There are some people who feel only a few names contributed to national progress. They only want to hear those few names and ignore the others: PM
Today, we have to live for the nation and build the India our freedom fighters dreamt of: PM Modi
Let it be our collective endeavour to make India a five trillion dollar economy: PM Modi
There is no place for corruption in our nation. Our fight against corruption will continue: PM Modi

সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ বিপৰীতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধন্যবাদসূচক ভাষণ প্ৰদান কৰে৷ তেওঁ সংসদৰ সাংসদসকলক বিশেষকৈ প্ৰথমবাৰলৈ সাংসদ হৈ অহাসকলক বিভিন্ন বিতৰ্কত ভাগ লোৱাৰ বাবে ধন্যবাদ জনায়৷ তেওঁ লগতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত কোটি কোটি ভাৰতীয়ৰ সপোনৰ এখন নতুন ভাৰত পৰিস্ফূট হৈছে৷

২০১৯ৰ লোকসভা নিৰ্বাচনৰ সবল জনাদেশ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ জনগনে পূৰ্বৰ কাম-কাজৰ মূল্যায়ন কৰি পুনৰ এখন সুস্থিৰ চৰকাৰ নিৰ্বাচিত কৰিলে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “২০১৯ৰ নিৰ্বাচনে দেখুৱালে যে ভাৰতৰ লোকসকলে দেশৰ মংগলৰ কথা ভাবে৷” তেওঁ লগতে কয় যে ১৩০ কোটি লোকক সেৱা কৰিবলৈ সূযোগ পোৱাটো অতি সন্তুষ্টিৰ কথা আৰু নাগৰিকসকলৰ জীৱনত এক ইতিবাচক পৰিৱৰ্তনৰ বাবেই কাম কৰি আছে৷

কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাইজৰ কল্যান আৰু অত্যাধূনিক আন্তঃগাঁথনিত বিশ্বাস কৰে৷ তেওঁ কয় যে চৰকাৰে কেতিয়াও বিকাশৰ পথৰ পৰা বিচলিত নহয়, নাইবা উন্নয়নৰ এজেণ্ডাও মচি নেপেলায়৷ “দেশৰ প্ৰগতি, প্ৰতিগৰাকী ভাৰতীয়ক সবলীকৰণ আৰু আমাৰ দেশ অত্যাধূনিক আন্তঃগাঁথনিৰে সমৃদ্ধ ইত্যাদি দিশবোৰ অতি গুৰুত্বপূৰ্ণ৷” তেওঁ লগতে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে বিশ্বাস কৰে যে ভাৰতৰ প্ৰগতিৰ বাবে প্ৰতিগৰাকী নাগৰিকে বৰঙণি আগবঢ়াওক৷ তেওঁ লগতে সংসদক জৰুৰীকালীন সময়ৰ ক’লা দিনবোৰৰ কথা সোঁৱৰাই দিয়ে৷

মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তী আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰক ভাৰতৰ ইতিহাসৰ মাইলৰখুঁটি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে এইবোৰ অতি উলহ-মালহেৰে উদযাপন কৰিবলৈ কয়৷ তেওঁ কয় যে দেশৰ নাগৰিকসকলে ভাৰতক গঢ়ি তুলিবলৈ পৰিশ্ৰম কৰা উচিত, আমাৰ মুক্তি যুঁজাৰুসকলে দেশৰ বাবে জীয়াই থকাৰ সপোন দেখিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ এসপ্তাহৰ ভিতৰতে একাধিক জনতাকেন্দ্ৰিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তেওঁ কয় যে সেই সিদ্ধান্তসমূহে কৃষক, ব্যৱসায়ী, যুৱ-প্ৰজন্মৰ লগতে সমাজৰ অন্যান্য ক্ষেত্ৰৰ লোকসকলক ব্যাপকধৰণে উপকৃত কৰিব৷ তেওঁ লগতে কয় যে চৰকাৰে দেশবাসীক দিয়া প্ৰতিশ্ৰুতি পুৰণৰ কাম আৰম্ভ কৰিছে৷

পানী সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত শ্ৰী মোদীয়ে ‘জলশক্তি’ মন্ত্ৰালয় গঠন কৰাকে ধৰি কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা কেতবোৰ পদক্ষেপৰ কথা উল্লেখ কৰে৷ তেওঁ দেশবাসীক পানী সংৰক্ষণৰ ক্ষে্ত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে জল সংকটে আটাইতকৈ বেছি দুখীয়া আৰু মহিলা লোকসকলক ক্ষতি কৰে৷ তেওঁ চৰকাৰে প্ৰতিঘৰ লোকক পানী যোগান ধৰাৰ বাবে লোৱা প্ৰতিশ্ৰুতিক পুনৰ দোঁহাৰে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতক এখন পাঁচ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তুলিবলৈ এক সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰাৰ আহ্বান জনায়৷ তেওঁ লগতে কয় যে পৰ্যটনৰ প্ৰচাৰ আৰু পৰ্যটনৰ আন্তঃগাঁথনিৰ উন্নয়ন অৰ্থনৈতিক সমৃদ্ধিৰ বাবে উত্তম ব্যৱস্থা৷ তেওঁ ‘মেক ইন ইণ্ডিয়া’ আৰু দক্ষ ভাৰতৰ গুৰুত্বৰ সন্দৰ্ভত উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে দেশত দুৰ্নীতিৰ স্থান নাই৷ তেওঁ কয় যে চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব৷ তেওঁ কয় যে চৰকাৰে সকলো নাগৰিকৰ জীৱন প্ৰণালী সহজ কৰি তোলাটো সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ বাবে সকলো এখন নতুন ভাৰত গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়৷

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”