আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ মাজত এক টেলিফোনিক বাৰ্তালাপ অনুষ্ঠিত হয়।

কানাডাত প্ৰয়োজনীয় কোভিড-১৯ টীকা ভাৰতৰ পৰা প্ৰেৰণ কৰা বিষয়ক লৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰে কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোই। শ্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰীক আশ্বস্ত কৰি কয় যে, অন্যান্য দেশলৈ যিদৰে টীকা প্ৰেৰণ হৈছে সেইদৰেই কানাডালৈও টীকা প্ৰেৰণৰ বাবে যথাযথ প্ৰয়াস চলাব ভাৰতে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীক উচ্চ প্ৰশংসা কৰি ট্ৰুডোই কয়, যদি বিশ্বই ক’ভিড-১৯ জয় কৰিবলৈ সক্ষম হয় তেন্তে সেয়া হ’ব ভাৰতৰ উল্লেখযোগ্য ঔষধৰ ক্ষমতা আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সেই ক্ষমতা বিশ্বৰ অন্যান্য দেশৰ সৈতে বিনিময় কৰি লোৱাৰ বাবে। প্ৰধানমন্ত্ৰী ট্ৰুডোৰ এই প্ৰসংশাৰ বাবে শ্ৰী মোদীয়েও তেওঁক ধন্যবাদ জনায়।

উভয় নেতাই বহু গুৰুত্বপূৰ্ণ ভূ-ৰাজনৈতিক বিষয়ত ভাৰত আৰু কানাডাৰ মাজত সম দৃষ্টিভঙ্গীক লৈ আলোচনা কৰে। জলবায়ু পৰিবৰ্তন আৰু মহামাৰীৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক প্ৰভাৱৰ দৰে বিশ্বৰ নানা সমস্যাৰ বিৰুদ্ধে সংগ্ৰামৰ বাবে উভয় দেশে পাৰস্পৰিক সহযোগিতা বজাই ৰাখি চলিব বুলি দুয়োগৰাকীয়ে সহমত পোষন কৰে।

দুয়ো দেশৰ প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ শেষৰ ফালে বিভিন্ন গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক মঞ্চত পৰস্পৰে পৰস্পৰৰ সৈতে সাক্ষাৎ আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ক লৈ আলোচনা চলাই যোৱাৰ প্ৰত্যাশা ব্যক্ত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India brought the lion back from the brink: In Union minister Bhupender Yadav's words

Media Coverage

How India brought the lion back from the brink: In Union minister Bhupender Yadav's words
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat