মোৰ বন্ধুমহামহিমৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

শ্ৰী পীয়ুষ গোৱেলবাণিজ্য আৰু উদ্যোগ মন্ত্ৰী

শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াঅসামৰিক বিমান পৰিবহন মন্ত্ৰী

টাটা ট্ৰাষ্টৰ অধ্যক্ষ শ্ৰী ৰতন টাটা

শ্ৰী এন চন্দ্ৰশেখৰণটাটা ছন্সৰ অধ্যক্ষ

শ্ৰীযুত কেম্পবেল উইলছনমুখ্য কাৰ্যবাহী বিষয়া, এয়াৰ ইণ্ডিয়া

শ্ৰীযুত গুইলাউম ফৌৰীমুখ্য কাৰ্যবাহী বিষয়া, এয়াৰবাছ

প্ৰথমে, ‘এই যুগান্তকাৰী চুক্তি’ৰ বাবে মই ‘এয়াৰ ইণ্ডিয়া’ আৰু ‘এয়াৰবাছ’ক অভিনন্দন জনাইছো। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনক বিশেষভাৱে ধন্যবাদ জনাইছো।

এই চুক্তিখন হৈছে ভাৰত আৰু ফ্ৰান্সৰ মাজত গভীৰ সম্পৰ্কৰ লগতে ভাৰতৰ অসামৰিক বিমান উদ্যোগৰ সফলতা আৰু উচ্চাকাংক্ষাৰ এক নিদৰ্শন। আজি আমাৰ অসামৰিক বিমান পৰিবহন খণ্ডটো ভাৰতৰ বিকাশযাত্ৰাৰ এক অবিচ্ছেদ্য অংগ। অসামৰিক বিমান চলাচল শক্তিশালী কৰাটো হৈছে আমাৰ ‘ৰাষ্ট্ৰীয় আন্তঃগাঁথনি নিৰ্মাণ ৰণনীতি’ৰ এক গুৰুত্বপূৰ্ণ দিশ। যোৱা আঠোটা বছৰত, ভাৰতৰ বিমানবন্দৰৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধিৰে ৭৪টাৰ পৰা ১৪৭টালৈ বৃদ্ধি হৈছে। আমাৰ ‘আঞ্চলিক সংযোগ আঁচনি’ৰ (উড়ান) জৰিয়তে, দেশৰ দূৰৱৰ্তী অংশবোৰো বিমান সংযোগৰ জৰিয়তে সংযুক্ত হৈ পৰিছে, যিয়ে জনসাধাৰণৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশত সহায় কৰিছে।

ভাৰত শীঘ্ৰেই বিশ্বৰ বিমান পৰিবহণ খণ্ডৰ তৃতীয় বৃহত্তম বজাৰ হৈ উঠিব। কেইবাটাও সমীক্ষা অনুসৰি, অহা ১৫টা বছৰত ভাৰতত প্ৰয়োজনীয় বিমানৰ সংখ্যা ২০০০তকৈয়ো অধিক হ'ব। আজিৰ ঐতিহাসিক ঘোষণাই এই বৰ্ধিত চাহিদা পূৰণত সহায়ক হ'ব। ভাৰতৰ 'মেক ইন ইণ্ডিয়া-মেক ফৰ দা ৱৰ্ল্ড' দৃষ্টিভংগীৰ অধীনত, এৰোস্পেচ নিৰ্মাণত বহুতো নতুন সুযোগ মুকলি হৈছে। ‘গ্ৰীণ ফিল্ড’ আৰু ‘ব্ৰাউন ফিল্ড’ শ্ৰেণীৰ বিমানবন্দৰৰ বাবে ‘স্বয়ংক্ৰিয় পথ’ৰে ১০০% ‘এফডিআই’ৰ ব্যৱস্থা কৰা হৈছে। একেদৰে, ‘গ্ৰাউণ্ড হেণ্ডলিং সেৱা’, ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহল অৰ্থাৎ ‘এমআৰঅ’’-ত ১০০% ‘এফডিআই’-ৰ অনুমতি দিয়া হৈছে। ভাৰত সমগ্ৰ অঞ্চলটোৰ বাবে ‘এমআৰঅ'’ৰ কেন্দ্ৰ হৈ উঠিব পাৰে। আজি সকলো গোলকীয় বিমান পৰিবহণ প্ৰতিষ্ঠানৰ উপস্থিতি ভাৰতত আছে। মই তেওঁলোকক এই সুযোগবোৰৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।

বন্ধুসকল,
‘এয়াৰ ইণ্ডিয়া’ আৰু ‘এয়াৰবাছ’ৰ মাজত হোৱা চুক্তিখন ‘ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্ব’ৰ বাবেও ‘এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি’। কেইমাহমান আগতে, ২০২২ চনৰ অক্টোবৰ মাহত, মই বদোদৰাত প্ৰতিৰক্ষা পৰিবহন বিমান প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলো। ২.৫ বিলিয়ন ইউৰোৰ বিনিয়োগেৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোত ‘টাটা’ আৰু ‘এয়াৰবাছ’ৰো অংশীদাৰিত্ব আছে। ফৰাচী কোম্পানী ‘ছাফ্ৰান’-য়ে বিমানৰ ইঞ্জিনসমূহৰ সেৱাৰ বাবে ভাৰতত সৰ্ববৃহৎ ‘এমআৰঅ'’ ব্যৱস্থা স্থাপন কৰিছে বুলি জানিবলৈ পাই মই সুখী হৈছো।

আজি ভাৰত-ফ্ৰান্সৰ অংশীদাৰীত্বই আন্তঃৰাষ্ট্ৰীয় শৃংখলা আৰু বহুপাক্ষিক ব্যৱস্থাৱলীত সুস্থিৰতা আৰু সমতুলতা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত পোনপটীয়া ভূমিকা পালন কৰি আহিছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা আৰু সুস্থিৰতাৰ বিষয়েই হওক, বা গোলকীয় খাদ্য সুৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ বিষয়েই হওক, ভাৰত আৰু ফ্ৰান্সে একেলগে ইতিবাচক অৱদান আগবঢ়াই আহিছে।

ৰাষ্ট্ৰপতি মেক্ৰন,

আমাৰ দ্বিপাক্ষিক সম্পৰ্কই এই বছৰ আৰু অধিক উচ্চতা স্পৰ্শ কৰিব বুলি মই নিশ্চিত। ‘জি-২০ত ভাৰতৰ সভাপতিত্বত, আমি একেলগে কাম কৰাৰ অধিক সুযোগ পাম। আকৌ এবাৰ, আপোনালোক সকলোকে বহুত ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived