৫ বৰ্ষতকৈ কম আয়ুৰ ৮৪০ অতিৰিক্ত শিশুৰ জীৱন ৰক্ষা সম্ভৱ হৈছে৷

শিশুসকলৰ পুষ্টিকৰ আহাৰৰ সমস্যাৰ সমাধান পোষণ অভিযানৰ জৰিয়তে কৰা হৈছে৷ ইয়াত বিভিন্ন যোজনা অন্তৰ্ভুক্ত কৰা হৈছে যি ভাৰতৰ কুপোষণমুক্ত হিচাপে গঢ়ি তোলাৰ লক্ষ্যত ধাৱমান হৈছে৷ শিশুসকলৰ জীৱনৰ গুণগতমানৰ সংশোধনৰ বাবে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে৷ বিগত চাৰিটা বৰ্ষত ইয়াৰ দ্বাৰা ৮০০ মিলিয়ন শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু ২০ মিলিয়ন শিশুক চিকিৎসাৰ বাবে নিঃশুল্কভাৱে প্ৰেৰণ কৰা হৈছে৷

চিকিৎসাৰ ওপৰত পৰিয়ালসমূহে কৰা অধিক ব্যয়ৰ চিন্তাই আমাক সদায়েই আমনি কৰে৷ সেইবাবে আমি আয়ুষ্মান ভাৰত যোজনাৰ পদক্ষেপ গ্ৰহণ কৰিলো৷ আয়ুষ্মান ভাৰতৰ দুপক্ষীয় ৰণনীতি আছে৷

প্ৰথমটো হ’ল, ইয়াত জনতাৰ বাবে নিকটতম ব্যাপক প্ৰাথমিক স্বাস্থ্য সুবিধাৰ ব্যৱস্থা আছে য’ত স্বাস্থ্যকৰ জীৱনশৈলী তথা স্বাস্থ্য তথা কল্যাণমূলক কেন্দ্ৰৰ মাধ্যমৰ দ্বাৰা যোগ অন্তৰ্ভুক্ত কৰা হৈছে৷ স্বাস্থ্য আৰু আৰোগ্যৰ বাবে ‘ফিট ইণ্ডিয়া’ তথা ‘ইট ৰাইট’ আন্দোলনো আমাৰ ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ৷ ইয়াৰ জৰিয়তে জনতাই অত্যাধিক উদ্বেগ, মধুমেহ তথা স্তন, গৰ্ভাশয় তথা মুখৰ কৰ্কট সহিতে ৰোগসমূহৰ নিঃশুল্ক পৰীক্ষণ আৰু চিকিৎসাৰ দ্বাৰা সহায় লাভ কৰিব৷ ৰোগী নিজৰ ঘৰৰ ওচৰতেই নিঃশুল্ক ঔষধ তথা নিদানিক সমৰ্থন লাভ কৰিব৷ আমাৰ যোজনাত ২০২২ চন পৰ্যন্ত এনেকুৱা ১৫০ হাজাৰটা স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

আয়ুষ্মান ভাৰত যোজনাৰ দ্বিতীয়টো ঘটক হ’ল প্ৰধানমন্ত্ৰী জন–আৰোগ্য যোজনা৷ ইয়াৰ অধীনত প্ৰতি বৰ্ষতে প্ৰতিটো পৰিয়ালকে পাঁচ লাখ টকাৰ নগদবিহীন স্বাস্থ্য বীমা প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰা হৈছে৷ ইয়াৰ অধীনত সৰ্বাধিক দৰিদ্ৰ তথা দুৰ্বল সম্প্ৰদায়ৰ ৫০০ মিলিয়ন নাগৰিকে সুবিধা লাভ কৰিব৷ এই সংখ্যা কানাডা, মেক্সিকো আৰু আমেৰিকাৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় সমান৷ আমি এই যোজনা আৰম্ভ হোৱাৰ দহ সপ্তাহৰ ভিতৰতে নিঃশুল্ক চিকিৎসা উপলব্ধ কৰোৱাৰ বাবে ৭০০ কোটি টকা পাঁচ লাখ পৰিয়ালক প্ৰদান কৰিছোঁ৷

আজি বিশ্বজনীন সাৰ্বভৌমিত স্বাস্থ্য ক’ভাৰেজ দিৱস৷ এই উপলক্ষে মই পুনৰ বাৰ কৈছো যে আমি সকলোৰে বাবে ব্যাপক স্বাস্থ্য ক’ভাৰেজ প্ৰদান কৰাৰ দিশত সংকল্পবদ্ধ হৈছো৷ আমাৰ ওচৰত এক মিলিয়ন পঞ্জীকৃত সামাজিক স্বাস্থ্য কাৰ্যকৰ্তা অথবা আশাকৰ্মী তথা ২.৩২ লাখ অংগনৱাড়ী নাৰ্চ আছে যি অগ্ৰীম শাৰীৰ মহিলা স্বাস্থ্যকৰ্মীসকলৰ শক্তিস্বৰূপ৷ এয়াৰ আমাৰ কাৰ্যসূচীৰ শক্তি৷

ভাৰত এখন বিশাল দেশ৷ কিছুমান ৰাজ্য আৰু জিলাই বিকশিত দেশৰ সমানে প্ৰদৰ্শন কৰিছে৷ অইনেও কাম কৰিবলৈ আছে৷ মই নিজৰ বিষয়াসকলক ১১৭খন ‘প্ৰত্যাশী জিলা’ চিহ্নিত কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছো৷ এনেকুৱা প্ৰত্যেক জিলাত একোটা দল থাকিব যি শিক্ষা, জল তথা স্বচ্ছতা, গ্ৰামীণ বিকাশৰ ক্ষেত্ৰত স্বাস্থ্য আৰু পুষ্টিজনিত আহাৰত সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰি কাম কৰিব৷

আমি অন্য বিভাগসমূহৰ জৰিয়তে মহিলাকেন্দ্ৰিক যোজনাসমূহৰ ওপৰত কাম কৰি আছোঁ৷ ২০১৫ চন পৰ্যন্ত ভাৰতৰ অৰ্ধেকতকৈও অধিক মহিলাৰ ওচৰত স্বচ্ছ ইন্ধনৰ ব্যৱস্থা নাছিল৷ আমি উজ্বলা যোজনাৰ জৰিয়তে ইয়াত পৰিৱৰ্তন আনিলো৷ উজ্বলা যোজনাই ৫৮ মিলিয়ন মহিলাক স্বচ্ছ পাকঘৰৰ বিকল্প উপলব্ধ কৰাত সহায় কৰিলে৷

আমি যুদ্ধগতিত স্বচ্ছ ভাৰত অভিযান চলাই আছো যাতে ২০১৯ চন পৰ্যন্ত মুক্ত স্থানত কৰা শৌচৰ পৰা মুক্ত হ’ব পাৰোঁ৷ বিগত চাৰিটা বৰ্ষত গ্ৰামীণ ক্ষেত্ৰত স্বচ্ছতা ক’ভাৰেজ ৩৯ শতাংশৰ পৰা বৃদ্ধি হৈ ৯৫ শতাংশ হৈছে৷

আমি সকলোৱে এই কথাষাৰ শুনিছো যে যদি আপুনি পুৰুষক শিক্ষিত কৰে তেন্তে এজন ব্যক্তিক শিক্ষিত কৰে,কিন্তু যদি আপুনি এগৰাকী মহিলাক শিক্ষিত কৰে তেন্তে তেওঁ সম্পূৰ্ণ পৰিয়ালকে শিক্ষিত কৰে৷ ইয়াক আমি বেটি বচাও বেটি পঢ়াও কাৰ্যসূচীৰ ৰূপত প্ৰণয়ন কৰিছোঁ৷ এই কাৰ্যসূচীৰ প্ৰধান লক্ষ্য কন্যাৰ ওপৰত তথা তেওঁলোকক এটা ভাল জীৱন আৰু শিক্ষা প্ৰদান কৰাৰ ওপৰত নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াৰ উপৰিও আমি ছোৱালীসমূহৰ বাবে ‘সুকন্যা সমৃদ্ধি যোজনা’ শীৰ্ষক সঞ্চয় আঁচনিৰ প্ৰৱৰ্তন কৰিছোঁ৷ এই যোজনাৰ অধীনত ১২.৬ মিলিয়ন একাউণ্ট মুকলি কৰা হৈছে আৰু এই যোজনাৰ দ্বাৰা কন্যাসমূহৰ ভৱিষ্যত সুনিশ্চিত কৰাত সহায়ক হৈছে৷

আমি প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনাও প্ৰণয়ন কৰিছোঁ৷ এই যোজনাৰ দ্বাৰা ৫০ লাখ গৰ্ভৱতী মহিলা তথা স্তনপান কৰোৱা মাতৃসকল লাভান্বিত হ’ব৷ এই যোজনা বেতন লোকচান, সন্তান জন্ম দিয়াৰ পূৰ্বে আৰু পিছত পুষ্টিজনিত আহাৰ তথা পৰ্যাপ্ত বিশ্ৰামৰ বাবে তেওঁলোকৰ একাউণ্টত প্ৰত্যক্ষ লাভ ব্যৱস্থাৰ জৰিয়তে ধন প্ৰদান কৰাত সক্ষম হৈছে৷

আমি প্ৰসূতিজনিত ছুটি পূৰ্বৰ ১২ সপ্তাহৰ পৰা বৃদ্ধি কৰি ২৬ সপ্তাহ কৰিছোঁ৷ আমি ২০২৫ চন পৰ্যন্ত ঘৰুৱা উৎপাদনৰ ২.৫ শতাংশ স্বাস্থ্যৰ ওপৰত ব্যয় কৰাৰ বাবে সংকল্পবদ্ধ হৈছোঁ৷ এই ৰাশি ১০০ বিলিয়ন আমেৰিকান ডলাৰতকৈও অধিক৷ ইয়াৰ অৰ্থ হ’ল যে কেৱল আঠ বছৰত বৰ্তমানৰ অংশৰ তুলনাত ৩৪৫ শতাংশৰ বাস্তৱিক বৃদ্ধি হ’ব৷ আমি জনতাৰ উন্নতিৰ কাৰণে কাম কৰি থাকিম৷ প্ৰত্যেক নীতি, কাৰ্যক্ৰম আৰু পদক্ষেপৰ কেন্দ্ৰত মহিলা, শিশু আৰু যুৱসমাজক অন্তৰ্ভুক্ত কৰা হ’ব৷

মই সফলতা প্ৰাপ্তিৰ বাবে বহু হিতাধিকাৰীৰ সহযোগিতাৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিবলৈ বিচাৰিম৷ আমি জানো যে কাৰ্যকৰী স্বাস্থ্যসেৱা হ’ল বিশেষকৈ মহিলাসকল আৰু শিশুসকলৰ স্বাস্থ্যৰ বাবে মিশ্ৰিত কামৰ সকলোতকৈ উত্তম পদক্ষেপ৷

বন্ধুসকল,

মই ভাবোঁ যে অনাগত দুটা দিনত এই ফ’ৰামে সমগ্ৰ বিশ্বৰ ১২টা সফল কাহিনীৰ ওপৰত চৰ্চা কৰিব৷ বাস্তৱতে এয়া হ’ল বিভিন্ন দেশৰ মাজৰ মিলনৰ অৱকাশ, এয়া সহযোগিতা প্ৰকাশ কৰাৰ অৱকাশ যাতে আমি পৰস্পৰে পৰস্পৰ পৰা শিকিব পাৰোঁ৷ ভাৰতে কৌশল আৰু প্ৰশিক্ষণ কাৰ্যক্ৰমসমূহ, পাৰম্পৰিক ঔষধৰ ব্যৱস্থাপনা তথা টীকাকৰণ, জ্ঞান হস্তান্তৰণ আৰু আদান–প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহযোগী দেশসমূহক তেওঁলোকৰ বিকাশৰ লক্ষ্য প্ৰাপ্ত কৰাত সমৰ্থন প্ৰদান কৰাৰ বাবে প্ৰস্তুত৷

 

মই মন্ত্ৰীস্তৰীয় সন্মিলনৰ পৰিণামৰ বিষয়ে জানিবলৈ বিচাৰিম৷ এই ফ’ৰাম এক জীৱন মঞ্চৰ ৰূপত আমাক‘ছাৰভাইভ–থ্ৰাইভ–ট্ৰেন্সফ’ৰ্ম’ৰ প্ৰতি দৃঢ়তা প্ৰদান কৰিব৷

আমাৰ কাৰ্যসূচী নিশ্চিত আৰু আমি সৰ্বাধিক সমৰ্পণৰ সৈতে সকলোৰে বাবে স্বাস্থ্যৰ সুবিধা প্ৰদান কৰাৰ বাবে কাম কৰি থাকিম৷ ভাৰতে সকলোধৰণৰ সহযোগিতাৰ সৈতে সদায়েই থিয় দি থাকিব৷ ইয়াত মই আপোনালোক সকলোকে আহ্বান কৰিছোঁ যে ইয়াক উপযুক্ত ধৰণে আঁকোৱালি লওক যাতে আমি সম্পূৰ্ণ মানৱতাত নিজৰ সমৰ্থন প্ৰদান কৰাত সমৰ্থ হ’ব পাৰোঁ৷

আহক, আমি সকলোৱে লগ হৈ এই পবিত্ৰ কাৰ্যৰ বাবে নিজৰ সংকল্প দোঁহাৰো৷

ধন্যবাদ৷   

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s pitch for a new role for Indian colleges: build global ambition

Media Coverage

PM Modi’s pitch for a new role for Indian colleges: build global ambition
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to Visit Gujarat and Maharashtra on 8th September
September 07, 2026
PM to Lay Foundation Stones, Inaugurate and Dedicate to the Nation Development Projects Worth More Than ₹35,000 Crore in Vadodara
PM to Dedicate Three Key Sections of Western Dedicated Freight Corridor to the Nation, Marking Completion of the Project
PM to Lay Foundation Stone for three Railway Projects and three Highway Projects
PM to Inaugurate Global Fintech Fest 2026 in Mumbai
Theme of GFF 2026: “Potential to Impact: Agentic AI, Tokenisation, Quantum - Trusted, Connected, Global Systems for Inclusive Finance”

Prime Minister Shri Narendra Modi will visit Gujarat and Maharashtra on 8th September 2026. At around 12 noon, Prime Minister will lay the foundation stones, inaugurate and dedicate to the nation various development projects worth more than ₹35,000 crore in Vadodara. He will also address the gathering on the occasion.

At around 5:45 PM, Prime Minister will inaugurate Global Fintech Fest (GFF) 2026 in Mumbai and address the gathering as well.

PM in Vadodara

Prime Minister will dedicate to the nation three important sections of the Western Dedicated Freight Corridor (WDFC), covering 326 route kilometres and developed at a cost of more than ₹20,700 crore. These include the Sanand (N)-Makarpura, New Umbergaon-New Saphale and New Saphale-JNPT sections.

The direct connectivity of Jawaharlal Nehru Port Authority (JNPA) will facilitate faster movement of EXIM cargo, strengthen connectivity between industrial centres and ports, reduce logistics costs and help decongest Mumbai’s railway network.

With the commissioning of these sections, the Dedicated Freight Corridor (DFC) network will stand fully operational across its entire length. The dedicated freight infrastructure will further strengthen the country’s logistics ecosystem by improving multimodal connectivity, reducing transit time and facilitating seamless movement of cargo across different regions.

Prime Minister will also flag off freight train services from New Sanand (North), New Makarpura, New Umbergaon and New JNPT, Mumbai. In addition, he will flag off a new train service between Vadodara and Tanda Road, benefiting the people of Vadodara, Chhota Udepur and Alirajpur districts.

Prime Minister will dedicate to the nation the Jobat–Tanda Road new rail line, developed as part of the Chhota Udepur–Dhar project. The new rail line will connect remote and tribal areas of Alirajpur with the national rail network.

Prime Minister will lay the foundation stone for three railway projects spanning 329 kilometres and costing more than ₹9,700 crore. These include the Vadodara-Ratlam third and fourth lines, Miyagam Karjan-Choranda–Malsar gauge conversion and the Vishwamitri-Dabhoi doubling project. The projects will enhance passenger and freight capacity, ease congestion and strengthen connectivity between Gujarat and Madhya Pradesh.

Prime Minister will lay the foundation stone for three National Highway projects costing around ₹1,780 crore. These include six-laning of the Kamrej-Chalthan section of NH-48; construction of additional structures, including major bridges over the Tapi and Narmada, on the Vadodara-Surat section of NH-48; and grade-separated structures at Abhava, Mindhola and Khajod junctions on NH-53. In addition, Prime Minister will inaugurate six-lane flyovers at Kandari Chokdi and Luvara Patia to improve road safety and address black spots on the Vadodara-Surat section of NH-48.

Prime Minister will also lay the foundation stone for and inaugurate various Government of Gujarat projects worth around ₹2,600 crore. Major projects for which the foundation stone will be laid include Vadodara Urban Development Authority Ring Road Phase II and a 110 MW floating solar project at Kadana Dam, construction of new office of Vadodara Municipal Corporation, among others. Projects to be inaugurated include housing projects under the Pradhan Mantri Awas Yojana (PMAY) and a water-supply project for 11 villages in eastern Vadodara, among others.

PM in Mumbai

Prime Minister will inaugurate Global Fintech Fest (GFF) 2026, one of the world’s largest and most influential annual fintech conferences.

The seventh edition of the Global Fintech Fest is being held from 8th to 11th September 2026 in Mumbai. Since 2020, GFF has emerged as an international thought leadership platform bringing together policymakers, regulators, central banks, financial institutions, fintechs, technology companies, investors, academia and other global stakeholders to deliberate on shaping the future of finance.

The theme of GFF 2026 is “Potential to Impact: Agentic AI, Tokenisation, Quantum - Trusted, Connected, Global Systems for Inclusive Finance.”

GFF 2026 has been designed as a convergence point for policy, regulation, technology, capital and industry on a common platform. It seeks to build on India’s leadership in digital payments and financial inclusion and move from potential to impact. The discussions will focus on how Agentic AI, programmable finance, quantum technologies and other critical and emerging technologies can create trusted, inclusive and measurable outcomes for citizens, enterprises and economies globally.