প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰ ইণ্ডিয়া-এয়াৰবাছৰ নতুন অংশীদাৰিত্বৰ শুভাৰম্ভণী অনুষ্ঠানত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে এক ভিডিঅ' বাৰ্তালাপত অংশগ্ৰহণ কৰে


অংশীদাৰিত্বৰ অধীনত, এয়াৰ ইণ্ডিয়াই এয়াৰবাছৰ পৰা ২৫০ খন বিমান ক্ৰয় কৰিব। ইয়ে ভাৰত-ফ্ৰান্সৰ মাজত মজবুত কৌশলগত অংশীদাৰিত্ব প্ৰতিফলিত কৰে

প্ৰধানমন্ত্ৰীয়ে ভাৰতত অসামৰিক বিমান বজাৰৰ দ্ৰুত সম্প্ৰসাৰণ আৰু বিকাশৰ ওপৰত আলোকপাত কৰে যিয়ে ভাৰত আৰু বিশ্বৰ আন অংশৰ মাজত অধিক সংযোগক গতি প্ৰদান কৰিব

প্ৰধানমন্ত্ৰীয়ে ভাৰতত ফৰাচী কোম্পানীসমূহৰ শক্তিশালী উপস্থিতিক প্ৰশংসা কৰে আৰু ফ্ৰান্সৰ এৰোস্পেচ ইঞ্জিন নিৰ্মাতা চাফ্ৰানে ভাৰতত ইয়াৰ সৰ্ববৃহৎ এমআৰঅ' সুবিধা স্থাপনৰ শেহতীয়া সিদ্ধান্তৰ কথা সোঁৱৰণ কৰে

 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মেক্ৰনক ভাৰত-ফ্ৰান্স সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ অংশীদাৰিত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ অধীনত তেওঁৰ সৈতে কাম কৰাৰ বাবে আশা প্ৰকাশ কৰে

এয়াৰ ইণ্ডিয়া আৰু এয়াৰবাছৰ মাজত অংশীদাৰিত্বৰ শুভাৰম্ভণি কৰাৰ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, টাটা ছন্সৰ অধ্যক্ষ এমিৰিটাছ শ্ৰী ৰতন টাটা, টাটা ছন্সৰ ব'ৰ্ডৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰণ, এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী কেম্পবেল উইলছন আৰু এয়াৰবাছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গিলাউমে ফৌৰীৰ সৈতে এক ভিডিঅ' বাৰ্তালাপত অংশগ্ৰহণ কৰে।

এয়াৰ ইণ্ডিয়া আৰু এয়াৰবাছে এয়াৰ ইণ্ডিয়াক ২৫০খন বিমান, ২১০ খন একক-আইজল এ৩২০ নিঅ' আৰু ৪০টা ৱাইডবডী এ৩৫০ যোগান ধৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে।

 

বিমান খণ্ডৰ এই দুয়ো অগ্ৰণী কোম্পানীৰ মাজত এই বাণিজ্যিক অংশীদাৰিত্বই ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ শক্তিও প্ৰতিফলিত কৰে, যি এই বছৰ ২৫তম বাৰ্ষিকী উদযাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাষণত ভাৰতত অসামৰিক বিমান বজাৰৰ দ্ৰুত সম্প্ৰসাৰণ আৰু বিকাশৰ কথা উল্লেখ কৰে যিয়ে ভাৰত আৰু বিশ্বৰ বাকী অংশৰ মাজত  যোগাযোগৰ ক্ষেত্ৰত অধিক গতি প্ৰদান কৰিব আৰু ইয়াৰ ফলত ভাৰতত পৰ্যটন আৰু ব্যৱসায়ক প্ৰোৎসাহিত কৰিব।

ভাৰতত ফৰাচী কোম্পানীসমূহৰ শক্তিশালী উপস্থিতিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ এৰোস্পেছ ইঞ্জিন নিৰ্মাতা চাফ্ৰানে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাহক দুয়োটাৰ বাবে বিমান ইঞ্জিন সেৱা আগবঢ়োৱাৰ বাবে ভাৰতত ইয়াৰ সৰ্ববৃহৎ এমআৰঅ' সুবিধা স্থাপনৰ শেহতীয়া সিদ্ধান্তৰ কথাও স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-ফ্ৰান্স সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি মেক্ৰ'নৰ অংশীদাৰৰিত্বৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে আৰু ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ অধীনত তেওঁৰ সৈতে কাম কৰাৰ বাবে আশা প্ৰকাশ কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi