I dedicate this (Seoul Peace) award to the 1.3 billion people of India for giving me the opportunity to serve them: PM Modi
India’s growth story is not only good for the people of India but also for the entire world: PM Modi
The time has come for all right-thinking nations to join hands to completely eradicate terrorist networks: PM Modi

ছিউল শান্তি বঁটা সাংস্কৃতিক সংস্থাৰ অধ্যক্ষ কিউন ই-হুৱক

নেচনেল এচেম্বলীৰ স্পীকাৰ মুন হি-ছাং

সাংস্কৃতিক মন্ত্ৰী ডু জং-ৱান

ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব বেন কি মুন আৰু ছিউল শান্তি বঁটা সাংস্কৃতিক সংস্থাৰ অন্যান্য সদস্যসকল,

সন্মানীয় প্ৰতিনিধিসকল,

ভদ্ৰমহিলা তথা ভদ্ৰপুৰুষসকল

বন্ধুসকল,

নমস্কাৰ!

আন্যোং

হা-সেয়ৌ

য়োৰা-বুন্ন

উপস্থিত সকলোলৈ সাদৰ সম্ভাষণ

ছিউল শান্তি বঁটা লাভ কৰি মই অতিশয় সন্মানিত অনুভৱ কৰিছো৷ মই বিশ্বাস কৰো যে এই বঁটা মোৰ ব্যক্তিগত নহয়, ই ভাৰতৰ জনতাৰ৷ এই বঁটা ভাৰতৰ জনতাই যোৱা পাঁচ বছৰতকৈও কম সময়ত লাভ কৰা সাফল্য, এক দশমিক তিনি বিলিয়ন ভাৰতীয়ৰ শক্তিৰ বাবে লাভ কৰিছে৷ সমূহ ভাৰতীয় জনতাৰ হৈ মই এই বঁটা বিনয়েৰে গ্ৰহণ কৰিছো আৰু ধন্যবাদ প্ৰকাশ কৰিছো৷ এই বঁটা ‘বসুধৈৱ কুটুম্বকম’ দৰ্শনৰ স্বীকৃতি যাৰ অৰ্থ হ’ল সমগ্ৰ বিশ্বই হ’ল এটা পৰিয়াল৷ এই বঁটা সেই শান্তিৰ বাৰ্তাৰ প্ৰতীক যি আনকি যুদ্ধক্ষেত্ৰতো ভগৱান কৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত ভাগৱত গীতাৰ মাধ্যমেৰে প্ৰদান কৰিছিল৷ এই বঁটা সেই ভূমিৰ বাবে য’ত আমি শিকিছো-

ঔম দ্যো শান্তিৰন্তৰিক্ষং শান্তি,

পৃথ্বী শান্তিৰাপঃ শান্তিৰোষধয় শান্তিঃ৷

বনস্পতয়ঃ শান্তিৰ্বিশ্বে দেৱাঃ শান্তিব্ৰহ্ম শান্তি, সৰ্ব শান্তিঃ,

শান্তিৰেৱ শান্তি, সা মা শান্তিৰেধি৷৷

ঔম শান্তিঃ শান্তিঃ শান্তিঃ৷৷

 

ইয়াৰ অৰ্থ হ’লঃ

সৰ্বত্ৰ শান্তি হওক, আকাশত, মহাকাশত,

আমাৰ গ্ৰহত, প্ৰকৃতিত৷

সকলোতে আত্মিক শান্তি হওক৷

আৰু এই বঁটা সেইসকল লোকৰ বাবে যি নিজৰ স্বাৰ্থ পৰিহৰি সামাজিক উন্নতিক ঊৰ্ধত ৰাখে৷ আৰু মই সুখী যে এই বঁটা মোক মহাত্মা গান্ধীৰ ১৫০তম জন্মবাৰ্ষিকীৰ বৰ্ষত প্ৰদান কৰা হৈছে৷ মই বঁটাৰ সমূহ ধনৰাশি, দুশ হাজাৰ ডলাৰ অৰ্থাৎ এক কোটি ত্ৰিশ লাখ টকা নমামি গংগে পুঁজিলৈ দান কৰিছো যি কেৱল ভাৰতৰ জনতাৰ বাবে এক পবিত্ৰ নদীয়েই নহয়, অপিতু মোৰ দেশৰ লক্ষ লক্ষ পুৰুষ আৰু মহিলাৰ বাবে অৰ্থনৈতিক জীৱন ৰেখাস্বৰূপ৷

বন্ধুসকল,

ছিউল শান্তি বঁটা ১৯৮৮ চনত ছিউলত অনুষ্ঠিত হোৱা ২৪তম গ্ৰীষ্মকালীন অলিম্পিকৰ সাফল্যপূৰ্তিত প্ৰণয়ন কৰা হৈছিল৷ ভাৰতেও সেই খেলখন মনত ৰাখিছে৷ কাৰণ খেলখন মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা সমাপ্ত হৈছিল৷ এই খেলত কোৰিয়ান সংস্কৃতি, কোৰিয়ান আতিথ্য আৰু কোৰিয়ান অৰ্থনীতিৰ সাফল্য সুন্দৰভাৱে প্ৰদৰ্শিত হৈছিল৷ আৰু পাহৰিলে নহ’ব যে তেওঁলোকে বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত এক নতুন পৰম্পৰাৰ সৃষ্টি কৰিছিল!কিন্তু এই খেলখন বিশ্ব ইতিহাসৰ বাবেও গুৰুত্বপূৰ্ণ আছিল৷ ১৯৮৮ চনৰ অলিম্পিকৰ সময়চোৱাত বিশ্বত বহু পৰিৱৰ্তন হৈছিল৷ ইৰাণ-ইৰাকৰ যুদ্ধ সমাপ্ত হৈছিল৷ আফগানিস্তান সম্বন্ধীয় জেনেভা চুক্তি বছৰটোৰ আৰম্ভণিতে স্বাক্ষৰিত হৈছিল৷ শীতল যুদ্ধৰ সমাপ্ত হৈছিল আৰু নতুন সোণালী যুগৰ সূচনা কৰিছিল৷ আৰু অলপ সময়ৰ বাবে ই কৰিছিলো৷ ১৯৮৮ চনত বিশ্বজনীন দৰিদ্ৰতা স্থিৰ অৱস্থালৈ অহাৰ পৰিপ্ৰেক্ষিতত আজি এই অৱস্থাত উপনীত হৈছোহি৷ স্বাস্থ্য-সেৱা আৰু শিক্ষাৰ মান উন্নত হ’বলৈ ধৰিছে৷ কিছুমান বিশ্বজনীন সমস্যা অৱশ্যে এতিয়াও আছে৷ তাৰে কিছুমান নতুন, কিছুমান পুৰণি৷ ছিউল অলিম্পিকৰ কেইমাহমান পূৰ্বে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে প্ৰথমবাৰলৈ জনসাধাৰণক সজাগ কৰা হৈছিল৷ ইয়াত মানৱ সভ্যতাৰ বৃহৎ ক্ষতিশংকা হিচাপে বিবেচনা কৰা হৈছে৷ ছিউল অলিম্পিকৰ কেইসপ্তাহমান পূৰ্বে আল-কায়দা সংগঠনৰ সৃষ্টি হৈছিল৷ আজি হিংসা আৰু সন্ত্ৰাস বিশ্বজনীন হৈ বিশ্বৰ শান্তি তথা সুৰক্ষাৰ প্ৰতি বৃহৎ ভাবুকিৰ সৃষ্টি কৰিছে৷ বিশ্বৰ লক্ষাধিক লোকে এতিয়াও পৰ্যাপ্ত খাদ্য, আশ্ৰয়, স্বাস্থ্য-সেৱা, অনাময়, শক্তি আৰু ইয়াতকৈও অধিক জীৱনৰ সন্মানৰ পৰা বঞ্চিত হৈ আছে৷ স্পষ্টকৈ ক’বলৈ গ’লে বহু কাম কৰিবলগীয়া আছে৷ এই কঠিন সমস্যাক পৰাভূত কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব৷ আৰু ভাৰতে নিজৰ কাম কৰি আছে৷ আমি ভাৰতৰ জনতা যি সমগ্ৰ বিশ্বৰ এক ষষ্ঠাংশ, তেওঁলোকৰ কল্যাণৰ হকে কাম কৰি আছো৷ ভাৰত আজি বিশ্বৰ ভিতৰতে শক্তিশালী অৰ্থনৈতিক ভেঁটিৰ সৈতে দ্ৰুতগামী অৰ্থনীতি হিচাপে বিবেচিত হৈছে৷ এয়া সম্ভৱ হৈছে আমি আমাৰ অৰ্থনীতিক বৃহৎ অৰ্থনৈতিক সংস্কাৰ সাধিত কৰিছো৷ ধ্বজ্বাবাহী পদক্ষেপ যেনে ‘মেক ইন ইণ্ডিয়া’, ‘স্কিল ইণ্ডিয়া’, ‘ডিজিটেল ইণ্ডিয়া’, ‘ক্লীন ইণ্ডিয়া’ৰ অৰিহণা আৰ্থ-সামাজিক উন্নতিত পৰিলক্ষিত হৈছে৷ আমি বিত্তীয় সমাপন, ঋণ লাভ, ডিজিটেল লেনদেন, শেষ প্ৰান্তৰলৈ যোগাযোগ আৰু লঘূ তথা মজলীয়া উদ্যোগক সমৰ্থন আদিৰ জৰিয়তে সমগ্ৰ দেশকে বিকশিত কৰাৰ তথা ভাৰতীয় নাগৰিকক সমৃদ্ধ কৰাত গুৰুত্ব প্ৰদান কৰিছো৷ স্বচ্ছ ভাৰত অভিযানে ভাৰতক স্বচ্ছ কৰি তুলিছে; ২০১৪ চনৰ ৩৮% অনাময় ব্যাপ্তিৰ পৰা আৰম্ভ কৰি আজি ই ৯৮% লাভ কৰিছে৷ উজ্বলা যোজনাই গ্ৰামীণ মহিলাসকলক স্বচ্ছ ৰন্ধন ইন্ধন প্ৰদান কৰি তেওঁলোকৰ জীৱন উন্নত কৰি তুলিছে; আয়ুষ্মান ভাৰতে ৫০০ মিলিয়ন দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক স্বাস্থ্য-সেৱাৰ সুবিধা প্ৰদান কৰিছে; আৰু এই পদক্ষেপসমূহৰ উপৰিও ৰাষ্ট্ৰসংঘৰ বহনক্ষম লক্ষ্য প্ৰাপ্তিৰ বাবে ভাৰতে বিভিন্ন পদক্ষেপ প্ৰণয়নৰ জৰিয়তে অগ্ৰসৰ হৈছে৷ এই সমূহ প্ৰয়াসত মহাত্মা গান্ধীৰ শিক্ষণ প্ৰতিফলিত হৈছে য’ত আমি দৰিদ্ৰতকৈও দৰিদ্ৰতম ব্যক্তিৰ মুখখন মনত পেলাই নিজকে সুধিব লাগিব যে এওঁলোকৰ সুবিধাৰ বাবে আমি কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷

বন্ধুসকল,

ভাৰতৰ উন্নয়নৰ কাহিনী কেৱল ভাৰতৰ জনতাৰ বাবেই যে ভাল এনে নহয়, ই সমগ্ৰ বিশ্বৰো ভালৰ বাবেও৷ আমি ক্ৰমাগতভাৱে বিশ্বৰ সৈতে সংযোজিত হৈ আহিছো৷ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে আমাৰ উন্নতি, সমৃদ্ধিয়ে বিশ্বৰ উন্নতি তথা বিকাশতো অৰিহণা আগবঢ়াইছে৷ আমি এক শান্তিপূৰ্ণ, স্থিৰ আৰু বিশ্বৰ সৈতে অৰ্থনৈতিকভাৱে আন্তঃসংযোজিত ভাৰত নিৰ্মাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ ভাৰত আন্তৰ্জাতিক সমাজৰ দায়িত্বশীল সদস্য হিচাপে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুদ্ধতো অগ্ৰগামী বিবেচিত হৈছে৷ ভাৰতে ঐতিহাসিকভাৱে নিম্ন কাৰ্বন ফুট-প্ৰিণ্ট হোৱা স্বত্বেও জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে৷ ঘৰুৱা পৰ্যায়ত কাৰ্বন নিৰ্গমণ হ্ৰাস, বনাঞ্চল বৃদ্ধি আৰু পৰম্পৰাগত কাৰ্বন ইন্ধনৰ পৰিৱৰ্তে পুনৰ নবীকৰণ ইন্ধন প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় কাৰ্যকৰী পৰিকল্পনা প্ৰণয়ন কৰিছো৷ আন্তৰ্জাতিক পৰ্যায়ত আমি সৌৰ সহযোগিতাৰ বাবে সমভাৱাপন্ন দেশসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰিছো৷ ইয়াৰ দ্বাৰা জৈৱ ইন্ধনৰ পৰিৱৰ্তে অসীমিত তথা স্বচ্ছ সৌৰ শক্তি বিকল্পত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীত সবাতোকৈ বৃহৎ ট্ৰুপ আমি প্ৰদান কৰিছো৷ আৰু কোৰিয়ান পেনিনছুলাৰ শান্তিস্থাপনত অংশগ্ৰহণ কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো৷ আমি প্ৰয়োজনৰ সময়ত দেশসমূহলৈ সহায়ৰ হাত আগবঢ়াইছো আৰু মানৱীয়তাৰ কাৰ্য তথা দুৰ্যোগ প্ৰশমন কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছো৷ বিপদৰ সময়ত আমি কেৱল ভাৰতীয়কে নহয় অন্য দেশৰ নাগৰিককো উদ্ধাৰ কৰিছো৷ আমি অন্যান্য উন্নয়নশীল দেশসমূহক কায়িক আৰু সামাজিক আন্তঃগাঁথনি বিকাশত সহায় প্ৰদান কৰিছো৷ এই প্ৰয়াসসমূহৰ জৰিয়তে ইয়াৰ লাভসমূহ যাতে বিশ্বজনীনভাৱে উপলব্ধ হয় তাৰ নিশ্চিতি প্ৰদানৰ দিশতো আমি গুৰুত্ব প্ৰদান কৰিছো৷ বিগত কিছুবছৰ ধৰি মোৰ চৰকাৰে সম্পৰ্কসমূহৰ পুনৰ নৱীকৰণ কৰাৰ উপৰিও বিভিন্ন মহাদেশৰ সৈতে নতুনকৈ সম্পৰ্ক স্থাপন কৰিছে৷ পূব এছিয়াৰ দেশসমূহৰ ভিতৰত আমি অঞ্চলটোৰ বিভিন্ন দেশৰ সৈতে সহযোগিতা স্থাপন কৰিছো আৰু ইয়াৰ ভিতৰত কোৰিয়ান গণৰাজ্যও আছে৷ ৰাষ্ট্ৰপতি মুনৰ নতুন পশ্চিমীয়া নীতিত এই একেই ধ্বনি অনুৰণনিত হোৱাত মই সুখী অনুভৱ কৰিছো৷
বন্ধুসকল,

ভাৰতে প্ৰাচীন কালৰে পৰা শান্তিৰ হকে মাত মাতি আহিছে৷ ভাৰতৰ জনসাধাৰণে শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰি আহিছে আৰু সহস্ৰ বৰ্ষজুৰি এই স্বকীয়তা বৰ্তাই ৰাখিছে৷ শতাধিক ভাষা, বিভিন্ন ৰাজ্য, বিভিন্ন ধৰ্ম স্বত্বেও ভাৰতে গৰ্বেৰে বৈষম্যৰ মাজতো একতা বৰ্তাই ৰাখিব পাৰিছে৷ আমাৰ ভূমিত সকলো মতবাদৰ, সকলো সমাজে সমাজে সমানে উন্নতি কৰিব পাৰে আৰু ইয়াক লৈ আমি গৌৰৱান্বিত৷ আমাৰ সমাজ কেৱল সহিষ্ণুৱেই নহয়, বিভিন্ন সংস্কৃতিও উদযাপন কৰে, সেইবাবেও আমি গৌৰৱান্বিত৷

বন্ধুসকল,

কোৰিয়াৰ দৰে ভাৰতেও সীমান্তৰ সংঘৰ্ষৰ তাড়না ভুগিবলগীয়া হৈছে৷ সীমান্তৱৰ্তী উত্তেজনাৰ বাবেই আমাৰ শান্তিকামী প্ৰয়াস বিঘ্নিত হৈছে৷ যোৱা ৪০ বছৰ ধৰি ভাৰতে এই সীমান্ত সংঘৰ্ষৰ বলি হৈ আহিছে আৰু যিসকল দেশে এই সীমাৰ সন্মান কৰিব নাজানে, তেওঁলোকৰ দ্বাৰা অনেক দেশ তাড়নাৰ বলি হৈছে৷ এতিয়া সময় আহি পৰিছে যে সমগ্ৰ মানৱতাই এই সন্ত্ৰাসবাদৰ নেটৱৰ্ক ধ্বংস কৰিব লাগে আৰু তেওঁলোকৰ বিত্তীয় ব্যৱস্থা তথা সমৰ্থকৰ যোগান ব্যৱস্থা তচনচ কৰিব লাগে৷ কেৱল ইয়াৰ দ্বাৰাহে আমি ঘৃণাৰ স্থানত ঐক্যতা প্ৰতিষ্ঠাপন কৰিব পাৰিম; ধ্বংসৰ স্থানত বিকাশ স্থাপন কৰিব পাৰিম আৰু হিংসা তথা প্ৰতিশোধৰ ৰম্যভূমিক শান্তিৰ পোষ্টকাৰ্ডলৈ পৰিৱৰ্তিত কৰিব পাৰিম৷
বন্ধুসকল,

কোৰিয়ান উপদ্বীপসমূহত বিগত কেইটামান বৰ্ষজুৰি শান্তিৰ দিশত হোৱা উত্তৰণ যথেষ্ট উৎসাহজনক হৈছে৷ এই ক্ষেত্ৰত ৰাষ্ট্ৰপতি মুনে তেওঁৰ ভূমিকাৰ বাবে প্ৰশংসাৰ পাত্ৰ হিচাপে বিবেচিত হৈছে৷ এয়া সৰু সাফল্য নহয়৷ মই পুনৰবাৰ মোৰ চৰকাৰৰ শক্তিশালী সমৰ্থন এই দুই কোৰিয়ান ৰাষ্ট্ৰৰ মাজত আৰু আমেৰিকা তথা ডি.পি.আৰ.কেৰ মাজত চলা আলোচনাৰ প্ৰতি প্ৰদান কৰিছো৷

এক জনপ্ৰিয় কোৰিয়ান শ্ৰুতিমতে, ‘ছিচাগি ভানিদা’ অৰ্থাৎ ‘‘এটা সু-আৰম্ভণি হ’ল এখন যুদ্ধৰ আধা’’৷
কোৰিয়ান জনতাৰ ক্ৰমাগত প্ৰয়াসৰ দ্বাৰা কোৰিয়ান দ্বীপপুঞ্জত শান্তি স্থাপন হ’ব বুলি মই দৃঢ় বিশ্বাসী৷ বন্ধুসকল, মই ১৯৮৮ চনৰ অলিম্পিকিৰ মূল গীতৰ এটা অংশৰে মোৰ ভাষণ সমাপ্ত কৰিবলৈ ওলাইছো কাৰণ ই সুন্দৰভাৱে সুন্দৰ ভৱিষ্যতৰ আশাক প্ৰতিফলিত কৰিছেঃ

‘‘হাতে হাত ধৰি, আমি থিয় হওঁ, সমগ্ৰ বিশ্বতে,

আমি এই বিশ্বক উত্তম বাসোপযোগী হিচাপে গঢ়ি তুলিব পাৰো৷’’

গামচা হামিনদা!

ধন্যবাদ!

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’

Media Coverage

‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the Parkash Purab of Sri Guru Granth Sahib Ji
September 12, 2026

The Prime Minister, Shri Narendra Modi, extended greetings on the occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

The Prime Minister said that for centuries, Sri Guru Granth Sahib Ji has shown humanity the way of selfless service, human dignity and togetherness.

Shri Modi expressed hope that the sacred occasion would inspire everyone to deepen these values in society and build a more compassionate and harmonious world.

The Prime Minister wrote on X;

“Greetings on the Parkash Purab of Sri Guru Granth Sahib Ji.

For centuries, it has shown humanity the way of selfless service, human dignity and togetherness.

May this sacred occasion inspire us to deepen these values in our society and build a more compassionate and harmonious world.”